Recent in Technology

গােলকীকৰণ-বিশ্বায়ন(L-9) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][গােলকীকৰণ-বিশ্বায়ন][Part A][additional Q/A


গােলকীকৰণ-বিশ্বায়ন(L-9) Important-Additional Q/A




(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : কোনবােৰ ক্ষেত্ৰত বিশ্বায়ন উপকৃতদায়ক নহয় ? 
উত্তৰ : সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰবােৰত। 

প্রশ্ন ২ : বিশ্ব সামাজিক মহাসভাৰ প্ৰথমখন অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ? উত্তৰ : ২০০১ চনত ব্রাজিলৰ পাের্টো এলেগাৰত। 

প্রশ্ন ৩ : বিশ্বায়নৰ এটা নেতিসূচক দিশ লিখা। 
উত্তৰ : বিশ্বায়নে পক্ষপাতহীন, সংযােজিত আৰু যুক্ত বিশ্ব বজাৰৰ সৃষ্টি কৰাৰ পৰিৱর্তে ইউৰােপ, আমেৰিকা আৰু এছিয়াত প্রতিদ্বন্দ্বিতামূলক, পৰিপন্থী আৰু কিছুমান আঞ্চলিক অর্থনৈতিক গােটহে সৃষ্টি কৰাত সহায় কৰিছে।

প্রশ্ন ৪ : WTO ৰ সম্পূৰ্ণ ৰূপটো কি ? 
উত্তৰ : World Trade organisation.

প্রশ্ন ৫ : গােলকীয়কৰণৰ বিশ্বায়নৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 
উত্তৰ : মুক্ত বজাৰ অর্থনীতি।

প্রশ্ন ৬ : সুৰক্ষাবাদ (Protectionism) কি? 
উত্তৰ : বিশ্বৰ বিভিন্ন দেশৰ জাতীয়তাবাদী নেতা সকলাে বিশ্বায়নৰ পৰা নিজৰ জাতীয় ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চলােৱা প্রচেষ্টাক সুৰক্ষাবাদ বােলে। 

প্রশ্ন ৭ : বিশ্বয়নৰ এটা সমস্যা উল্লেখ কৰা। 
উত্তৰ : (ওপৰৰ ৩নং প্রশ্নৰ উত্তৰ লিখা) 

প্রশ্ন ৮ : ভাৰতত খিলঞ্জীয়া লােক কোনসকল? 
উত্তৰ : ভাৰতত জনজাতীয় লােকসকলে হ’ল - খিলঞ্জীয়া লােক। 

প্রশ্ন ৯ : বিশ্বায়ন প্রক্রিয়াটো কেতিয়া আৰম্ভ হৈছিল ? 
উত্তৰ : ১৯৯০ ৰ দশকত।

প্রশ্ন ১০ : বিশ্বায়নত কি সন্নিবিষ্ট হৈ আছে? 
উত্তৰ : বিশ্বায়নত ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক দিশ জড়িত হৈ আছে।


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১: বিশ্বায়নৰ নতুন বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰ : 
  • (ক) বিশ্বায়ন এটা বহুমুখী ধাৰণা। ইয়াৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক অভিব্যক্তি আছে।
  • (খ) বিশ্বায়নৰ প্ৰভাৱ সকলাে সমাজতে সমান নহয়।
  • (গ) সাম্প্রতিক কালত নিজৰ থলুৱা অর্থ সামাজিক আৰু ৰাজনৈতিক স্বার্থ সুৰক্ষাৰ দাবীত বিশ্বৰ বিভিন্ন দেশত বিশ্বায়নৰ বিৰােধিতা কৰা হৈছে।

প্রশ্ন ২ : বিশ্বায়নৰ প্ৰধান্য বিস্তাৰ কৰা ক্ষেত্র দুটা কি কি ?
উত্তৰ : 
  • (ক) অর্থনৈতিক ক্ষেত্ৰ আৰু
  • (খ) ৰাজনৈতিক ক্ষেত্র।

প্রশ্ন ৩ : বিশ্বায়নৰ সকাৰাত্মক প্রভাৱ কি?
উত্তৰ : বিশ্বায়নে সকলাে সমাজতে কিছুমান গঠনাত্মক প্রভাৱ সৃষ্টি কৰিছে, ইয়াৰ ফলত সমগ্র বিশ্বত বিশ্ব ভাতৃত্ববােধ, বিশ্বৰ ঐক্য, সংহতি স্থাপনৰ পথ সুগম হৈছে। 

প্রশ্ন ৪ : বর্তমানে অৱস্থিত দুখন অসমান বিশ্বৰ নাম কি ? 
উত্তৰ : উত্তৰৰ উন্নত বিশ্ব আৰু দক্ষিণৰ অনুন্নত বিশ্ব। 

প্রশ্ন ৫ : উদাৰীকৰণে কিহৰ সৃষ্টি কৰে ?
উত্তৰ : উদাৰীকৰণে অর্থনৈতিক বিশ্বায়নৰ সৃষ্টি কৰে। ইয়াৰ ফলত মুক্ত বজাৰ অর্থনীতিয়ে প্ৰসৰতা লাভ কৰাৰ উপৰিও ৰাজনৈতিক আৰু সাংস্কৃতিক বিষয়টো পশ্চিমীয়া আদর্শক বিশ্বত খুপনি লাভ কৰিছে।

প্রশ্ন ৬ : বিশ্বায়নৰ দুটা সংজ্ঞা লিখা।
উত্তৰঃ 
  • (ক) Adverd S. Herman ৰ মতে, বিশ্বায়ন মানে হ’ল - আন্তর্জতিক পৰিসীমা অতিক্রম কৰি সংঘটিত পৰিচালনা (Management process) (Management) আৰু পদ্ধতিৰ (Process) সম্প্রসাৰণভাৱে পৰিৱৰ্তিত হৈ থকা সা-সুবিধা আৰু অর্থনৈতিক সম্পর্ক।
  • (খ) “ বিশ্বায়ন বুলিলে বিশ্বৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক আৰু সামাজিক বিষয়ত গঢ় লৈ উঠা পাৰস্পৰিক নিৰ্ভৰশীলতাক বুজায়।

প্রশ্ন ৭ : গােলকীয় উমৈহতীয়া কি? যিকোনাে দুটা উদাহৰণ দিয়া। 
উত্তৰঃ যিবােৰ সম্পদৰ ওপৰত বিশ্ব সম্প্রদায়ৰ উমৈহতীয়া স্বত্ব বা অধিকাৰ আছে, সেইবােৰকে গােলকীয় উমৈহতীয়া বােলা হয়। যেনে,- 
  • মহাকাশ
  • বায়ুমণ্ডল
  • উত্তৰ মেৰু
  • দক্ষিণ মেৰু

প্রশ্ন ৮ : বিশ্বায়নৰ সামাজিক আৰু সাংস্কৃতিক পৰিণতিবােৰ কি কি? 
উত্তৰ : (৯৮নং পৃষ্ঠা নং প্রশ্নৰ উত্তৰ চোৱা।)


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : বিশ্বায়ন প্রক্রিয়া আৰম্ভ হােৱাত অৰিহণা যােগােৱা বিভিন্ন উপাদানবােৰ পৰীক্ষা কৰা।
উত্তৰ : বিশ্বায়নৰ বিভিন্ন কাৰণবােৰ হ’ল –

  • (ক) তথ্য প্রযুক্তিবিদ্যাৰ বিভিন্ন উপাদান আবিস্কাৰ আৰু সমগ্র বিশ্বতে সম্প্রসাৰিত
  • হােৱাৰ ফলস্বৰূপে যােগাযােগ আৰু যাতাযত ব্যৱস্থা একেবাৰে সহজলভ্য হৈ পৰিছে। 
  • (খ) উদ্যোগীকৰণ আৰু শিল্প বানিজ্যৰ সম্প্ৰসাৰণে সমগ্র বিশ্বতে এটা প্রবাহৰ সৃষ্টি কৰিছিল।
  • (গ) বিভিন্ন কাৰণত বিশ্বৰ বিভিন্ন দেশত বসবাস কৰা লােকসকলৰ প্ৰৱজন হােৱাটো বিশ্বায়ণত এটা অন্যতম কাৰণ।
  • (ঘ) ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আদিৰ কার্যকলাপ আৰু ভূমিকাৰ সম্প্রসাৰণেও বিশ্বায়নৰা নতুন মাত্রা প্রদান কৰিছে।
  • (ঙ) ছােভিয়েট ৰাছিয়াৰ পতনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্য প্রতিষ্ঠাৰ কাৰণে যিবােৰ প্রচেষ্টা অব্যাহত ৰাখিছে আৰু পৰিণতিত বিশ্বায়ন প্রক্রিয়া আৰম্ভ হােৱা দেখা যায়।
  • (চ) আধুনিক যুগত উদাৰনৈতিক গণতান্ত্রিক আৰু উদাৰনৈতিক অর্থনীতিৰ জয়যাত্রা লগতে বহুজাতিক নিগমবােৰে সমগ্র বিশ্বতে মকৰাৰ জালৰ দৰে গঢ়ি উঠাৰ ফলত বিশ্বায়ন প্রক্রিয়া সৃষ্টি হৈছে।

প্রশ্ন ২ : গােলকীকৰণৰ সমালােচনা লিখা।
উত্তৰ : সামাজিক ন্যায়ৰ প্ৰৱক্তাসকলৰ গােলাকীকৰণৰ দ্বাৰা জনসাধাৰণৰ এটা ক্ষুদ্র অংশহে প্রভাৱান্বিত বা লাভবান হােৱাৰ সম্ভাৱনা অধিক। আনহাতে নিযুক্তি, শিক্ষা, জনস্বাস্থ্য, পৰিস্কাৰ-পৰিচ্ছন্নতা ৰক্ষা আদি কল্যাণমূলক বিষয়ত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল সমাজৰ গৰিষ্ঠ সংখ্যক লোক আগতকৈ অধিক দুখীয়াহে হােৱাৰ সম্ভাৱনাও বিৰাজমান। 

প্রতিষেধক ব্যৱস্থা হিচাপে সেইসকলে দ্বিতীয় শ্রেণীভুক্ত লােকসকলৰ বাবে আনুষ্ঠানিক সংৰক্ষণ নাইবা সামাজিক নিৰাপত্তা জাল (safety net)ৰ আৱশ্যক বােধ কৰে। তেনেবােৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সেই লােকসকলৰ দুখ-দুর্গতি বহুলাংশে লঘু কৰিব পৰা যায় বুলি তেওঁলােকে ভাবে।

বিশ্বৰ বহুবােৰ আন্দোলনৰ ফলাফৰ বিষয়ে অভিজ্ঞ ব্যক্তিসকলে নিৰাপত্তা জালৰ কার্যকাৰিতাৰ সম্পর্কেও সন্দেহ প্রকাশ কৰা দেখা যায়। তেওঁলােকৰ মতে নিৰপত্তা জালব্যৱস্থা প্রযােজ্য নহয় আৰু যথেষ্ট ফলপ্রসূ হ'ব noৱাৰে। তেওঁলােকৰ মত অনুসৰি বাহিৰৰ পৰা জাপি দিয়া গােলকীকৰণৰ ফলত দুর্বল দেশবােৰৰ, বিশেষকৈ সেইবােৰত বাস কৰা দুখীয়াসকলৰ আর্থিক ধ্বংসৰ পথহে মুকলি হ’ব পাৰে। সেইবাবে বিৰােধিতাকাৰীসকলে অর্থনৈতিক গােলকীকৰণ ব্যৱস্থাৰ স্থগিতকৰণ কামনা কৰা দেখা যায়। কিছুসংখ্যক লােকে অর্থনৈতিক গােলকীকৰণক পৃথিৱীৰ পুনৰ উপনিবেশিকৰণ বুলিও আখ্যা দিয়া দেখা যায়।


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code