Recent in Technology

গণতান্ত্রিক শৃংখলাৰ সংকট(L-15) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][গণতান্ত্রিক শৃংখলাৰ সংকট][Part B][additional Q/A


গণতান্ত্রিক শৃংখলাৰ সংকট(L-15) Important-Additional Q/A



(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : কোনখন ৰাজ্যত নৱনির্মাণ আৰম্ভ হৈছিল ?
উত্তৰ : গুজৰাটত। 

প্রশ্ন ২ঃ যিকোনাে এটা নগাৰিকৰ পৌৰ স্বাধীনতা সংগঠনৰ নাম লিখা।
উত্তৰ : People's Union for Civil Liberties and Democratic Rights. Peonie.

প্রশ্ন ৩ : ‘বিশাল মিত্রতা’ কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰ : ১৯৭১ চনত।

প্রশ্ন ৪ : জনতা দলৰ প্রথম প্রধানমন্ত্রী কোন আছিল?
উত্তৰ : মােৰাৰাজী দেশাই।

প্রশ্ন ৫ : উৎসর্গীকৃত (Committed) আমােলাতন্ত্রৰ এটা বৈশিষ্ট লিখা। 
উত্তৰঃ উৎসর্গীকৃত আমােলাতন্ত্রই চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোৰ আঁচনি আৰু কার্যাৱলীৰ বিষয়ে দায়বদ্ধতা প্রকাশ কৰে।

প্রশ্ন ৬ : ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা ৰাষ্ট্রপতিজনৰ নাম লিখা।
উত্তৰ : ফকরুদ্দিন আলী আহমেদ।

প্রশ্ন ৭ : জয়প্রকাশ নাৰায়ণ কোন আছিল ?
উত্তৰ : জয়প্রকাশ নাৰায়ণ বিহাৰৰ ছাত্র আন্দোলনৰ নেতা, প্রথম অৱস্থাত নক্সালবাদী পৰৱৰ্তী সময়ত সমাজবাদী দল আৰু কংগ্ৰেছ সমাজবাদী দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু ভাৰত ত্যাগ আন্দোলনৰ নায়ক আছিল।

প্রশ্ন ৮ : খালী ঠাই পূৰণ কৰা :

(ক) মােৰাৰাজী দেশাই  __ দলৰ প্রথম প্রধানমন্ত্রী আছিল। 
উত্তৰ : জনতা

(খ) __ ৰ নেতৃত্বত ১৯৭৭ চনৰ মে’ মাহত জনতা দলৰ চৰকাৰে এখন অনুসন্ধান আয়ােগ নিযুক্তি দিছিল।
উত্তৰ : জে চি শ্বাহৰ।

(গ) বিৰােধী দলবােৰে __ ৰ নেতৃত্বত ইন্দিৰা গান্ধীৰ পদত্যাগ দাবী কৰিছিল।
উত্তৰ : জয়প্রকাশ নাৰায়ণৰ।

প্রশ্ন ৯ : ১৯৭৪ চনৰ ৰেলৱে আন্দোলনক কোনে নেতৃত্ব দিছিল? 
উত্তৰ : জর্জ ফার্ণাণ্ডেজে।


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : পৌৰ স্বাধীনতাৰ সংগঠন বুলিলে কি বুজা? 
উত্তৰ : ১৯৭৫ চনত ঘােষিত জৰুৰীকালীন অৱস্থাৰ সময়ত জনসাধাৰণৰ পৌৰ অধিকাৰবােৰৰ প্রতি আৰােপ কৰা বাধা নিষেধবােৱে তেওঁলােকক নিজৰ অধিকাৰ আৰু স্বাধীনতাৰ প্রতি সজাগ কৰি তােলে আৰু এইবােৰ সংৰক্ষণৰ বাবে জনগণৰ মাজত বহুতাে সংগঠন সৃষ্টি হৈছিল। যেনে - People's Union for Civil Liberties and Democratic Rights আৰু People's Union for Civil Liberties.

প্রশ্ন ২ : ১৯৭৭ চনৰ প্ৰাক্ মুহূর্তত গঠন কৰা দুটা ৰাজনৈতিক দলৰ নাম লিখা। 
উত্তৰ : 
  • (ক) জনতা দল আৰু
  • (খ) কংগ্ৰেছ ফৰ ডেমক্রেচি দল।

প্রশ্ন ৩ : জনতা দল গঠনৰ কাৰণবােৰৰ কি আছিল ? 
উত্তৰ : জনতা দল গঠনৰ প্ৰধান কাৰণবােৰ আছিল -
  • (ক) ইন্দিৰা গান্ধীৰ স্বৈৰচাৰী শাসনৰ অন্ত পেলােৱা। 
  • (খ) ভাৰতত গণতান্ত্রিক আদর্শ প্ৰৱৰ্তন কৰা।
  • (গ) জৰুৰীকালীন সময়ত জনসাধাৰণৰ মাজত সৃষ্টি হােৱা অসন্তুষ্টি আৰু ঘৃণা। 

প্রশ্ন ৪ : সংবিধানৰ ৪২নং সংশােধনীৰ দুটা বিষয় উল্লেখ কৰা। 
উত্তৰ : (ক) জাতীয় স্বার্থবিৰােধী সংগঠন নিষিদ্ধকৰণৰ অধিকাৰ সংসদক প্রদান। (খ) মন্ত্রী পৰিষদৰ পৰামৰ্শ মানি চলিবলৈ ৰাষ্ট্রপতিক বাধ্য কৰােৱা।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : বিহাৰ আন্দোলনৰ ওপৰত এটি চমু টোকা লিখা ?
উত্তৰ : বিহাৰত ১৯৭৪ চনৰ মাৰ্চ মাহত খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধি, খাদ্যৰ নাটনি, নিবনুৱা সমস্যা আৰু দুর্নীতিৰ বিৰুদ্ধে ছাত্ৰসকলে প্রবল আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল জয়প্রকাশ নাৰায়ণে। তেওঁ দুটা চৰ্তত এই আন্দোলনৰ নেতৃত্ব দিছিল। প্ৰথমতে, আন্দোলনটো সম্পূৰ্ণৰূপে অহিংসা পদ্ধতিৰে চলিব লাগিব আৰু দ্বিতীয়তে, আন্দোলনটোৰ সীমা বিহাৰৰ ভিতৰতে সীমাবদ্ধ থাকি লাগিব। ছাত্র আন্দোলনটোৱে জয়প্রকাশ নাৰায়ণৰ নেতৃত্বত ৰাজনৈতিক চৰিত্ৰ ধাৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। তেওঁৰ নেতৃত্বৰ ফলস্বৰূপে সমাজৰ বিভিন্ন শ্রেণীৰ লােকে এই আন্দোলনত অংশ গ্রহণ কৰে আৰু ই সর্বাত্মক আন্দোলনৰ ৰূপ ধাৰণ কৰে। তেওঁ বিহাৰৰ কংগ্ৰেছ চৰকাৰৰ বৰ্খাস্তৰ দাবী উত্থাপন কৰে আৰু প্রকৃত গণতন্ত্র প্রতিষ্ঠাৰ বাবে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সর্বাত্মক বিপ্লৱৰ আহ্বান জনায়। অহিংসা পদ্ধতিৰে আন্দোলনটো পৰিচালিত কৰা হৈছিল যদিও বিহাৰৰ ৰাজ্য চৰকাৰে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে।

প্রশ্ন ২ : গুজৰাট আন্দোলন অথবা নৱনির্মাণ আন্দোলনটোৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : গুজৰাটত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সংঘটিত ছাত্র প্রতিবাদে ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয় পর্যায়তাে ব্যাপক বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল। ১৯৭৪ চনৰ জানুৱাৰী মাহত গুজৰাটত খাদ্যৰ নাটনি, খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু উচ্চ পর্যায় প্রশাসনত দুর্নীতিৰ বিৰুদ্ধে ছাত্ৰসকলে আন্দোলন আৰম্ভ কৰে। নৱনির্মাণ আন্দোলনৰূপে জনপ্রিয়তা অর্জন কৰা এই আন্দোলন আৰম্ভ হৈছিল এল ডি কলেজ অব ইঞ্জিনীয়াৰিং নামৰ অভিযান্ত্রিক শিক্ষানুষ্ঠানৰ হােষ্টেলৰ মাচুল ২০ শতাংশ বৃদ্ধি প্রতিবাদেৰে। ছাত্ৰসকলে আৰম্ভ কৰা নৱনির্মাণ আন্দোলনটোক সমর্থন কৰি চিমনভাই পেটেল নেতৃত্বাধীন গুজৰাটৰ কংগ্ৰেছ চৰকাৰখনৰ পদত্যাগ দাবী কৰে। ছাত্র আন্দোলনৰ ফলস্বৰূপে ৰাজ্যখনত ৰাষ্ট্রপতি শাসন প্ৰৱৰ্তন কৰা হয়। বিৰােধী দলসমূহে ৰাজ্য বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে। বিৰােধী ৰাজনৈতিক দলসমূহৰ এই দাবীৰ প্রতি সমর্থন আগবঢ়ায় সেই সময়ৰ কংগ্ৰেছ (0) দলৰ নেতা মােৰাৰজী দেশায়ে। অৱশেষত ছাত্র সমাজ আৰু বিৰােধী ৰাজনৈতিক দলসমূহৰ ক্রমাগত হেঁচাত নতি স্বীকাৰ কৰি গুজৰাটত বিধানসভাৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ কংগ্ৰেছ বাধ্য হয়। ১৯৭৫ চনৰ জুনত অনুষ্ঠিত এই নির্বাচনত কংগ্ৰেছ দলে শােচনীয়ভাৱে পৰাজয় বৰণ কৰে।



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code