Recent in Technology

ভাৰতীয় ৰাজনীতিৰ শেহতীয়া পৰিস্থিতি-[নৱম অধ্যায়]{Q&A}-(Part-B/Notes)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions][Free Learning Online][in Assamese][ভাৰতীয় ৰাজনীতিৰ শেহতীয়া পৰিস্থিতি][নৱম অধ্যায়][Part-B]

ভাৰতীয় ৰাজনীতিৰ শেহতীয়া পৰিস্থিতি-[নৱম অধ্যায়]{Q&A}-(Part-B/Notes)



(ভাৰতীয় ৰাজনীতিৰ শেহতীয়া পৰিস্থিতি)




(ক) অতি চমু প্রশ্নোত্তৰ :(প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ঃ কংগ্ৰেছ ব্যৱস্থা’ বুলিলে কি বুজা ?
উত্তৰ : ভাৰতীয় ৰাজনীতিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ১৯৫২ চনৰ পৰা ১৯৭৭ চনলৈ যি আধিপত্য বিস্তাৰ কৰিছিল তাকে কংগ্ৰেছ ব্যৱস্থা বােলে।


প্রশ্ন ২ : ‘কৰসেৱা মানে কি?
উত্তৰঃ অযােধ্যাৰ বিবদমান বাবৰি মছজিদক কেন্দ্ৰ কৰি ভাৰতীয় জনতা পার্টি আৰু বিশ্ব হিন্দু পৰিষদে যি সংগ্রাম আৰম্ভ কৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কৰসেৱা আৰম্ভ কৰিছিল ইয়াৰ জৰিয়তে কিছুমান লােকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কৰসেৱক হিচাপে নিযুক্ত হৈ আত্মত্যাগ কৰিবলৈ সাজু হৈছিল।

প্রশ্ন ৩ : ১৯৮৯ চনৰ মৰ্চা চৰকাৰৰ প্রধান কোন আছিল ? 
উত্তৰ ভি. পি. সিং।


প্রশ্ন ৪ : ১৯৮৯ চনত কোনে চৰকাৰ গঠন কৰিছিল ?
উত্তৰ : জনতা দল আৰু অন্যান্য আঞ্চলিক দলবােৰে National Front গঠন কৰি।

প্রশ্ন ৫ : ‘হিন্দুত্ব’ বুলিলে কি বুজা ?
উত্তৰ : ১৮০ নং পৃষ্ঠাৰ ৫নং প্রশ্নৰ উত্তৰ চোৱা। 


প্রশ্ন ৬ঃ ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল। 
উত্তৰ : পি. ভি, নৰসিংহ ৰাও। 

প্রশ্ন ৭ : ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাক কোনটো দলে নেতৃত্ব দিছিল ? 
উত্তৰ : ভাৰতীয় জনতা পার্টিয়ে। 

প্রশ্ন ৮ : আদৱানিৰ পিছত বিজেপিৰ সভাপতি কোন হৈছিল ? 
উত্তৰঃ ৰাজনাথ সিং। 

প্রশ্ন ৯ : এন, ডি. এ. কিমাটা ৰাজনৈতিক দলে গঠন কৰিছিল ? 
উত্তৰ : ১৩ টা। 

প্রশ্ন ১০ : ১৯৯৬ চনৰ নিৰ্বাচনত কোনটো ৰাজনৈতিক দল এক বৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছিল?
উত্তৰ : বিজেপি।

প্রশ্ন ১১ : মণ্ডল আয়ােগৰ যিকোনাে এটা পৰামর্শ উল্লেখ কৰা। 
উত্তৰ : চৰকাৰী চাকৰিসমূহত পিছপৰা শ্ৰেণীৰ লােকৰ বাবে ২৭ শতাংশ আসন সংৰক্ষণ কৰা।

প্রশ্ন ১২ : মণ্ডল আয়ােগ কি ?
উত্তৰঃ ১৯৭৮ চনত বি. পি. মণ্ডলৰ নেতৃত্বত পিছপৰা শ্ৰেণীৰ লােকসকলক চিনাক্তকৰণ কৰিবলৈ আৰু তেওঁলােকৰ সংৰক্ষণৰ বিষয়ে বিচাৰ কৰি পৰামর্শ দিবলৈ যি আয়ােগ গঠন কৰা হৈছিল তাকে মণ্ডল আয়ােগ বােলে।

প্রশ্ন ১৩ : ইউ. পি. এ. বুলিলে কি বুজা ?
উত্তৰঃ কংগ্ৰেছ নেতৃত্বাধীন মৰ্চাটোক সংযুক্ত প্রগতিশীল মৰ্চা (ইউ. পি. এ.) বুলি কোৱা হয়।

প্রশ্ন ১৪ : এন. ডি. এ. চৰকাৰৰ কোনে নেতৃত্ব দিছিল?
উত্তৰ : অটল বিহাৰী বাজপেয়ীয়ে। প্রতিষ্ঠাপক। 

প্রশ্ন ১৫ : কান্সী ৰাম কোন আছিল?
উত্তৰ : কান্সীৰাম আছিল বহুজন সমাজবাদী পার্টি।
 
প্রশ্ন ১৬ঃ কিমানটা দলে মিলি এন ডি এ গঠন কৰিছিল ? 
উত্তৰ : ২৪টা দল মিলি। 

প্রশ্ন ১৭ : কোন চনত জনতা দল গঠিত হৈছিল ?
উত্তৰ : ১৯৭৭ চনত।

প্রশ্ন ১৮ : কোন চনত ভাৰতীয় জনতা পাৰ্টী গঠিত হৈছিল ? 
উত্তৰ : ১৯৮০ চনৰ ৬ এপ্রিলত।

প্রশ্ন ১৯ : ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল ?
উত্তৰ : অটল বিহাৰী বাজপেয়ী।

প্রশ্ন ২০ : বিজেপিৰ কোনগৰাকী নেতাই মহম্মদ আলি জিন্নাক এগৰাকী ধর্মনিৰপেক্ষ নেতা বুলি কৈছিল?
উত্তৰ : লালকৃষ্ণ আদৱানী।

প্রশ্ন ২১ঃ ২০০৪ চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ? 
উত্তৰ : ড° মনমােহন সিং।

প্রশ্ন ২২ : ১৯৮০ৰ দশকত ভাৰতীয় ৰাজনীতিত আটাইতকৈ সংকটপূর্ণ পৰিস্থিতি কি আছিল ?
উত্তৰঃ জাতীয় জৰুৰী অৱস্থাৰ ঘােষণা।

প্রশ্ন ২৩ : হিন্দুত্ব মানে কি বুজা?
উত্তৰঃ হিন্দুত্বৰ অৰ্থ হৈছে ভাৰতৰ সনাতন হিন্দু সাংস্কৃতিক মূল্যবােধক অটুট ৰখা।

প্রশ্ন ৪: ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ?
উত্তৰ : ৰাজীৱ গান্ধী।


Class-XII Political Science 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ



(খ) চমু প্রশ্নোত্তৰ ঃ (প্রত্যেকটোত ২ নম্বৰকৈ)


প্রশ্ন ১ঃ এন. ডি. এ.ৰ বিষয়ে কি জানা ?
উত্তৰ : এন. ডি. এ. হ’ল বর্তমান ভাৰতৰ এটা উল্লেখযােগ্য মর্চা। ইয়াৰ সম্পূর্ণ নাম হ’ল নেচনেল ডেমক্রেটিক এলাইন্স বা ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা। ই । প্রায় ১৩টা ৰাজনৈতিক দলৰ দ্বাৰা গঠিত। ১৯৯৮ আৰু ১৯৯৯ চনত এই মৰ্চাই চৰকাৰ গঠন কৰিছিল আৰু বর্তমানে প্রধান বিৰােধী হৈ আছে।

প্রশ্ন ২ : ২০০৪ চনৰ নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে কিমানখন আসন লাভ কৰিছে ?
উত্তৰঃ 
  • বিজেপি - ১৩৮ খন।
  • কংগ্ৰেছ - ১৪৫ খন

প্রশ্ন ৩ : নতুন অর্থনৈতিক সংস্কৰণবােৰ কি আছিল আৰু ইয়াক কেতিয়া ঘােষণা কৰা হৈছিল?
উত্তৰঃ ১৯৯১ চনত বিত্তমন্ত্রী ড° মনমােহন সিঙৰ তৎপৰতাত ভাৰতত নতুন অর্থনৈতিক সংস্কৰণ গ্ৰহণ কৰা হয়। অর্থনীতিৰ উদাৰীকৰণ আৰু মুক্ত বেপাৰবাণিজ্য আদি এই সংস্কাৰৰ মূল ভেটি। এই সংস্কাৰে ১৯৯১ চনৰ পৰা ভাৰতৰ উদ্যোগ, ৰাজহ্বা খণ্ড, ৰাজত্ব নীতি, মূল্য নীতি আদিৰ সৈতে জড়িত বিভিন্ন নীতিক অন্তর্ভুক্ত কৰে।

প্রশ্ন ৪ঃ ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৯৯১ চনৰ মে’ মাহত তামিলনাড়ুত এখন নির্বাচনী সভাত ভাষণ দিবলৈ যাওঁতে ৰাজীৱ গান্ধীক এল, টি, টি, ই, নামৰ শ্ৰীলংকাৰ সন্ত্রাসবাদী সংগঠনটোৰ আত্মঘাতী বােমাৰুৱে হত্যা কৰে।

প্রশ্ন ৫ঃ মৰ্চা চৰকাৰৰ ৰাজনীতি কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৮৯ চনৰ পৰা ২০০৯ চনলৈ অনুষ্ঠিত নির্বাচনত কোনাে এটা ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা নােপােৱাৰ বাবে সকলােবােৰ চৰকাৰ মৰ্চাভিত্তিক গঠন কৰা হৈছে।

প্রশ্ন ৬ : বি. এছ. পি. বা বহুজন সমাজবাদী পার্টিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : বহুজন সমাজবাদী দল হ’ল বর্তমান উত্তৰ প্ৰদেশৰ শাসনাধিষ্ঠ দল। বর্তমানে ভাৰতীয় ৰাজনীতিত বিশেষ স্থান দখল কৰা এই দলটোৱে এটা সময়ত উত্তৰ প্ৰদেশৰ দলিত নেতা কান্সী ৰামৰ নেতৃত্বত এক আঞ্চলিক দল হিচাপে জন্ম হৈছিল। তেওঁৰ মৃত্যুৰ পিছত মায়াৱতীয়ে এই দলৰ নেতৃত্ব বহন কৰি আহিছে। এই দলটোৱে উত্তৰ প্ৰদেশৰ উপৰিও কেন্দ্রীয় চৰকাৰ গঠনতাে সময়ে সময়ে সীমা নির্ণায়ক ভূমিকা পালন কৰি আহিছে।

প্রশ্ন ৭ঃ সংযুক্ত বা মৰ্চা চৰকাৰ বুলিলে কি বুজা? কেন্দ্ৰত প্ৰথমবাৰৰ বাবে কেতিয়া এই চৰকাৰ গঠন কৰা হৈছিল ?
উত্তৰঃ সংসদীয় শাসন ব্যৱস্থাত যেতিয়া কোনাে এটা নির্দিষ্ট দলে সংখ্যাগৰিষ্ঠ আসন লাভ নকৰে তেতিয়া পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা কেইটামান দল লগ লাগি চৰকাৰ গঠন কৰাকে সংযুক্ত বা মৰ্চা চৰকাৰ বােলে।

কেন্দ্ৰত পােন প্রথমে ১৯৭৭ চনত মােৰাৰজী দেশাইৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন কৰা হৈছিল।

প্রশ্ন ৮ : কোনটো নির্বাচনে সংযুক্ত বা মৰ্চা চৰকাৰ গঠন কৰাইছিল আৰু কিয়?
উত্তৰঃ ১৯৮৯ চনৰ পৰা ২০০৯ চনলৈ অনুষ্ঠিত সকলাে নির্বাচনতে কোনাে এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা নােপােৱাৰ বাবে মৰ্চা চৰকাৰ গঠিত হৈছে। এই যুগৰ আৰম্ভণি হয় ১৯৮৯ চনৰ নিৰ্বাচনৰ দ্বাৰা।

প্রশ্ন ৯ঃ ভাৰতীয় ৰাজনীতিত কেতিয়া মণ্ডল বিষয়টো উদ্ভৱ হৈছিল ?
উত্তৰ : ১৯৯০ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰখনে মণ্ডল আয়ােগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি যেতিয়া পিছপৰা শ্ৰেণীৰ লােকৰ বাবে কেন্দ্রীয় চৰকাৰৰ চাকৰিত সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তেতিয়া তাৰ প্রতিক্রিয়া স্বৰূপে মণ্ডল বিষয়টো উদ্ভৱ হৈছিল।

প্রশ্ন ১০ : BAMCEF কি? ইয়াৰ কোন চনত গঠন কৰা হৈছিল? 
উত্তৰ : Bakward and Minority Communities Employees Federation ক সংক্ষিপ্তভাৱে BAMCEF বুলি কোৱা হয়। ইয়াক গঠন কৰা হৈছিল ১৯৭৮ চনত। 

প্রশ্ন ১১ : AIADMK ৰ সম্পূর্ণ নামটো লিখা। 
উত্তৰ : All India Anna Dravida Munehtra Kajhagam. 

প্রশ্ন ১২ : ভাৰতৰ সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 
উত্তৰ  
  • (১) অস্থিৰ চৰকাৰ
  • (2) ৰাজনৈতিক সুবিধাবাদ।

প্রশ্ন ১৩ : অর্থনৈতিক গােলকীকৰণৰ ওপৰত চমুকৈ লিখা।
উত্তৰ : বিশ্বায়ন বা গােলকীকৰণৰ অর্থ হ’ল - কোনাে অর্থ ব্যৱস্থাক বিশ্ব বজাৰত মুকলি কৰি দিয়াৰ ফালে ইংগিত দিয়া। অন্য কথাত ক'বলৈ গ'লে বিশ্বৰ উন্নত দেশসমূহৰ সৈতে উৎপাদন, বেপাৰ, বিত্তীয় আদান-প্রদানৰ জৰিয়তে সমৃদ্ধ স্থাপন কৰাকে বিত্তীয় বা অর্থনৈতিক গােলকীকৰণ বােলে।

প্রশ্ন ১৪ : বিজেপিৰ প্রধান নির্বাচনী প্রচাৰবােৰ কি আছিল ? 
উত্তৰ : 
  • (ক) জাতীয়তাবাদ, ধর্মনিৰপেক্ষতাবাদ আৰু গান্ধীবাদী সমাজবাদত
  • (খ) বিকেন্দ্রীভূত ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতা।
  • (গ) কৃষি উন্নয়ন, দৰিদ্ৰতা নির্মূল, সামূহিক কল্যাণ ইত্যাদি।
  • (ঘ) দেশৰ সার্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাত প্রাধান্যতা।

প্রশ্ন ১৫ : নতুন অর্থনৈতিক সংস্কাৰবােৰ কি কি ? এই নতুন অর্থনৈতিক সংস্কাৰসমূহ কেতিয়া ঘােষণা কৰা হৈছিল ?
উত্তৰ : 
  • (i) বিশ্বায়ন 
  • (ii) উদাৰীকৰণ 
  • (iii) ব্যক্তিগতকৰণ। 

১৯৯১ চনৰ পৰা। 

প্রশ্ন ১৬ : মৰ্চা ৰাজনীতিৰ প্ৰভাৱ সম্পর্কে লিখা।
উত্তৰ : 
  • (i) মৰ্চা ৰাজনীতিয়ে কেন্দ্ৰত এটা ৰাজনৈতিক দলৰ এক নায়কত্ববাদৰ অন্ত পেলাইছে।
  • (ii) আঞ্চলিক ৰাজনৈতিক দলৰ জাতীয় ৰাজনীতিত প্ৰভাৱ বৃদ্ধি পাইছে। 

প্রশ্ন ১৭ : মৰ্চা চৰকাৰ বুলিলে কি বুজা? কেন্দ্ৰত প্ৰথমবাৰ কেতিয়া মৰ্চা চৰকাৰ গঠিত হৈছিল ?
উত্তৰ : এখন বৃহৎ দল নিয়ন্ত্ৰণত যেতিয়া কেইবাটাও জাতীয় আৰু আঞ্চলিক ৰাজনৈতিক দলে একগােট হৈ চৰকাৰ গঠন কৰে ইয়াক মৰ্চা চৰকাৰ বােলা হয়। ১৯৮৯ চনত বিশ্বনাথ প্রতাপ সিঙৰ নেতৃত্বত।

প্রশ্ন ১৮ : ভাৰতীয় ৰাজনীতিত কেতিয়া মণ্ডল বিষয়টো উত্থাপন হৈছিল ?
উত্তৰ : মােৰাৰজী দেশাই নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ১৯৭৯ চনৰ জানুৱাৰীৰ ১ তাৰিখে সাংসদ বি পি মণ্ডলৰ অধ্যক্ষতাত দ্বিতীয় পিছপৰা শ্ৰেণীৰ আয়ােগ গঠন কৰা হয়। এই আয়ােগ ‘মণ্ডল আয়ােগ’ নামে জনজাত।

প্রশ্ন ১৯ : কোনটো ৰাজনৈতিক দলে হিন্দুত্বৰ ৰাজনীতিক অনুসৰণ কৰে? 
উত্তৰ : ভাৰতীয় জনতা পার্টীয়ে। 

প্রশ্ন ২০ : ভাৰতৰ মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ : 
  • (i) দক্ষিণপন্থী আৰু প্ৰয়ােজনত বামপন্থী দলৰ সহযােগত ভাৰতত মৰ্চা চৰকাৰ গঠন হয়।
  • (ii) আঞ্চলিক দলসমূহে মৰ্চা চৰকাৰ গঠনত যথেষ্ট তাৎপর্যপূর্ণ ভূমিকা গ্রহণ

প্রশ্ন ২১ : বিজেপিৰ মূল ইস্তাহাৰ কি?
উত্তৰ : 
  • (i) ভাৰতৰ হিন্দু সংস্কৃতিৰ মূল্যবােধক অটুট ৰখা। 
  • (ii) গান্ধীবাদী নীতি, বিকেন্দ্রীকৰণ আৰু গণতন্ত্রৰ পূর্ণ সমর্থন।
  • (iii) জাতীয়তাবাদ, ধর্মনিৰপেক্ষবাদ, সামাজিক সংস্কাৰ আদিত বিশ্বাসী। 

প্রশ্ন ২২ : ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল আৰু সেই দলৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল ?
উত্তৰ : ড° শ্যামা প্রসাদ মুখার্জীৰ নেতৃত্বত ১৯৫১ চনত ভাৰতীয় জনসংঘ গঠিত হৈছিল।

প্রশ্ন ২৩ : ১৯৮৯ চনৰ পৰা ২০০৪ চন পর্যন্ত কোনটো দল লােকসভাত শক্তিশালী হৈ উঠিছিল ?
উত্তৰ : বিভিন্ন ধৰণৰ মৰ্চা চৰকাৰ। 
  • জাতীয় ফ্রণ্ট (১৯৮৯-৯১), 
  • সংযুক্ত ফ্রন্ট (১৯৯৬-৯৮), 
  • জাতীয় গণতান্ত্রিক মৰ্চা (১৯৯৮-২০০৪)।

প্রশ্ন ২৪ : ইউ এফৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ : ১৩ খন ৰাজনৈতিক দলৰ সমন্বয়ত ইউ এফ গঠন কৰা হৈছিল। ১৩ দিনৰ বিজেপি চৰকাৰৰ পতনৰ পিছত H.D. Deve Gowdaৰ নেতৃত্ব ইউ এফ এ কংগ্ৰেছৰ সমৰ্থনত ১ জুন ১৯৯৬ চনত চৰকাৰ গঠন কৰিছিল।

প্রশ্ন ২৫: কেতিয়া আৰু কিয় পিছপৰা আৰু সংখ্যালঘু শ্রেণী কর্মচাৰী সংঘ গঠন কৰা হৈছিল ?
উত্তৰ : ১৯৭৮ চনত The Backward and Minonity Communities Employees Federation (BAMCEF) গঠন কৰা হৈছিল। ইয়াৰ উদ্দেশ্যে আছিল অনুসূচীত জাতি, জনজাতি, আন আন পিছপৰা জাতি আৰু সংখ্যালঘুসকলৰ মাজত ৰাজনৈতিক ক্ষমতাৰ বিতৰণৰ প্রতি সজাগ দৃষ্টি ৰখা। 

প্রশ্ন ১৬ঃ বি এছ পি সম্পর্কে লিখা।
উত্তৰ : কান্সীৰাম ৰ নেতৃত্বত বহুজন সমাজ পাৰ্টাৰ জন্ম হৈছিল। প্রথম অৱস্থাত প্ৰধানকৈ দলিত ভােটাৰৰ সমৰ্থনত পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত এই দলে প্ৰভাৱ বিস্তাৰ কৰিছিল। ১৯৮৯ আৰু ১৯৯১ৰ নিৰ্বাচনত এই দলে উত্তৰ প্রদেশ বিধানসভা নির্বাচিত জয়লাভ কৰিছিল।



(গ) দীঘল প্রশ্নোত্তৰ :(প্রত্যেকটোত ৪ নম্বৰকে)


প্রশ্ন ১: অন্যান্য পিছপৰা শ্ৰেণীৰ লােকসকলৰ মাজত শক্তিশালী গ্রাম্য ভেটি থকা ৰাজনৈতিক দলবােৰৰ নাম লিখা।
উত্তৰ : 
  • (ক) বহুজন সমাজবাদী পার্টি।
  • (খ) জনতা দল। 
  • (গ) ৰাষ্ট্ৰীয়তাবাদী জনতা দল ।
  • (ঘ) ৰিপাব্লিকান পার্টি। ইত্যাদি। 

প্রশ্ন ২ : ওলােমা সংসদৰ ওপৰত এটি টোকা লিখা।
উত্তৰ : সংসদৰ সাধাৰণ নিৰ্বাচনৰ পিছত যেতিয়া কোনাে এটা নির্দিষ্ট ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়ােজনীয় আসন লাভ নকৰে তেতিয়া সেইখন সংসদ ওলােমা সংসদ বােলা হয়। ভাৰতত পােন প্রথমবাৰৰ বাবে ১৯৮৯ চনত এখন ওলােমা সংসদ নির্বাচিত হৈছিল। এনে সংসদত প্ৰধানকৈ যিটো ৰাজনৈতিক দলে আটাইতকৈ অধিক আসন লাভ কৰে সেই দলকে চৰকাৰ গঠন কৰিবলৈ আহ্বান জনােৱা হয়, কিন্তু এটা নির্ধাৰিত সময়ত সংসদৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰি দেখুৱাব লাগে আৰু ইয়াৰ অবিহনে চৰকাৰখন বর্তি থাকিব নােৱাৰে।

প্রশ্ন ৩ : ১৯৯০ৰ দশকত উদ্ভৱ হােৱা চাৰিটা গােটৰ নাম লিখা। 
উত্তৰ : 
  • (১) সংযুক্ত মৰ্চা (U.F) দেৱগৌড়াৰ নেতৃত্বত গঠিত) 
  • (২) ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্গ (NDA) 
  • (৩) সংযুক্ত প্রগতিশীল মৰ্চা (UPA) 
  • (৪) জাতীয় মৰ্চা বা ইউনাইটেড ফ্রন্ট।

প্রশ্ন ৪ : দেশে লক্ষ্য কৰা ১৯৮৯ চনৰ পৰা ১৯৯২ চনলৈ যিকোনাে চাৰিটা বিষয়ৰ ওপৰত চমুকৈ লিখা।
উত্তৰ : 
  • (ক) ১৯৯১ চনৰ ৰাজীৱ গান্ধীক শ্রীলংকাৰ বিদ্রোহী সংগঠন এল, টি, টি, ইৰ দ্বাৰা তামিলনাড়ুত হত্যা।
  • (খ) কংগ্ৰেছত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অন্ত আৰু নৰসিংহ ৰাওৰ দ্বাৰা চৰকাৰ গঠন।
  • (গ) ১৯৯১ চনত ভাৰত চৰকাৰৰ দ্বাৰা নতুন অর্থনৈতিক নীতি বা সংস্কাৰ গ্রহণ আৰু ঘােষণা।
  • (ঘ) কেন্দ্ৰত আঞ্চলিক ৰাজনৈতিক দলৰ দ্বাৰা বা সমর্থনত চৰকাৰ গঠন আৰম্ভ।

প্রশ্ন ৫ঃ আজিকালি আঞ্চলিক ৰাজনৈতিক দলবােৰে কিয় অধিক জনপ্রিয়তা অর্জন কৰিছে?
উত্তৰ : সাম্প্রতিক সময়ত ভাৰতৰ বিভিন্ন প্রান্তত আঞ্চলিক ৰাজনৈতিক দলবােৰৰ জনপ্রিয়তা অধিক হাৰত বৃদ্ধি হােৱা দেখা গৈছে। তামিলনাডুৰ ডি. এম. কে. অন্ধপ্রদেশৰ তেলুগু দেশম, পঞ্জাবৰ শিৰােমণি আকালী দল, জম্মু-কাশ্মীৰৰ জাতীয় মহাসভা, উত্তৰ প্ৰদেশৰ বহুজন সমাজ বাদী দল আদিয়ে বিগত নির্বাচনবােৰত ভাল ফল লাভ কৰিছে। কেৱল অসমৰ অসম গণ পৰিষদ দলে পূর্বৰ তুলনাত বিভিন্ন কাৰণত নিম্নগামী ফলাফল লাভ কৰিছে। আঞ্চলিক ৰাজনৈতিক দলববাৰে ইমান বেছি জনপ্রিয়তা লাভৰ মূলতে হ’ল বিকেন্দ্রীভূত ৰাজনীতিৰ প্ৰতি থকা জনগণৰ আকাংক্ষা। ৰাজনৈতিকভাৱে সচেতন হােৱা বাবে ভাৰতীয় জনগণ এতিয়া স্বশাসন বা স্বায়ত্ত শাসনৰ প্রতি অধিক আগ্রহী হৈছে। এনেবােৰ কাৰণতে আঞ্চলিক দলবােৰে জনপ্রিয়তা অর্জন কৰিছে।



(ঘ) অতি দীঘল প্রশ্নোত্তৰ ঃ (প্রত্যেকটোত ৬ নম্বৰকৈ)


প্রশ্ন ১: ভাৰতীয় জনতা পার্টিৰ ৰাজনীতি আৰু কাৰ্যসূচীৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰ : (৩০১ নং পৃষ্ঠাৰ ১ নং প্রশ্নৰ উত্তৰৰ পিছত) কার্যসূচী : (ওপৰৰ ১৬ নং প্রশ্নৰ উত্তৰ চোৱা)

প্রশ্ন ২ঃ মৰ্চা ৰাজনীতিৰ নতুন যুগত, ৰাজনৈতিক দলবােৰে আদৰ্শৰ ওপৰত ভিত্তি কৰি মিত্ৰতা গঢ়ি তােলা বা মিত্ৰতা ভংগ কৰা নাই।' এই উক্তিটোৰ সপেক্ষে বা বিপক্ষে তুমি কি যুক্তি আগবঢ়াবা।
উত্তৰ : ভাৰতত গঢ় লৈ উঠা মৰ্চা শাজনীতি বিশ্লেষণ কৰিলে দেখা যায় যে ইয়াত চৰকাৰ গঠনত অংশ গ্রহণক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবােৰে বিভিন্ন মর্চা গঠন কৰিছে। সেইবােৰৰ ভিতৰত কংগ্ৰেছৰ ইউ. পি. এ. আৰু বিজেপিৰ নেতৃত্বত এন. ডি. এ. প্রধান। কিন্তু মৰ্চাত অংশগ্ৰহণৰ বিষয়টো সূক্ষ্মভাৱে বিচাৰ কৰিলে দেখা যায় যে ইয়াত অধিকাংশ দলৰে চৰিত্ৰ হ’ল সুবিধাবাদ। মৰ্চা গঠনৰ ক্ষেত্ৰত আদৰ্শৰ ওপৰত কোনাে গুৰুত্ব প্ৰদান কৰা নাই। উদাহৰণ স্বৰূপে, বর্তমানে কেন্দ্ৰত অধিষ্ঠিত চৰকাৰখনৰ এটা অন্যতম অংশীদাৰী দল হ’ল ভাৰতৰ সাম্যবাদী দল। কিন্তু কংগ্ৰেছ দলৰ সৈতে এই দলটোৰ যথেষ্ট আদর্শগত সংকট আছে। 

প্রশ্ন ৩ : ‘দেশৰ ৰাজনীতিত কংগ্ৰেছ দলৰ প্ৰধন্যতা হ্রাস হােৱাৰ সত্ত্বেও একেৰাহে প্ৰভাৱ বিস্তাৰ কৰি আছে’ তুমি একমতনে? যুক্তি দিয়া।
উত্তৰ : ১৯৬৭ চনৰ পৰা ৰাজ্যত কংগ্ৰেছ দলৰ একনায়কত্ববাদ সমাপ্তি হয় আৰু ১৯৭৭ চনৰ নিৰ্বাচনৰ অন্তত কেন্দ্ৰত কংগ্ৰেছ দলৰ আধিপত্যতাৰ যুগৰ সমাপ্তি হয়। ১৯৮৯ চনৰ নিৰ্বাচনত এই দলটোৱে শােচনীয় পৰাজয়ৰ সন্মুখীন হয়। ১৯৯১ চনৰ পুনৰ কংগ্ৰেছ দল ৰাজীৱ গান্ধীৰ নেতৃত্বত ক্ষমতা দখল কৰে যদিও ১৯৯৬, ১৯৯৮ আৰু ১৯৯৯ চনৰ পুনৰ পৰাজিত হয়। কিন্তু ইয়াৰ পৰৱর্তী দুটা নির্বাচনত কংগ্ৰেছৰ নেতৃত্বত সংযুক্ত প্রগতিশীল মৰ্চা চৰকাৰ ক্ষমতালৈ আহে। উক্ত সময়ছােৱাৰ ভিতৰত কংগ্ৰেছ দলে পূর্বৰ স্থিতি লাভ কৰিবলৈ সক্ষম নহ'লেও ভাৰতীয় ৰাজনীতিত কংগ্ৰেছৰ ভূমিকাৰ অন্ত পৰা নাই। বিগত দুটা নির্বাচনত কংগ্ৰেছ দলৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ উপৰিও বহুকেইখন ৰাজ্যত সন্মিলিত অথবা এককভাৱে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি আছে। উল্লেখযােগ্য যে ১৯৯০ৰ দশকত গঠিত আটাইকেইখন চৰকাৰ গঠন অথবা ভংগ কৰাত কংগ্ৰেছ দলে পৰিচালকৰ ভূমিকা পালন কৰিছিল।

প্রশ্ন ৪ঃ কঠোৰ বিষয়বােৰৰ ওপৰত বুদ্ধিশীল ঐক্যমতৰ বিষয়ে পৰীক্ষা কৰা।
উত্তৰ : ১৯৯০ৰ দশকৰ পৰা ৰাজনৈতিক দলবােৰৰ মাজত কঠোৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ঐক্যমঞ্চ সৃষ্টি হােৱা দেখা যায়। এই ঐক্যমতত বিশেষকৈ চাৰিটা উপাদান সন্নিবিষ্ট হৈ আছে।

  • (ক) নব্য নীতিত ঐক্যমত । নতুন অর্থনৈতিক আঁচনিৰ ক্ষেত্ৰত বহুতাে গােষ্ঠী, শাখা আদিয়ে বিৰােধিতা কৰিছিল যদিও, অধিকাংশ ৰাজনৈতিক দলে নব্য অর্থনৈতিক আঁচনি গ্ৰহণত ক্ষেত্ৰত চৰকাৰক সমর্থন কৰিছিল। এই দলবােৰে বিশ্বাস কৰিছিল যে নব্য অর্থনীতিয়ে " ভাৰতৰ অর্থনৈতিক বিকাশ ঘটোৱাৰ উপৰিও ভাৰতক বিশ্ব দৰবাৰত অর্থনৈতিক ক্ষমতাত এক উচ্চ স্থানত প্ৰতিষ্ঠা কৰিব।
  • (খ) পিছপৰা শ্ৰেণীৰ ৰাজনৈতিক আৰু সামাজিক দাবী গ্রহণ  - ৰাজনৈতিক দলবােৰে বিশ্বাস কৰিছিল যে পিছপৰা শ্রেণীসমুহৰ দাবীবােৰ যুক্তিযুক্ত আৰু সেয়েহে মানি লােৱাটো উচিত।
  • (গ) দেশ প্রশাসনৰ ক্ষেত্ৰত ৰাজ্যিক পর্যায়ৰ ৰাজনৈতিক দলবােৰৰ ভূমিকা গ্রহণে ৰাজ্যিক পর্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলবােৰৰ মাজৰ পাৰ্থক্যও দ্রুতগতিত হ্রাস পাবলৈ ধৰে। বিগত সময়ছােৱাত ৰাজ্যিক পর্যায়ৰ দলবােৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষমতাৰ অংশ ল’বলৈ সক্ষম হৈছে আৰু বিগত দুটা দশক ধৰি দেশৰ ৰাজনীতিত এই দলবােৰে বিশেষ ভূমিকা পালন কৰি আহিছে।
  • (ঘ) আদর্শগত পার্থক্যতকৈ ৰাষ্ট্ৰীয় বিচাৰ বিবেচনাক অধিক গুৰুত্ব আৰােপ ? উদাহৰণ স্বৰূপে বহুতাে ৰাজনৈতিক দলৰ বিজেপিৰ সৈতে আদর্শগত সংঘাত আছিল যদিও দেশত সুস্থিৰতা আনিবৰ বাবে এন. ডি. এ. জোটবন্ধনক সমর্থন দি আহিছিল।

প্রশ্ন ৫ : গুজৰাটৰ হিন্দু মুছলমানৰ সংঘৰ্ষৰ বিষয়ে এটি টোকা লিখা। 
উত্তৰ : (৩০২ নং পৃষ্ঠাৰ ২ নং প্রশ্নৰ উত্তৰ চোৱা)

প্রশ্ন ৬ : সংযুক্ত প্রগতিশীল মৰ্চাৰ (UPA) ওপৰত এটি টোকা লিখা ?
উত্তৰ : ২০০৪ চনত অনুষ্ঠিত লােকসভাৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা পৰাজিত হয়। এনে পৰিস্থিতিত কংগ্ৰেছৰ নেতৃত্বত সংযুক্ত প্রগতিশীল মৰ্চা গঠন কৰা হয়। এই মৰ্চাৰ অংশীদাৰী গুৰুত্বপূর্ণ দলবােৰ হ’ল - তামিলনাডুৰ ডি. এম. কে. বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দল, ৰামবিলাস পাচোৱানৰ লােক জনশক্তি দল, শাৰদ পাৱাৰৰ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল, ইত্যাদি। ড° মনমােহন সিঙৰ নেতৃত্বত গঠন কৰা এই চৰকাৰক বাঁওপন্থী দলসমূহৰ উপৰিও সমাজবাদী পার্টি আৰু বহুজন সমাজবাদী পার্টিয়ে বাহিৰৰ পৰা সমর্থন আগবঢ়ায়। মৰ্চা চৰকাৰৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে সমূহীয়া ন্যূনতম কাৰ্যসূচী তৈয়াৰ কৰা হয়।

২০০৯ চনৰ নির্বাচনতে সংযুক্ত প্রগতিশীল মৰ্চা বিজয়ী হয় আৰু ড° মনমােহন সিঙৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ গঠন কৰা হয়। অৱশ্যে এই নির্বাচনৰ সময়ত পূর্বৰ কিছুমান ৰাজনৈতিক দলে মৰ্চা ত্যাগ কৰে আৰু বিচ্ছুমান ৰাজনৈতিক দলে নতুকৈ অংশগ্রহণ কৰে। কংগ্ৰেছৰ সভানেত্রী ছােনিয়া গান্ধী অধ্যক্ষা হিচাপে থকা এই মর্চা চৰকাৰখন পাঁচ বছৰীয়া কার্যকাল পূর্ণ কৰিব পাৰিব বুলি আশা কৰা হৈছে। 
প্রশ্ন ৭ঃ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (এন. ডি. এ.)ৰ ওপৰত এটি টোকা লিখা। 
উত্তৰ : বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাই ১৯৯৮ চনৰ পৰা দেশৰ ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। এই মৰ্চাই ১৯৯৮ চনত আৰু ১৯৯৯ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ উপৰিও বহুতাে ৰাজ্যত চৰকাৰ গঠন কৰিছিল। এই মৰ্চা চৰকাৰৰ অংশীদাৰী দলসমূহৰ ভিতৰত অন্যতম হ’ল শিৱ সেনা, শিৰােমণি আকালী দল, অসম গণ পৰিষদ, ৰাষ্ট্ৰীয় লােক দল ইত্যাদি। কিন্তু ১৯৯৮ চনৰ এই চৰকাৰখনৰ পৰা হঠাৎ এ, আই. এ. ডি. এম. কে. দলে সমর্থন প্রত্যাহাৰ কৰাৰ লগে লগে চৰকাৰৰ পতন ঘটে।

১৯৯৯ চনত অনুষ্ঠিত নির্বাচনত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাই সৰ্বমুঠ ২৯৬ খন আসন দখল কৰি পুনৰবাৰ বাজপেয়ীৰ নেতৃত্বত চৰকাৰ গঠন কৰে। এই চৰকাৰখনে সম্পূর্ণ পাঁচ বছৰ শাসন কৰিবলৈ সক্ষম হৈছিল। বর্তমানে এই মৰ্চাই শক্তিশালী বিৰােধীৰ আসনত অধিষ্ঠিত হৈ আছে।

Post a Comment

0 Comments

People

Ad Code