Recent in Technology

এটা দলৰ আধিপত্যৰ যুগ(L-10) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][এটা দলৰ আধিপত্যৰ যুগ][Part B][additional Q/A


এটা দলৰ আধিপত্যৰ যুগ(L-10) Important-Additional Q/A



👉Table Of Content👈





(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):

প্রশ্ন ১ : কি কি পৰিস্থিতিত ভাৰতীয় দলীয় ব্যৱস্থাৰ উৎপত্তি হৈছিল? 
উত্তৰঃ স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত আৰু দলীয় মতানৈক্য তথা আঞ্চলিক আৰু সাম্প্রদায়িক স্বার্থ সুৰক্ষাৰ বাবে ভাৰতত দলীয় ব্যৱস্থাৰ উৎপত্তি হৈছিল। 

প্রশ্ন ২: ভাৰতত কংগ্ৰেছ দল কেতিয়া আৰু কাৰ দ্বাৰা গঠিত হৈছিল? 
উত্তৰ : ১৮৮৫ চনত আৰু এ. ও. হিউমৰ দ্বাৰা। 

প্রশ্ন ৩ : প্রথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলক কোনে নেতৃত্ব দিছিল?
উত্তৰ : জৱাহৰলাল নেহৰুৱে।

প্রশ্ন ৪ : ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) বহুদলীয় ব্যৱস্থাৰ প্রচলন।
  • (খ) সাম্প্রদায়িক আৰু আঞ্চলিক দলৰ উপস্থিতি। 

প্রশ্ন ৫: কেতিয়া ভাৰতীয় সংবিধানখন বলবৎ হৈছিল ? 
উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

প্রশ্ন ৬ : ১৯৫৭ চনত কেৰেলাত কোন দলে চৰকাৰ গঠন কৰিছিল ? 
উত্তৰ : সাম্যবাদী দলে।

প্রশ্ন ৭ : কোন চনত সমাজবাদী দল গঠন কৰা হৈছিল ? 
উত্তৰ : ১৯৪৮ চনত। 

প্রশ্ন ৮ : ভাৰতীয় জনতা পার্টি ঘাই শিপা কোনটো ৰাজনৈতিক দলত আছিল?
উত্তৰ : ভাৰতীয় জন সংঘ। 

প্রশ্ন ৯ : কোন চনত এটা দলৰ আধিপত্যতাৰ যুগ আৰম্ভ হৈছিল ? 
উত্তৰ : ১৯৫২ চনত। 

প্রশ্ন ১০ : এছিয়া মহদেশৰ আটাইতকৈ পুৰণি ভাৰতীয় দলটোৰ নাম কি ?
উত্তৰ : ভাৰতীয় জাতীয় কংগ্রেছ।

প্রশ্ন ১১ : দীন দয়াল উপাধ্যায় কোন আছিল? 
উত্তৰ : দীন দয়াল উপাধ্যায় আছিল ভাৰতীয় জনসংঘৰ এজন অন্যতম নেতা।

প্রশ্ন ১২ : কোনে কংগ্ৰেছক সমন্নয় সংগঠন (Umbrella organisation) বুলি কৈছে?
উত্তৰঃ অম্বেদকাৰে।

প্রশ্ন ১৩ : কোন চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশন অনুষ্ঠিত হৈছিল? 
উত্তৰ : ১৯৫৯ চনত।

প্রশ্ন ১৪ : খালী ঠাই পূৰ কৰা।

(ক) স্বতন্ত্র দলৰ পৰিচালনামূলক অন্যতম এটা নীতি হ’ল __ 
উত্তৰ : অর্থনৈতিক স্বতন্ত্রতা।

(খ) দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত দ্বিতীয় সর্ববৃহৎ আসন লাভ কৰা দলটো আছিল __?
উত্তৰ : ভাৰতীয় সাম্যবাদী দল।


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : ভাৰতীয় জন সংঘ কোন চনত গঠিত হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ?
উত্তৰ : ১৯৫১ চনত আৰু ইয়াৰ সভাপতি আছিল শ্যামা প্রসাদ মুখার্জী। 

প্রশ্ন ২ : কেতিয়া কংগ্ৰেছ দল গঠিত হৈছিল আৰু কাৰ দ্বাৰা ? 
উত্তৰ : ১৮৮৫ চনত আৰু এ, ও, হিউম। 

প্রশ্ন ৩ : সমাজবাদী দল দুজন নেতাৰ নাম লিখা। 
উত্তৰ : 
  • (ক) জয়প্রকাশ নাৰায়ণ। 
  • (খ) ৰাম মনােহৰ লােহিয়া। 

প্রশ্ন ৪ : ভাৰতৰ এটা দলৰ আধিপত্যতাৰ যুগটো উল্লেখ কৰা।
উত্তৰ : কেন্দ্ৰত ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ আৰু ৰাজ্যত ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈ।

প্রশ্ন ৫ : ভাৰতীয় জনসংঘৰ যিকোনাে দুটা আদৰ্শৰ নাম উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) একত্রিত আৰু অখণ্ড ভাৰতবর্ষ। 
  • (খ) চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাক স্বীকৃতি। 

প্রশ্ন ৬ : ভাৰতৰ যিকোনাে দুটা জাতীয় ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম প্রতীকসহ উল্লেখ কৰা।
উত্তৰ : 
  • (ক) ভাৰতীয় জাতীয় কংগ্ৰেছ, (প্রতীক-হাত)
  • (খ) ভাৰতীয় জনতা পার্টি, (প্রতীক পদুম ফুল)।

প্রশ্ন ৭ : ভাৰতবৰ্ষৰ নিচিনা এখন দেশত মুক্ত আৰু কি নির্বাচন অনুষ্ঠিত কৰিবলৈ এয়ােজন হােৱা দুটা আৱশ্যকতাৰ নাম উলেখ কৰা।
উত্তৰ : 
  • (ক) শিক্ষিত আৰু ৰাজনৈতিকভাৱে সতন নাগৰিকৰ উপস্থিতি। 
  • (খ) সাম্প্রদায়িক দৃষ্টিভংগী পৰিত্যাগ কৰা। 

প্রশ্ন ৮ : ভাৰতৰ সাম্যবাদী দলৰ প্রধান নেতাসকল কোন কোন আছিল? 
উত্তৰ : 
  • (ক) এ. কে. গােপালন। 
  • (খ) এছ. এ. ডাংগে। 
  • (গ) পি. চি. যােশী। 
  • (ঘ) অজয় ঘােষ। 
  • (ঙ) পি. সুন্দৰিয়া আদি।

প্রশ্ন ৯ : ১৯৫২ চনৰ পৰা ১৯৬৭ চনৰ ভিতৰত অনুষ্ঠিত নির্বাচনত কংগ্ৰেছ দলে ক্ষমতা দখল কৰিব নােৱাৰা যিকোনাে দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰ : (ক) কেৰেলা আৰু (খ) বিহাৰ। 

প্রশ্ন ১০ : ভাৰতীয় জনতা পার্টি কেতিয়া আৰু কাৰ নেতৃত্বত গঠিত হৈছিল ? 
উত্তৰ : ১৯৮০ চনত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত। 

প্রশ্ন ১১ : খালী ঠাই পূৰ কৰা 

(ক) __চনত অনুষ্ঠিত প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত কৰা হৈছিল? 
উত্তৰ : ১৯৫১-৫২ চনত আৰু ৰাজ্যিক বিধানসভা নির্বাচন।

(খ) __ চনত কেন্দ্ৰৰ শাসনত থকা কংগ্ৰেছ দলৰ চৰকাৰে __ ৰ সাম্যবাদী দলৰ চৰকাৰখন ভংগ কৰি দিছিল।
উত্তৰ : ১৯৫৯ চনত আৰু কেৰেলাৰ সাম্যবাদী দলৰ চৰকাৰ ।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : বি. আৰ আম্বেদকাৰ কোন আছিল আৰু তেওঁ কাৰ কাৰণে সংগ্রাম কৰিছিল?
উত্তৰ : বি. আৰ আম্বেদকাৰ ভাৰতীয় সংবিধান ৰচনাৰ খচৰা সমিতিৰ সভাপতি আছিল তেওঁ দলীত সম্প্রদায়ৰ কাৰণে সংগ্রাম কৰিছিল। আম্বেদকাৰে ভাৰতীয় স্বাধীনতা আন্দোলনত আগভাগ লৈছিল। তেওঁ ভাৰতীয় সমাজৰ পিছপৰা শ্ৰেণীটোক প্রতিনিধিত্ব কৰিছিল আৰু সংবিধানত এই শ্রেণীবােৰৰ প্ৰতি উচ্চ শ্ৰেণীয়ে গ্রহণ কৰা ব্যৱস্থাবােৰ প্রতিৰােধ কৰিবৰ কাৰণে কিছুমান ব্যৱস্থা সন্নিবিষ্ট কৰাৰ ওপৰত গুৰুত্ব দিছিল। আনকি এই শ্ৰেণীটোৰ বাবে আসন সংৰক্ষণৰ জৰিয়তে তেওঁ তেওঁলােকক ৰাষ্ট্ৰৰ তৰফৰ পৰা বিশেষ সুবিধা প্রদানৰ সমর্থন কৰিছিল।

প্রশ্ন ২ : কংগ্ৰেছ দলক কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্র বিন্দু বুলি কোৱা হয় চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ : ভাৰতীয় ৰাজনীতিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰম্ভণিৰ পৰা গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। এই দলটোক ভাৰতীয় ৰাজনীতিৰ কেন্দ্র বিন্দু বুলি কোৱা হয়। কাৰণ -

(ক) কংগ্ৰেছ দল হ'ল ভাৰতীয় ৰাজনীতিৰ লাইখুটা স্বৰূপ। এই দলটোৰ পৰা ভাৰতৰ প্রায় আটাইবােৰ ৰাজনৈতিক দল উৎপত্তি হৈছে।

(খ) কংগ্ৰেছ দলটোৱে হ’ল - ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল। এই দলটোৱে ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰিবঠা ধৰিছিল।

(গ) স্বাধীনােত্তৰ ভাৰতৰ ৰাজনৈতিক আদর্শ, ৰাজনৈতিক আচৰণ, ৰাজনৈতিক সংস্কৃতি, ৰাজনৈতিক দর্শন আদিত সম্পূর্ণ ৰূপে কংগ্ৰেছ দলে প্রভূত বিস্তাৰ কৰি আহিছে।

(ঘ) স্বাধীনােত্তৰ ভাৰতৰ নির্বাচনবােৰত (কেন্দ্ৰ আৰু ৰাজ্য উভয়তে) কংগ্ৰেছ দলে একক বৃহৎ দল হিচাপে পৰিগণিত হৈছে। আনকি প্রায় পঞ্চাশ বছৰ সময় এই দলটোৱে চৰকাৰ গঠন কৰি দেশ শাসনত বাঘজৰি লাভ কৰিছে।

প্রশ্ন ৩ : ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কিমানটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ৰ ৰাজনৈতিক দলে অংশগ্রহণ কৰিছিল ?
উত্তৰ : দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু ৫০ টাতকৈ
অধিক ৰাজ্যিক পর্যায়ৰ ৰাজনৈতিক দলে অংশ গ্রহণ কৰিছিল।

প্রশ্ন ৪ : বাওঁপন্থী দলবােৰৰ নীতি আৰু কাৰ্যসূচীৰ বিষয়ে ব্যাখ্যা কৰা। 
উত্তৰ : ভাৰতৰ সাম্যবাদী দল, ভাৰতৰ সাম্যবাদী (মার্ক্সবাদী) দল, সমাজবাদী দল তলিয়ে হ’ ( প্রধান পন্থী দল। এই দলৰে গ্ৰহণ কৰা প্রধান গীতি | কাৰ্যসূচীবোৰ হ'ল এনে ধৰণৰ -

  • (ক) ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী) আদর্শগত ফালৰ পৰা মার্ক্সবাদী-লেনিনবাদী আদর্শ বিশ্বাসী। পুঁজিবাদ, সামন্তবাদ আৰু সাম্রাজ্যবাদীৰ অৱসান ঘটাই এই দলে শ্রমিক শ্ৰেণীৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰিব বিচাৰে। এই লক্ষ্যত উপনীত হােৱাৰ বাবে এই দলে শ্রমিক, কৃষক আৰু মেহনতী জনতাক সংগঠিত কৰি ৰাষ্ট্রৰ শাসন হস্তগত কৰিব বিচাৰে।
  • (খ) এই দলে ব্যক্তিগত মালিকীস্বত্বৰ সম্পূর্ণভাৱে ধ্বংস কৰিব বিচাৰে। সেয়েহে দলে দেশী-বিদেশী একচেটিয়া উদ্যোগসমূহৰ জাতীয়কৰণৰ ওপৰত গুৰুত্ব দিয়ে। 
  • (গ) দলে xomantobadi শােষণৰ অৱসান ঘটাই কৃষকৰ অৱস্থাৰ উন্নতি সাধিব বিচাৰে। 
  • (ঘ) এই দলে ৰাজ্যসমূহৰ হাতত অধিক ক্ষমতা অর্পণ কৰিব লাগে বুলি দৃঢ়ভাৱে ঘােষণা কৰে।
  • (ঙ) মার্ক্সবাদী দলে কামৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ পক্ষপাতি।
  • (চ) দেশত চলি থকা বুর্জোৱা সামন্ত প্রভু শ্ৰেণীৰ আধিপত্য আৰু আমােলাতন্ত্ৰৰ ক্ষমতাৰ অৱসান ঘটাবলৈও দাবী জনায়।
  • (ছ) দ্বাদশ শ্রেণী পর্যন্ত ছাত্র-ছাত্ৰীক বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্রদান কৰা, ধর্মনিৰপেক্ষ আৰু বৈজ্ঞানিক শিক্ষাৰ প্ৰসাৰ ঘটোৱা।
  • (জ) দলিত, অনুসূচীত জাতি আৰু জনজাতিৰ স্বাৰ্থ ৰক্ষণাবেক্ষণ দিয়া, সংখ্যালঘু সম্প্রদায়ৰ স্বাৰ্থৰক্ষা কৰা।
  • (ঝ) সামৰিক ক্ষেত্ৰত ব্যয় হ্রাস কৰা।
  • (ঞ) দ্রব্যমূল্য প্রতিৰােধ কৰা।
  • (ট) এই দল সাম্প্রদায়িকতাবাদ, উগ্রজাতীয়তাবাদ, বিচ্ছিন্নতাবাদৰ তীব্র বিৰােধী। 
  • (ঠ) বৈদেশিক নীতিৰ ক্ষেত্ৰত এই দলে সাম্রাজ্যবাদ বিৰােধী নীতিৰ পােষকতা কৰে আৰু সমাজবাদী দেশসমূহৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তােলাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।

প্রশ্ন ৫ঃ ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হােৱাৰ যিকোনাে চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰ : ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হােৱাৰ চাৰিটা কাৰণ হল -

  • (ক) ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ বিফল হােৱাৰ পিছৰ পৰা কোনাে এটা ৰাজনৈতিক দলে সংখ্যাগরিষ্ঠতা লাভ কৰিবলৈ বিফল হােৱাৰ লগে লগে ভাৰতত মৰ্চা চৰকাৰৰ ৰাজনীতি তাৰম্ভ হয়। 
  • (খ) ভাৰতীয় ৰাজনীতি শক্তিশালী বিৰােধী দলৰ অভাৱে ভাৰতীয় ৰাজনীতিৰ অস্থিৰতা ৰােধ কৰিবৰ কাৰণে মৰ্চা যুগৰ সূচনা হয়।
  • (গ) আঞ্চলিকতাবাদী ৰাজনীতি আৰম্ভ হােৱাৰ ফলস্বৰূপে আঞ্চলিকতাবাদী শিবিৰ সমুহে একত্ৰিত হৈ মৰ্চা গঠন কৰে।
  • (ঘ) ভাৰতত প্রচলিত বহুদলীয় ব্যৱস্থা আৰু ভাৰতত ক্রমবর্ধমান গতিত বৃদ্ধি হােৱা ৰাজনৈতিক দলৰ সংখ্যাই মৰ্চা ৰাজনীতি উৎপত্তি হােৱাত অৰিহণা আগবঢ়ায়। 

প্রশ্ন ৬ : ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰ : ভাৰতবর্ষ এখন গণতান্ত্রিক গণৰাজ্য। এনে এখন গণতান্ত্রিক দেশৰ বাবে ৰাজনৈতিক দলসমূহ অপৰিহাৰ্য হৈ পৰিছে। ভাৰতৰ ৰাজনৈতিক দলসমূহৰ বিশেষ কিছুমান বৈশিষ্ট্য আছে। এনে বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হ'ল -

(ক) সাংবিধানিক স্বীকৃতি নাই : সংবিধান ৰচনা কৰাৰ বহু বছৰ আগতেই ভাৰত ৰাজনৈতিক দল সৃষ্টি হৈছে। ভাৰতৰ, সংবিধানত কিন্তু ৰাজনৈতিক দল সম্পর্কে কোনাে উল্লেখ নাই। কিন্তু নির্বাচন আয়ােগে ৰাজনৈতিক দলসমূহক স্বীকৃতি প্রদান কৰে। কোন দলক সৰ্বভাৰতীয় দল আৰু কোন দলক আঞ্চলিক দল হিচাপে স্বীকৃতি দিয়া হ’ব সেই সম্পর্কে নির্বাচনী আয়ােগে সিদ্ধান্ত গ্রহণ কৰে।

(খ) বহুদলীয় ব্যৱস্থা : ভাৰতবৰ্ষত ইংলেণ্ড বা আমেৰিকাৰ দৰে দ্বি-দলীয় ব্যৱস্থা নাই। ইয়াত বহু দলৰ সমাৱেশ ঘটিছে। ভাৰতবৰ্ষৰ নিচিনা দেশ এখনৰ বাবে দ্বি-দলীয় ব্যৱস্থায়ে অধিক কার্যকৰী। কিন্তু ভাৰতবৰ্ষত পৃথক পৃথক লক্ষ্য আগত ৰাখি বহু দল গঠন কৰা হৈছে।

(গ) শক্তিশালী বিৰােধ দলৰ প্ৰভাৱ : ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা থকাৰ বাবে শক্তিশালী বিৰােধী দল গঢ়ি উঠিব পৰা নাই। শক্তিশালী বিৰােধী দলৰ অনুপস্থিতি ভাৰতীয় গণতন্ত্রৰ এক প্ৰত্যাহ্বানস্বরূপ।

(ঘ) জাতি, ভাষা আদিৰ ভিত্তিত দল গঠন : জাতি, ভাষা আদিৰ ভিত্তিত ৰাজনৈতিক দল গঠনৰ উদাহৰণ ভাৰতত নােহােৱা নহয়। পেন্থাৰপার্টি, বহুজন সমাজ পার্টি আদি দল অনুসূচীত জাতিৰ স্বাৰ্থৰক্ষাৰ কাৰণে গঠিত হােৱা দল। DMK আৰু AIADMK ভাষাৰ ভিত্তিত গঠিত দল বুলিব পৰা যায়। শিৱসেনা, মুছলীম লীগ আদি দলে বিভিন্ন সম্প্রদায়ক প্রতিনিধিত্ব কৰে।

প্রশ্ন ৭ : ভাৰতৰ দলীয় ব্যৱস্থাৰ প্ৰকৃতিৰ বিষয়ে তুমি কিদৰে বিৱৰণ দিয়া? 
উত্তৰ : ভাৰতৰ দলীয় ব্যৱস্থাৰ প্ৰকৃতিৰ বিষয়ে তলত আলােচনা কৰা হ'ল - 

(ক) বহুদলীয় প্রকৃতি : ভাৰতৰ দলীয় ব্যৱস্থা হ'ল বহুদলীয় প্ৰকৃতিৰ। ইয়াত  ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পর্যায়ত বহুতাে ৰাজনৈতিক দলৰ প্ৰচলন আছে।

(খ) এক দলৰ আধিপত্যতা : ভাৰতৰ দলীয় ব্যৱস্থা যদিও বহুদলীয়, কিন্তু ইয়াত কেৱল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰি আহিছে।

(গ) সাম্প্রদায়িক আৰু জাতি ভিত্তিক ৰাজনৈতিক দল : শিৱসেনা, মুছলীম লীগ, ডি এম কে, এ ডি এম কে আদি হ’ল ভাৰতৰ সাম্প্রদায়িক আৰু জাতিৰ ভিত্তিত গঠিত ৰাজনৈতিক দল।

(ঘ) দল ত্যাগ ৰাজনীতি : ভাৰতৰ ৰাজনৈতিক দলবােৰত সঘনাই দলত্যাগ ৰাজনীতি পৰিলক্ষিত হােৱা দেখা যায়।

প্রশ্ন ৮ : ভাৰতত এক দলৰ আধিপত্যতাৰ যিকোনাে চাৰিটা কাৰণ উল্লেখ কথা। উত্তৰ : ভাৰতৰ ৰাজনীতিত ১৯৭৭ চনলৈ কেন্দ্ৰত আৰু ১৯৬৭ চনলৈ ৰাজ্যত কেৱল কংগ্ৰেছ দলেহে চৰকাৰৰ গঠন কৰিছিল বাবে এই যুগটোক এক দলৰ আধিপত্যতাৰ যুগ বলা হয়। ইয়াৰ প্ৰধান চাৰিটা কাৰণ হ'ল এনে ধৰণৰ -

  • (ক) ভাৰতীয় ৰাজনীতিত সংগঠিত আৰু শক্তিশালী বিৰােধী দলৰ অভাৱ, ইয়াৰ বিপৰীতে কংগ্ৰেছ দলটো যথেষ্ট শক্তিশালী আৰু সুসংগঠিত।
  • (খ) কংগ্ৰেছ দলটোৱে স্বাধীনতা আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল বাবে বহুতে এই দলটোক স্বাধীনতা আন্দোলনৰ একমাত্র প্রতিনিধি বুলি ভাবিছিল। 
  • (গ) স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰা নেতাসকলে স্বাধীন ভাৰতৰ নিৰ্বাচনত নেতৃত্ব বহন কৰিছিল বাবে তেওঁলােকৰ দ্বাৰা কংগ্ৰেছে জনপ্রিয়তা অর্জন কৰিছিল।
  • (ঘ) স্বাধীনতা আন্দোলনৰ সময়তে কংগ্ৰেছ দলটোৱে তৃনমুল পর্যায়ৰ পৰা ৰাষ্ট্ৰীয় পর্যায়লৈ ইয়াৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিছিল।

প্রশ্ন ৯ : ভাৰতৰ সমাজবাদী দলৰ লক্ষ্য আৰু উদ্দেশ্য সমূহ কি কি? এই দলটোৱে কিয় কংগ্ৰেছৰ ফলপ্রসু বিকল্প হিচাপে প্রতিষ্ঠিত কৰিব পৰা নাছিল ? 
উত্তৰ : ১৯৪৮ চনত ভাৰত সমাজবাদী দলৰ জন্ম হৈছিল। এই দলৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য সমূহ হ'ল -

সমাজবাদী দল গণতান্ত্রিক সমাজবাদত বিশ্বাসী। এই দলে জনস্বার্থজনিত বিষয়বােৰ ৰাষ্ট্ৰীয়কৰণৰ ওপৰত গুৰুত্ব দিয়ে শ্রমিক, কৃষক, সমাজৰ পিছপৰা শ্ৰেণীৰ আদিৰ কল্যাণ সাধন কৰা, সমাজবাদী আৰ্হিত সমাজ গঠন কৰা আদি নীতিৰ ওপৰত এই দলটোৱে গুৰুত্ব প্রদান কৰে।

ভাৰতৰ সমাজবাদী দলটো কংগ্ৰেছৰ পুঁজিবাদ প্রীতিৰ বিৰােধিতা কৰি উৎপত্তি হােৱা ৰাজনৈতিক দল। কিন্তু ১৯৫৫ চনত যেতিয়া কংগ্ৰেছ সমাজবাদী আৰ্হিৰ সমাজ প্রতিষ্ঠা কৰাৰ কথা ঘােষণা কৰিছিল তেতিয়া এই দলে বিপাঙত পৰিছিল। ইয়াৰ বাবে সমাজবাদী দল কংগ্ৰেছৰ বিকল্প দল হিচাপে প্রতিষ্ঠা কৰাত অসুবিধাই দেখা দিছিল। ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত এই দলটো বিভিন্ন ভাঙোনৰ সন্মুখীন হ'বলগীয়া হৈছিল।

প্রশ্ন ১০ : কংগ্ৰেছ দলক কিয় ভাৰতৰ ৰাজনীতিৰ কেন্দ্রবিন্দু বুলি কোৱা হয়?
উত্তৰ : প্রথম সাধাৰণ নিৰ্বাচনত ভাৰতৰ জাতীয় কংগ্ৰেছ জয়যুক্ত হয়। জাতীয় আন্দোলনৰ সময়ত কংগ্ৰেছ দলেই আছিল সমগ্ৰ ভাৰতত সংগঠিত দল। ভাৰতৰ ৰাজনীতিত নেহৰু অতি জনপ্রিয় আৰু প্ৰভাৱশালী নেতা তেওঁ দেশৰ প্ৰথমজন প্রধানমন্ত্রী আছিল। কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰে। প্রথম, দ্বিতীয় আৰু তৃতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে নিজৰ আধিপত্য বিস্তাৰ কৰে। ভাৰতৰ ৰাজনীতিত যদিও অন্য ৰাজনৈতিক দলসমূহে চৰকাৰ গঠন সময়ে সময়ে কৰিছে, তথাপি কংগ্ৰেছ দলৰ গুৰুত্বতা কম হােৱা নাই। সেয়েহে কংগ্ৰেছ দলক ভাৰতৰ ৰাজনীতিৰ কেন্দ্রবিন্দু বুলি কোৱা হয়।

প্রশ্ন ১১ : ‘ভাৰতত বিৰােধী হৈছে বিভক্ত হােৱা ঘৰ’ ব্যাখ্যা কৰা। 
উত্তৰ : ভাৰতীয় দলীয় ব্যৱস্থাৰ এটা অন্যতম প্রকৃতি হ’ল - শক্তিশালী বিৰােধী দলৰ অভাৱ আৰু অসংগঠিত তথা বিভিন্ন বিভাজনৰ সন্মুখীন হােৱা বিৰােধী দল। ভাৰতৰ বিৰােধী দলবােৰৰ মাজত কোনাে ধৰণৰ ঐক্য আৰু সংহতি নাই। এই দলবােৰে এখন ঐক্যবদ্ধ মঞ্চ তৈয়াৰ কৰিবলৈ সম্পূর্ণরূপে বিফল হৈছে। এই দলবােৰৰ মাজত সঘনাই মতানৈক্য সৃষ্টি হয়। ইয়াৰ মূল কাৰণ হ'ল - তেওঁলােকৰ ক্ষুদ্ৰ ন্যাস্ত স্বার্থ আৰু দলসমূহে লক্ষ্য তথা উদ্দেশ্য ভিন্নমুখিতা। কেন্দ্রীয় সংসদ তথা ৰাজ্যিক বিধান সভাত বিৰােধী একত্ৰিত হৈ চৰকাৰী দলৰ বিৰােধীতা কৰিবলৈ বিফল হৈছে। 

প্রশ্ন ১২ : স্বাধীনতাৰ পূৰ্বতে জন্ম হােৱা চাৰিটা ৰাজনৈতিক দলৰ নাম লিখা। 
উত্তৰঃ স্বাধীনতাৰ পূৰ্বতে জন্ম লাভ কৰা প্ৰধান চাৰিটা ৰাজনৈতিক দল হ’ল - 
  • (ক) ভাৰতীয় জাতীয় কংগ্ৰেছ (১৮৮৫ চন)
  • (খ) ভাৰতীয় সাম্যবাদী দল (১৯২৪ চন) 
  • (গ) মুছলীম লীগ (১৯০৬) 
  • (ঘ) কংগ্ৰেছ সমাজবাদী দল (১৯৩৪ চন) 

(ঘ) দীঘল প্রশ্নোত্তৰ ঃ (প্রত্যেকটোত ৭/৮ নম্বৰকৈ):


প্রশ্ন ১ : ভাৰতৰ সাম্যবাদী দল উৎপত্তি আৰু ভাঙোনৰ বিষয়ে বিৱৰণ দিয়া। 
উত্তৰ : ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ দ্বাৰা প্ৰভাৱিত হৈ ভাৰতত বহুতাে সমাজবাদী আৰু শ্ৰমিক অনুষ্ঠান প্রতিষ্ঠানৰ জন্ম হৈছিল। এই অনুষ্ঠান প্রতিষ্ঠান সমূহৰ এখন ৰাষ্ট্রীয় অভিৱৰ্তন ১৯২৪ চনত কানপুৰত অনুষ্ঠিত হৈছিল আৰু সেই অভিৱর্তনতে এটা প্রস্তাৱৰ ওপৰত ভিত্তি কৰি ১৯২৪ চনত ভাৰতৰ সাম্যবাদী দলৰ জন্ম হয়।

ভাৰতীয় সাম্যবাদী দলৰ সদস্যসকলৰ মাজত ১৯৫০ চনৰ পৰা ছােভিয়েট ৰাছিয়াৰ সাম্যবাদ আৰু চীনৰ সাম্যবাদক কেন্দ্ৰ কৰি সংঘাত আৰম্ভ হৈছিল। ১৯৬২ চনত চীনে ভাৰতবর্ষ আক্রমণ কৰাত নমপন্থী ভাৱধাৰাৰ সমর্থক সকলে ইয়াক গৰিহণা দিছিল আৰু চীনক আক্রমণকাৰী ৰাষ্ট্ৰ হিচাপে আখ্যা দিছিল। আনহাতে চীনৰ সাম্যবাদ সমর্থনকাৰীসকলে চীনক আক্রমণকাৰী হিচাপে অভিহিত কৰিব বিচৰা নাছিল। ফলস্বৰূপে এই সকল নেতাই ১৯৬৪ চনৰ জাতীয় পৰিষদৰ সভাখন বর্জন কৰিছিল আৰু গােপালানৰ নেতৃত্বত ‘ভাৰতৰ সাম্যবাদী দল (মার্ক্সবাদী) গঠন কৰিছিল। ১৯৭৭ চনত ভাৰতৰ সাম্যবাদী দলৰ পুনৰ বিভাজন ঘটিছিল আৰু জাঙ্গেৰ জী দেশপাণ্ডেৰ নেতৃত্বত ‘সর্বভাৰতীয় সাম্যবাদী দল’ নামৰ এটা নতুন দল গঠন হৈছিল।

প্রশ্ন ২ : ভাৰতত বিৰােধী দলৰ উৎপত্তিৰ বিষয়ে এটা টোকা লিখা। 
উত্তৰ : ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ আগতেই ভাৰতত কিছুমান বিৰােধী দলৰ জন্ম হৈছিল। সেইবােৰৰ ভিতৰত ১৯২৪ চনত জন্ম হােৱা ভাৰতৰ সাম্যবাদী দল, ১৯৪৮ চনৰ ভাৰতৰ সমাজবাদী দল ১৯৫০ চনৰ ভাৰতীয় জনসংঘ আদি অন্যতম। এই ৰাজনৈতিক দলবােৰে যদিও ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলক সম্পূর্ণরূপে পৰাভূত কৰিব পৰা নাছিল; কিন্তু ভাৰতত গণতান্ত্রিক আদৰ্শ আৰু পৰম্পৰাৰ বিকাশ সাধনত ভূমিকা পালন কৰিছিল। বিভিন্ন বিৰােধী দলবােৰে কংগ্ৰেছ দলৰ কার্যবােৰ আৰু নীতিবােৰ প্ৰায়ে নীতিগতভাৱে সমালােচনা কৰিছিল। বিৰােধী দাৰ এনে কাৰ্যই কংগ্ৰেছ দলক স্বেচ্ছাচাৰী হােৱাত বাধা প্রদান কৰিছিল।

প্রশ্ন ৩ : কংগ্ৰেছ দলৰ আধিপত্যতাৰ প্ৰকৃতিৰ বিষয়ে এটা তুলনামূলক বিশ্লেষণ দিয়া।
উত্তৰ : এটা ৰাজনৈতিক দলৰ আধিপত্য কেৱল ভাৰতবৰ্ষতে থকা দেখা নাযায়। বিশ্বৰ বিভিন্ন দেশত এটা দলৰ প্রাধান্যতাৰ উদাহৰণ দেখা যায়। কিন্তু ভাৰতীয় অভিজ্ঞতা আৰু সেইবােৰৰ মাজত পার্থক্য আছে। কিছুমান দেশত যেনে - কিউবা, চীন, চিৰিয়া আদিত সংবিধানে কেৱল এটা দলীয় ব্যৱস্থাৰ শাসনহে স্বীকৃতি দিছে। আনহাতে আন কিছুমান দেশত যেনে - ম্যানমাৰ, বেলাৰুছ, ইজিপ্ত আদিত বৈধ আৰু সামৰিক ( , নীতিৰ দ্বাৰা একদলীয় শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছে। কিন্তু ভাৰতৰ ক্ষেত্ৰত সম্পূর্ণ গণতান্ত্রিক শাসন ব্যবস্থা প্রতিষ্ঠা কৰা হৈছে আৰু মুক্ত নির্বাচনত কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভৰ জৰিয়তে এক দলীয় প্রাধান্যতা প্রতিষ্ঠা কৰিছে। ভাৰতত বিৰােধী দলক সম্পূৰ্ণৰূপে অসাংবিধানিক বা বে-আইনী বলি ঘােষণা কৰা নাই। এই দলবােৰেও নির্বাচনত সমানে প্রতিদ্বন্দিতা আগবঢ়াইছে। কেৱল বিভিন্ন কাৰণত বিৰােধী দলবােৰে নিজৰ স্থিতি মজবুত কৰিব নােৱাৰা বাবে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলৰ একনায়কত্ববাদী শাসন ব্যৱস্থা প্রতিষ্ঠিত হৈছে।

প্রশ্ন ৪ : ৰাজ্যিক পর্যায়ত কংগ্ৰেছ দলৰ অনিয়মিত আধিপত্যতাৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : ১৯৫২ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈলি; ১৯৫৭ চনৰ নির্বাচনতে কেৰেলাৰ বাহিৰে আন সকলােবােৰ ৰাজ্য আৰু (কদূত কংগ্ৰেছ দলেই চৰকাৰ গঠন কৰিছিল। কিন্তু কেৰেলাত প্রথমবাৰৰ বাবে কংগ্ৰেছ দলে বিপর্যৰ সন্মুখীন হৈছিল আৰু তাত ভাৰতৰ সাম্যবাদী দলে চৰকাৰ গঠন কৰিছিল। ১৯৬২ চনৰ নির্বাচনতে কংগ্ৰেছ দলে কেন্দ্ৰ আৰু আটাইবোৰ ৰাজ্যত চৰকাৰ গঠন কৰিছিল যদিও ১৯৬৭ চনৰ নিৰ্বাচনত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছে প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই নির্বাচনত অনা কংগ্ৰেছী কেবাটাও ৰাজনৈতিক দলে শক্তিশালী ৰূপত আত্মপ্রকাশ কৰি কংগ্ৰেছ দলক বিপদত পেলাইছিল। 

ৰাজনৈতিক পর্যালােচনাৰ মতে এই নির্বাচনৰ ফলাফল আছিল এক ৰাজনৈতিক ভূমিকম্প। ৰাজ্য বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে মুঠ সাতখন ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল আৰু দুখন ৰাজ্যত কেবাজনো বিধায়কে দলত্যাগ কৰাৰ ফলত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পৰা নাছিল। উল্লেখযােগ্য যে একেলগে মুঠ খন ৰাজ্যত অনাকংগ্ৰেছী মৰ্চা চৰকাৰ গঠন হৈছিল যদিও এই চৰকাৰ বেছিদিন বৰ্তি থাকিব পৰা নাছিল ।

প্রশ্ন ৫ : ভাৰতীয় জনসংঘ আৰু ভাৰতীয় সাম্যবাদী দলৰ মাজত থকা পার্থক্যসমূহ বিচাৰ কৰা।
উত্তৰ : ভাৰতীয় জনসংখ্য আৰু ভাৰতীয় সাম্যবাদী দলৰ মাজত বহুতো আদর্শগত পার্থক্য আছে। সেইবােৰ হ’ল -

  • (ক) ভাৰতৰ সাম্যবাদী দলৰ মূল আদর্শ হ’ল সমাজবাদ, কিন্তু ভাৰতীয় জনসংঘত মূল আদর্শ হ’ল ব্যক্তিবাদ।
  • (খ) ভাৰতীয় জনসংঘই ভাৰতৰ সংস্কৃতি, ঐক্য, সংহতি আদিৰ ওপৰত গুৰুত্ব দিয়ে। এই দলে বিদেশী সংস্কৃতি গ্ৰহণৰ বিৰােধিতা কৰে। কিন্তু ভাৰতৰ সাম্যবাদী দলে । ৰাছিয়া আৰু চীনৰ আহিত সমাজ গঠনৰ ওপৰত গুৰুত্ব দিয়ে।
  • (গ) চীনৰ ভাৰত আক্ৰমণৰ সময়ত বিশেষকৈ ভাৰতৰ সাম্যবাদী (মার্ক্সবাদী)দলে বিৰােধিতা কৰা নাছিল, কিন্তু ভাৰতীয় জনসংঘই ইয়াৰ তীব্ৰ বিৰােধিতা কৰিছিল।
  • (ঘ) ভাৰতৰ সাম্যবাদী দলে শ্ৰমিকসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়ে, কিন্তু ভাৰতীয় জনসংঘই শ্ৰমিকৰ উপৰিও পিছপৰা সম্প্রদায়ৰ কল্যাণৰ ওপৰতত বিৰােধিতা
  • (ঙ) ভাৰতৰ সাম্যবাদী দলে উৎপাদনৰ আহিলা সমূহ ৰাষ্ট্ৰীয়কৰণৰ পােষকতা কৰে, আনহাতে জনসংঘই এইবােৰ ব্যক্তিগতকৰণৰ সমর্থন জনায়।
  • (চ) ভাৰতীয় জনসংঘই ভাৰত আৰু পাকিস্তানক একত্রিত কৰি অখণ্ড ভাৰত গঠনৰ পােষকতা কৰে। কিন্তু ভাৰতৰ সাম্যবাদী দলে ইয়াক সমর্থন নকৰে।



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code