Recent in Technology

H.S. 2nd year Political Science Question Paper & it's Ans (2016)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions][Free Learning Online][in Assamese][2016 Question paper & it's Ansers][Part A][Part-B] included


H.S. 2nd year Political Science Question Paper & it's Ans (2016)




H.S. 2nd Year Political Science. Question Paper & its Ans 2016 (Theory)



Group A' (ক শাখা)

(সমসাময়িক বিশ্বৰাজনীতি)



1. তলত দিয়বোৰৰ উত্তৰ লিখা : 1x6=6

(a) ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্রধান কোন আছিল ? 
উত্তৰ : Trygve Halvdan Lie. 

(b) WTO - ৰ সম্পূৰ্ণ ৰূপটো লিখা। 
উত্তৰ : World Trade organisation. 

(c) কিউবা ক্ষেপণাস্ত্র সংকট __ চনত হৈছিল। (খালী ঠাই পূৰণ কৰা) 
উত্তৰ : ১৯৬২ চন।

(d) ছােভিয়েট ইউনিয়নও ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল ?
উত্তৰ : মিখাইল গর্বাচেভ। 

(e) ছাৰ্কৰ প্ৰথমখন শীর্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ : বাংলাদেশ ঢাকাত।

(f) 'মুক্ত-দুৱাৰ’ নীতি বুলিলে তুমি কি বুজা? 
উত্তৰ : মুক্ত বজাৰ অর্থনীতিক বুজায়।

2. ছােভিয়েট ইউনিয়ন বিভাজনৰ পিছত সৃষ্টি হােৱা দুখন দেশৰ নাম লিখা।
উত্তৰ : ৰাছিয়া, বেলাৰুছ।

3. চীন আৰু ভাৰতৰ মাজত 1962 চনত হােৱা সীমা সংঘাত মূলতঃ  ___ আৰু ক লৈ হৈছিল।
উত্তৰ : আকছাইচীন আৰু অৰুণাচল প্রদেশ।

4. ভাৰত আৰু বাংলাদেশৰ মাজত সহযােগিতা থকা দুটা ক্ষেত্র উল্লেখ কৰা।
উত্তৰ : 
  1. অর্থনৈতিক সহযােগিতা।
  2. দুর্যোগ নিৰাময় আৰু পৰিৱেশ সংৰক্ষণ। 

5. শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিয়ে স্বাক্ষৰ কৰা দুখন অস্ত্র নিয়ন্ত্রণ চুক্তিৰ নাম লিখা।
উত্তৰ : 
  1. SALT-I
  2. SALT-II

6. মানৱজাতীয়ে সন্মুখীন হােৱা দুটা ভাবুকি উল্লেখ কৰা। 
উত্তৰ: 
  1. গােলকীয় উষ্ণতা বৃদ্ধি।
  2. বতৰৰ পৰিৱৰ্তন (Cirnate Change

7. অর্থনৈতিক বিশ্বায়নৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা। 
উত্তৰ :
  1. বিশ্ব বাণিজ্য সংস্থা।
  2. আন্তর্জাতিক মুদ্রা নিধি।

৪. গােষ্ঠী-নিৰপেক্ষ আন্দোলন (NAM)ৰ সফলতা সম্পর্কে এটা টোকা লিখা।
উত্তৰ : 
  1. গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ হলত বিশেষকৈ তৃতীয় বিশ্বৰ স্বাধীনতা লাভ কৰা দেশসমূহে কোনাে শক্তিশালী গােটত ভাগ নােলােৱাকৈ স্বাধীনভাৱে নিজৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি-নিৰ্দ্ধাৰণ কৰিব পাৰিছিল।
  2. এই আন্দোলনে আন্তর্জাতিক ক্ষেত্ৰত শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল । এনে আন্দোলনে তৃতীয় বিশ্বযুদ্ধ সংগঠিত নােহােৱাৰ ক্ষেত্ৰত যথেষ্ট বৰঙনি আগবঢ়াইছে।
  3. ৰাষ্ট্ৰসংঘক বিভিন্ন আন্তর্জাতিক সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে।
  4. নিৰীকৰণৰ ক্ষেত্ৰতাে সকাৰাত্মক ভূমিকা পালন কৰিছে।

9. প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পর্ক আলোচনা কৰা।
উত্তৰ : মানৱীয় নিৰাপত্তাই মানুহৰ নিৰাপত্তাক বুজায়। দাৰিদ্রতা, মহামাৰী, ক্ষুধা, প্রাকৃতিক দুর্যোগ তালিৰ পৰা মানুহে নিৰাপত্তা বিচাৰে। প্ৰব্ৰজনৰ লগত নিৰাপত্তাৰ সম্পর্ক আছে। মানুহে যেতিয়া স্বইচ্ছাবে নিজ দেশ এৰি অধিক সুবিধাজনক জীৱন ভােগ কৰাৰ বাবে আন দেশলৈ ধাবমান হয় ইয়াক প্ৰব্ৰজন বােলে। Oboshe, প্ৰব্ৰজন কেতিয়াবা মানৱীয় নিৰাপত্তাৰ বাবেও কার্যকৰী হয়। কিন্তু প্ৰব্ৰজনঅধিক হলে যি দেশত এনে প্ৰব্ৰজন সংগঠিত হয় সেই দেশৰ মানুহৰ আর্থিক, সাংস্কৃতিক আৰু আন আন স্বকীয় বৈশিষ্ট বিনষ্ট হােৱাৰ আশংকা থাকে।

10. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রাধান্যৰ ক্ষেত্ৰত প্রতিবন্ধকতাসমূহৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ইতিহাসক বিশ্লেষণ কৰিলে দেখিবলৈ পােৱা যায় যে ইয়াৰ অন্তর্নিহিত বিসংগতিয়ে ইয়াৰ পতনৰ কাৰণ আৰু আমেৰিকাৰ যদি ভৱিষ্যতে পতন ঘটে তেনেস্থলত ইয়াৰ কাৰণাে আমেৰিকাৰ অন্তর্নিহিত বিসংগতি। 

(ক) আমেৰিকাৰ সাংবিধানিক বিচ্যুতি হয়তাে আমেৰিকাৰ ক্ষমতাৰ প্ৰত্যাহ্বানৰ বাবে দায়ী হ'ব পাৰে। সংবিধানে আমেৰিকাৰ কাৰ্যপালিকা, আইন বিভাগ আৰু বিচাৰ বিভাগক স্বতন্ত্র কৰি দিয়াৰ লগতে এটা বিভাগে আনটো বিভাগৰ ওপৰত নিয়ন্ত্রণ আৰােপ কৰিব পাৰে। 

এনে ক্ষেত্ৰত আমেৰিকাৰ কাৰ্যপালিকাই গ্রহণ। কৰা বিভিন্ন সামৰিক নীতি আৰু নিয়ন্ত্রণহীন সামৰিক শক্তি প্রয়ােগৰ ওপৰত আইন বিভাগে বাধা আৰােপ কৰে। 

(খ) দ্বিতীয় বিচ্যুতিও আমেৰিকাৰ সমাজ ব্যৱস্থাৰ লগত জড়িত। আমেৰিকান সমাজ এক মুক্ত সমাজ। আমেৰিকাৰ গণমাধ্যমে সময়ে সময়ে দেশৰ আভ্যন্তৰীণ নীতিৰ ওপৰত জনমত গঠন কৰে আৰু চৰকাৰী কার্যপ্রণালীৰ ওপৰত দৃষ্টি ৰাখে।

(গ) তৃতীয় প্রত্যাহ্বান আমেৰিকাৰ ক্ষেত্ৰত আটাইতকৈ জৰুৰী। আন্তর্জাতিক ক্ষেত্ৰত এটা মাত্র সংগঠনে আমেৰিকাক শক্তি প্রয়ােগৰ ক্ষেত্ৰত বাধা আৰােপ কৰিব পাৰে আৰু এই সংগঠন হৈছে NATO। 

আমেৰিকাই সদায় NATO সদস্য ৰাষ্ট্ৰসমূহক সন্তুষ্ট ৰাখিব বিচাৰে আৰু তেনে পৰিস্থিতিত NATO দেশসমুহে প্রয়ােজনত বন্ধুত্ব বজাই ৰখাৰ ভাবুকি দি পাৰে।

11. বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা। 
উত্তৰ : 1/ কঠিন শক্তি হিচাপে আধিপত্য : প্রথমে আধিপত্য শব্দটোৱে দেশৰ মাজত সম্বন্ধ, ধাৰণা আৰু সামৰিক শক্তিৰ ভাৰসাম্য বুজাইছিল। 

এই ক্ষেত্ৰত বর্তমান বিশ্ব ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ স্থান আৰু ভূমিকালৈ লক্ষ্য কৰি আধিপত্য শব্দটোৱে সামৰিক শ্রেষ্ঠতা বুজাবলৈ বিশেষ যুক্তিযুক্ততা আছে। আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয়। সম্পূর্ণতাৰ ক্ষেত্ৰত আজি যুক্তৰাষ্টই পৃথিৱীৰ যিকোনাে বিন্দুত সঠিক সময়ত নিখুঁতভাৱে আঘাত কৰি শত্রুপক্ষক অসমর্থ কৰিব পাৰে।

আমেৰিকাৰ ইৰাক আক্রমণে ইয়াৰ যুদ্ধ জয় কৰাৰ শক্তি যে অলংঘনীয় এয়া প্রমাণ কৰে আৰু এই ক্ষেত্ৰত অধিক ভয়াবহ কথাটো হ'ল যে বর্তমান তেওঁলােকৰ ওচৰ চাপিব পৰা এনে কোনাে শক্তি পৃথিৱীত নাই।

2/ গাঁথনিগত ক্ষমতা : আধিপত্যৰ দ্বিতীয় ভাৱধাৰাটো প্ৰথমটোতকৈ সম্পূর্ণ। বেলেগ। বিশ্ব অর্থনীতিৰ এক বিশেষ অৱস্থা বুজাবলৈ ইয়াৰ উৎপত্তি হৈছে। ইয়াৰ মূল ভাবটো হৈছে যে বিশ্ব অর্থনীতি জন্ম দিবলৈ আৰু বাহাল ৰাখিবলৈ আধিপত্যিক শক্তিৰ আৱশ্যক। 

আধিপত্যিক শক্তিটোৰ সামর্থ্য আৰু শৃঙ্খলাবদ্ধতাৰ বাবে নির্দিষ্ট বিধি তৈয়াৰ কৰাৰ ইচ্ছা থাকিব লাগিব আৰু ই বিশ্ব গাঁথ নিৰ গ্রহণযােগ্য হ'ব লাগিব। আধিপত্যিক শক্তিটোৱে সাধাৰণতে নিজৰ সুবিধাৰ বাবে এইটো কৰে।

যুক্তৰাষ্ট্রই যােগাৰ দিয়া বিশ্বৰ জনসাধাৰণৰ সামগ্ৰীত আধিপত্যিক শক্তিৰ দ্বিতীয় ভাবধাৰাটো প্রকাশ পায়। জনসাধাৰণৰ সামগ্ৰী বুলিলে বিশুদ্ধ বায়ু আৰু সাগৰীয় পথসমূহ বা বিশ্বব্যাপী সংযােগ (Internet) ব্যৱস্থাক বুজায়।

এক কথাত ক'বলৈ গ'লে বিশ্বৰ মুক্ত অর্থনৈতিক ব্যৱস্থাক নিজৰ ইচ্ছা অনুসৰি পৰিচালনা কৰাৰ আমেৰিকা ইচ্ছা এনে দেশৰ বাবে জৰুৰী হৈছে যে এই দেশৰ হাতত ব্যৱস্থাখিনি কার্যকৰী কৰাৰ বাবে নিয়ম-নীতি কার্যকৰী কৰাৰ ক্ষমতা আৰু ইচ্ছা থাকিব লাগিব আৰু বিশ্ব মুক্ত অর্থনীতিক বজাই ৰাখিব লাগিব।

3/ নৰম শক্তি হিচাপে আধিপত্য : আধিপত্যৰ সৈতে জড়িত তৃতীয় অর্থ হৈছে সন্মতি গঠন কৰাৰ ক্ষমতাৰ লগত। ইয়াৰ অৰ্থ হৈছে বিশ্বত কোনাে এখন ৰাষ্ট্রৰ সামাজিক, ৰাজনৈতিক আৰু বিশেষকৈ বিচাৰধাৰা বা আদৰ্শৰ ক্ষেত্ৰত অন্যান্য ৰাষ্ট্রৰ ওপৰত নিজৰ প্ৰভাৱ খটোৱাৰ ক্ষমতা।

আমেৰিকান সংস্কৃতি বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী সংস্কৃতি। আমেৰিকাৰ এই ‘গুণ বা উপাদানক ‘Soft Power বােলে। ইয়াৰ অৰ্থ হৈছে শক্তি প্রয়ােগৰ পৰিৱর্তে মানুহক প্ৰভাৱান্বিত কৰা।

ভাল জীৱন-যাপন কৰা বা ব্যক্তিগত সাফল্য আদর্শ বা বিশ্বজুৰি ব্যক্তিসকলক সপােন কার্যকৰী কৰাৰ ইচ্ছা বাস্তৱত আমেৰিকাত সফল হােৱা দেখা গৈছে। আৰু ভাল জীৱন যাপনৰ আদৰ্শৰ দ্বাৰা বিশ্বৰ মানুহ প্ৰভাৱান্বিত হৈছে।

শীতল যুদ্ধৰ কালছােৱাত আমেৰিকাৰ প্রতিদ্বন্দ্বী দেশ ছােভিয়েট ৰাছিয়াত এয়ােৰ ‘Blue Jeans' বিদেশী অতিথিসকলৰ পৰা ক্ৰয় কৰাৰ বাবে নিজৰ গােটেই বছৰৰ দৰ্মহা খৰচ কৰিবলৈ কুণ্ঠাবােধ কৰা নাছিল।

শীতলযুদ্ধৰ কালছােৱাত আমেৰিকাই সামৰিক দিশত ছােভিয়েট ৰাছিয়াক ৰাস্ত কৰিব নােৱাৰিলেও ‘Soft Power' বা সাংস্কৃতিক আৰু মানুহৰ জীৱনৰ মানদণ্ড ৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াক পৰাস্ত কৰিব পাৰিছিল।

12. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদৰ দাবীৰ যুক্তিযুক্ততা প্রতিপunno(protiponno) কৰা। 
উত্তৰ : ভাৰতৰ নাগৰিক হিচাপে মই ভাৰতৰ এই দাবীক পূর্ণ সমর্থন জনাওঁ। কাৰণ -
(ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। 
(খ) ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্র আৰু গণতান্ত্রিক মূল্যবােধক স্বীকৃতি দিয়ে।
(গ) ৰাষ্ট্ৰসংঘৰ সকলাে ধৰণৰ কার্যত ভাৰতে সক্রিয়ভাৱে অংশ গ্রহণ কৰে। 
(ঘ) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৱদান যােগায়।
(ঙ) ভাৰতবৰ্ষই মানবাধিকাৰক সন্মান জনায় আৰু সকলাে ধৰণৰ মানৱাধিকাৰক ৰক্ষাৰ কাৰণে সচেষ্ট থাকে।
(চ) ভাৰতবৰ্ষই অর্থনৈতিক ক্ষেত্ৰতাে যথেষ্ট উন্নতি সাধন কৰিছে। এছিয়াৰ ভিতৰত অর্থনৈতিক দিশত ভাৰত দ্বিতীয় স্থানত আছে।

ওপৰত উল্লেখ কৰা চৰ্তসমুহৰ দ্বাৰা স্পষ্টভাৱে দেখুৱা হৈছে যে ভাৰতৰ এই দাবী যুক্তিযুক্ত।

13[a]. ইউৰােপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা প্রধান ক্ষেত্ৰবােৰ কি? বিশদভাৱে আলােচনা কৰা।
উত্তৰ : ইউৰােপীয় সংঘ : ইউৰােপীয় সংঘ বিশ্বৰ ভিতৰত আটাইতকৈ ধুনী অর্থ ব্যৱস্থাৰ অধিকাৰ। ইয়াৰ ২০০৩ চনত আয় আছিল £12 অযুত কোটি ইউৰােপীয় সংঘ। মুদ্রা ইউৰােই আমেৰ্কিবি ডলাৰৰ প্রভুত্বৰ ক্ষেত্ৰত বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে । 

ইয়াৰ অর্থ ব্যৱস্থাৰ প্ৰভার ওচৰ চুবুৰীয়া দেশৰ ওপৰত ৰাৰ লগতে এছিয়া আৰু আফ্রিকার দেশসমূহৰ ওপৰতাে পৰিছে ইউৰােপীয় সংঘৰ সন্মিলিত সামৰিক শক্তি বিশৰ ভিতৰত দ্বিতীয় বৃহত্তম শক্তি ইউরোপীয় সঘ প্রধান দুটা সদস্য রাষ্ট্র ব্রিটেই আৰু ফ্রান্স ৰাষ্ট্ৰসংগ্ৰৰ নিৰাপত্তা পৰি স্থায়ী সদস্য।

অথবা

13[b]. দক্ষিণ এছিয়াত স্থায়ী শান্তি প্রতিষ্ঠা কেনেদৰে কৰিব পাৰি? আলােচনা কৰা। উত্তৰ : দক্ষিণ এছিয়াত স্থায়ী শান্তি প্রতিষ্ঠা কৰাৰ বাবে বিহিত ব্যৱস্থা হাতত ল'ব লাগিব।

  1. দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমুহৰ মাজৰ সম্পর্ক উন্নত কৰাৰ বাবে SAARC ৰ বাবে অনুষ্ঠানক আৰু অধিক শক্তিশালী কৰিব লাগিব । সকলােবোৰ ৰাষ্ট্ৰৰ এনে অনুষ্ঠানৰ প্রতি যাতে সমানে আস্থা থাকে তাৰ প্ৰতি চকু দিব লাগিব।
  2. SAFTA ৰ দৰে অনুষ্ঠানসমূহ প্রকৃত উদ্দেশ্যৰ বিষয়ে সকলাে ৰাষ্ট্ৰীয় সঠিকভাৱে অৱগত হব লাগিব।
  3. দক্ষিণ এছিয়াৰ দুখন উল্লেখযোগ্য ৰাষ্ট্র অর্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজত সম্পর্কৰ উন্নতিৰ ওপৰত অধিক গুৰুত্ব আৰােপ কৰিব লাগিব।
  4. এই অঞ্চলত বিদেশী ৰাষ্ট্ৰসমূহৰ উচিত প্রয়ােজনত সংঘবদ্ধভাৱে বিদেশী ৰাষ্ট্ৰৰ উপস্থিতিক প্রতিহত কৰা।
  5. ভাৰতৰ ব্যৱহাৰে কেতিয়াও এনে এটা বিশ্বাস জন্ম দিব নালাগে যে ভাৰতে এই অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ লগত নিজৰ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ ভাতৃৰ দৰে ব্যৱহাৰ কৰিছে।
  6. এই অঞ্চলৰ পৰা সন্ত্রাসবাদী শক্তিক নির্মূল কৰাৰ বাবেও সন্মিলিতভাৱে প্রচেষ্টা চলাব লাগে।

14[a]. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শেহতীয়া ধাৰাৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : শীতল যুদ্ধৰ কালছােৱাত ছােভিয়েট ইউনিয়নৰ লগত ভাৰতবৰ্ষৰ ঘনিষ্ঠ বন্ধুত্ব আছিল। ছােভিয়েট ইউনিয়নৰ পতনৰ পিছত বাঢ়ি অহা বিৰােধ, 'আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত হঠাতে ভাৰতবৰ্ষই নিজকে বন্ধুহীন অৱস্থাত পায় ।

তথাপিতাে এই সময়ছোৱাত ভাৰতবৰ্ষই নিজৰ তাহনিীতি শিথিল কৰি বিশ্ব অর্থনীতিৰ লগত চামিল কৰিবলৈ সিদ্ধান্ত লয়। এই নীতি আৰু ভাৰতবৰ্ষৰ বৰ্তমানৰ আকর্ষণীয় আর্থিক বৃদ্ধিৰ হাৰৰ বাবে দেশখনে যুক্তৰাষ্ট্রকে ধৰি বহুকেইখন দেশক আকর্ষণীয় আর্থিক অংশীদাৰী কৰিছে। 

বর্তমান সময়ত ভাৰত যুক্তৰাষ্ট্রৰ সম্বন্ধত দুটা নতুন উপাদান উদ্ভৱ হৈছে। এই উপাদান দুটা হ’ল - কাৰিকৰী জ্ঞান সম্বন্ধীয় বিস্তাৰ আৰু ভাৰতীয় আমেৰিকানসকৰ আদান-প্রদান সম্পর্কীয়। এই উপাদান দুটা পৰস্পৰ সম্বন্ধীয়। যেনে -

  1. ভাৰতৰ ছফটৱেৰ খণ্ডৰ মুঠ ৰপ্তানি প্রায় ৬৫ শতাংশ যুক্তৰাষ্ট্ৰই লয়।
  2. বয়িং কোম্পানীৰ আনুমানিক ৩৫ শতাংশ কাৰিকৰী কৰ্মচাৰী ভাৰতীয় মূলৰ।
  3. চিলিকন ভেলিত প্রায় ৩০০০০০ ভাৰতীয়ই কাম কৰে।
  4. সকলােবোেৰ উচ্চ কাৰিকৰী উদ্ভাৱনৰ ক্ষেত্ৰত ১৫ শতাংশ ভাৰতীয় মূলৰ আমেৰিকানসকলে কৰিছে।

অথবা

14[b]. বিশ্বজনীন পৰিবেশিক বিতর্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আলােচনা কৰা। উত্তৰ : বিশ্ব সম্প্রদায়ৰ খােজত খােজ মিলাই ভাৰতেও পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত বহুতাে ব্যৱস্থা হাতত লৈছে। 
  • (ক) ভাৰত চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় যানবাহনৰ ইন্ধন পূর্বৰ তুলনাত বেছি পৰিস্কাৰ হােৱাটো বাধ্যতামূলক কৰিছে।
  • (খ) ২০০১ চনত ভাৰতীয় সংসদে পাছ কৰা শক্তি সংৰক্ষণ আইনে ইন্ধন পাৰিপাৰ্শ্বিকতা বৃদ্ধিৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰিছে।
  • (গ) বিদ্যুৎ শক্তি আইন ২০০৩ য়ে নবীকৰণযােগ্য শক্তিৰ ব্যৱহাৰত উৎসাহ যােগাইছে।
  • (ঘ) শেহতীয়াকৈ ভাৰতে প্রাকৃতিক গেছ আমদানি কৰি আৰু পৰিস্কাৰ কয়লা আহৰণৰ প্ৰযুক্তিবিদ্যা গ্ৰহণ কৰাত উৎসাহ যােগাই ভাৰতে যে পৰিবেশ সংক্রান্তীয় বিষয়সমূহ আন্তৰিকতাৰে লৈছে সেইটো প্রমাণ কৰিছে।





Group-B (খ-শাখা)

স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি 


15. তলত দিয়াবােৰৰ নির্দেশানুযায়ী উত্তৰ দিয়া।

(a) ভাৰতৰ "সেউজ বিপ্লৱৰ পিতৃ" হিচাপে কাক আখ্যা দিয়া হয়? 
উত্তৰ : এম, এছ স্বামীনাথ। 

(b) ৰাজ্য পুনগঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল ? 
উত্তৰ : ১৯৫৬ চনত।

(c) আৰাক বিৰােধী আন্দোলনক নাৰী আন্দোলন হিচাপে গণ্য কৰিব পাৰি। (শুদ্ধ নে অশুদ্ধ লিখা।
উত্তৰ : শুদ্ধ। 

(d) সর্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল ?
উত্তৰ : জয়প্রকাশ নাৰায়ণ।

(e) কোনাে ৰাজ্য চৰকাৰ গঠন কৰা প্রথম আঞ্চলিক দলটোৰ নাম কি? 
উত্তৰ : দ্রাবিদো মুন্নেত্রা কাজাগম । (ভি. এম. কে)

(f) ভাৰতীয় সংবিধানৰ __ নম্বৰ অনুচ্ছেদে জম্মু আৰু kasmirok বিশেষ মর্যাদা প্রদান কৰিছে। (খালী ঠাই পূৰণ কৰা)।
উত্তৰ : ৩৭০

16. ভাৰতীয় সম্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। 
উত্তৰ : 
  • (1) অস্থায়ী চৰকাৰ 
  • (2) সুবিধাবাদী দলৰ চৰকাৰ । 

17. মণ্ডল আয়ােগৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 
উত্তৰ : 
  1. আল পিছপৰা শ্ৰেণীৰ লােকৰ বাবে শিক্ষা প্রতিষ্ঠান আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ২৭ শতাংশ সংৰক্ষণ।
  2. আন আন পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে ভুমি সংস্কাৰৰ ব্যৱস্থা কৰা । 

18. ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ : 
  1. বহুদলীয় ব্যৱস্থা।
  2. আদর্শগত পার্থক্যৰ অনুপস্থিতি। 

19. 1977 চনৰ লােকসভা নির্বাচনৰ দুটা ফলাফল লিখা। 
উত্তৰ : 
  1. কংগ্ৰেছৰ আধিপত্যৰ অন্ত পৰে।
  2. সর্বপ্রথমবাৰৰ বাবে কেন্দ্রত সংযুক্ত চৰকাৰ গঢ়ি উঠে। 

20. জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্রধান উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ : 
  1. শান্তিপূর্ণ সহাৱস্থান।
  2. দেশৰ কষ্টার্জিত সার্বভৌমত্ব আৰু অখণ্ডতাক ৰক্ষা কৰা।

21. ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা।
উত্তৰ : 
  1. কেন্দ্রীয় চৰকাৰৰ কিছুমান ৰাজ্যৰ প্রতি বৈমাত্রেয়সুলভ মনােভাৱ। 
  2. নিজৰ স্বকীয় অস্তিত্ব ৰক্ষাৰ বাবেও বহুতাে জনগােষ্ঠীয়ে আঞ্চলিক দল গঢ়ি তােলে।

22. ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰিছিল ? আলােচনা কৰা।
উত্তৰ : ভাৰতে নিম্নলিখিত কাৰণবােৰৰ বাবে গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণ কৰিছিল—
  • (ক) ভাৰতৰ দৰে বিশাল ৰাষ্ট্র এখনে কোনাে শক্তিগগাষ্ঠীৰ লগ নলগাকৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্রহণ কৰি বিশ্বৰ ৰাজনীতিত:সম্মানসূচক আসন গ্রহণ কৰিব পাৰিব বুলি নেতাসকলৰ দৃঢ় বিশ্বাস আছিল।
  • (খ) অর্থনৈতিক উন্নয়নৰ বাবে শান্তিপূর্ণ পৰিৱেশৰ প্রয়ােজন। সেয়েহে ভাৰতে কোনাে বিশেষ মিত্রগােষ্ঠীৰ সৈতে মিত্রতা গঢ়াৰ পৰিৱর্তে সকলাে ৰাষ্টৰ সৈতে বন্ধুত্বপূর্ণ পৰিৱেশ ৰক্ষাৰ ওপৰত গুৰুত্ব দিছিল।
  • (গ) ভাৰতৰ দ্ৰুত অর্থনৈতিক উন্নয়নৰ বাবে সুয়ােটা বৃহৎ শক্তিগােষ্ঠীৰ পৰা সাহায্য লাভ কৰিবলৈ হ'লে গােষ্ঠীনিৰপেক্ষতাই আছিল উত্তম আহিলা।
  • (ঘ) স্বাধীনতা লাভৰ সময়ত ভাৰতবৰ্ষ সামৰিক দিশত শক্তিশালী নাছিল। গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণৰ জৰিয়তে যুদ্ধৰ 'ভয়াবহতাৰ পৰা ৰক্ষা পােৱাটো সহজ হৈছিল।
  • (ঙ) গােষ্ঠীনিৰপেক্ষ নীতিয়ে ভাৰতৰ আভ্যন্তৰীণ দিশতাে যথেষ্ট জনপ্রিয়তা লাভ কৰিছে। ভাৰতৰ প্রায় আটাইবােৰ ৰাজনৈতিক দলেই এই নীতিৰ প্রতি সমর্থন আগবঢ়াইছে।

23. নর্মদা বাচাও আন্দোলনৰ বিষয়ে চমুকৈ আলােচনা কৰা।
উত্তৰ : ১৯৮৮-৮৯ চনত নর্মদা বচাও আন্দোলন আৰম্ভ হয়। মেধা পাটেকাৰ, অৰুন্ধতী ৰায় আদি হ’ল এই আন্দোলনৰ নেতৃত্ববহনকাৰী ব্যক্তি। নর্মদা নদীত

নির্মাণ হ'বলগীয়া নদীবান্ধ প্রকল্পৰ জৰিয়তে মধ্য প্রদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ লােকসকলৰ অধিক উপকাৰত আহিব বুলি কোৱা হৈছিল। কিন্তু ইয়াৰ বিৰােধিতা কৰা লােকসকলৰ মতে ইয়াৰ দ্বাৰা অঞ্চলটোত অধিক ভয়াবহতাৰ আশংকা আছে। 

সেয়েহে তেওঁলােকে এই নদীবান্ধৰ বিৰােধিতা কৰিবলৈ আগবাঢ়ি আহে। তেওঁলােকৰ মতে নদীবান্ধ নিৰ্মাণৰ ফলস্বৰূপে অঞ্চলটোৰ ২৪৫ খন গাঁও জলমগ্ন হােৱাৰ উপৰিও এই গাঁওসমূহৰ প্রায় দুই লাখ পঞ্চাশ হাজাৰ লােক ক্ষতিগ্রস্ত হ’ব। 

আন্দোলনকাৰীসকলে দাবী জনায় যে প্রকল্পৰ দ্বাৰা প্রত্যক্ষ আৰু পৰােক্ষভাৱে ক্ষতিগ্রস্ত লােকসকলক চৰকাৰে উপযুক্তভাৱে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিব লাগিব। তেওঁলোকে সিদ্ধান্ত গ্রহণ প্রক্রিয়াত স্থানীয় লােকৰ অংশ গ্রহণৰ দাবী উত্থাপন কৰাৰ লগতে পানী, ভূমি, বননি আদি প্রাকৃতিক সম্পদৰ ওপৰত স্থানীয় অধিবাসীসকল নিয়ন্ত্ৰণৰ দাবী জনায় ।

24. ‘দ্বি-জাতি তত্ত্ব সম্পর্কে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ : ১৯০৬ চনত জন্ম হােৱা মুছলিম লীগে ‘দুই জাতি তত্ত্ব’ আগবঢ়াইছিল। এই তত্ত্ব মতে ভাৰতবৰ্ষত প্ৰধানকৈ দুটা জাতিৰ লােক বসবাস করে - হিন্দু আৰু মুছলিম। এই তত্ত্বৰ সমর্থকসকলৰ মতে ব্রিটিছসকলে ভাৰতবৰ্ষক দুটা খণ্ডত বিভক্ত কৰি স্বাধীনতা প্রদান কৰিব লাগে। 

তেওঁলােকে মুছলিম জাতিপ্রধান অঞ্চলক লৈ আৰম্ভণিৰ পৰা স্বাধীন পাকিস্তানৰ দাবী তুলি আহিছিল আৰু ব্রিটিছসকলেও এই তত্ত্বৰ ওপৰত ভিত্তি কৰি ভাৰতবর্ষ আৰু পাকিস্তান হিচাপে স্বীকৃতি প্রদান কৰি স্বাধীনতা প্রদান কৰিছিল।

25. ভাৰতত পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ লিখা।
উত্তৰঃ ১৯৫০ চনৰ ১৫ মার্চত পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল। ১৯৫১ চনত প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। এই আয়ােগৰ মূল উদ্দেশ্য আৰু কার্যাৱলী এনে ধৰণৰ -

  • (ক) জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন : প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ গঠন কৰা সকলাে পৰিকল্পনাতে জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈ আহিছে।
  • (খ) জাতীয় আয় বৃদ্ধি কৰা : প্রতিটো পৰিকল্পনাৰে গুৰুত্বপূৰ্ণ উদেশ্য হল জাতীয় আয় বৃদ্ধি কৰা। জাতীয় আয় বৃদ্ধিয়ে দেশৰ তাৰ্থনৈতিক বিকাশত যথেষ্ট সহায় কৰিব। 
  • (গ) সম্পদৰ সদব্যৱহাৰ : ভাৰতৰ সম্পদসমূহ সদব্যৱহাৰ কৰা পৰিকল্পনাৰ এটা অন্যতম উদ্দেশ্য। সামগ্ৰী আৰু সেৱা বৃদ্ধিৰে পৰিকল্পনাই ভাৰতৰ অর্থনৈতিক বিকাশ সাধন কৰিব বিচাৰে। 
  • (ঘ) অর্থনৈতিক অসমতা হ্রাস : দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা ভাৰতীয় জনগণৰ মাজত থকা অর্থনৈতিক অসমতা হ্রাস কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰি দৰিদ্রতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান আদি লক্ষ্য নির্ধাৰণ কৰা হৈছে।
  • (ঙ) সামাজিক ন্যায় প্রতিষ্ঠা কৰা : পৰিকল্পনাই সামাজিক ন্যায় প্রতিষ্ঠা কৰাত গুৰুত্ব প্রদান কৰি আহিছে। ইয়াক কার্যকৰী কৰাৰ অৰ্থে ন্যূনতম প্রয়ােজনীয় কার্যসূচী গ্রহণ কৰা হৈছে। 
  • (চ) আঞ্চলিক বিকাশ সাধন : স্বাধীনতা লাভৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ মাজত আঞ্চলিক ভাৰসাম্যতা নাছিল। সেয়েহে পৰিকল্পনাৰ জৰিয়তে তুলনামূলকভাৱে পিছপৰা অঞ্চল আৰু ৰাজ্যসমূহৰ দ্রুতবিকাশ সাধন কৰি সকলাে অঞ্চলৰে সমতা স্থাপন কৰিবলৈ বিচৰা হৈছে।

26. 1969 চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সময়ত ইন্দিরা গান্ধী আয় ছিণ্ডিকেট মজব শত্রুতা মুকলিকৈ প্রকাশ পায়। কংগ্ৰেছ সংসদীয় বউৰ সভাত ইন্দিৰা গাইয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে জগজীৱন ৰামৰ নামটো প্রস্তাব কৰাৰ বিপৰীতে ছিণ্ডিকেট নেতাসকলে নীলম সঞ্জীৱা ৰেডিঙৰ নামটো প্রস্তাৱ কৰে আৰু শেষত তেওঁলোর প্রস্তাৱটো গৃহীত হয়। 

ইন্দিৰা গান্ধীয়ে অসন্তুষ্ট হৈ সেইসময়ত ই ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰা ভি ভি গিৰিক নির্দলীয় প্রার্থীৰূপে প্ৰক্ষেপ কৰি সমর্থন আগবঢ়ায়। কৌশলগতভাৱে তেওঁ ১৪টা আগশাৰীৰ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে প্রিভি পাৰ্ছ কর্তন কৰি এলানি জনকল্যাণমুখী নীতি প্রণয়ন কৰে। 

গতিকে দুয়াে পক্ষৰ মাজত সংঘাত তীব্র হয়। কংগ্ৰেছ সভাপতিয়ে দলীয় প্রার্থী ৰেডিক ভােটদান কৰিবলৈ হুইল্প জাৰি কৰে আৰু ইন্দিৰা গান্ধীয়ে ‘বিবেক ভােট’ আহ্বান কৰে। এই ৰ্বিাচনত ৰেড়িৰ পৰাজয় আৰু ভি ভি গিৰিৰ বিজয়ে কংগ্ৰেছ দলৰ বিভাজন প্রক্রিয়া সম্পূর্ণ কৰে। ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰা গােটটোক কংগ্রেছ (R) আৰু চিণ্ডিকেটে নেতৃত্ব দিয়া গােটটোক কংগ্ৰেছ (O) বুলি জনা যায়।

27[a]. 1975 চনৰ জুনত ঘােষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ পৰিণতিসমূহ আলােচনা কৰা।
উত্তৰ :
(ক) নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ বাতিলকৰণ।
(খ) সংবাদ মাধ্যমৰ স্বাধীনতাত নিষেধাজ্ঞা। 
(গ) নিবাৰক নিৰােধ আইনৰ প্ৰৱর্তন। 
(ঘ) বিৰােধী ৰাজনৈতিক দলৰ নেতা, কর্মী আৰু সমর্থক গ্রেপ্তাৰ আৰু কাৰাবন্দী। 
(ঙ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো একাত্মক ব্যৱস্থালৈ ৰূপান্তৰ। 
(চ) ধর্মঘট, হৰতাল আদিক নিষিদ্ধকৰণ।


অথবা

27[b]. 1970ৰ দশকত সংঘটিত হােৱা ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংঘাত সম্পর্কে আললাচনা কৰা। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্রী কোন আছিল ?
উত্তৰ : ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত বিভিন্ন গুৰুত্বপূর্ণ বিষয়ক কেন্দ্ৰ কৰি কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাতে তীব্র ৰূপ ধাৰণ কৰিছিল। 

ন্যায়পালিকাত কেইবাটাও ৰায়ে কংগ্ৰেছক অসন্তুষ্ট কৰিছিল। কংগ্ৰেছৰ দৃষ্টিত এয়া আছিল গণতন্ত্রৰ নীতি আৰু সংসদীয় প্রাধান্যতাৰ প্রতি ন্যায়পালিকাৰ পৰা অহা প্রত্যাহ্বান। 

কংগ্ৰেছে অভিযােগ উত্থাপন কৰে যে ন্যায়পালিকা এটা ৰক্ষণশীল অনুষ্ঠান আৰু সেয়ে এই অনুষ্ঠানটোৱে কংগ্ৰেছৰ দৰিদ্ৰপন্থী কল্যাণমূলক কার্যসূচী কার্যকৰী কৰাত বাধাৰ সৃষ্টি কৰিছে।

ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী চৰিত্ৰক নিয়ন্ত্রণ কৰিবৰ বাবে ন্যায়পালিকাসমূহত বিভিন্ন সাংবিধানিক প্রশ্নৰ উদয় হৈছিল। 

প্ৰথমতে, সাংসদে মৌলিক অধিকাৰ বাতিল কৰিব পাৰেনে? 
দ্বিতীয়তে, সংবিধান সংশােধনীৰে সম্পত্তি অধিকাৰ সংকুচিত কৰিব পাৰেনে? তৃতীয়তে, নির্দেশক নীতিৰ খাতিৰত মৌলিক অধিকাৰ সংকুচিত কৰিব পাৰেনে? 

এইবােৰ প্ৰশ্নত ন্যায়ালয়ে নকাৰাত্মক স্থিতি গ্ৰহণ কৰিছিল। ফলস্বৰূপে ন্যায়পালিকা আৰু সংসদৰ মাজত সংঘাত আৰম্ভ হয়। এই সংঘাত অধিক তীব্র হয় কেশবানন্দ ভাৰতী মােকর্দমাত। ইন্দিৰা গান্ধীয়ে ন্যায়ালয়ৰ এই স্থিতি সহ্য কৰিব নােৱাৰি কিছু দিনৰ পিছতে উচ্চতম ন্যায়ালয়ৰ মুখত ন্যায়াধীশৰ পদটো খালী হােৱাত তিনিজন জ্যেষ্ঠ ন্যায়াধীশক অতিক্রম কৰি এ . এন. বায়ক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াত তীব্র প্রতিক্রিয়া সৃষ্টি হয়। 

28[a]. সেউজ বিপ্লৱ বুলিলে কি বুজা? সেউজ বিপ্লৱৰ ফলাফল আলােচনা কৰা। উত্তৰ : ভাৰতৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে ১৯৬০ৰ দশকৰ মাজভাগৰ পৰা যি প্রচেষ্টা হাতত লৈছিল তাক সেউজ বিপ্লৱ বােলা হয়। 

১৯৬০ৰ দশকত ভাৰতৰ খাদ্য সংকটৰ ফলস্বৰূপে ভাৰতে খাদ্য দ্রব্যৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। ইয়াৰ সুবিধা গ্রহণ কৰি আমেৰিকাই ভাৰতৰ বিভিন্ন নীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। 

এনে এক পৰিস্থিতিত ভাৰতে খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ সিদ্ধান্ত গ্রহণ কৰে আৰু কৃষিখণ্ডত বৈজ্ঞানিক কৌশল প্রৱর্তনৰ দিশে অগ্ৰসৰ হয়, যেনে- উন্নত জাতৰ বীজ, খেতি পথাৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰ, পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱর্তে নতুন আৰু বৈজ্ঞানিক পদ্ধতি প্রয়ােগ আদিৰ ব্যৱহাৰ আৰম্ভ কৰে।

  • (ক) সেউজ বিপ্লৱৰ মূল লক্ষ্য হ’ল খাদ্য দ্রব্যৰ উৎপাদন বৃদ্ধি কৰা; আনহাতে, শ্বেত বিপ্লৱৰ মূল লক্ষ্য হ’ল দুগ্ধ উৎপাদন বৃদ্ধি কৰা।
  • (খ) সেউজ বিপ্লৱৰ সৈতে ড° নর্মান ব’ৰলাউগৰ অৰিহণা জড়িত হৈ আছে; কিন্তু শ্বেত বিপ্লৱৰ সৈতে ভার্গিজ কুৰেইনৰ অৰিহণা জড়িত হৈ আছে।
  • (গ) পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্য সেউজ বিপ্লৱৰ দ্বাৰা উপকৃত হৈছিল; আনহাতে, গুজৰাটত শ্বেত বিপ্লৱে বিশেষকৈ গা কৰি উঠিছিল।
  • (ঘ) সেউজ বিপ্লৱত সমবায় ভিত্তিক কৃষিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হােৱা নাছিল; আনহাতে, শ্বেত বিপ্লৱত সমবায় ভিত্তিক দুগ্ধ উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।


অথবা

28[b]. ভাৰতত পৰিকল্পনা আয়ােগৰ ভূমিকা আলােচনা কৰা। বর্তমান পৰিকল্পনা আয়ােগৰ স্থানত থকা সংগঠনটোৰ নাম লিখা।
উত্তৰঃ ১৯৫০ চনৰ ১৫ মার্চত পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল। ১৯৫১ চনত প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। এই আয়ােগৰ মূল উদ্দেশ্য আৰু কার্যাৱলী এনে ধৰণৰ -

  • (ক) জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন : প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ গঠন কৰা সকলাে পৰিকল্পনাতে জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈ আহিছে।
  • (খ) জাতীয় আয় বৃদ্ধি কৰা : প্রতিটো পৰিকল্পনাৰে গুৰুত্বপূৰ্ণ উদেশ্য হল জাতীয় আয় বৃদ্ধি কৰা। জাতীয় আয় বৃদ্ধিয়ে দেশৰ তাৰ্থনৈতিক বিকাশত যথেষ্ট সহায় কৰিব। 
  • (গ) সম্পদৰ সদব্যৱহাৰ : ভাৰতৰ সম্পদসমূহ সদব্যৱহাৰ কৰা পৰিকল্পনাৰ এটা অন্যতম উদ্দেশ্য। সামগ্ৰী আৰু সেৱা বৃদ্ধিৰে পৰিকল্পনাই ভাৰতৰ অর্থনৈতিক বিকাশ সাধন কৰিব বিচাৰে। 
  • (ঘ) অর্থনৈতিক অসমতা হ্রাস : দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা ভাৰতীয় জনগণৰ মাজত থকা অর্থনৈতিক অসমতা হ্রাস কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰি দৰিদ্রতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান আদি লক্ষ্য নির্ধাৰণ কৰা হৈছে।
  • (ঙ) সামাজিক ন্যায় প্রতিষ্ঠা কৰা : পৰিকল্পনাই সামাজিক ন্যায় প্রতিষ্ঠা কৰাত গুৰুত্ব প্রদান কৰি আহিছে। ইয়াক কার্যকৰী কৰাৰ অৰ্থে ন্যূনতম প্রয়ােজনীয় কার্যসূচী গ্রহণ কৰা হৈছে। 
  • (চ) আঞ্চলিক বিকাশ সাধন : স্বাধীনতা লাভৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ মাজত আঞ্চলিক ভাৰসাম্যতা নাছিল। সেয়েহে পৰিকল্পনাৰ জৰিয়তে তুলনামূলকভাৱে পিছপৰা অঞ্চল আৰু ৰাজ্যসমূহৰ দ্রুতবিকাশ সাধন কৰি সকলাে অঞ্চলৰে সমতা স্থাপন কৰিবলৈ বিচৰা হৈছে।

Post a Comment

0 Comments

People

Ad Code