Recent in Technology

ভাৰতীয় ৰাজনীতিৰ শেহতীয়া বিকাশ(L-18) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][ভাৰতীয় ৰাজনীতিৰ শেহতীয়া বিকাশ][Part B][additional Q/A


ভাৰতীয় ৰাজনীতিৰ শেহতীয়া বিকাশ(L-18) Important-Additional Q/A





👉Table Of Content👈




(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : আঞ্চলিক ৰাজনৈতিক দলৰ উৎপত্তিৰ যিকোনাে এটা কাৰক উল্লেখ কৰা।
উত্তৰ : কেন্দ্ৰীয় চৰকাৰৰ তাৱহেল আৰু দমনমূলক নীতি। 

প্রশ্ন ২ : কোন চনত জনত দল গঠিত হৈছিল। 
উত্তৰ : ১৯৭৭ চনত।

প্রশ্ন ৩ :  কোন চনত ভাৰতীয় জনতা পার্টি প্রতিষ্ঠিত হৈছিল ? 
উত্তৰ : ১৯৮০ চনত

প্রশ্ন ৪ : ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ গঠিত সংযুক্ত চৰকাৰৰ নেতা কোন aachil  ?
উত্তৰ : অটল বিহাৰী বাজপেয়ী।

প্রশ্ন ৫ : বিজেপি দল কোনজন নেতাই মহম্মদ আলী জিন্নাক ধর্মনিৰপেক্ষ নেতা বুলি কৈছিল ?
উত্তৰ : atol বিহারী বাজপেয়ীয়ে। 

প্রশ্ন ৬ :২০০৪ চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল ? 
উত্তৰ : ড মনমােহন সিং।

প্রশ্ন ৭ : খালী ঠই পুৰ কৰা : 

(ক) __ চনত ভাৰত চৰকাৰে মণ্ডল আয়ােগ নিযুক্তি দিছিল।
উত্তৰ : ১৯৭৯ চত।

(খ) ১৯৮৪ চনৰ ৩১ অক্টোবৰত ভাৰতৰ প্ৰধানমন্ত্রী __ ক হত্যা কৰা হৈছিল। 
উত্তৰ : ইন্দিৰা গান্ধীক।

(গ) জম্মু আৰু কাশ্মীৰৰ বৰ্তমানৰ মুখ্যমন্ত্রী হ'ল __।
উত্তৰ : ওমৰ আব্দুল্লা।


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ঃ আঞ্চলিক দলবােৰৰ প্ৰয়ােজনীয়তা আছেনে? তােমাৰ উত্তৰৰ সমর্থন দুটা যুক্তি দিয়া।
উত্তৰ : ভাৰতৰ সামাজিক, সাংস্কৃতিক, অর্থনৈকি দৃশ্যপতৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক ৰাজনৈতিক দলবােৰৰ প্রয়ােজনীতা আছে। কাৰণ --

  • (ক) আঞ্চলিক দলৰ জৰিয়তে ভিন্ন অঞ্চলৰ ভিন্ন স্বার্থ সুৰক্ষাৰ উপৰিও অনৈক্যৰ মাজত ঐক্য সাধনত সহায়ক হৈছে।
  • (খ) আঞ্চলিক ৰাজনৈতিক দলবােৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দমনমূলক নীতিৰ অবসানৰ ক্ষেত্ৰত ভূমিকা পালন কৰিছে।

প্রশ্ন ২ : কেতিয়া আৰু কিয় পিছপৰা আৰু সংখ্যালঘু শ্ৰেণীৰ কৰ্মচাৰী সংস্থা (BAMCEF) গঠন কৰা হৈছিল ?
উত্তৰ : ১৯৭৮ চনত পিছপৰা আৰু সংখ্যালঘু শ্ৰেণীৰ কৰ্মচাৰী সংস্থা চমুকৈ BAMCEF গঠিত হৈছিল। এই সংস্থাটো গঠনৰ মুখ্য উদ্দেশ্য আছিল পিছপৰা সংখ্যালঘু শ্ৰেণীৰ শ্ৰমিকসকলক উচ্চ শ্ৰেণীৰ পুঁজিপতি তথা মালিকসকলৰ শােষণৰ পৰা মুক্ত কৰা আৰু তেওঁলােকৰ স্বার্থ সুৰক্ষা কৰা।

খালী ঠাই পূৰণ কৰা:

(ক) প্রথম মাওবাদী সাম্যবাদী দল গঠন হৈছিল __ চনত।
উত্তৰ : ১৯৬৯ চনত।

(খ) ভাৰত চৰকাৰে __ চনত মণ্ডল আয়ােগ গঠন কৰিছিল। 
উত্তৰ : ১৯৭৮ চনত।

(গ) __ চনৰ সাধাৰণ নির্বাচনে শ্রীমতী ইন্দিৰা গান্ধী আৰু তেওঁৰ কংগ্ৰেছ দলক প্রত্যাখ্যান কৰিছিল।
উত্তৰ : ১৯৭৭ চনত।

(ঘ) ১৯৮৪ চনৰ ৩১ অক্টোবৰত প্রধানমন্ত্রী __ ক হত্যা কৰা হৈছিল। 
উত্তৰ : ইন্দিৰা গান্ধী। 

(ঙ) জাতীয় মহাসভাৰ সভাপতি হ'ল __?
উত্তৰ : ৰুক আকুল।

(চ) __ হ'ল জম্মু কাশীৰৰ মুখ্যমন্ত্রী। 
উত্তৰ : ওমৰু আব্দুল্লা। 

(ছ) জম্মু কাশ্মীৰক __ এ সুকীয়া মর্যাদা প্রদান কৰিছে। 
উত্তৰ : ভাৰতীয় সংবিধানে। 

(জ) হিন্দুtbhorৰ লিখিত অৰ্থ হ'ল __ 
উত্তৰ : হিন্দু 

(ঝ) ভাৰতীয় জনসংঘ __ ৰ সৈতে চামিল হৈছিল। 
উত্তৰ : ভাৰতীয় জনতা পার্টি।

(ঞ) দেশৰ সকলাে প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লােক __ চনৰ __ তাৰিখে অযােধ্যাত সমবেত হৈছিল আৰু বাবৰি মছজিদ ধ্বংস কৰিছিল। 
উত্তৰ : ১৯৯২ চনৰ ৬ ডিচেম্বৰ।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : মণ্ডল আয়ােগৰ প্রতিবেদনৰ যিকোনো চাৰিটা সমালােচনা উল্লেখ কৰা। উত্তৰ : মণ্ডল আয়ােগৰ পৰামর্শৱলী কার্যকৰি হােৱাৰ লগে লগে চাৰিওফালে ইয়াৰ প্ৰতিবাদ হৈছিল। কাৰণ -

  • (ক) এই আয়ােগে অন্যান্য পিছপৰা সম্প্রদায়ৰ কাৰণে ২৭ শতাংশ আসন চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগে লগে অন্যান্য সম্প্রদায়ৰ লােকসকলে নিশাত ভুগিছিল। 
  • (খ) ভাৰতৰ সকলােতে বিভিন্ন সম্প্রদায়ৰ লােকে অন্যান্য সম্প্রদায়ৰ অন্তর্ভুক্ত হ’বলৈ ব্যাপক যাে-জা চলাইছিল।
  • (গ) এই প্রতিবেদনে ভাৰতীয় উন্নত আৰু পিছপৰা সম্প্রদায়ৰ মাজত থকা সম্প্রীতি নাইকিয়া কৰিছিল।
  • (ঘ) এই প্রতিবেদনৰ জৰিয়তে উচ্চ সম্প্রদায়ৰ লােকসকলৰ প্রতি অন্যায় কৰা হৈছিল।

প্রশ্ন ২ঃ জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তী সময়ছােৱাত ভাৰতীয় ৰাজনীতিত এটা ক্ষমতাশীল শক্তি হিচাপে বি জে পি দলৰ উত্থাপনৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ১৯৮০ চনৰ সপ্তম লােকসভা নির্বাচনত পৰাজয়ৰ পিছত জনতা পার্টিত হােৱা দ্বিতীয়টো বিভাগৰ ফলস্বৰূপে ভাৰতীয় জনতা পার্টিৰ জন্ম হয়। এই দলটোৱে ইতিমধ্যে ভাৰতীয় ৰাজনীতি শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছে। ১৯৯৬ চনৰ পৰা বর্তমানলৈ কেন্দ্ৰত তিনিবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হােৱাৰ লগতে দুবাৰকৈ প্রধান বিৰােধী দল হিচাপে কার্য সম্পাদন কৰিছে। আনহাতে কেইবাখনাে ৰাজ্যত বিজেপি দল চৰকাৰ গঠন কৰি আছে আৰু আন কেইবাখনত প্রধান বিৰােধী দলৰ কার্য সম্পদন কৰি আছে। বর্তমান এই দলটো ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ নেতৃত্ব প্রদান কৰা দল।

প্রশ্ন ৩ : সংযুক্ত চৰকাৰৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰ : সংযুক্ত বা মৰ্চা চৰকাৰৰ প্ৰধান চাৰিটা বৈশিষ্ট্য হল - 

(ক) অননীতিগত মিত্রতা : ভাৰতত মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত আদর্শগত দিশটোৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে পৰিস্থিতিগত দিশটোৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হয় ।

(খ) ৰাজনৈতিক সুবিধাবাদ : মৰ্চা চৰকাৰৰ প্রত্যেকটা ৰাজনৈতিক দলে নিজৰ নিজৰ সুবিধা সমূহ আদায় কৰিবলৈ চেষ্টা কৰে ।

(গ) কংগ্ৰেছৰ বিৰােধিতা : ভাৰতত একমাত্র কংগ্ৰেছ দলক পৰাজিত কৰাৰ উদ্দেশ্য আগত ৰাখি মৰ্চা গঠন কৰা ৰাজনীতি arambho হৈছিল। পিছলৈ কংগ্ৰেছ দলেও মা ৰাজনীতিত প্ৰৱেশ কৰে ।

(ঘ) অস্থিৰ চৰকাৰ : মৰ্চা ৰাজনীতিৰ সাধাৰণতে মুছিৰ বকা : কবলে সক্ষম হােৱা নাই। বিভিন্ন সময়ত এই দলবোৰৰ মাজত অভ্যৎবীণ বিবাদ সৃষ্টি হৈ মৰ্চা ত্যাগ কৰা দখkha গৈছে।

প্রশ্ন ৪ : ১৯৮৯ চনৰ পৰা ১৯৯২ chonoলৈ দেশে শুকনহন কৰ যিকেনে চাৰিটা বিকাশ উল্লেখ কৰা।
উত্তৰ : 
  • (ক) ১৯৮৯ চনত অনুস্থিত লোকসভা নির্বাচনৰ folsorupe dwiনিতীয়বাৰৰ কাৰণে কেন্দ্ৰত এখন সুমন কংগ্ৰেছী sorkaaৰ গঠিত হয়।
  • (খ) এই সময়ত ভাৰতীয় ৰাজনীতিত বহুতে অস্থিৰতাই দেখা দিছিল। ১৭ মাহৰ ভিতৰত ভাবতে দুজন প্রধানমন্ত্রী লাভ কৰিছিল, কিন্তু তেওঁলোকৰ কোনাে এজানেও স্থায়ী চৰকাৰ গঠন কৰিব নোৱাৰিলে।
  • (গ) এই সময়ছোৱাত ভাৰতৰ বিভিন্ন অংশত aanঞ্চলিক বাজনৈতিক দলবােৰে সক্রিয়তা লাভ কৰিছিল।
  • (ঘ) এই সময়ত জনতা দলে পুনৰ সক্রিয় হৈ কেন্দ্ৰৰ বাহিৰেও কেইবাখনাে ৰাজ্যত চৰকাৰ গঠন কৰিছিল।

প্রশ্ন ৫ : ভাৰতত মৰ্চা চাৰৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা। 
উত্তৰ : 

সুবিধা : 

  • (ক) মৰ্চা ৰাজনীতিয়ে ভাৰতত সৰু সৰু ৰাজনৈতিক দলবােৰকো চৰকাৰ গঠনত অংশ গ্রহণ কৰিবলৈ সুযােগ প্রদান।
  • (খ) মৰ্চা ৰাজনীতিয়ে ভাৰতত এটা দশ একনায়কত্ববাদৰ অৱসান ঘটাইছে।
 
অসুবিধা : 

  • (ক) মৰ্চা ৰাজনীতিয়ে ভাৰতত সুবিধাবাদী ৰাজনীতিৰ সৃষ্টি কৰিলে। 
  • (খ) মৰ্চা ৰাজনীতিয়ে ভাৰতত অধিক জটিলতাৰ সৃষ্টি কৰি ৰাজনৈতিক দলবােৰৰ নিজস্ব প্রকৃতি প্রায় নাইকিয়া কৰিছে।

প্রশ্ন ৬ : ভাৰতীয় ৰাজনীতিত মৰ্চা যুগ আৰম্ভ হােৱাৰ চাৰিটা কাৰণ ব্যাখ্যা কৰা। 
উত্তৰ : বর্তমান ভাৰতীয় ৰাজনীতিক মৰ্চা যুগৰ ৰাজনীতি বােলা হয়। এই যুগটো আৰম্ভ হােৱাৰ প্ৰধান কাৰণবােৰ হ'ল -

  • (ক) শক্তিশালী বিৰােধী দলৰ অভাবে বিৰােধী দলবোৰক একত্রীতভাৱে কংগ্ৰেছৰ বিকল্প মঞ্চ গঠন কৰাৰ উদ্দেশ্যে মৰ্চা ৰাজনীতিৰ আগমণ হয়।
  • (খ) ভাৰতত প্রচলিত বহুদলীয় প্রকৃতিয়ে ৰাজনৈতিক দলবোৰক চৰকাৰ গঠন কৰিবলৈ প্রয়ােজন হােৱা আসন লাভ কৰিবলৈ ব্যাথা হােৱাটোৱে মৰ্চা গঠন কৰিবলৈ অনুপ্রাণীত কৰিছিল।
  • (গ) আঞ্চলিক ৰাজনৈতিক দলবোৰৰ ক্রমবর্ধমান বিকাশে মর্চা গঠনৰ জৰিয়তে কেন্দ্ৰ চৰকাৰ গঠন কৰিবলৈ চেষ্টা চলােৱা কাৰ্যই ভাৰতত মর্চা যুগৰ সূচনা কৰিছিল। 
  • (ঘ) মর্চা যুগৰ আৰম্ভণিৰ প্ৰধান কাৰণ হ'ল - ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলে গ্ৰহণ কৰা দুমুলক আৰু অত্যাচাৰ্তী নীতি। বিশেষকৈ ইন্দিৰা গান্ধীয়ে ভাৰতত যি অত্যাচাৰী শাসন চলাইছিল সেইটোৱে জাতীয় জনগণক বিদ্রোহী কৰি তুলিছিল।

(ঘ) অতি দীঘল প্রশ্নোত্তৰ (প্ৰত্যেকটোত ৭/৮ নম্বৰকৈ)


প্রশ্ন ১ : ভাৰতীয় জনতা পাটিৰ ৰাজনীতি আৰু কাৰ্যসূচক বিষয়ে ব্যাখ্যা কৰা। উত্তৰ : ১৯৮০ চনৰ জন্ম গ্রহণ কৰা ভাৰতীয় জনতা partiyeয়ে অতি কম সময়ৰ ভিতৰতে ভাৰতীয় ৰাজনীতিত (xockriyo)সত্রয় ভূমিকা palon কৰিবলৈ সক্ষম হৈছে। বর্তমানলৈ এই দলটোৱে kendrat তিনিবাৰকৈ চৰকাৰ গঠন কৰিছে আৰু বিগত দুটা নিৰ্বাচনত প্রধান বিৰােধী দল আসনত উপবিষ্ট হৈছে। আনকি বহুতাে ৰাজ্যতাে এই দলটোৱে চৰকাৰ গঠন কৰিছে আৰু আন বহুতাে ৰাজ্যত প্রধান বিৰােধী দলে আসন গ্রহণ কৰিছিল।

ভাৰতীয় জনতা পার্টি মতাদর্শ হল -

(ক) সুচিতা (ৰাজহুৱা জীৱনত সমতা) 
(খ) সুৰক্ষা (দেশৰ ঐক্য আৰু সংহতি) 
(গ) স্বদেশী (অর্থনৈতিক জাতীয়বাদ) 
(ঘ) সামাজিক সসমাচাতা (সামাজিক সমন্বয়) 
(ঙ) হিন্দুত্ব (সাংস্কৃতিক জাতীয়বাদ) 

ভাৰতীয় জনতা পার্টি প্রধান নির্বাচন কার্যসূচী সমূহ হ’ল -

(ক) জাতীয়তাবাদ, ধর্মনিৰপেক্ষতাবাদ, আৰু গান্ধীবাদী সমাজবাদ বিশ্বাস। 
(খ) বিকেন্দ্রীভূত ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতা 
(গ) কৃষি উন্নয়ণ, দাৰিদ্ৰতা নির্মুল, সামুহিক কল্যাণ আদি । 
(ঘ) দেশৰ সার্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাও প্রধান্যতা।

প্রশ্ন ২ : গুজৰাটৰ হিন্দু মুছলমানৰ সংঘৰ্ষৰ বিষয়ে এটি টোকা লিখা। 
উত্তৰ : ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গােধৰা নামৰ ৰেল ষ্টেচন এটাত অযােধ্যাৰ পৰা উভতি অহা সমমতী এক্সপ্ৰেছৰ কৰ সেৱকেৰে ভর্তি হৈ থকা ভবা এটাত কোনাে দুষ্কৃতিকাৰীয়ে জুই জ্বলাই দিয়ে। এই ঘটনাত মহিলা আৰু শিশুকে ধৰি ৫৭ জন লােকৰ মৃত্যু হয়। এই কার্যত মুছলমান লােক জড়িত থকাৰ সন্দেহত পিচদিনা গুজৰাটৰ বিভিন্ন স্থানত মুছলমান লােকৰ ওপৰত নৃশংস অত্যাচাৰ চলে। প্রায় এমাহজোৰা এই হিংসাত্মক ঘটনাত সহস্রাধিক লােক প্রাণহানি হয়। ইয়াৰ অধিকাংশই আছিল মুছলমান সম্প্রদায়ৰ। তাৎপর্যপূর্ণভাৱে সংঘৰ্ষৰ সময়ত নীৰৱ দৰ্শকৰ ৰূপত আছিল নৰেন্দ্ৰ মােডীৰ ভাৰতীয় জনতা পার্টিৰ চৰকাৰ। আনকি ৰাজ্য প্রশাসনে এই ঘটনাত হিন্দুসকলক সহায় কৰাৰ অভিযােগ উত্থাপিত হয়। এই সময়ত কেন্দ্ৰত বাজপেয়ীৰ নেতৃত্বত ভাৰতীয় জনতা পার্টিৰ চৰকাৰ আছিল।

প্রশ্ন ৩ : ভাৰতে কেতিয়া নতুন অর্থনৈতিক নীতি গ্রহণ কৰে? নতুন অর্থনৈতিক নীতিৰ বৈশিষ্ট্য সমূহ কি কি?
উত্তৰ : ভাৰতে ১৯৯১ চনত নতুন অর্থনৈতিক নীতি গ্রহণ কৰে। ইয়াক নতুন অর্থনৈতিক সংস্কাৰ বুলিও জনা যায়। ইয়াৰ প্ৰধান বৈশিষ্ট্যবােৰ হ’ল - 

(ক) উদাৰীকৰণ : নতুন অর্থনৈতিক নীতিয়ে ভাৰতত ৰাষ্ট্রৰ অপ্রয়ােজনীয় নিয়ন্ত্ৰণৰ পৰা অর্থনীতি যুক্ত হােৱাৰ ব্যৱস্থা কৰা হৈছে।

(খ) ব্যক্তিগতকৰণ : নতুন অর্থনৈতিক নীতিয়ে ভাৰতত ব্যক্তিগতকৰণ প্রক্রিয়া অধিক খৰতকীয়া কৰি তােলে।

(গ) অর্থনীতিৰ বিশ্বয়ন : অর্থনীতিৰ বিশ্বয়নৰ সৈতে মােকাবিলা কৰাৰ অর্থে ভাৰতৰ নতুন নীতিত বিভিন্ন ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে।

(ঘ) নতুন ৰাজহুৱা খণ্ডনীতি : নতুন নীতিৰ অধীনত ৰাজহৱা খণ্ডৰ উদ্যোগৰ সংৰক্ষণৰ তালিকা ১৭ ৰ পৰা লৈ হ্রস কৰা হৈছে।

(ঙ) আধুনিকীকৰণ : নতুন অর্থনৈতিক নীতিয়ে উৎপাদন ব্যৱস্থাত নতুন কাৰিকৰী কৈৗশল গ্রহণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰােপ কৰিছে।

(চ) বিত্তীয় সংস্কাৰ : প্রত্যক্ষ ঋণ ব্যৱস্থাৰ বিলুপ্তি সাধন, বিদেশী বেংকৰ প্ৰতি উদাৰতা, বেংকক অধিক স্বাধীনতা আদি বিভিন্ন বিভিন্ন বিত্তীয় সংস্কাৰ গ্ৰহণ কৰা hoise

প্রশ্ন ৪ : ভাৰতত অর্থনৈতিক সংস্কাৰ অথবা নতুন অর্থনৈতিক নীতিৰ সপেক্ষে আৰু বিপক্ষে যুক্তি দিয়া।
উত্তৰ : ১৯৯১ চনত ভাৰতে গ্ৰহণ কৰা অর্থনৈতিক সংস্কাৰৰ সপেক্ষে আৰু বিপক্ষে বহুতাে যুক্তি আছে।

সপেক্ষে যুক্তি : 
  • (ক) নতুন অর্থনৈতিক নীতিৰ প্ৰৱর্তনৰ পিচত ছিংগাপুৰ, মালয়েছিয়া, হংকং, দক্ষিণ কোৰিয়া আদি এছিয়াৰ ৰাষ্ট্ৰসমূহৰ দৰে ভাৰতত অর্থনৈতিক বৃদ্ধিৰ হাৰ আঠ শতাংশ হৈছে।
  • (খ) এই নীতিৰ জৰিয়তে ভাৰতৰ ঔদ্যোগিক খণ্ডই বিশ্বৰ ঔদ্যোগিক খণ্ডৰ সৈতে প্রতিযােগিতা কৰিবলৈ সাহস লাভ কৰিছে।
  • (গ) নতুন নীতিৰ আধাৰত ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কর্মদক্ষতা আৰু মুনাফা বৃদ্ধিৰ বাবে প্রয়ােজনীয় কার্যব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে।
  • (ঘ) উদাৰীকৰণৰ বাবে বহুজাতিক ব্যৱসায়িক প্রতিষ্ঠানসমূহে ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ ফলস্বৰূপে নিয়ােগৰ সুযােগ আৰু সুবিধা বৃদ্ধি পাইছে। 
  • (ঙ) নতুন অর্থনৈতিক নীতিয়ে ক্ষুদ্র উদ্যোগৰ বিকাশৰ বাবে বিভিন্ন ব্যৱস্থা প্রৱর্তন
  • ভাৰতীয় ৰাজনীতিৰ শেহতীয়া বিকাশ কৰাৰ ফলত ক্ষুদ্র উদ্যোগসমূহ লাভৱান হৈছে।

বিপক্ষে যুক্তি : 

  • (ক) নতুন অর্থনৈতিক নীতিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযােগ হ’ল এই নীতিয়ে উদ্যোগ, ব্যৱসায় আৰু চাকৰি খণ্ডৰ তুলনাত কৃষি খণ্ডক চূড়ান্তৰূপে অৱহেলা কৰিছে। ইয়াৰ ফলস্বলপে কৃষকসকলৰ তাস্থা শােচনীয় হৈ পৰিছে। 
  • (খ) এই নীতিৰ বিৰুদ্ধে অইন এক গুৰুত্বপূৰ্ণ অভিযোগ হ’ল - বিশ্ববেংক আৰু আন্তঃৰাষ্ট্রীয় মুদ্রা নিধিৰ হেঁচাত উদাৰীকৰণ আৰু বিশ্বায়ন নীতি প্ৰৱর্তনৰ জৰিয়তে ভাৰতৰ অর্থনীতিয়ে এই দুই আন্তঃৰাষ্ট্রীয় সংগঠনৰ ওচৰত আত্মসমর্পণ কৰিছে।
  • (গ) এই নীতিয়ে বিদেশী প্রযুক্তিবিদ্যাৰ uporot arthonitir নিৰ্ভৰশীলতা অপ্রয়ােজনীয়ভাৱে বৃদ্ধি কৰাৰ বিপৰীতে thoলুৱা তথা স্থানীয় প্রযুক্তিবিদ্যাৰ বিকাশত ব্যর্থ হৈছে।
  • (ঘ) বহুক্ষেত্ৰত বহুজাতিক ব্যৱসায়িক প্রতিষ্ঠানসমূহে ভাৰতৰ লগতে অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যাৱস্থা আৰু প্রক্রিয়াতে হস্তক্ষেপ কৰাৰ অভিযােগ উত্থাপিত হৈছে।
  • (ঙ) গুৰুত্বপূৰ্ণভাৱে বিভিন্ন খণ্ডত বিশ্ব বেক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ নিদের্শমতে ৰাজসাহয্য (Subsidy) হ্রাস কৰাত ভাৰত চৰকাৰৰ সিদ্ধান্তই সমাজৰ দুখীয় শ্রেণীটোক প্রত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতিসাধন কৰিছে।


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code