Recent in Technology

বিশ্ব ৰাজনীতিত মার্কিন আধিপত্য(L-3) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][বিশ্ব ৰাজনীতিত মার্কিন আধিপত্য][Part A][additional Q/A


বিশ্ব ৰাজনীতিত মার্কিন আধিপত্য(L-3) Important-Additional Q/A





(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : কোন চনত ইৰাকে কুৱেইট আক্রমণ কৰিছিল ?
উত্তৰ : ১৯৯০ চনত।

প্রশ্ন ২ : আমেৰিকান শক্তিৰ ওপৰত যিকোনাে এটা বলপূর্বক চাপ বা বাধ্যতামূলকতা (constraint) উল্লেখ কৰা।
উত্তৰঃ বিশ্বজনমত।

প্রশ্ন ৩ : কেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আৰম্ভ হৈছিল ? 
উত্তৰ : ২০০১ চনত।

প্রশ্ন ৪ : কোন চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক গবেষণা প্রকল্প আৰম্ভ কৰা হৈছিল?
উত্তৰ : ১৯৫০ চনত।

প্রশ্ন ৫ : এবিধ গােলকীয় উমৈহতীয়া সম্পদৰ উদাহৰণ দিয়া। 
উত্তৰ : মহাকাশ বা যাতায়াত সমুদ্র পথ বা ইন্টাৰনেট। ?

প্রশ্ন ৬ : গােলকীয় গাঁও বুলিলে কি বুজা?
উত্তৰ : বৰ্তমানৰ উচ্চ প্রযুক্তি বিদ্যাৰ যুগত সমগ্ৰ বিশ্বৰ যোগাযোগ আৰু যাতায়াত ব্যৱস্থা এখন মকৰাজাল সদৃশ হৈ পৰিছে আৰু সেইবােৰ এখন গাঁৱৰ নিচিনা হৈ পৰিছে। ইয়াকে গােলকীয়া গাঁও বােলা হয়।

প্রশ্ন ৭ : প্রথম উপসাগৰীয় যুদ্ধৰ সময়ত যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রপতি কোন আছিল? 
উত্তৰঃ জর্জ এইচ ডব্লিউ বুশ্ব।

প্রশ্ন ৮ : ৯/১১ আক্ৰমণত কিমান লােক হত্যা হৈছিল?
উত্তৰঃ ৩,০০০ জন লােক।

প্রশ্ন ৯ : আমেৰিকা যুক্তৰাষ্ট্রৰ বাহিৰত কেতিয়া প্রথম MBA পাঠ্যক্রম স্থাপন কৰা হৈছিল ?
উত্তৰ : ১৯৫০ চনত।

প্রশ্ন ১0 : ১৮৮১ চনত আমেৰিকাত প্রতিষ্ঠিত প্রথম ব্যৱসায়িক বিদ্যালয়খনৰ নাম কি?
উত্তৰ : পেচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰটন স্কুল।



(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : ১৯৯২ আৰু ১৯৯৬ চনৰ ৰাষ্ট্ৰপতীয় নির্বাচনত আমেৰিকা যুক্তৰাষ্ট্ৰত কোনে জয়লাভ কৰিছিল ?
উত্তৰ : 

  • ১৯৯২ চনত - বিল ক্লিন্টন। 
  • ১৯৯৬ চনত - বিল ক্লিন্টন। 

প্রশ্ন ২ : বিশ্ব অর্থনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰত অংশ কিমান? 
উত্তৰ : বিশ্ব অর্থনীতিত অপৰিমিত ২৮ শতাংশ হ’ল যুক্তৰাষ্ট্ৰৰ অংশ। 

প্রশ্ন ৩ : কেতিয়া আৰু কিয় আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্য আৰম্ভ হৈছিল ? 
উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ ওপৰত সন্ত্রাসবাদীৰ আক্ৰমণৰ প্রতিহিংসা স্বৰূপে আফগানিস্তানত আমেৰিকাই সামৰিক অভিযানৰ জৰিয়তে।

প্রশ্ন ৪ : বেণ্ড-ৱেগন কৌশল বুলিলে কি বুজা?
উত্তৰ : আধিপত্যসূচক প্রভাৱ বিস্তাৰ কৰাৰ সুযােগ গ্রহণ কৰিবলৈ হ'লে আন ৰাষ্ট্রৰ আধিপত্যসূচক প্রভাৱক বিৰােধ কৰাতকৈ নিজৰ দেশৰ উৎপাদন বৃদ্ধি কৰি বাণিজ্য সম্প্রসাৰণ, প্রযুক্তিবিদ্যাৰ উন্নতি আৰু আন ৰাষ্ট্ৰত অর্থ বিনিয়ােগ কৰিব লাগে। ইয়াকে বেণ্ড-ৱেগন বা সফল অভিযান কৌশল বােলা হয়।

প্রশ্ন ৫ : আমেৰিকা যুক্তৰাষ্ট্রৰ ওপৰত সৃষ্টি কৰা হেঁচা বা চাপবােৰ উল্লেখ কৰা।
উত্তৰ :
 
  • (ক) আমেৰিকা যুক্তৰাষ্ট্রৰ সংবিধানত সন্নিবিষ্ট থকা ক্ষমতাৰ পৃথকীকৰণ নীতি।
  • (খ) বিশ্ব জনমত আৰু সংবাদ মাধ্যম।
  • (গ) আমেৰিকা যুক্তৰাষ্ট্রৰ ক্ষমতাক নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত নাটো’ৰ সদস্যভুক্ত ৰাষ্ট্রসমূহে গ্ৰহণ কৰা ভূমিকা।

প্রশ্ন ৬ : অল-কাইদা কি?
উত্তৰ : অলকাইদা হ’ল - আফগানিস্থিত এটা সন্ত্রাসবাদী সংগঠন। এই সংগঠনটোৱে আমেৰিকাত ২০০১ চনত বিমানেৰে আক্ৰমণ কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল। 

প্রশ্ন ৭ : নৰম শক্তিৰ আধিপত্য কি?
উত্তৰ : বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্রই সামৰিক আৰু অর্থনৈতিক ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰাৰ উপৰিও আদর্শগত আৰু সাংস্কৃতিক ক্ষেত্ৰত আধিপত্যতা বিস্তাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আদর্শ বা চিন্তাধাৰা বিশ্বৰ আন আন ৰাষ্ট্ৰবােৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। সাংস্কৃতিকভাৱে আনকি আচৰণ, পােছাক, আদিতাে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াকে নৰম শক্তিৰ আধিপত্য বুলি কোৱা হয়।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : জনসাধাৰণৰ সামগ্রী (public good) বুলিলে কি বুজা? বিশ্ব জনসাধাৰণৰ সামগ্ৰীৰ উদাহৰণবােৰৰ এখন তালিকা দাঙি ধৰা।
উত্তৰঃ যিবােৰ সামগ্রী এজেন মানুহে অন্য এজনৰ বাবে আৱশ্যকীয় পৰিমাণ কম নকৰাকৈ ব্যৱহাৰ কৰিব পাৰে, সেইবােৰ সামগ্রীকে জনসাধাৰণৰ সামগ্রী।

বিশ্ব অর্থনীতিৰ প্ৰসংগত বিশ্ব জনগণৰ সামগ্ৰীৰ উদাহৰণ হ'ল - যােগাযােগ আৰু যাতায়াতৰ বাবে ব্যৱহাৰ কৰা সাগৰীয়া পথ। সাগৰীয়া পথ অবিহনে মুক্ত বিশ্ব অর্থনীতিত স্বাধীন বাণিজ্য সম্ভৱ নহয়। ইণ্টাৰনেট হ’ল - বিশ্ব জনসাধাৰণৰ আন এটা গুৰুত্বপূর্ণ উদাহৰণ।

প্রশ্ন ২ : ৯/১১ ঘটনাৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত কেইবাখনাে আৰৱ ৰাষ্ট্রৰ ১৯ জন অপহৰণকাৰীয়ে চাৰিখন বাণিজ্যিক বিমান অপহৰণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্ব বাণিজ্য সংস্থাৰ উত্তৰ আৰু দক্ষিণ স্তম্ভ দুটা দুখন বিমানেৰে আক্ৰমণ কৰি ধ্বংস কৰি পেলায়। ইয়াৰে তৃতীয়খন বিমানে আৰলিংটনত অৱস্থিত যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ সদৰ কার্যালয় পেন্টাগনত খুন্দা মাৰিছিল। এই ভয়াৱহ আক্রমণটোক '৯/১১' বুলি জনা যায়। এই আক্রমণৰ ফলস্বৰূপে আমেৰিকাৰ ৩,০০০ জন লােক প্রাণহানি হৈছিল। এই আক্রমণৰ পিছত আমেৰিকা যুক্তৰাষ্ট্র সন্ত্রাসবাদৰ বিৰুদ্ধে অধিক হিংসুক আৰু নিষ্ঠুৰ হৈ পৰিছিল। ইয়াৰ পৰিণতিত আমেৰিকাই দীর্ঘস্থায়ী স্বতন্ত্রতা অভিযান’ আৰম্ভ কৰিছিল। এই অভিযান বিশেষকৈ সন্ত্রাসবাদী সংগঠন অল-কাইদা আৰু আফগানিস্তানত 'তালিবানসকলৰ বিৰুদ্ধে চলােৱা হৈছিল।

প্রশ্ন ৩ : প্রথম উপসাগৰীয়া যুদ্ধৰ কাৰণবােৰ কি আছিল ?
উত্তৰ : প্রথম উপসাগৰীয়া যুদ্ধক পাৰস্য উপসাগৰীয়া যুদ্ধ বুলিও কোৱা হয়। ৰাষ্ট্ৰসংঘৰ বিশ্বৰ ৬৯ খন ৰাষ্ট্রৰ এটা সম্মিলিত গোটে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ইৰাকৰ বিৰুদ্ধে এই যুদ্ধত অবতীর্ণ হৈছিল। 

ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেনে এই যুদ্ধখনৰ সকলাে যুদ্ধৰ মাতৃ বুলি কৈছে। এই যুদ্ধৰ মূল কাৰণ হ'ল - ১৯৯০ চনৰ আগষ্টত ইৰাকে কুৱেইট আক্রমণ কৰে। এই আক্রমণক আন্তঃৰাষ্ট্রীয় পর্যায়ত গৰিহণা দিয়া হয়। ১৯৯০ চনৰ ২৯ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ১৯৯১ চনৰ ১৫ জানুৱাৰীৰ আগতে ইৰাকী সৈন্য কুৱেইটৰ পৰা ওভতাই নিবলৈ এক প্রস্তাব যােগে নির্দেশ দিয়া হয়। এই সময়সীমাৰ ভিতৰত ইৰাকক সেনাবাহিনী ওভতাই নিবলৈ বাধ্য কৰােৱা উদ্দেশ্যে ইৰাকৰ বিৰুদ্ধে অর্থনৈতিক অৱৰােধ আৰম্ভ কৰা হয়। অৱশেষত ২০০৩ চনৰ মাৰ্চ মাহত আমেৰিকাই ইৰাকী যুক্তি সংগ্রাম’ নামেৰে সামৰিক অভিযান আৰম্ভ কৰে ।

প্রশ্ন ৪ : ক্লিণ্টনৰ সময়ছােৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক কাৰ্যসূচীৰ বিষয়ে বাখ্যা কৰা।
উত্তৰঃ বিল ক্লিন্টনে ১৯৯২ চনৰ পৰা ২০০০ চনলৈ একেৰাহে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰিছিল। তেওঁৰ সময়ত বিশ্ব ৰাজনীতিৰ পৰিৱর্তে ঘৰুৱা ৰাজনীতিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যদিও আমেৰিকাই সামৰিক যুক্তি প্রয়ােগ কৰিবলৈ সাজু থকাটো প্রমাণ পােৱা গৈছিল।

এই ক্ষেত্ৰত ১৯৯৯ চনৰ উল্লেখযােগ্য ঘটনা প্রৱাহৰ বিষয়ে উল্লেখ কৰিব পাৰি। ১৯৯৯ চনত কচ’ভাে প্ৰদেশত বহু পূর্বৰে পৰা বসবাস কৰা আলবেৰিয়ান মানুহবােৰৰ ওপৰত যুগােশ্লোভিয়াই গ্রহণ কৰা কঠোৰ ব্যৱস্থাৰ বিৰুদ্ধে আমেৰিকা জাঙুৰ খাই উঠিছিল। ইয়াক প্রতিহত কৰাৰ উদ্দেশ্যে আমেৰিকাৰ নেতৃত্বত ‘উত্তৰ আটলান্টিক চুক্তি সংগঠন (নাটো’)ৰ দেশসমূহৰ বিমান বাহিনীয়ে প্রায় দুমাহ ধৰি য়ুগােশ্লোভিয়াৰ ওপৰত বােমা বর্ষণ কৰিছিল। ইয়াৰ ফলত শ্লোব’ডান মিলােচেভিক (Slobodam Milosevic)চৰকাৰৰ পটন হৈছিল আৰু নাটোৱে কচ’ভােত সামৰিক ঘাটি স্থাপন কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা সামৰিক অভিযান হ’ল - ইছলাম সন্ত্রাসবাদৰ আদৰ্শৰে অনুপ্রাণিত হৈ অলকাইদা (Al-Qaeda) নামৰ সন্ত্রাসবাদী সংগঠনটোৱে যেতিয়া নাইৰােবি, কেনিয়া আৰু দাৰ-ইচ-চালামৰ আমেৰিকা দূতবাসত বােমা বর্ষণ কৰিছিল, তাৰ কিছুদিনৰ পিছত ৰাষ্ট্রপতি ক্লিন্টনে চুড়ান আৰু আফগানিস্তানত থকা অলকাইদাৰ ঘাটিবােৰত নিৰৱচ্ছিন্নভাৱে মিছাইল নিক্ষেপ কৰাৰ বাবে নির্দেশ দিছিল। এই অভিযানটোক ‘অপাৰেচন ইনফিনিট ৰীচ্ছ’ অর্থাৎ ‘অসীম প্ৰসাৰিত অভিযান' বােলা হয়। এইখিনিতে মন কৰিবলগীয়া বিষয়টো হ’ল যে - আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ অনুমতি বা আন্তর্জাতিক আইনৰ প্ৰতি ভক্ষেপ কৰা নাছিল। আনকি এনেদৰেও অভিযােগ উত্থাপিত হৈছিল যে সন্ত্রাসবাদীসকলৰ যাতায়াত বন্ধ কৰাৰ উদ্দেশ্যেৰে আমেৰিকাই সাধাৰণ জনসাধাৰণৰ বসতিপূর্ণ অঞ্চলতা বােমা বর্ষণ কৰিছিল।

প্রশ্ন ৫ : কঠিন শক্তি (Hard power) হিচাপে আধিপত্যতা কি?
উত্তৰ : কঠিন শক্তি হিচাপে আধিপত্য : প্রথমে আধিপত্য শব্দটোৱে দেশৰ মাজত সম্বন্ধ, ধাৰণা আৰু সামৰিক শক্তিৰ ভাৰসাম্য বুজাইছিল । এই ক্ষেত্ৰত বর্তমাৰ বিশ্ব ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ স্থান আৰু ভূমিকালৈ লক্ষ্য কৰি আধিপত্য শব্দটোৱে সামৰিক শ্রেষ্ঠতা বুজাবলৈ বিশেষ যুক্তিযুক্ততা আছে। আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয়। সম্পূর্ণতাৰ ক্ষেত্ৰত আজি যুক্তৰাষ্ট্ৰই পৃথিৱীৰ যিকোনাে বিন্দুত সঠিক সময়ত নিখুঁতভাৱে আঘাত কৰি শত্রুপক্ষক অসমর্থ কৰিব পাৰে। আমেৰিকাৰ ইৰাক আক্রমণে ইয়াৰ যুদ্ধ জয় কৰাৰ শক্তি যে অলংঘনীয় এয়া প্রমাণ কৰে আৰু এই ক্ষেত্ৰত অধিক ভয়াবহ কথাটো হ'ল যে - বর্তমান তেওঁলােকৰ ওচৰ চাপিব পৰা এনে কোনাে শক্তি পৃথিৱীত নাই।

প্রশ্ন ৬ : আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্যৰ সাংস্কৃতিক দিশটোৰ ওপৰত এটি টোকা লিখা।
উত্তৰ : আধিপত্যৰ সৈতে জড়িত তৃতীয় অর্থ হৈছে 'সন্মতি গঠন' কৰাৰ ক্ষমতাৰ লগত। ইয়াৰ অৰ্থ হৈছে বিশ্বত কোনাে এখন ৰাষ্ট্রৰ সামাজিক, ৰাজনৈতিক আৰু বিশেষকৈ বিচাৰধাৰা বা আদৰ্শৰ ক্ষেত্ৰত অন্যান্য ৰাষ্ট্রৰ ওপৰত নিজৰ প্ৰভাৱ খটোৱাৰ ক্ষমতা।

আমেৰিকান সংস্কৃতি বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী সংস্কৃতি। আমেৰিকাৰ এই ‘গুণ বা উপাদানক ‘Soft power'। ইয়াৰ অৰ্থ হৈছে শক্তি প্রয়ােগৰ পৰিৱর্তে মানুহক প্ৰভাৱান্বিত কৰা। ভাল জীৱন-যাপন কৰা বা ব্যক্তিগত সাফল্যৰ আদর্শ বা বিশ্বজুৰি ব্যক্তিসকলক সপােন কার্যকাৰী কৰাৰ ইচ্ছা বাস্তৱত আমেৰিকাত সফল হােৱা দেখা গৈছে আৰু জীৱন যাপনৰ আদৰ্শৰ দ্বাৰা বিশ্বৰ মানুহ প্ৰভাৱান্বিত হৈছে।

শীতল যুদ্ধৰ কালছােৱাত আমেৰিকাৰ প্রতিদ্বন্দ্বী দেশ ছােভিয়েট ৰাছিয়াত এযােৰ Blue Jeans’ বিদেশী অতিথিসকলৰ পৰা ক্ৰয় কৰাৰ বাবে নিজৰ গােটেই বছৰৰ দৰমহা খৰচ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

শীতল যুদ্ধৰ কালছােৱাত আমেৰিকাই সামৰিক দিশত ছােভিয়েত ৰাছিয়াক পৰাস্ত কৰিব নােৱাৰিলেও ‘Soft power’ বা সাংস্কৃতিক আৰু মানুহৰ জীৱনৰ মানদণ্ড ৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াক পৰাস্ত কৰিব পাৰিছিল।


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code