Recent in Technology

দ্বিমেৰুৰ অৱসান(L-2) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][দ্বিমেৰুৰ অৱসান][Part A][additional Q/A


দ্বিমেৰুৰ অৱসান(L-2) Important-Additional Q/A






👉 Table of Content 👌






(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : কোন চনত ৱাৰঞ্চ’ চুক্তি ভংগ কৰা হৈছিল? 
উত্তৰ : ১৯৮৯ চনত। 

প্রশ্ন ২ : কোনখন দেশৰ পতনে দ্বিতীয় বিশ্বৰ’ পতন বুলি জনা যায় ? 
উত্তৰ : ছােভিয়েট ইউনিয়ন। 

প্রশ্ন ৩ : কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অৱসান হয় ? 
উত্তৰ : ছােভিয়েট ইউনিয়ন।

প্রশ্ন ৪ : কোন চনত ৰাছিয়াই পূৰ্বৰ ছােভিয়েট ইউনিয়নৰ আসন ৰাষ্ট্ৰসংঘত গ্রহণ কৰিছিল ?
উত্তৰ : ১৯৯১ চনত।

প্রশ্ন ৫: পূর্বৰ ছােভিয়েট ইউনিয়নত কিমানখন গণৰাজ্য আছিল? 
উত্তৰ : ১৫ খন।

প্রশ্ন ৬ : বলচেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক কোন? 
উত্তৰ : য়াল্টচিন । 

প্রশ্ন ৭ : ৰাছিয়াৰ প্রথম নির্বাচিত ৰাষ্ট্রপতি কোন?
উত্তৰ : য়াল্টচিন । 

প্রশ্ন ৮ : শ্বক থেৰাপি বা আতংক প্রতিকাৰ কি?
উত্তৰ : ছােভিয়েট ৰাছিয়াৰ ভাঙোনৰ পিছত এই ৰাষ্ট্ৰসমূহ পুঁজিবাদী ব্যৱস্থা গ্রহণ কৰাৰ ফলত যি ত্ৰাসৰ সৃষ্টি হৈছিল তাৰ পৰা উপশম পাবলৈ বিশ্ব বেংক আৰু আন্তর্জাতিক মুদ্রা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াকে আতংক প্রতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াকে আতংক প্রতিকাৰ ব্যৱস্থা বােলে।

প্রশ্ন ৯ : ছােভিয়েট ইউনিয়নত কোনে অর্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল।
উত্তৰঃ মিখাইল গর্বাচেভে।


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : ইতিহাসৰ আটাইতকৈ বৃহৎতম পেলনীয়া সামগ্ৰীৰ বিক্ৰী (garbage sale) বুলিলে কি বুজা?
উত্তৰঃ ছােভিয়েট ইউনিয়নৰ পতনৰ পিছত তাৰ অর্থব্যবস্থা পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে গ্রহণ কৰা আতংক প্রতিকাৰ ব্যৱস্থা ফলদায়ক হ'ব পৰা নাছিল। প্ৰকৃততে এই ব্যৱস্থাই নতুনকৈ স্বাধীন হােৱা ছােভিয়েট ৰাষ্ট্ৰবোৰৰ অর্থ ব্যবস্থা ধ্বংস কৰি পেলাইছিল। ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্রিত উদ্যোগবােৰ সম্পূর্ণরূপে বন্ধ হৈ পৰিছিল আৰু ৯০ শতাংশ উদ্যোগ ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰী কৰি দিয়া হৈছিল। অতি ব্যবহাপােযোগী উদ্যোগবােৰ মূল্য একেবাৰে কম নির্ধাৰণ কৰি পেলনীয় সামগ্রীৰ দামত বিক্ৰী কৰিবলগীয়া হৈছিল। ইয়াকে ইতিহাসৰ আটাইতকৈ বৃহত্তম পেলনীয় সামগ্ৰীৰ বিক্ৰী বুলি কোৱা হয়।

প্রশ্ন ২ : ছােভিয়েট ৰাছিয়াৰ সাম্যবাদী সাম্রাজ্য কিদৰে এখনৰ পিছত আনখনৰ পতন ঘটিছিল ?
উত্তৰ : ১৯৮৫ চনত মিখাইল গর্বাচেভে ছােভিয়েট ইউনিয়নৰ ৰাষ্ট্রপতি হিচাপে কার্যভাৰ গ্ৰহণ কৰিয়ে যি সংস্কাৰ মূলক নীতি গ্রহণ কৰিছিল তাৰ পৰিণতিত অতি কম দিনৰ ভিতৰতে ছােভিয়েট ৰাছিয়াৰ অন্তৰ্গত গণৰাজ্যবােৰে এখনৰ পিছত আনখন ওলাই গৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘােষণা কৰিছিল। ১৯৮৮ চনত প্ৰথমতে লিৰােৱানিয়া স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল আৰু পিছলৈ আন আন প্রজাতন্ত্ৰবােৰলৈ বিয়পি পৰে। ১৯৯০ চনৰ মাৰ্চ মাহত লিৰােৱানিয়াক স্বাধীন বুলি ঘােষণা কৰা হয়। ১৯৯০ চনৰ জুন মাহত ৰাচিয়াৰ সংসদে নিজকে ছােভিয়েট ইউনিয়নৰ পৰা স্বাধীন বুলি ঘােষণা কৰে। ১৯৯১ চনৰ ছেপ্টেম্বৰ মাহত এষ্টনিয়া, লাটভিয়া আৰু লিথুনিয়াই ৰাষ্ট্ৰসংঘৰ সদস্য পদ লাভ কৰিছিল।

প্রশ্ন ৩ : ছােভিয়েট ইউনিয়নৰ হঠাতে হােৱা পতনৰ কাৰণবােৰ উল্লেখ কৰা। 
উত্তৰঃ ছােভিয়েট ইউনিয়নৰ পতনৰ পিছত তাৰ অর্থব্যবস্থা পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে গ্রহণ কৰা আতংক প্রতিকাৰ ব্যৱস্থা ফলদায়ক হ'ব পৰা নাছিল। প্ৰকৃততে এই ব্যৱস্থাই নতুনকৈ স্বাধীন হােৱা ছােভিয়েট ৰাষ্ট্ৰবোৰৰ অর্থ ব্যবস্থা ধ্বংস কৰি পেলাইছিল। ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্রিত উদ্যোগবােৰ সম্পূর্ণরূপে বন্ধ হৈ পৰিছিল আৰু ৯০ শতাংশ উদ্যোগ ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰী কৰি দিয়া হৈছিল। অতি ব্যবহাপােযোগী উদ্যোগবােৰ মূল্য একেবাৰে কম নির্ধাৰণ কৰি পেলনীয় সামগ্রীৰ দামত বিক্ৰী কৰিবলগীয়া হৈছিল। ইয়াকে ইতিহাসৰ আটাইতকৈ বৃহত্তম পেলনীয় সামগ্ৰীৰ বিক্ৰী বুলি কোৱা হয়।

প্রশ্ন ৪ : ছােভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ :  
  1. যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা আৰু
  2. সাম্যবাদী ৰাজনৈতিক দলৰ একনায়কত্ববাদ।

প্রশ্ন ৫ : আতংক প্রতিকাৰৰ দুটা নকৰাত্মক পৰিমাণ উল্লেখ কৰা। 
উত্তৰ : 
  1. ৰাজহুৱা খণ্ডৰ উদ্যোগবােৰ অতি কম দামত বিক্ৰী কৰিবলগীয়া হৈছিল 
  2. ৰাছিয়াৰ মুদ্রা মূল্য হ্রাস। 

প্রশ্ন ৬ : আতংক প্রতিকাৰৰ ৰাজনৈতিক পৰিণামবােৰ কি কি? 
উত্তৰ : 
  1. পুঁজিবাদী শাসনব্যৱস্থাৰ সম্প্ৰসাৰণ। 
  2. ছােভিয়েট বাণিজ্যিক গােষ্ঠীৰ পতন আৰু ইউৰােপিয়ান ইউনিয়নত যােগদান।
  3.  উদাৰনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰা হৈছিল যদিও বহুতাে ৰাষ্ট্ৰত ৰাষ্ট্রপতি গৰাকীয়ে বিৰােধক কোনাে প্রশ্রয় দিয়া নাছিল।
  4. স্বাধীন হােৱা ৰাষ্ট্ৰবােৰৰ দ্বাৰা স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ (CIS) গঠন।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১: গর্বাচেভৰ সংস্কাৰ নীতিবােৰৰ বৈশিষ্ট্যবােৰ পৰীক্ষা কৰা।
উত্তৰ : (ক) ৰাছিয়া সংঘৰ ৰাষ্ট্রপতি মিখাইল গর্বাচেভে ৰাছিয়ান প্রজাতন্ত্রবােৰৰ বিকাশ সাধনৰ বাবে প্রধানকৈ দুটা সংস্কাৰ মূলক নীতি গ্রহণ কৰিছিল। এটা হ’ল - Glasnost আৰু আনটো Perestroika Glasnost আনটো হল মুক্ত অৱস্থা আৰু Perestroika মানে হ’ল পুনগঠন

(খ) গর্বাচেভৰ এই সংস্কাৰে পশ্চিমীয়া ৰাজনৈতিক দর্শন আৰু মুক্ত অর্থনীতিৰ পথ মুকলি কৰে।

(গ) গর্বাচেভৰ সংস্কাৰ কাৰা নীতিৰ দ্বাৰা উৎসাহিত হৈ বিভিন্ন জনগােষ্ঠীৰ লােকে স্বাধীনতাৰ দাবী উত্থাপন কৰে আৰু জাতীয়তাবাদী তথা বিচ্ছিন্নতাবাদী আন্দোলনে মূৰ দাঙি উঠে।

(ঘ) গর্বাচেভে গ্ৰহণ কৰা সংস্কাৰ সমূহ যুক্তিসহকাৰে জনসাধাৰণৰ ওচৰত প্ৰতিপন্ন নকৰাৰ ফলত তেওঁ জনসমর্থন হেৰুৱায় আৰু এই সংস্কাৰে ছােভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণ হৈ পৰে।

প্রশ্ন ২ : ছােভিয়েট ব্যৱস্থাৰ ওপৰত এটা টোকা লিখা।
উত্তৰ : ১৯১৭ চনত ৰুছ বিপ্লৱৰ ফলস্বৰূপে সৃষ্টি হােৱা ছােভিয়েট ৰাছিয়াত সাম্যবাদী শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছিল। এই ব্যৱস্থাই ৰাষ্ট্ৰক আৰু দলীয় ব্যৱস্থাক প্রাধান্য দিছিল ইয়াত সাম্যবাদী দলে সর্বহাৰৰ নামত একনায়কত্ববাদী শাসন ব্যৱস্থা পৰিচালনা কৰিছিল আৰু বিৰােধী দলক কোনাে ঠাই দিয়া হােৱা নাছিল। অর্থনৈতিক ক্ষেত্ৰত ছােভিয়েট ব্যৱস্থাত ব্যক্তিবাদৰ বা পুঁজিবাদৰ কোনাে স্থান নাছিল। ব্যক্তিগত সম্পত্তিৰ বিলােপ সাধন কৰি ৰাষ্ট্ৰীয় মালিকনাস্বত্ব প্রৱর্তন কৰা হৈছিল। এই ব্যৱস্থাত ৰাজনৈতিক সমতাৰ পৰিৱর্তে অর্থনৈতিক সমতাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছিল।

প্রশ্ন ৩ : ছােভিয়েট ব্যৱস্থাৰ আসোঁৱাহবােৰ উল্লেখ কৰা।
উত্তৰ : ছােভিয়েট ব্যৱস্থাই যদিও বহুতাে বিষয়ত দক্ষতা অর্জন কৰিছিল, কিন্তু এই ব্যৱস্থাৰ বহুতে দুর্বলতা আছিল। এইবােৰ হ’ল -

  • (ক) এই ব্যৱস্থা অধিক পৰিমাণে আমােলাতান্ত্রিক আৰু কেন্দ্রীয়কৰণ হােৱাত জনসাধাৰণ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল।
  • (খ) নাগৰিকৰ কোনাে ৰাজনৈতিক আৰু বাক স্বাধীনতা নাছিল।
  • (গ) প্রায় সকলােবােৰ প্রতিষ্ঠান সাম্যবাদী দলৰ নিয়ন্ত্রণত আছিল আৰু জনসাধাৰণৰ ওপৰত দায়বদ্ধ নথকাৰ বাবে এইবােৰৰ সংস্কাৰৰ অতি প্রয়ােজন আছিল। 
  • (ঘ) ছােভিয়েট ব্যৱস্থাত যদিও ১৫ খন ৰাজ্য আছিল। কিন্তু ৰাছিয়াহে সকলােতে অধিক প্রাধন্যতা লাভ কৰিছিল।
  • (ঙ) ছােভিয়েট ব্যৱস্থা যথেষ্ট স্বেচ্ছাচাৰী আৰু অগণতান্ত্রিক আছিল। যিকোনাে ধৰণৰ বিৰােধক কঠোৰ হাতেৰে দমন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code