Recent in Technology

ভাৰতৰ বৈদেশিক সম্পর্ক(L-13) Important-Additional Q/A

(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : ভাৰত আৰু __ ৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল। 
উত্তৰ : পাকিস্তান। 

প্রশ্ন ২ : ভাৰতে __ চনত প্ৰথমবাৰৰ বাবে আণৱিক বােমাৰ পৰীক্ষণ চলাইছিল। 
উত্তৰ : ১৯৭৪ চনত।

প্রশ্ন ৩ : __ চনৰ মে’ আৰু __ মাহত কার্গিল মতানৈক্য সংঘটিত হৈছিল।
উত্তৰ : ১৯৯৯ চনৰ মে’ আৰু জুন মাহত। 

প্রশ্ন ৪ : __ চনত বাংলাদেশে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল।
উত্তৰ : ১৯৭১ চনত।

প্রশ্ন ৫ : __ চনত চীনে ভাৰতক হঠাৎ আক্রমণ কৰিছিল।
উত্তৰ : ১৯৬২ চনত।

চমুটোকা লিখা :

(ক) ভাৰত-পাক সম্পর্ক।
উত্তৰ : জন্মৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত তিক্ত সম্পর্ক প্রতিষ্ঠিত হৈ আহিছে। দেশ বিভাজনৰ ফলস্বৰূপে সৃষ্টি হােৱা সাম্প্রদায়িক সংঘাত, জম্মু কাশ্মীৰ বিবাদ, সন্ত্রাসবাদী কার্যকলাপত পাকিস্তানে আগবঢ়োৱা সহায়-সহযােগিতা আদিয়ে দেশ দুখনৰ মাজত অধিক তিক্ত সম্পৰ্কত অৰিহণা যােগাই আহিছে। ভাৰতে যদিও কোনাে দিনেই প্রথমে সংঘাত সৃষ্টি কৰা নাই, পাকিস্তানে ছিমলা চুক্তিৰ পিছতাে বিভিন্ন সময়ত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্রমূলক কার্যত উদগনি যােগাই আহিছে। পাকিস্তানে জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপত বিভিন্ন ধৰণে সহায় কৰি অহা বহুবাৰ প্রমাণিত হৈছে। ১৯৯৩ চনৰ মুম্বাইৰ ভয়াবহ বিস্ফোৰণ, ১৯৯৯ চনৰ কার্গিল যুদ্ধ, ২০০১ চনৰ ১৩ ডিচেম্বৰত ভাৰতীয় সংসদত সন্ত্রাসবাদীৰ আক্ৰমণ, ২০০৯ চনৰ ২৬ আগষ্টত মুম্বাইত সন্ত্রাসবাদীৰ আক্ৰমণ আদিত পাকিস্তান জড়িত থকাৰ প্ৰমাণ পােৱা গৈছে। পাকিস্তানে  ভাৰতৰ আভ্যন্তরীণ ক্ষেত্রত অস্থিৰতাপূর্ণ পৰিস্থিতিৰ সৃষ্টি কৰি অhaৰ পিছতাে ভাবতে পাকিস্তানৰ সৈতে সম্পর্ক উন্নত কৰিবলৈ চেষ্টা চলাই আছে। আনকি দুয়ােখন দেশৰ মাজত বিভিন্ন বিষয়ত বহুতাে চুক্তি স্বাক্ষৰিত হৈছে।

(খ) ভাৰতৰ বৈদেশিক নীতিত গােষ্ঠী নিৰপেক্ষতা।
উত্তৰ : ভাৰতৰ বৈদেশিক নীতিৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হ’ল গােষ্ঠী নিৰপেক্ষতা। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত পুঁজিবাদী শিবিৰ আৰু সমাজবাদী শিবিৰৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈ অস্থিৰতাৰ সৃষ্টি কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত দুয়ােটা শিবিৰৰ মাজত হােৱা উত্তেজনা প্রশমন কৰাৰ উদ্দেশ্যে গােষ্ঠী নিৰপেক্ষ আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনত ভাৰতে সক্রিয় ভূমিকা পালন কৰিছিল। অৱশ্যে বৈদেশিক ক্ষেত্ৰত ভাৰতে গােষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰাৰ মূল উদ্দেশ্য হৈছে জাতীয় স্বার্থ পূৰণ কৰা। ভাৰতে দুয়ােটা শিবিৰৰ মাজত সমান দূৰত্ব বজাই ৰাখিছিল যদিও বিভিন্ন দিশত ছােভিয়েট ৰাছিয়াৰ লগত ভাল সম্পর্ক স্থাপন কৰিছিল।

(গ) পঞ্চশীল নীতিৰ ভূমিকা।
উত্তৰ : ১৩৪ নং পৃষ্ঠাৰ ১৫ নং প্রশ্নোত্তৰ চোৱা।

(ঘ) কার্গিল যুদ্ধ।
উত্তৰ : ১৯৯৯ চনৰ প্রথম ভাগত ভাৰত-পাকিস্তানৰ সীমামূৰীয়া ভাৰতৰ অঞ্চল যেনে মাচকহ, ড্রাচ, কেৰ্চাৰ আৰু বাটালিক আদিত মােজাহিদীন বুলি দাবী কৰা অস্ত্রধাৰী কিছুমানে প্রৱেশ কৰি দখল কৰিছিল। এই কার্যত পাকিস্তানৰ সামৰিক বাহিনী লিপ্ত থকাৰ সন্দেহ কৰি ভাৰতীয় সামৰিক বাহিনীয়ে এই দখলৰ সন্দেহ কৰি ভাৰতীয় সামৰিক বাহিনীয়ে এই দখলৰ বিপৰীতে ব্যৱস্থা ল’বলৈ আৰম্ভ কৰে। ফলস্বৰূপে দুয়ােখন দেশৰ মাজত সংঘৰ্ষৰ সূত্রপাত ঘটে। ইয়াকে কার্গিল বিবাদ’ বুলি জনা যায়। এই বিবাদ ১৯৯৯ চনৰ মে-জুন মাহলৈকে চলিছিল। ১৯৯৯ চনৰ ২৬ জুলাইলৈকে ভাৰতে বহুকেইটা হেৰুৱা স্থান উদ্ধাৰ কৰে। এই বিবাদে সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছিল, কিয়নাে ইয়াৰ ঠিক এবছৰ আগতে দুয়ােখন দেশ আণৱিক শক্তি সম্পন্ন হৈছিল। অৱশ্যে এই বিবাদ কেৱল কার্গিল অঞ্চলতে সীমাবদ্ধ হৈ আছিল।

প্রশ্ন ১ : আফ্রিকা আৰু এছিয়াৰ একতাৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : ১৯৪০ চনত পৃথিৱীৰ বহু ৰাষ্ট্ৰই স্বতন্ত্রতা পাইছিল। নেহৰুৱে ১৯৪০ চনৰ পৰা ১৯৫০ চনলৈ আফ্রিকা আৰু এছিয়াৰ সম্পর্ক স্থাপন কৰাৰ অৰ্থে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। 'এছিয়া সম্পর্ক আলােচনাচক্র' এখন তেখেতে মার্চ ১৯৪৭ চনত ভাৰতত আয়ােজন কৰিছিল। আফ্রিকাৰ ক্ষেত্ৰত প্ৰচলিত বর্ণ বিবাদৰ নেহৰুৱে দৃঢ়ভাৱে অসমর্থন কৰিছিল আৰু আফ্রিকাৰ স্বতন্ত্রতাৰ ক্ষেত্ৰতাে যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। ১৯৫৫ চনত বাংদাং নামৰ ঠাইত আফ্রিকা-এছিয়াৰ আলােচনাচক্র এখন আয়ােজিত হৈছিল। এই আলােচনাচক্ৰৰ ফলত গােষ্ঠীনিৰপেক্ষ আন্দোলনে গঢ় লৈ উঠে। এই আন্দোলনৰ এজন প্ৰতিষ্ঠাপক আছিল নেহৰু।

প্রশ্ন ২ :তিবৃত সংকটৰ বিষয়ে লিখা।
উত্তৰ : তিবৃত এখন কেন্দ্রীয় এছিয়াৰ অঞ্চল যাৰ ফলত ভাৰত আৰু চীন দেশৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। সময়ে সময়ে চীন দেশে তিবৃতৰ ওপৰত নিয়ন্ত্রণ কৰিছিল। ১৯৫০ চনত চীন তিবৃতৰ ওপৰত নিয়ন্ত্রণ কৰিছিল কিন্তু এইটো তিবৃতৰ বাসিন্দাসকলে মানি লােৱা নাছিল। সেই সময়ত ভাৰতে চীন চৰকাৰক তিবৃতক এখন স্বতন্ত্র ৰাষ্ট্র হিচাপে মানি লােৱাৰ বাবে সমর্থন কৰিছিল। ১৯৫৬ চনত তিবৃত ধর্মীয় গুৰু দালাই লামাই এই পৰিস্থিতিটো নেহৰুক জনাইছিল। ১৯৩৯ চনত পৰিস্থিতি আৰু বেয়া হােৱাৰ বাবে ধর্মীয় গুৰুজনাই ভাৰতত ৰাজনৈতিক আশ্রয় লৈছিল। বর্তমান যুগত তিবৃতৰ ৰিফিউজীসকল অন্য দেশৰ লগতে ভাৰততে বাস কৰে। ভাৰতৰ ধর্মশালা নামৰ ঠাই হৈছে দালাই লামাৰ বাসস্থান। আজিৰ দিনত তিবৃত এখন চীনৰ স্বায়ত্তশাসিত অঞ্চল।

প্রশ্ন ৩ : ১৯৬২ চনত হােৱা চীন আক্রমণৰ বিষয়ে লিখা।
উত্তৰ : দালাই লামা ভাৰতত ৰাজনৈতিক আশ্রয় গ্রহণ কৰিছিল। তেখেত ভাৰত্বৰ্ষত ১৯৬৯ চনৰ পৰা আছে। তাৰ কাৰণ হ'ল তিবৃতক চীনে ১৯৬০ চনত আক্রমণ কৰিছিল। ভাৰত চৰকাৰক চীন চৰকাৰে চীনবিৰােধী কার্যকলাপত লিপ্ত বুলি কৈছিল। সেই কাৰণে চীনে ভাৰতক আক্রমণ কৰিছিল! সীমাৰ ক্ষেত্ৰতাে দুয়ােখন দেশৰ মাজত বিবাদ হৈছিল। ভাৰতৰ লাডাখৰ আকচাই-চীন অঞ্চলটো আৰু অৰুণাচল প্রদেশ চীনে নিজৰ দেশৰ সীমাত পৰে বুলি মত প্রকাশ কৰিছিল। এই বিবাদ কোনাে আলােচনাৰ দ্বাৰা সমাপ্ত হােৱা নাছিল। অক্টোবৰ ১৯৬২ চনত চীনে ভাৰত আক্রমণ কৰে। 

চীনা সৈন্যই অসমলৈকে আক্রমণ কৰিছিল। ভাৰতৰ পৰিচয় বিশেষকৈ আঘাতপ্রাপ্ত হৈছিল। এই আক্রমণ হৈ পৰিছিল দেশৰ জাতীয় লজ্জাৰ কথা। বিশেষকৈ ভাৰতৰ পূর্ব-উত্তৰ অঞ্চলৰ ক্ষেত্ৰত নিৰাপত্তা নাইকিয়া হৈছিল।

প্রশ্ন ৪ : পাকিস্তানৰ লগত ভাৰতৰ সম্পর্ক আলােচনা কৰা। 
উত্তৰ : ১৯৪৭ চনত ভাৰত বিভাজন হােৱাৰ ফলত পাকিস্তান এখন নতুন ৰাষ্ট্র হিচাপে প্রতিষ্ঠিত হয়। ভাৰত-পাকিস্তানৰ সম্পৰ্ক আৰম্ভণিৰে পৰা মধুৰ নহয়। ইয়াৰ প্রধান বিষয় হৈছে কাশ্মীৰ। কাশ্মীৰ প্ৰসংগটো আনকি ৰাষ্ট্ৰসংঘতাে উত্থাপিত হৈছিল। ১৯৪৭ চনত দুয়ােখন দেশৰ মাজত এখন সঁজাতী যুদ্ধ হৈছিল। ১৯৬০ চনত বহু চেষ্টাৰ ফলত দুয়ােখন দেশৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰ হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল। ১৯৭২ চনত দুয়ােখন দেশৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুয়ােখনৰ সম্পর্ক উন্নত কৰাত এই চুক্তিখনে সহায় কৰিছিল। ১৯৮৮ চনত বেনজীৰ ভুট্টো পাকিস্তান প্রধানমন্ত্রী হােৱাত দুয়ােখন দেশৰ সম্পর্ক উন্নত হয়। ১৯৯৯ চনত সকলােবােৰ প্রচেষ্টা ব্যর্থ হয় আৰু কাচিন যুদ্ধ সংঘটিত হয়। বর্তমান সময়তাে দুয়ােখন দেশৰ সম্পর্ক কোনাে প্রকাৰে উন্নত হােৱা নাই।

প্রশ্ন ৫ : আফ্রো-এছিয়ান ঐক্যৰ বিষয়ে লিখা।
উত্তৰ : নেহৰুৱে নতুনকৈ স্বাধীনতা লাভ কৰা এছিয়া আৰু আফ্রিকাৰ লগত ঘনিষ্ঠতা স্থাপন কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। তেওঁ এছিয়াৰ দেশবিলাকৰ মাজত ঐক্য স্থাপন কৰাৰ সমর্থন কৰিছিল। ১৯৪৭ চনত তেওঁ নেতৃত্বত এছিয়া মৈত্রী সন্মিলন আহ্বান কৰা হৈছিল। ঔপনিবেশিকতাৰ বিৰুদ্ধাচৰণ আৰু আফ্রিকা বর্ণবৈষম্য প্রথৰি ভাৰতে বিৰােধিতা কৰিছিল। ১৯৫৫ চনত আফ্রো-এছিয়ান সন্মিলন বাঙত(bandungot) অনুষ্ঠিত হৈছিল। এই সন্মিলনে পিছলৈ গােষ্ঠীনিৰপেক্ষ আন্দোলন প্রতিষ্ঠা কৰিছিল। এই আন্দোলনৰ প্ৰথমখন সন্মিলন বেলগ্রেডত অনুষ্ঠিত হৈছিল।

প্রশ্ন ৬ : চীন দেশৰ লগত ভাৰতৰ শান্তি আৰু সংঘাতৰ বিষয়ে লিখা। 
উত্তৰ : ভাৰতবৰ্ষৰ নেহৰুৱে চীন দেশক সহকর্মী হিচাপে লৈছিল। তেওঁ চীনে ভাৰত আক্ৰমণ কৰাটো কেতিয়াওঁ ভাবিব পৰা নাছিল। ১৯৫৪ চনত নেহৰু আৰু চীনৰ প্রধানমন্ত্রী চৌ এন লাইৰ মাজত পঞ্চশীল নীতিৰ যুটীয়া ঘােষণা হৈছিল। কিন্তু তিব্বতৰ বিতৰ্ক আৰু ১৯৬২ চনত হােৱা চীন আক্রমণৰ ফলত দুয়ােখন দেশৰ মাজত অশান্তি হৈছিল। পিছত ১৯৭৬ চনত দুয়ােখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপন হয়।


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code