Recent in Technology

H.S. 2nd year Political Science Question Paper & it's Ans (2013)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions][Free Learning Online][in Assamese][2013 Question paper & it's Ansers][Part A][Part-B] included

H.S. 2nd year Political Science Question Paper & it's Ans (2013)





H.S. 2nd Year Political Science. Question Paper & its Ans 2013 (Theory)




Group A' (ক শাখা)



1. তলত দিয়বোৰৰ উত্তৰ লিখা : 1x6=6

(a) কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদ্যাপন কৰা হয় ? 
উত্তৰ : 24 অক্টোবৰ। 

(b) কোনখন ৰাষ্ট্রৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় ? 
উত্তৰ : ছােভিয়েট ইউনিয়ন।

(c) ভাৰতে কায়ট’ প্ৰট'কলত কেতিয়া স্বাক্ষৰ আৰু অনুমােদন কৰে? 
উত্তৰ : 2002 চনত ।

(d) খালী ঠাই পূৰণ কৰা :

ইউৰােপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম__ ।
উত্তৰ : ইউৰাে। 

(e) 'অপাৰেছন ডেজার্ট ষ্ট্রম' অথবা 'মৰুভূমি ধুমুহা অভিযান' মানে কি?
উত্তৰ : 1990 চনত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে কৰা অভিযানক মৰুভূমি ধুমুহা অভিযান’ বুলি জনা যায়।

(f) হয়’ অথবা নহয়’ লিখা। 
বিশ্বায়নৰ এক অন্যতম গুরুত্বপূর্ণ কাৰক হ'ল - প্রযুক্তিবিদ্যা। 
উত্তৰ : ‘হয়'।

2. সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্রাসিক অথবা আতংক প্রতিকাৰ ব্যৱস্থাৰ অর্থ কি?
উত্তৰ : ছােভিয়েট ৰাছিয়াৰ ভাঙোনৰ পিছত এই ৰাষ্ট্ৰসমূহ পুঁজিবাদী ব্যৱস্থা গ্রহণ কৰাৰ ফলত যি ত্ৰাসৰ সৃষ্টি হৈছিল তাৰ পৰা উপশম পাবলৈ বিশ্ব বেংক আৰু আন্তর্জাতিক মুদ্রা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াকে আতংক প্রতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াকে আতংক প্রতিকাৰ ব্যৱস্থা বােলে।

3. ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা ক্ষেত্র উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) সীমা বিবাদ (বিশেষকৈ জম্মু আৰু কাশ্মীৰক লৈ) 
  • (খ) পাকিস্তানে সন্ত্রাবাদক দিয়া প্রশ্রয় আৰু উচটনি ।

4. বিশ্বায়নৰ বিভিন্ন মাত্রাসমুহ কি কি?
উত্তৰ : প্ৰথমতে উপসাগৰীয় যুদ্ধক পাৰস্য উপসাগৰীয় যুদ্ধ বুলি জনা গৈছিল? এই যুদ্ধক ডেজার্ট ঊর্ম (Operation Desert Storra) বুলিও জনা যায়।

5. শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিটে ইউনিয়নৰ মাজত স্বাক্ষৰিত হােৱা দুখন অস্ত্র নিয়ন্ত্রণ চুক্তিৰ নাম লিখা। 
উত্তৰ :
(i) পৰিকল্পিত অস্ত্র সংবৰণ চুক্তি 
(ii) পৰিকল্পিত অস্ত্র সংবৰণ চুক্তি 
(iii) প্রথম চুক্তিখন ছােভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি মিখাইল গর্বাচেভ আৰু আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ বুশ (জ্যেষ্ঠ)ৰ মাজত সম্পাদিত হৈছিল। দ্বিতীয় চুক্তিখন ছােভিয়েট ৰাছিয়াৰ ৰাষ্টপতি বৰিছ ইয়েল্টছিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জজ বুশ (জ্যেষ্ঠ ) মাজত সম্পাদিত হৈছিল।

6. খালী ঠাই পূৰ কৰা :

বসুন্ধৰা সন্মিলন ___ ও ___ চনত অনুষ্ঠিত হৈছিল।
উত্তৰ : ব্রাজিলৰ ৰাজধানী ৰিঅ'দ্যা জেনেৰিঅ'ত ১৯৯২ চনত।

7. প্রবজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পার্থক্য লিখা।
উত্তৰ :  (ক) প্রবজনকাৰী হ’ল দেশখনত অনুমতিহীনভাৱে প্ৰৱেশ কৰি বসবাস কৰা লােক, আনহাতে শৰণাৰ্থীসকলে দেশখনৰ অনুমতি সাপেক্ষে বাস কৰে। 

(খ) প্রবজনকাৰী সকলক সুৰক্ষা দিবলৈ চৰকাৰ বাধ্য নহয়, কিন্তু শৰণাৰ্থীসকলে সদায় ৰাজনৈতিক পৃষ্ঠপােষকতা লাভ কৰে।

8. অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পর্কে চমুকৈ আলােচনা কৰা। 
উত্তৰঃ চীনৰ ৰাষ্ট্র প্রধান চৌ এনলাইয়ে ১৯৭৩ চনত ‘চাৰিবিধ আধুনিকীকৰণৰ অর্থাৎ কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা আৰু সামৰিক ব্যৱস্থাৰ আধুনিকীকৰণৰ প্রস্তাৱ আগবঢ়াইছিল।

9. সম্পদৰ ভূৰাজনীতি মানে কি? বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা আৰু দুটা সম্পদৰ নাম লিখা।
উত্তৰ : প্রথম অংশ: ভূ-ৰাজনীতি সম্পদ হ’ল মূলতঃ সম্পদ কেন্দ্রিক ভূ-ৰাজনীতি। ই হ’ল - প্রধানকৈ কোনে কি পায়, কেতিয়া পায়, ক'ত পায় আৰু কেনেদৰে পায় আদি বিষয়ক লৈ জড়িত সম্পদে ইউৰােপক সমগ্র বিশ্বতে নিজৰ ক্ষমতা প্রতিষ্ঠা কৰাৰ একমাত্র উপায় আৰু উদ্দেশ্য সন্ধান দিছিল। সম্পদক কেন্দ্ৰ কৰিয়েই ৰাষ্ট্ৰসমূহৰ মাজত প্রতিযােগিতা আৰু বিৰােধৰ সৃষ্টি হয়। সম্পদ সম্পর্কে পশ্চিমীয়া ভূ-ৰাজনৈতিক ধ্যান-ধাৰণা সমূহ ব্যৱসায়িক সম্পর্ক, যুদ্ধ আৰু ক্ষমতা দ্বাৰা প্ৰভাৱিত হৈছিল।

দ্বিতীয় অংশ : বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদ হ'ল – খনিজাত তেল আৰু পানী।

10. ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ সম্পৰ্কৰ ওপৰত এটা চমুটোকা লিখা। 
1/ভাৰতৰ ছােভিয়েট ৰাছিয়াৰ লগত সুসম্পর্ক : শীতল যুদ্ধৰ কালছােৱাত ভাৰতৰ ছােভিয়েট ৰাছিয়াৰ লগত সুসম্পর্ক আমেৰিকাই ভাল চকুৰে চোৱা'নাছিল।

2/ ভাৰতৰ গােষ্ঠীনিৰপেক্ষ নীতিঃ আমেৰিকাইভাৰতৰ গােষ্ঠীনিৰপেক্ষনীতিক ভাল পােৱা নাছিল।

3/ আমেৰিকাৰ পাকিস্তানৰ প্রতি বন্ধুত্বপূর্ণ ব্যৱহাৰ : আমেৰিকাৰ পাকিস্তানৰ প্ৰতি থকা বন্ধুত্বপূর্ণ ব্যৱহাৰক সদায় ভাৰতে সন্দেহৰ চকুৰে চাইছে। লগতে ভাৰতপাকিস্তান যুদ্ধৰ সময়ত আমেৰিকাৰ পাকিস্তানক সর্বতােপ্ৰকাৰে সহায় কৰাত ভাৰত অসন্তুষ্ট হৈছিল।

4/ সহযােগিতাৰ বিষয়সমূহ : বর্তমান ভাৰত আৰু আমেৰিকাৰ মাজত বিশেষকৈ প্রযুক্তিকৰণৰ ক্ষেত্ৰত আৰু আমেৰিকাত বসবাস কৰা অনাবাসীয় ভাৰতীয়সকলৰ আমেৰিকাৰ বিভিন্ন খণ্ডত অংশ গ্রহণৰ জৰিয়তে উভয়ৰ মাজত সু-সম্পর্ক বৃদ্ধি পাইছে। 

Software ৰ ক্ষেত্ৰত ভাৰতৰ ৰপ্তানিৰ 67% আমেৰিকালৈ যায়। তিনি লাখ ভাৰতীয় “ছিলিকন ভেলি’ত কাম কৰে। আমেৰিকাৰ উচ্চ প্রযুক্তিকৰণৰ 15% ভাৰতীয় বংশােদ্ভূত আমেৰিকানসকলে আৰম্ভ কৰিছে। উভয় দেশৰ আমদানিৰপ্তানি ক্ষেতাে সম্পর্ক যথেষ্ট শক্তিশালী হৈছে।

11. ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্রীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দর্শোৱা।উত্তৰঃ ৰাষ্ট্ৰসংঘ এখন সার্থক আন্তর্জাতিক সংগঠন। বিশ্বত শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠা কৰাৰ বাবে বিশ্বৰ নেতৃবর্গ এই আন্তর্জাতিক প্রতিষ্ঠান গঢ়ি তুলিছিল। 

বিভিন্ন ৰাষ্ট্রৰ মাজত সংঘটিত বিবাদসমূহৰ শান্তপূর্ণ মীমাংসাৰ ক্ষেত্ৰত এনে প্রতিষ্ঠানে উল্লেখযােগ্য ভূমিকা পালন কৰে। তদুপৰি পৃথিৱীয়ে এনে কিছুমান সমস্যাৰ বা প্রত্যাহ্বানৰ সন্মুখীন হয় যি সমস্যাসমূহ সকলােৰে মিলিত প্রচেষ্টাৰ অবিহনে সমাধান কৰা নাযায়।

এনে ক্ষেত্ৰত এই আন্তর্জাতিক প্রতিষ্ঠানে সকলাে ৰাষ্ট্রৰ মাজত সহযােগিতা স্থাপন কৰাৰ চেষ্টা কৰে। উদাহৰণ স্বৰূপে কিছুমান বেমাৰ সম্পূৰ্ণৰূপে নির্মূল কৰিব পৰা যায় যেতিয়া সকলাে ৰাষ্ট্ৰই ইয়াৰ টীকাকৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহে।

12. সুস্থিৰ গণতন্ত্র প্রতিষ্ঠাৰ ক্ষেত্রত পাকিস্তানৰ ব্যর্থতাৰ দুটা কাৰণ আলােচনা কৰা।
উত্তৰ : (ক) সন্ত্রাসবাদী আৰু মৌলবাদী কার্যকলাপ : জন্ম লগ্নৰে পৰা পাকিস্তানত সন্ত্রাসবাদী আৰু মৌলবাদী কার্যকলাপে বিশেষ প্রভাৱ বিস্তাৰ কৰি আহিছে। এই
সন্ত্রাসবাদী আৰু মৌলবাদী সংগঠন তথা নেতাসকলে দেশৰ সকলাে স্তৰতে অস্থিৰতাৰ সৃষ্টি কৰি গণতন্ত্র প্রতিষ্ঠাত বাধাৰ সৃষ্টি কৰিছে।

(খ) ৰাজনৈতিক অস্থিৰতা : পাকিস্তানত বৰ্তমানলৈ বহুবাৰ ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে। সামৰিক বাহিনীয়ে ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰক বখাস্ত কৰি ক্ষমতা হস্তগত কৰি দেশত সামৰিক শাসন প্ৰৱৰ্তন কৰাই গণতন্ত্রক অস্থিৰ কৰিছে।

13/a. শীতল যুদ্ধৰ যুগত গােষ্ঠী নিৰপেক্ষ আন্দোলন (NAM)ৰ নেতা হিচাপে ভাৰত ভূমিকা আলােচনা কৰা। 
উত্তৰ : ভাৰতবৰ্ষই গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ কালছােৱাত এক উল্লেখযােগ্য ভূমিকা পালন কৰিছিল। ভাৰতবৰ্ষই পৰস্পৰবিৰােধী দুটা শক্তি গােটৰ পৰা পাৰ্যমানে আঁতৰত থকাৰ চেষ্টা কৰিছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্দেশ্যে সক্রিয় এই নীতি গ্রহণ কৰা হৈছিল। 

সকলাে আন্তর্জাতিক সমস্যাৰ শান্তিপূর্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰােপ কৰা হৈছিল। ভাৰতবৰ্ষই যিকোনাে ধৰণৰ সামৰিক চুক্তিত যােগদান কৰাৰ ৰা নিজকে বিৰত ৰাখিছিল। কিয়নাে এনে চুক্তিবদ্ধতাই এখন দেশ স্বাধীনভাৱে সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। 

ভাৰতবৰ্ষই গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ উদ্যোক্তা হিচাপে আন আন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজতাে নিজৰ আচৰণৰ জৰিয়তে শক্তি সঞ্চয় কৰিবলৈ সক্ষম হৈছিল আৰু গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে আন্তর্জাতিক ক্ষেত্ৰত এক বিশিষ্ট স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

অথবা

13/b. বৃহৎ শক্তি দুটাই কিয় সৰু দেশসমূহৰ সৈতে সামৰিক মিত্ৰতাত আবদ্ধ হৈছিল? তিনিটা কাৰণ আলােচনা কৰা। 2+2+2=6
উত্তৰ : শীতল যুদ্ধৰ সময়ত বৃহৎ শক্তি দুটাই বহুতো সৰু সৰু দেশৰ সৈতে মিত্ৰতাত লিপ্ত হৈছিল। ইয়াৰ মূল কাৰণ আছিল -

(ক) তেল আৰু খনিজ সম্পদ : সৰু সৰু ৰাষ্ট্ৰবােৰত থকা তেল আৰু খনিজ সম্পদৰ বাবে বৃহৎ শক্তি দুটাই সেইবোৰ ৰাষ্ট্ৰৰ সৈতে সামৰিক মিত্ৰতাত লিপ্ত হৈছিল। 

(খ) সামৰিক ঘাটি স্থাপন : সৰু সৰু ৰাষ্ট্ৰসমূহৰ পৰা বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্রু ৰাষ্ট্রও সামৰিক বাহিনী মােতায়েন আৰু ক্ষেপণাস্ত্র নিক্ষেপ কৰাত সহায়ক হয়।

(গ) চোৰাংচোৱাৰ সুবিধাজনক : সৰু সৰু ৰাষ্ট্ৰবােৰৰ সৈতে সামৰিক মিত্রতাত লিপ্ত হলে বৃহৎ শক্তি ৰাষ্ট্রসমূহৰ ক্ষেত্ৰত পাৰস্পৰিক শত্রু ৰাষ্ট্ৰৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাত সহায়ক হয়।

14/a. অপৰম্পৰাগত অথবা মানবীয় নিৰাপত্তা মানে কি বুজা? মানবীয় নিৰাপত্তাৰ প্রতি দুটা ভাবুকিৰ বিষয়ে আলােচনা কৰা। 2+2+2=6
উত্তৰ: উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকি দিশটো অতিক্রম কৰি এক বিস্তৃত পৰিসৰৰ ভাবুকি আৰু ভয়াবহতা অন্তর্ভুক্ত কৰিছে। যিবােৰে মানুহৰ অস্তিত্ব বিপদাপন্ন কৰি তােলে। অপৰম্পৰাগত নিৰাপত্তাৰ দৃষ্টিভংগীক ‘মানৱ নিৰাপত্তা’নাইবা ‘গােলকীয় নিৰাপত্তা’বুলি কোৱা হয়।

মানৱ নিৰাপত্তাৰ সংকীর্ণ ধাৰণাৰ প্রবক্তাসকলে কৈছে যে মানৱ নিৰাপত্তাৰ প্রাথমিক লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্রদান কৰা। এই সংকীর্ণ ধাৰণাৰ প্ৰবক্তাসকলে ব্যক্তিৰ প্ৰতি থকা হিংসাত্মক ভাবুকিৰ দিশটোত মনােযােগ দিছে।  ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ সচিবপ্রধান কফি আন্নানে এইদৰে মন্তব্য কৰিছে, ‘আভ্যন্তৰীণ হিংসাৰ পৰা সম্প্রদায়। আৰু ব্যক্তিক সুৰক্ষা প্রদান কৰা।

মানৱ নিৰাপত্তাৰ উদাৰ ধাৰণাৰ প্রবক্তাসকলে এইদৰে যুক্তি আগবঢ়াইছে ভাবুকিৰ তালিকাখনত ডােক, ৰােগ আৰু প্রাকৃতিক দুর্যোগক অন্তর্ভুক্ত কৰা উচিত। কাৰণ এইবােৰ যুদ্ধ, গণহত্যা আৰু সন্ত্রাসবাদতকৈ বহুত অধিক মানুহ হত্যা কৰে। 

তেওঁলােকে যুক্তি দিছে যে মানৱ নিৰাপত্তা নীতিয়ে মানুহক হিংসাৰ লগতে এইবােৰ ভাবুকিৰ পৰাও সুৰক্ষা দিবলাগিব। মানৱ নিৰাপত্তাৰ বহল দৃষ্টিভংগীয়ে অর্থনৈতিক নিৰাপত্তা আৰু মানৱীয় মর্যাদাকো সামৰি লৈছে। আন কথাত ক'বলৈ গ'লে মানৱ নিৰাপত্তাই ‘অভাৱৰ পৰা মুক্ত’আৰু ‘ভয়ৰ পৰা মুক্ত’ হােৱাত গুৰুত্ব প্রদান কৰে।

অ-পৰস্পৰাগত নিৰাপত্তাৰ ধাৰণাৰ এটা বিষয়বস্তু হ’ল মহামাৰী। বিগত কেইবছৰমানৰ পৰা পক্ষীজ্বৰ (Bird flue) অথবা খুৱাইন ফ্লু (Swain flue) আদিয়ে বিশ্বৰ জনগণৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত তাণ্ডৱৰ সৃষ্টি কৰিছে। এই ৰােগবােৰ এখন ৰাষ্ট্ৰৰ পৰা আন ৰাষ্ট্ৰলৈ সহজে বিয়পি পৰে। 

এনে ৰােগ আৰম্ভ হােৱা ৰাষ্ট্ৰলৈ বহিঃৰাষ্ট্ৰৰ মানুহে সাধাৰণতে ভ্রমণ নকৰে বা সেই ৰাষ্ট্রৰ পৰা আন দেশলৈ অহা লােকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় তাতে তেওঁৰ দেহত কঢ়িয়াই অনা বীজাণুৱে আন মানৱ দেহত প্রৱেশ কৰি মহামাৰীৰ সৃষ্টি নকৰে। পক্ষীজ্বৰ বা ছোৱাইন ফ্লু আৰম্ভ হ'লে বিশ্বৰ প্রতিখন ৰাষ্ট্ৰই সতর্কতা তথা নিৰাপত্তামূলক ব্যৱস্থা গ্রহণ কৰে।

একেদৰে এইডছ জাতীয় ৰােগাে এবিধ মাৰাত্মক ৰােগ। ই প্ৰব্ৰজনৰ জৰিয়তে এখন ৰাষ্ট্রৰ পৰা আন ৰাষ্ট্ৰলৈ বিয়পি পৰে। ২০০৩ চনত বিশ্ব প্রায় ৪ কোটি লােক এই ৰােগত আক্ৰান্ত হৈছিল আৰু ইয়াৰে এক-তৃতীয়াংশ ৰােগী আফ্রিকাত আছিল। ১৯৯০ চনৰ শেষৰফালে উত্তৰ আমেৰিকা আৰু আন ঔদ্যোগিক ৰাষ্ট্রসমূহে এইড্ৰছৰ প্রতিষেধক নতুন ঐষধ উলিয়াই এই ৰােগৰ জৰিয়তে হােৱা মৃত্যুৰ সংখ্যা হ্রাস কৰিবলৈ সমৰ্থ হৈছে। কিন্তু এই ৰােগৰ চিকিৎসা ইমানেই ব্যয়বহুল যে আফ্রিকাৰ দৰে দৰিদ্র দেশৰ জনসাধাৰণে এই ব্যয় বহন কৰা সম্ভৱ নহয়। আফ্রিকাৰ দৰে দৰিদ্ৰ দেশক এনে ৰােগে যথেষ্ট আর্থিক সংকটত পেলাইছে।

এই ৰােগসমূহ সাধাৰণতে প্ৰব্ৰজন, ভ্রমণ, ব্যৱসায়-বাণিজ্য, সামৰিক অভিযান আদিৰ জৰিয়তে এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ বিয়পি পৰে।

বর্তমান নতুন নতুন সহজতে ধৰিব নােৱাৰা যেনে - এব’লা ভাইৰাছ (Ebola Virus), হান্টা ভাইৰাছ (Hanta Virus) আৰু হেপাটাইটিছ-চি (Hepatitis C) আদি ৰােগ ওলাইছে। ইয়াৰ উপৰি পুৰণি যেনে - টিউবাৰকুলােচিচ (Tuberculosis), মেলেৰিয়া (Malaria), ডেংগু জ্বৰ (Dengue Fever), কলেৰা (Cholera) আদি ৰােগৰ প্ৰতিৰােধ ঔষধ বাহিৰ হৈছে যদিও ইয়াক চিকিৎসা কৰাটো অতি সহজসাধ্য নহয়।

উত্তৰ : মানৱ জীৱনত দৰিদ্ৰতাই আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভুগায়। ৰাষ্ট্র এখনত যেতিয়া কর্মসংস্থাপনৰ অভাৱ বা আয় কৰা সুবিধা নাথাকে, তেতিয়া জনসাধাৰণৰ জীৱনলৈ নামি আহে দৰিদ্ৰতা। ইয়াৰ ফলত ৰাষ্ট্ৰখনৰ জনসাধাৰণে দুবেলা দুমুঠি খাবলৈ নাপায়, ল'ৰা-ছােৱালীক শিক্ষা দিব নােৱাৰে, বেমাৰ হ’লে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। এনেদৰে দৰিদ্ৰতাই মানুহক সকলাে ফালৰ পৰা নিৰাপত্তাহীনতাত ভুগায়।

বর্তমান বিশ্ব জনসংখ্যা হ’ল ৬৫০ কোটি আৰু এনেদৰে জনসংখ্যা বৃদ্ধি হ'লে ২৫ বছৰৰ ভিতৰত এই সংখ্যা বৃদ্ধি হৈ ৭০০ পৰা ৮০০ কোটি হ'ব আৰু ক্রমাগতভাৱে বৃদ্ধি হৈ ১০০০ কোটি হ’ব। বর্তমান বিশ্বৰ মুঠ জনসংখ্যা বৃদ্ধিৰ আধাসংখ্যক বৃদ্ধি হৈছে মাত্র ছখন ৰাষ্ট্ৰত। এই ৰাষ্ট্ৰকেইখন হ'ল - চীন, ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া আৰু ইণ্ডোনেছিয়া। মন কৰিবলগীয়া বিষয়টো হ'ল যে - বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশবােৰত দ্রুতহাৰত জনসংখ্যা বৃদ্ধি পাইছে আৰু এই ৰাষ্ট্ৰবােৰত অহা ৫০ বছৰৰ ভিতৰত জনসংখ্যা তিনিগুণ বৃদ্ধি হােৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত ৰাষ্ট্ৰবােৰত জনমূৰি আয় কমি যাব। আনহাতে ধনী দেশসমূহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্রমাগতভাৱে হ্রাস হলে গড় জনমূৰি আয় আৰু অধিক বৃদ্ধি পাব।

উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত জনমূৰি আয়ৰ বৈষম্য যথেষ্ট বৃদ্ধি পাইছে। দক্ষিণৰ কমসংখ্যক ৰাষ্ট্রহে জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰি জনমুৰি আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কিন্তু আফ্রিকাৰ দেশসমূহ এতিয়া সেই ক্ষেত্ৰত পিছপৰি আছে। এই ৰাষ্ট্ৰসমূহত অত্যধিক জনসংখ্যা বৃদ্ধি আৰু ক্রমবর্ধিত দৰিদ্ৰতাৰ ফলত এই ৰাষ্ট্ৰসমূহত সশস্ত্র সংঘাতৰ সৃষ্টি হৈছে আৰু হিংসাত্মক কার্যকলাপ বৃদ্ধি পাইছে। ইয়াৰ বাবে জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা অনিশ্চয়তা হৈ পৰিছে। সেয়ে জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰি জনমূৰি আয় বৃদ্ধি কৰি জনসাধাৰণৰ জীৱনত নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্রয়ােজনীয়তা আহি পৰিছে। ইয়াৰ বাবে প্রয়ােজনীয় ব্যৱস্থা যেনে - শিক্ষাৰ উন্নয়ন, পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰা প্রয়ােজন।

অথবা

14/b. ছােভিয়েট ইউনিয়ন কিয় ধ্বংস হৈছিল? তিনিটা কাৰণ আলােচনা কৰা। উত্তৰঃ বিশেষজ্ঞসকলে তলত উল্লেখ কৰা বিষয়সমূহক ছােভিয়েট ৰাছিয়াৰ পতনৰ কাৰণে দায়ী কৰিছে ।

1/ ত্রুটিপূর্ণ নেতৃত্ব :  ছভিয়েট ৰাছিয়াৰ পতনৰ উল্লেখযােগ্য কাৰণ হৈছে ত্রুটিপূর্ণ নেতৃত্ব ব্যৱস্থা। দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ নেতা বুলি মান্যতা দিয়া হৈছিল। এই নেতাসকলে বিলাসবহুল জীৱন যাপন আৰু ভ্ৰষ্টাচাৰমূলক কার্যত লিপ্ত আছিল। দুর্বল নেতা আৰু দেশৰ কল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব ছভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযােগ্য কাৰণ।

2/ গর্বাচেভৰ সংস্কামূলক নীতি : মিখাইল গর্বাচেভৰ সংস্কাৰ ব্যৱস্থাইও ছােভিয়েট ৰাছিয়াৰ পতন মাতি আনিছিল। তেখেতে দেশৰ জনগণক স্বাধীনতা, সমতা, জাতীয়তাবােধ, অর্থনৈতিক স্ব-নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্রস্তুত নকৰাকৈ ৰাছিয়াত তেওঁৰ বিখ্যাত Glasnot (মুক্ত বতাহ) আৰু Perestroike (পুনর্গঠন) ধাৰণা কার্যকৰী কৰিব বিচাৰিছিল।

3/ অর্থনৈতিক স্থিতাৱস্থা : ছােভিয়েট ৰাষ্ট্ৰই পূর্ব ইউৰােপত থকা দেশসমূহক, মধ্য গগণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰে বহু ধন কেৱল মাত্র সাম ব্যৱস্থাক যথেষ্ট শক্তিশালী আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যয় কৰিছিল। ইয়াৰ ফলত হােভিয়েট অর্থ-ব্যৱস্থাৰ ওপৰত যথেষ্ট বােজা পৰিছিল। ছােভিয়েট নাগৰিকসকলে পশ্চিমীয়া দেশৰ নাগৰিকসকলৰ দৰে অর্থনৈতিক দিশত আগবাঢ়িব পৰা নাছিল আৰু ইয়াৰ বাবে তেওঁলােকৰ মনত অসন্তোষৰ সৃষ্টি হৈছিল। 

4/ ৰাজনৈতিক আৰু প্ৰশাসনীয় স্থিতাৱস্থা : ছােভিয়েট ৰাষ্ট্ৰইৰাজনৈতিক আৰু প্রশাসনীয় দিশত স্থিতাৱস্থা ৰক্ষা কৰাত ব্যক্ত আছিল। শাসক সাম্যবাদী দল জনগণৰ ৩৮ত দায়বদ্ধ নাছিল। দেশত প্রশাসকসকলৰ মাজত ভ্রষ্টাচাৰ যথেষ্ট পৰিমাণে বিয়পি পৰিছিল। কিন্তু প্রশাসকসকলে ক্ষমতা বিকেন্দ্রীকৰণ কৰাৰ বাবে বা নিজকে জনগণৰ ওচৰত দায়বদ্ধ কৰাৰ বাবে কোনাে ধৰণৰ বিহিত ব্যৱস্থা হাতত লােৱা নাছিল। 

5/ জাতীয়তাবাদৰ উত্থান : ছােভিয়েট দেশৰ পতনৰ এক উল্লেখযােগ্য কাৰণ হৈছে বিভিন্ন গণৰাজ্যৰ জণগণৰ মাজত জাতীয়তাবােধৰ উত্থান আৰু সার্বভৌত্ব ৰাষ্ট্র হােৱাৰ আকাংক্ষা। বিশেষকৈৰাছিয়া, বাল্টিক গণৰাজ্যসমূহ, ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া, ইউক্রেইন, জর্জিয়া আদি গণৰাজ্যসমূত জাতীয়তাবাদী মনােভাৱ আৰু স্বাধীনতাৰ স্পৃহাই ছােভিয়েট ৰাছিয়াৰ পতন সুগম কৰিছিল।



Group-B (খ-শাখা)

স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি



15. তলত দিয়াৰােৰৰ উত্তৰ লিখা : 1x6=6 

(a) 'ভাৰতৰ দুগ্ধমানৱ’ কাক কোৱা হয় ? 
উত্তৰ : ভার্গিজ কুৰিয়েনক।

(b) ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলতাৰ কাৰণে জাতীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘােষণা কৰা হৈছিল? 
উত্তৰ : 1975 চনত।

(c) কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা কৰিছিল ? 
উত্তৰ : 1885 চনত এলান অক্টোভিয়ান নামৰ লােক এজনে।

(d) দলিত পেন্থাৰচৰ গঠন কিয় হৈছিল ?
উত্তৰঃ হিন্দু বর্ণবাদী ব্যৱস্থা উঠাই দিয়া আৰু দলিত সকলক মুক্তি প্রদানৰ বাবে দলিত পেন্থাৰচৰ গঠন হৈছিল।

(e) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্রতা প্রদান কৰিছে?
উত্তৰ : 370 নং অনুচ্ছেদে।

(f) UPA ৰ সম্পূর্ণ নাম কি? 
উত্তৰ : United Progressive Alliance. 

16. চিপকো আন্দোলন কিয় আৰম্ভ হৈছিল ?
উত্তৰ : বন বিভাগে ঠিকাদাৰৰ জৰিয়তে বননি ধ্বংসৰ বাবে চলােৱা চক্রান্ত ৰােধ কৰিবৰ বাবে আৰু বনাঞ্চলৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে উত্তৰাখণ্ডৰ এখন গাঁৱৰ মহিলাসকলে প্রথমে চিপকো আন্দোলন আৰম্ভ কৰিছিল।

17.  ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? এই আইনৰ অধীনত গঠন হােৱা যিকোনাে এখন ৰাজ্যৰ নাম উল্লেখ কৰা। 1+1=2
উত্তৰ : 1955 চনত, মধ্যপ্রদেশ।

18. পঞ্চশীল মানে কি বুজা?
উত্তৰ : তিব্বত সম্পৰ্কত ভাৰত আৰু চীনৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হােৱা চুক্তিৰ সময়ত পাঁচটা নীতি গ্রহণ কৰা হৈছিল। ইয়াকে পঞ্চশীল নীতি বুলি কোৱা হয়। পিছলৈ নীতিকেইটা গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ মুল ভেটি পৰিগণিত হয়। এই পাঁচটা নীতি আছিল ক্রমান্বয়ে -
  • (ক) প্রত্যেক দেশৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন কৰা।
  • (খ) আন দেশক আক্রমণৰ পৰা বিৰত থকা। 
  • (গ) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা। 
  • (ঘ) সকলাে দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সহযােগ কৰা। 
  • (ঙ) শান্তিপূর্ণ সহ-অৱস্থানৰ প্রতি সমর্থন জনােৱা। 

19. পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ : 
  • (ক) জনগণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। 
  • (খ) জাতীয় আয় বৃদ্ধি আৰু সম্পদৰ উচিত ব্যৱহাৰ। 
20. সত্য নে অসত্য লিখা : 

(a) ১৯৫২ চনত অনুষ্ঠিত প্রথম সাধাৰণ নিৰ্বাচনৰ সময়ত ১৪ টা ৰাষ্ট্ৰীয় দল আছিল।
উত্তৰ : সত্য।

(b) ভাৰতত বহুদলীয় ব্যবস্থা আছে।
উত্তৰ : সত্য

21. লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্রধানমন্ত্রীত্বৰ সময়ছোৱাত ভাৰতে ১৯৫৪ চনৰ পৰা ১৯৬৬ চনলৈ সন্মুখীন হােৱা দুটা প্রত্যাহান উল্লেখ কৰা।  1+1=2
উত্তৰ :
  • (ক) মনচুনৰ অভাৱৰ বাবে সৃষ্টি হােৱা অনাবৃষ্টি আৰু খাদ্য সংকট। 
  • (খ) 1965 চনত পাকিস্তানৰ লগত হােৱা যুদ্ধ।

22. কাশ্মীৰ সমস্যাৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰ : বৈষম্যৰ প্ৰশ্নত ভাৰতে এক গণতান্ত্রিক দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। এই দৃষ্টিভংগীয়ে আঞ্চলিক প্রত্যাশাৰ ৰাজনৈতিক প্রকাশত অনুমােদন জনায়। 

আঞ্চলিক দাবী বা আকাংক্ষাবােৰক ৰাষ্ট্রবিৰােধী বুলি আখ্যা দিয়া নহয়। ইয়াত আঞ্চলিক স্বকীয়তা বজাই ৰখাত সহায়ক হয়। ভাৰতীয় সংবিধানে ‘বৈচিত্র্যৰ মাজত ঐক্য নীতি মানি চলি ভাষা, সম্প্রদায়, ধর্ম, সংস্কৃতি আদিৰ বিভিন্নতাক স্বীকৃতি দিছে।

23. ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ যিকোনাে দুটা কাৰকৰ বিষয়ে চমুকৈ আলােচনা কৰা। 2+2=4
উত্তৰ : প্ৰয়ােজনীয়তাৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষত আঞ্চলিক ৰাজনৈতিক দলবােৰ গঢ়ি উঠিছিল। এই দলবােৰ গঢ়ি উঠাৰ দুটা প্রধান যুক্তিৰ বিষয়ে তলত আলােচনা কৰা হ’ল -

  • (ক) আঞ্চলিক বৈষম্য : ভাষা, জাতি, জনজাতি, ধর্ম, সম্প্রদায় আদিৰ ক্ষেত্ৰত ভাৰতত অনেক বিভিন্নতা আছে। এই বিভিন্নতাক প্রতিনিধিত্ব কৰি জীয়াই ৰখাৰ স্বাৰ্থত আঞ্চলিক ৰাজনৈতিক দলবােৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰি এই দলবােৰে ভাৰতত থকা আঞ্চলিক বৈষম্য আৰু সম উন্নয়নত সহায় কৰিছে।
  • (খ) কেন্দ্রীয় চৰকাৰৰ অৱহেলা : ভাৰতবর্ষ এখন বিশাল দেশ হােৱা বাবে কেন্দ্রীয় চৰকাৰে দেশৰ সকলাে অঞ্চলৰ সম উন্নয়নসাধন কৰিবলৈ সফল হব পৰা নাছিল যাৰ ফলস্বৰূপে বিভিন্ন অঞ্চলত কেন্দ্রীয় চৰকাৰৰ প্রতি ঘৃণাৰ ভাব জন্ম হৈছিল। আঞ্চলিক দলবােৰৰ উখানে জনসাধাৰণৰ মাজত গঢ়ি উঠা বিচ্ছিন্নতাবাদী মনােভাৱক ৰােধ কৰি দেশত জাতীয় ঐক্য অর্থাৎ অনৈকৰ মাজত ঐক্য গঢ়ি উঠাত সহায় কৰিছে।

24. কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলােচনা কৰা।
উত্তৰ : ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সময়ত ইন্দিরা গান্ধী আয় ছিণ্ডিকেট মজব শত্রুতা মুকলিকৈ প্রকাশ পায়। কংগ্ৰেছ সংসদীয় বউৰ সভাত ইন্দিৰা গাইয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে জগজীৱন ৰামৰ নামটো প্রস্তাব কৰাৰ বিপৰীতে ছিণ্ডিকেট নেতাসকলে নীলম সঞ্জীৱা ৰেডিঙৰ নামটো প্রস্তাৱ কৰে আৰু শেষত তেওঁলোর প্রস্তাৱটো গৃহীত হয়। 

ইন্দিৰা গান্ধীয়ে অসন্তুষ্ট হৈ সেইসময়ত ই ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰা ভি ভি গিৰিক নির্দলীয় প্রার্থীৰূপে প্ৰক্ষেপ কৰি সমর্থন আগবঢ়ায়। কৌশলগতভাৱে তেওঁ ১৪টা আগশাৰীৰ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে প্রিভি পাৰ্ছ কর্তন কৰি এলানি জনকল্যাণমুখী নীতি প্রণয়ন কৰে। 

গতিকে দুয়াে পক্ষৰ মাজত সংঘাত তীব্র হয়। কংগ্ৰেছ সভাপতিয়ে দলীয় প্রার্থী ৰেডিক ভােটদান কৰিবলৈ হুইল্প জাৰি কৰে আৰু ইন্দিৰা গান্ধীয়ে ‘বিবেক ভােট’ আহ্বান কৰে। এই ৰ্বিাচনত ৰেড়িৰ পৰাজয় আৰু ভি ভি গিৰিৰ বিজয়ে কংগ্ৰেছ দলৰ বিভাজন প্রক্রিয়া সম্পূর্ণ কৰে। ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰা গােটটোক কংগ্রেছ (R) আৰু চিণ্ডিকেটে নেতৃত্ব দিয়া গােটটোক কংগ্ৰেছ (O) বুলি জনা যায়।

25. নর্মদা বচাও আন্দোলন সম্পর্কে চমুকৈ আলােচনা কৰা। তুমি এই আন্দোলনটো যুক্তিসংগত বুলি ভাবানে? তােমাৰ যুক্তিৰ কাৰণ দর্শোৱা। 3+1=4
উত্তৰ : ১৯৮৮-৮৯ চনত নর্মদা বচাও আন্দোলন আৰম্ভ হয়। মেধা পাটেকাৰ, অৰুন্ধতী ৰায় আদি হ’ল এই আন্দোলনৰ নেতৃত্ববহনকাৰী ব্যক্তি। নর্মদা নদীত

নির্মাণ হ'বলগীয়া নদীবান্ধ প্রকল্পৰ জৰিয়তে মধ্য প্রদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ লােকসকলৰ অধিক উপকাৰত আহিব বুলি কোৱা হৈছিল। কিন্তু ইয়াৰ বিৰােধিতা কৰা লােকসকলৰ মতে ইয়াৰ দ্বাৰা অঞ্চলটোত অধিক ভয়াবহতাৰ আশংকা আছে। 

সেয়েহে তেওঁলােকে এই নদীবান্ধৰ বিৰােধিতা কৰিবলৈ আগবাঢ়ি আহে। তেওঁলােকৰ মতে নদীবান্ধ নিৰ্মাণৰ ফলস্বৰূপে অঞ্চলটোৰ ২৪৫ খন গাঁও জলমগ্ন হােৱাৰ উপৰিও এই গাঁওসমূহৰ প্রায় দুই লাখ পঞ্চাশ হাজাৰ লােক ক্ষতিগ্রস্ত হ’ব। 

আন্দোলনকাৰীসকলে দাবী জনায় যে প্রকল্পৰ দ্বাৰা প্রত্যক্ষ আৰু পৰােক্ষভাৱে ক্ষতিগ্রস্ত লােকসকলক চৰকাৰে উপযুক্তভাৱে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিব লাগিব। তেওঁলোকে সিদ্ধান্ত গ্রহণ প্রক্রিয়াত স্থানীয় লােকৰ অংশ গ্রহণৰ দাবী উত্থাপন কৰাৰ লগতে পানী, ভূমি, বননি আদি প্রাকৃতিক সম্পদৰ ওপৰত স্থানীয় অধিবাসীসকল নিয়ন্ত্ৰণৰ দাবী জনায় ।

দ্বিতীয় অংশ : নর্মদা বচাও আন্দোলনটো যথেষ্ট যুক্তিপূর্ণ, কিয়নো এই আন্দোলনৰ দ্বাৰা নর্মদা উপত্যকাত বসবাস কৰা অগণনন লোকৰ ন্যায্য অধিকাৰ ৰক্ষা কৰিবলৈ বিচৰা হৈছিল।

26. ১৯৬৭ চনত অনুষ্ঠিত সাধাৰণ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা কেনেদৰে পৰিৱৰ্তন কৰিছিল ?
উত্তৰ : 149 নং পৃষ্ঠা ১ নং প্রশ্নোত্তৰ চোৱা । 

27[a]. অযােধ্যা আৰু গােৰা ঘটনাৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতত সাম্প্রদায়িকতাবাদে সৃষ্টি কৰা প্রত্যাহানৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : স্বাধীনতা আন্দোলনৰ সময়ৰ পৰাই ভাৰতত সাম্প্রদায়িকতাবাদে বিষ বাষ্প
বিয়পাই আহিছিল যদিও বিংশ শতিকাৰ শেষৰটো দশকত উত্তৰ প্ৰদেশৰ অযােধ্যা আৰু গুজৰাটৰ গােধৰা কাণ্ডই আটাইতকৈ কলংকিত অধ্যায়ৰ সূচনা কৰে

1992 চনৰ 6 ডিচেম্বৰত ভাৰতীয় জনতা পার্টি আৰু বিশ্ব হিন্দু পৰিষদৰ প্রায় দুই লাখ কৰসেৱকে যােবাৰ আয়ুদ্ধাৰ  বাৱৰি মছজিদ ধ্বংস কৰে। তেওঁলােকৰ মতে উক্ত মছজিদটোৰ হাতত পূর্বত ৰাম-মন্দিৰ আচিল আৰু সেই মন্দিৰ ধ্বংস কৰি যিহেতুকে মছজিদ বনােৱা হৈছিল সেয়েহে তাত পুনৰ ৰাম-মন্দিৰ স্থাপন কৰিব লাগে। ৰামমন্দিৰ বাৱৰি মছজিদ বিবাদক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰততে হিন্দু আৰু মুছলমানৰ মাজত সাম্প্রদায়িক সংঘর্ষ সৃষ্টি হয়। এই সংঘর্ষত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু ঘটে।

2002 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে গুজৰাটৰ গােৰা নামৰ চহৰখনত সবৰমতী ৰেল গাড়ীখন ৰখাই অযােধ্যাৰ পৰা উভতি অহা কৰসেৱক সকল থকা বা এটাত জুই লগাই দিয়াৰ ফলস্বৰূপে যি ঘটনাৰ সৃষ্টি হৈছিল তাক গােৰা  কাণ্ড বােলে। এই ঘটনাত শিশু আৰু মহিলাকে ধৰি মুঠ ৫৭ জন লােক প্রাণহানি হৈছিল। উক্ত কার্য মুছলমানসকলে কৰা বুলি প্রচাৰ হােৱাৰ লগে লগে সমগ্র দেশতে সাম্প্রদায়িক সংঘর্ষ বিয়পি পৰে। বিশেষকৈ গুজৰাটৰ ১৫০ খন চহৰ আৰু এক হাজাৰৰাে অধিক গাঁও ক্ষতিগ্রস্ত হয় আৰু চৰকাৰী তথ্যমতে ইয়াত প্রায় এক হাজাৰ লােকৰ মৃত্যু ঘটে।

অথবা

27[b]. স্বাধীনতাৰ সময়ত ভাৰতে গ্ৰহণ কৰিব লগীয়া হােৱা তিনিটা প্রত্যাহ্বানৰ বিষয়ে বর্ণনা কৰা।
উত্তৰ : প্ৰথমতে: এখন ৰাষ্ট্র গঠন কৰা, যিখন ৰাষ্ট্ৰত বৈচিত্রৰ মাজত ঐক্য ৰক্ষা কৰা হ'ব। ভাৰতবর্ষ এখন এনেকুৱা ৰাষ্ট্ৰ য'ত বিভিন্ন ভাষা, লােক, ধৰ্ম আৰু সংস্কৃতি আছে। এনে এক অৱস্থাত ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ হিচাপে বেছি সময় চলিব নােৱাৰে বুলি বহুতে মন্তব্য প্রকাশ কৰিছিল। দেশ বিভাজনে সকলােৰে মনত সন্দেহৰ সৃষ্টি কৰিছিল।

দ্বিতীয়তে: এখন গণতন্ত্রৰ ধাৰণাই সৃষ্টি কৰিছিল এক প্রত্যাহ্বান। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ আৰু প্রত্যেক নাগৰিকৰ ভােটদানৰ অধিকাৰ আছে। ভাৰতবৰ্ষত প্রতিনিধিত্বমূলক গণতন্ত্র আছে। যাৰ ভিত্তি হ’ল - সংসদীয় চৰকাৰ ব্যৱস্থা। একমাত্র এনেকুৱা গণতান্ত্রিক সংবিধান এখনে প্রকৃত গণতন্ত্র সৃষ্টি কৰিব নােৱাৰে। সংবিধান অনুযায়ী প্রকৃত গণতন্ত্র বিকাশ কৰাটো আছিল আন এটা প্রত্যাহ্বান।

তৃতীয়তে: প্রত্যাহ্বান হ’ল - সমাজৰ সকলাে লােকৰ বিকাশ আৰু হিত চিন্তা কৰা। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰে সমতা আৰু পিছপৰা লােকসকলৰ বাবে বিশেষ গুৰুত্ব প্রদানৰ কথা উল্লেখ কৰিছে। সামাজিক আৰু ধর্মীয় সম্প্রদায়ৰ লােকৰ ক্ষেত্ৰতাে বিশেষ গুৰুত্ব দিছে। সংবিধানত থকা নির্দেশাত্মক নীতিৰ দ্বাৰা কল্যাণকামী লক্ষ্যত উপনীত হােৱাৰ কথাও উল্লেখ কৰিছে। এই ক্ষেত্ৰতাে প্রকৃত প্রত্যাহ্বান হ’ল আর্থিক পৰিৱৰ্তনৰ দ্বাৰা দৰিদ্রতা দূৰ কৰাৰ বাবে প্রয়ােজনীয় নীতিৰ ব্যৱস্থা কৰা।

28[a]. 1977 চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্র প্রথমবাৰৰ বাবে বিৰােধী দলে চৰকাৰ গঠন কৰে। এই বিকাশৰ কাৰণসমূহ তুমি কি কি বুলি ধাৰণা কৰা?
উত্তৰ : 
  • (ক) জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা অগণতান্ত্রিক নীতি, নিয়ম, অত্যাচাৰ, মৌলিক অধিকাৰ খর্ব আদিৰ দ্বাৰা জনগণ অতিষ্ঠ হৈ পৰিছিল।
  • (খ) প্রধান বিৰােধী দলসমুহে নিজৰ নিজৰ ক্ষুদ্র স্বার্থ বা আদর্শগত পার্থক্যক, বিসর্জন দি কেরল কংগ্ৰেছবিৰােধী আদর্শ গ্রহণ কৰি শক্তিশালী ৰূপত আত কৰিছিল।
  • (গ) কংগ্ৰেছ দলত হােৱা আভ্যন্তৰীণ বিদ্রোহেও বিৰােধী পক্ষৰ মনত আশাৰ সঠি কৰিছিল।
  • (ঘ) বিৰােধী দলসমূহে একগােট হৈ জনতা দল গঠন কৰাৰ পিছনে কংগ্ৰেছবিৰােধী ভােটসমূহ বিভাজিত হােৱাৰ আশংকা নাইকিয়া হয়।
  • (ঙ) ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী আচৰণে জনগণক ভীতিগ্রস্ত কৰিছিল। 
  • (চ) জৰুৰী অৱস্থাৰ সময়ত সংবাদ মাধ্যমৰ ওপৰত চলােৱা অগণতান্ত্রিক ব্যৱস্থা আৰু নিষেধাজ্ঞাৰ পােটক ল’বলৈ এইবােৰে চেষ্টা চলাইছিল আৰু কংগ্ৰেছবিৰােধী জনমত গঠন কৰাত সহায় কৰিছিল।
অথবা

28[b]. ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছােৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলােচনা কৰা। 3+3=6
উত্তৰ : আৰম্ভণিৰ সময়ছােৱাত পৰিকল্পিত বিকাশৰ সৈতে কেবাটাও বিতর্ক সৃষ্টি হৈছিল। তাৰ ভিতৰত প্রধান বিতর্কসমূহ হ'ল -

(ক) কৃষি বনাম উদ্যোগ : পৰিকল্পনাৰ জৰিয়তে ভাৰতৰ কৃষি খণ্ডত নে উদ্যোগ
খণ্ডত অধিক গুৰুত্ব দিয়া হ'ব তাক লৈ বিতর্ক সৃষ্টি হৈছিল। কাৰণ প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কৃষি খণ্ডৰ ওপৰত আৰু দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত উদ্যোগ খণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। পৰিকল্পনাকাৰীসকলে ৱশ্যে দ্রুত উদ্যোগীকৰণৰ সপেক্ষে মত আগবঢ়াইছিল। তেওঁলােকৰ মতে -

(ক) বৃহৎ প্রাকৃতিক আৰু মানৱ সম্পদৰ অধিকাৰী ভাৰত উদ্যোগৰ বাবে উপযুক্ত। 
(খ) কৃষিভূমিৰ ওপৰত অত্যাধিক হেঁচা বােধ কৰিবলৈ হ'লে উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব।
(গ) দ্রুত উদ্যোগীকৰণ হ’ল সকলো বিকাশৰ এক অন্যতম পূর্বচর্ত।

(খ) ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড : ভাৰতীয় অর্থনীতিত ৰাজহুৱা খণ্ডৰ ওপৰত নে ব্যক্তিগত খণ্ডৰ ওপৰত অধিক গুৰুত্ব আৰােপ কৰা হ'ব তাক লৈয়াে বিতর্কৰ সূচনা হৈছিল। আৰম্ভণিতে পুঁজিবাদী অর্থনীতি আৰু সমাজবাদী অর্থনীতি  গ্রহণক লৈ বিতর্ক সৃষ্টি হৈছিল আৰু অৱশেষত মিশ্র অর্থনীতি গ্রহণ কৰা হয়।

ভাৰতত দুয়ােটা খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও 1980 ৰ দশকলৈ সামগ্রিকভাৱে “ৰাজহুৱা খণ্ডই প্রাধান্যতা লাভ কৰি আহিছিল । কিন্তু চৰকাৰী এই সিদ্ধান্তক তীব্র ভাবে সমালােচনা কৰা হয়। 1991 চনত ভাৰতে নতুন অর্থনৈতিক সংস্কাৰ নীতি গ্রহণ কৰে আৰু ক্ৰমাৎ ব্যক্তিগত খণ্ডই অধিক গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰে।

Post a Comment

0 Comments

People

Ad Code