Recent in Technology

কংগ্ৰেছ ব্যৱস্থাৰ প্রতি প্রত্যাহ্বান আৰু পুনঃ(L-14) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][কংগ্ৰেছ ব্যৱস্থাৰ প্রতি প্রত্যাহ্বান আৰু পুনঃ][Part B][additional Q/A


কংগ্ৰেছ ব্যৱস্থাৰ প্রতি প্রত্যাহ্বান আৰু পুনঃ(L-14) Important-Additional Q/A






(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ঃ ১৯৬০ দশকক কিয় ভাৰতীয় ৰাজনীতিত ভয়ংকৰ দশক বােলা হয় ? 
উত্তৰ : ১৯৬০ দশকক ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰত ভয়ংকৰ দশক বােলা হয়, কাৰণ -

  • (ক) ভাৰতীয় ৰাজনীতিত প্ৰথমবাৰৰ বাবে বিশেষকৈ ৰাজ্যৰ বিধানসভাত (সৰ্বমুঠ খন ৰাজ্যৰ) কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা হেৰুৱাই অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল যদিও বেছিদিন তিস্তি থাকিব পৰা নাছিল ।
  • (খ) বিহাৰকে ধৰি বহুকেইখন ৰাজ্যত ভয়ানক খাদ্য সংকটে দেখা দিছিল। 
  • (গ) জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত কংগ্ৰেছ দলত নেতৃত্বক লৈ বিবাদ আৰম্ভ আৰু
  • (ঘ) চীনৰ দ্বাৰা ভাৰতত হঠাৎ আক্রমণ।

প্রশ্ন ২ : মৰ্চা চৰকাৰ যুগ কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰ : ১৯৬৭ চনত।

প্রশ্ন ৩ : কংগ্ৰেছ সমাজবাদী দলৰ প্ৰতিষ্ঠাপক কোন? 
উত্তৰ : আচার্য নৰেন্দ্ৰ দেৱ।

প্রশ্ন ৪ : জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ? 
উত্তৰ : লালবাহাদুৰ শাস্ত্রী।

প্রশ্ন ৫ : পণ্ডিত জৱাহৰলাল নেহৰুৰ কেতিয়া মৃত্যু হৈছিল? 
উত্তৰ : ১৯৬৪ চনৰ ২৭ মে’ত। 

প্রশ্ন ৬ : ১৯৭০ চনত ইন্দিৰা গান্ধীৰ চৰকাৰৰ জনপ্রিয়তা বৃদ্ধিৰ এটা উপাদান ullekh kora.
উত্তৰঃ বাংলাদেশ যুদ্ধত ইন্দিৰা গান্ধীয়ে গ্রহণ ৰা বলিষ্ঠ ভূমিকা। 

প্রশ্ন ৭ : ১৯৬৭ চনৰ লােকসভাত প্রধান বিৰােধী দল কোনটো আছিল? 
উত্তৰ : স্বতন্ত্র দল।

প্রশ্ন ৮ : লালবাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল? 
উত্তৰ : ইন্দিৰা গান্ধী।

প্রশ্ন ৯ : ১৯৭১ চনৰ বিশাল মর্চা সম্পর্কে নিম্নলিখিত উক্তিৰােৰৰ ভিতৰত কোনটো শুদ্ধ -
(ক) অ-সাম্যবাদী আৰু কংগ্ৰেছ দলৰ দ্বাৰা গঠিত।
(খ) স্পষ্ট আদর্শগত আৰু ৰাজনৈতিক কার্যসূচী আছিল।
(গ) সকলো অকংগ্ৰেছী দলৰ দ্বাৰা গঠন কৰা হৈছিল। 
উত্তৰ : (ক) অ - সাম্যবাদী আৰু অকংগ্ৰেছ দলৰ দ্বাৰা গঠিত। 

(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ঃ নিম্নলিখিত শ্লোগান দুটাৰ নেতা দুজন কোন কোন আছিল — (ক) জয় জৱান, জয় কিষাণ (খ) গৰিবী হটাও। 
উত্তৰ : 
  • (ক) লালবাহাদ শাস্ত্র। 
  • (খ) ইন্দিৰা গান্ধী।

প্রশ্ন ২ : "আয়াৰাম, গয়াৰাম" ধাৰণাটো কেনেদৰে উৎপত্তি হৈছিল ? 
উত্তৰ : ১১১ নং পৃষ্ঠাৰ ৭ নং প্রশ্নোত্তৰ চোৱা।

প্রশ্ন ৩ : পণ্ডিত জৱাহৰলাল নেহৰুৰ কেতিয়া মৃত্যু হৈছিল আৰু তেওঁৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ?
উত্তৰ : ১৯৬৪ চনৰ ২৭ মে'ত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত লালবাহাদুৰ শাস্ত্রী ভাৰতৰ প্ৰধানমন্ত্রী হৈছিল। 

প্রশ্ন ৪ : নেহৰুৰ মৃত্যুৰ পিছত ভাৰতীয় ৰাজনীতিত কি ধৰণৰ আশংকাৰ উদ্ভৱ হৈছিল ?
উত্তৰঃ নেহৰুৰ মৃত্যুৰ পিছত ভাৰতৰ গণতান্ত্রিক বর্তি থাকিব পাৰিব নে নাই সেই বিষয়ে গভীৰ আশংকাৰ উদ্ভৱ হৈছিল। 

খালী ঠাই পূৰণ কৰা : 

প্রশ্ন ১ঃ __ নির্বাচনত __ আৰু তেওঁৰ দল পৰাজিত হৈছিল।
উত্তৰঃ বিধানসভাৰ নির্বাচন ইন্দিৰা গান্ধী আৰু তেওঁৰ দল পৰাজিত হৈছিল । 


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : কেতিয়া আৰু কিয় কংগ্ৰেছে দ্বিতীয়বাৰৰ কাৰণে ৰাজনৈতিক উত্তৰাধিকাৰীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল?
উত্তৰ : ১৯৬৬ চনৰ জানুৱাৰী মাহত লালবাহাদূৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত কংগ্ৰেছে দ্বিতীয়বাৰৰ বাবে উত্তৰাধিকাৰীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কাৰণ এই সময়ত দুগৰাকী নেতাৰ মাজত সমানে প্রতিদ্বন্দ্বিতা আৰম্ভ হৈছিল - জৱাহৰলাল নেহৰুৰ জীয়ৰী ইন্দিৰা গান্ধী আৰু মােৰাৰাজী দেশাই। অভিজ্ঞতাৰ দিশৰ পৰা মােৰাৰাজী দেশাইৰ সম্ভাৱনা অধিক আছিল। কাৰণ তেওঁ বােম্বে ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰাৰ উপৰিও কেন্দ্রীয় মন্ত্রীসভাৰ দায়িত্বও পালন কৰিছিল। আনহাতে ইন্দিৰা গান্ধী জৱাহৰলাল নেহৰুৰ জীয়ৰী হােৱাৰ উপৰিও শাস্ত্রী মন্ত্রীসভাৰ মন্ত্রী আছিল। দলৰ অধিকাংশ জ্যেষ্ঠ নেতাই ইন্দিৰা গান্ধীক বিচাৰিছিল যদিও একমত হ’ব পৰা নাছিল। অৱশেষত নির্বাচন অৱস্থিত কৰা হয় আৰু ইন্দিৰা গান্ধীয় দুই তৃতীয়াংশ ভােট লাভ কৰি জয়লাভ কৰে। 

প্রশ্ন ২ : কামৰাজ আঁচনি কি? কে কামৰাজৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৯৬৩ চনত কংগ্ৰেছ দলৰ সভাপতি কে কামৰাজে দলৰ মজিয়াত এইটো প্রস্তাৱ আগবঢ়াইছিল যে - সকলাে জ্যেষ্ঠ কংগ্রেছীয়ে দলীয় পদৰীৰ পৰা পদত্যাগ কৰিব লাগে যাতে নতুন প্রজন্মৰ কৰ্মীসকলৰ বাবে দলত স্থান ওলায় আৰু দলটো পৰিচালনা কৰিবলৈ সুযােগ লাভ কৰে। ইয়াকে কামৰাজ আঁচনি বুলি কোৱা হয়।

কে কামৰাজ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্রিয় কর্মী aaছিল। তেওঁ কংগ্ৰেছ দলৰ সভাপতি আৰু মাদ্ৰাজ ৰাজ্যৰ মুখ্যমন্ত্রী আছিল। তেওঁ নিজে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছিল আৰু সেয়েহে তেওঁ শিক্ষা বিস্তাৰৰ কাৰণে অশেষ চেষ্টা কৰিছিল। তেওঁ আনকি স্কুলীয়া ছাত্র-ছাত্রীৰ বাবে মধ্যাহ্ন ভােজন আঁচনি প্ৰৱর্তন কৰিছিল।

প্রশ্ন ৩ : ১৯৬০ চনক কিয় ‘বিপদজনক দহ বছৰ বােলা হয়।
উত্তৰ : ১৯৬০ চনক বিপদজনক দহ বছৰ বােলা হয়। কাৰণ -, সেই সময়ত বিভিন্ন সমস্যা যেনে দৰিদ্ৰতা, অসমান, সাম্প্রদায়িক আৰু আঞ্চলিক বিভাজন ইত্যাদি দেখা দিছিল। এই সমস্যাসমূহে গণতান্ত্রিক লক্ষ্য বা দেশত সংহতিত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি শংকা কৰিছিল। এই সময়তে নেহৰুৰ মৃত্যু হৈছিল যিটো ভাৰতবৰ্ষৰ বাবে এটা বৃহৎ ক্ষতি আছিল। ভাৰতবৰ্ষৰ নেতৃত্ব কোনে দিব, সেইটো এটা সমস্যা হৈ পৰিছিল। বহুতে মন্তব্য কৰিছিল যে অন্যবােৰ নতুন স্বাধীন ৰাষ্ট্রৰ দৰে ভাৰতবর্ষও গণতান্ত্রিক আদৰ্শৰ ৰাষ্ট্ৰ হিচাপে পৰিচয় হেৰুৱাব পাৰে। এই সময়ছােৱাত দেশত বহুত সংকটে dekkha দিছিল।



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code