Recent in Technology

জাতি গঠনৰ প্ৰত্যাহ্বানসমূহ(L-11) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][জাতি গঠনৰ প্ৰত্যাহ্বানসমূহ][Part B][additional Q/A


জাতি গঠনৰ প্ৰত্যাহ্বানসমূহ(L-11) Important-Additional Q/A



👉Table Of Content👈



(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ঃ ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল ?
উত্তৰ : ১৯৪৭ চনত।

প্রশ্ন ২: ‘ দ্বিজাতি তত্ত্ব কি?
উত্তৰ : বৃটিছ শাসিত ভাৰতবৰ্ষক হিন্দু ধর্ম আৰু মুছলমান ধৰ্মৰ ওপৰত ভিত্তি কৰি অৱশেষত ভাৰতবর্ষ আৰু পাকিস্তান নামেৰে দুখন দেশ হিচাপে স্বাধীনতা প্রদান কৰাকে “ দ্বিজাতি তত্ত্ব’ বােলে।

প্রশ্ন ৩ : পণ্ডিত জৱাহৰলাল নেহৰুৰ লক্ষ্যবােৰ কি আছিল?
উত্তৰ : নেহৰুৰ প্রধান লক্ষ্য আছিল এখন শান্তিপূর্ণ ভাৰতবৰ্ষ সৃষ্টি কৰা। তেওঁ ভাৰতত বসবাস কৰা সকলাে লােকৰ মাজত ঐক্য-সংহতি স্থাপনৰ ওপৰত গুৰুত্ব দিছিল। আনকি তেওঁ সংখ্যালঘু সকলােকো সম্পূর্ণ নিৰাপত্তা প্রদানত গুৰুত্ব দিছিল। 

প্রশ্ন ৪ : ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?
উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

প্রশ্ন ৫ : হায়দৰাবাদৰ জনগণে নিজামৰ শাসনৰ কিয় বিৰােধী আছিল ?
উত্তৰ : হায়দৰাবাদৰ নিজামে কৃষকসকলক শােষণ, উৎপীড়ন কৰিছিল বাবে তেওঁলােকে তেওঁৰ শাসনৰ বিৰােধিতা কৰিছিল।

প্রশ্ন ৬ : নিজামৰ দমনকাৰী শাসনৰ ভুক্তভােগী কোন হৈছিল?
উত্তৰঃ হায়দৰাবাদৰ কৃষক আৰু অনামুছলমানসকল।

প্রশ্ন ৭ : সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ ওপৰত ভিত্তি কৰি কোনখন দেশীয় ৰাজ্যত প্রথম নির্বাচন অনুষ্ঠিত হৈছিল ?
উত্তৰ : মণিপুৰ।

প্রশ্ন ৮ : কোনবােৰ দেশীয় ৰাজ্যই ভাৰতৰ অংশ হােৱাত সমস্যাৰ সৃষ্টি কৰিছিল?
উত্তৰঃ 
  • জুনাগড
  • হায়দৰাবাদ
  • মণিপুৰ 
  • কাশ্মীৰ।

প্রশ্ন ৯ : ‘চামিলকৰণ দলিল’ৰ প্ৰধান ব্যৱস্থা কি আছিল?
উত্তৰ : ভাৰত অন্তর্গত বিভিন্ন অঞ্চলৰ দেশীয় শাসকৰ সৈতে চহী কৰি সেইবােৰ ভাৰতীয় সংঘৰ লেতে চামিলকৰণ কৰা ।

প্রশ্ন ১০ : কেতিয়া জম্মু আৰু কাশ্মীৰৰ মহাৰজাই চামিলকৰণ দলিল’ত চহী কৰিছিল ?
উত্তৰ : ১৯৪৭ চনৰ অক্টোবৰ মাহত।


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : স্বাধীন ভাৰতে সন্মুখীন হােৱা তিনিটা প্রত্যাহ্বান কি কি? 
উত্তৰ : 
  • (ক) দেশৰ ঐক্য আৰু সংহতি স্থাপন তথা সার্বভৌমত্ব ৰক্ষা কৰা।
  • (খ) গণতন্ত্র প্রতিষ্ঠাৰ প্ৰত্যাহ্বান আৰু 
  • (গ) সমগ্ৰ ভাৰতীয় লােকৰ বিকাশ আৰু মংগল সুনিশ্চিতকৰণ কৰা। 

প্রশ্ন ২ : দ্বিজাতি তত্ত্ব’ৰ তাৎক্ষণিক পৰিণাম কি আছিল ? 
উত্তৰ : দেশ বিভাজন, দ্বিজাতি তত্ত্বৰ ফলত ভাৰত আৰু পাকিস্তান নামেৰে দুখন দেশ হিচাপে স্বাধীনতা প্রদান আৰু লগে লগে দুয়ােখন দেশত সৃষ্টি হয় সাম্প্রদায়িক হিংসা আৰু হত্যা।

প্রশ্ন ৩ : ১৯৪৭ চনৰ জুন মাহৰ তিনি তাৰিখে বৃটিছ গবৰ্ণৰ জেনেৰেল মাউণ্টবেটেনে কি ঘােষণা কৰিছিল ?
উত্তৰঃ ১৯৪৭ চনৰ তিনি জুনত লর্ড মাউন্টবেটেনে এখন আঁচনি ঘােষণা কৰিছিল। ইয়াৰ মূল বিষয়বস্তু আছিল এনে ধৰণৰ -

  • (ক) ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন ৰাষ্ট্র গঠন হ'ব।
  • (খ)বংগ আৰু পঞ্জাৱৰ কি কি অংশ পাকিস্তানৰ সৈতে চামিল হ’ব সেইটো নির্ধাৰণ কৰিবলৈ এখনি সীমা নির্ধাৰণ আয়ােগ নিয়ােগ কৰা হ'ব।
  • (গ) এই সিদ্ধান্ত অসমৰ ছিলেট আৰু উত্তৰ-পশ্চিম সীমান্ত প্রদেশত কার্যকৰী কৰিবলৈ গণভােটৰ ব্যৱস্থা কৰা হ'ব।
  • (ঘ) সিন্ধু প্রদেশত বিধানসভাৰ দ্বাৰা এই সিদ্ধান্ত গ্রহণ কৰা হ'ব।
  • (ঙ) দেশীয় ৰাজ্যবােৰে নিজ ইচ্ছামতে ভাৰত বা পাকিস্তানত যােগদান অথবা স্বাধীনভাৱে থাকিব পাৰিব।

প্রশ্ন ৪ : জম্মু আৰু কাশ্মীৰক সুকীয়া মর্যাদা প্রদান কৰা যিকোনাে দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰ : 
  • (ক) সংবিধানৰ ৩৬৯ নং অনুচ্ছেদ অনুসৰি সুকীয়া সংবিধান প্রদান কৰা। 
  • (খ) সংবিধানৰ ৩৭০ নং অনুচ্ছেদ অনুসৰি সুকীয়া শাসন ব্যৱস্থাৰ স্বীকৃতি দিয়া।

প্রশ্ন ৫: ৰাজ্যৰ পুনৰ গঠন আইনৰ অধীনত কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্রীয় শাসিত অঞ্চল সৃষ্টি কৰা হৈছিল ?
উত্তৰ : ১৪ খন ৰাজ্য আৰু খন কেন্দ্রীয় শাসিত অঞ্চল। 

প্রশ্ন ৬ : ভাৰতীয় জাতীয় আন্দোলনৰ নেতাসকলে কিয় ধর্মনিৰপেক্ষ ৰাষ্ট্ৰৰ আদৰ্শক সমর্থন কৰিছিল, যুক্তি দিয়া।
উত্তৰ : 
  • (ক) ভাৰতবর্ষ এখন বহু ধৰ্মৰ লােক বসবাস কৰা দেশ।
  • (খ) সকলাে ধৰ্মৰ পৰা সঁহাৰি আৰু সমর্থন অবিহনে ভাৰতৰ স্বাধীনতা সম্ভৱ নহয়।

প্রশ্ন ৭ : ৰাজ্যৰ পুনৰ গঠন আয়ােগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটো কি আছিল?
উত্তৰ : ১৯৫৩ চনত গঠন কৰা ৰাজ্যৰ পুনৰ গঠন আয়ােগে ভাষাৰ ভিত্তিত ভাৰতীয় ৰাজ্যসমূহক পুনৰ গঠন কৰিবলৈ গুৰুত্বপূৰ্ণ পৰামর্শ এটি আগবঢ়াইছিল আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ১৯৫৬ চনত ৰাজ্যৰ পুনৰ গঠন আইনৰ অধীনত ১৪ খন ৰাজ্য আৰু খন কেন্দ্রীয় শাসিত অঞ্চল সৃষ্টি কৰা হৈছিল।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : জাতি গঠন নির্ণয় কৰা চাৰিটা উপাদান ব্যাখ্যা কৰা।
উত্তৰ : জাতি গঠনৰ নিৰ্ণায়ক উপাদান চাৰিটা হ'ল - 

  • (ক) জাতিটোৰ নিৰাপত্তা সুনিশ্চিত হােৱা, সার্বভৌমত্ব সুৰক্ষিত হােৱা আৰু জাতিটোৰ অন্তর্গত সকলাে লােকৰ মাজত ঐক্য-সংহতি স্থাপন হােৱা।
  • (খ) জাতিটোৰ মনস্বাত্বিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ভেটি শক্তিশালী হােৱা। 
  • (গ) জাতিটোৰ অর্থনৈতিক বিকাশ সুনিশ্চিত হােৱা। বৈদেশীক আক্রমণ তথা আক্রমণৰ ভাবুকিৰ পৰা মুক্ত হােৱা। 

প্রশ্ন ২ : ভাৰতীয় ভাষা সমস্যাৰ চাৰিটা মূল বৈশিষ্ট্য উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) ভাৰত এখন বহু ভাষিক ৰাষ্ট্র।
  • (খ) ভাৰতত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন কৰা হৈছে আৰু বর্তমানেও এই দাবী উত্থাপিত হৈ আহিছে।
  • (গ) ভাষাৰ ওপৰত ভিত্তি কৰি উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে।
  • (ঘ) ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক দলবােৰে ৰাজনীতি কৰা দেখা যায়।

প্রশ্ন ৩ : ভাৰতত দেশ বিভাজনৰ সৈতে জড়িত বিষয়বােৰ আলােচনা কৰা। 
উত্তৰ : ১৯৪৬ চনৰ কেবিনেট মিছনৰ প্ৰস্তাৱত ভাৰতক ধৰ্মৰ ওপৰত ভিত্তি কৰি বিভাজনৰ বিষয় সন্নিবিষ্ট কৰা হৈছিল। অৱশেষত মাউন্টবেটেন আঁচনিৰ অধীনত ভাৰতক ভাৰত আৰু পাকিস্তান নামেৰে বিভাজন কৰি স্বাধীনতা প্ৰদান কৰা হয় । বিভাজনৰ বিষয়টো তত্ত্বগত দিশৰ পৰা সহজ যেন ধাৰণা হলেও বিভিন্ন কাৰণত জটিলতাৰ সৃষ্টি কৰিছিল।

(ক) বৃটিছ ভাৰতত এনে কোনাে একত্রিত অঞ্চল নাছিল য'ত মুছলমান সংখ্যাগৰিষ্ঠতা আছিল।
(খ) সকলােবােৰ মুছলমান সংখ্যাগৰিষ্ঠতা অঞ্চল পাকিস্তানৰ সৈতে চামিল হ’ব বিচৰা নাছিল।
(গ) মুছলমান সংখ্যাগৰিষ্ঠ প্রদেশ পঞ্জাৱ আৰু পশ্চিমবংগত এনে কিছুমান অঞ্চল আছিল যত অমুছলমান সংখ্যাগৰিষ্ঠতা আছিল।
(ঘ) দুয়ােখন ৰাষ্ট্রৰ সীমান্তৱর্তী অঞ্চলত বাস কৰা সংখ্যালঘুসকলৰ বাবে বিভাজনৰ সময়ছােৱা আছিল অতি যন্ত্রণাকাতৰ সময়।

প্রশ্ন ৪ : ১৯৪৭ চনৰ ভাৰতবর্ষ বিভাজনৰ পৰিণতি সমুহ কি কি আছিল? 
উত্তৰ : ১৯৪৭ চনৰ ভাৰত বিভাজন বিশ্ব ইতিহাস-ব বােধকৰাে সবাতােকৈ তাৎক্ষণিক, অপৰিকল্পিত আৰু শােকাবহ জনসাধাৰণৰ হস্থান্তৰিতকৰ; এটা সময়ৰ ইতিহাস ভাৰতৰ ইতিহাসৰ এক কৰুণ অধ্যায়। 

সীমান্তৰ দুয়ােপাৰে হত্যা, আৰু অত্যাচাৰেই চূড়ান্ত পর্যায় লাভ কৰিছিল। লাহােৰ, কলিকতা আৰু অমৃতসৰত সম্প্রদায়িক মণ্ডলত বিভক্ত হৈ পৰিছিল। হিন্দু আৰু শিখসকলে মুছলমান সংখ্যাগৰিষ্ঠত' অঞ্চললৈ আৰু মুছলমানসকল শিখ তথা হিন্দু সংখ্যাগৰিষ্ঠতা অঞ্চললৈ অহা-যোৱা কৰ শপে বন্ধ হৈ পৰিছিল। বিভাজনৰ সময়ঠোৱাত প্রায় ৮০ লাখ লােক সীমান্ত অর্জন কৰিবলগীয়া হৈছিল। বিভাজনৰ সৈতে জড়িত হিংসাত্মক ঘটনাত প্রয় পাঁচৰ পৰা দহ লাখ লােকৰ মৃত্য হৈছিল। আৰু অগণন লােক গৃহহাৰা তথা চিৰদিনলৈ পংগু হৈ পৰিছিল। সীমান্ত অতিক্রম কৰােতে বহুতে লােকক হত্যা কৰাৰ লগতে অসংখ্যা মহিলাক ধর্ষণ কৰা হৈছিল

প্রশ্ন ৫ : কাশ্মীৰ ভৰতৰ সৈতে চামিলকৰণৰ বিষয়টো বাখ্যা কৰা ? 
উত্তৰ : দেশ বিভাজনৰ পিছত দেশীয় ৰাজ্যসমূহৰ চামিলকৰণৰ বিষয়টো অতি জটিল সমস্যাৰূপে পৰিগণিত হৈছিল। দুয়ােখন দেশৰ কাশ্মীৰ এটা সন্মানৰ বিষয় হৈ পৰে। ভৌগােলিক অৱস্থানৰ দিশৰ পৰাও এইখন ৰাজ্যৰ গুৰুত্ব আছিল। দেশ বিভাজনৰ সময়ত ইয়াৰ ৰজা আছিল হৰি সিং। তাৎপর্যপূর্ণ ভাৱে হৰি সিং হিন্দু ধর্মাৱলম্বী লােক আছিল যদিও সংখ্যাগৰিষ্ঠ লোক আছিল মুছলমান। ভৌগলিক অৱস্থান আৰু মুছলমান সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত পাকিস্তানে কাশ্মীৰক নিজৰ অন্তর্ভুক্ত কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল।

মহাৰাজ হৰি সিঙক ভাৰতৰ ভাইৰয় মাউণ্টবেটেনে কাশ্মীৰক ভাৰত অথবা পাকিস্তানৰ অন্তর্ভুক্ত কৰিবলৈ পৰামর্শ দিছিল যদিও তেওঁ সেইটো অগ্রাহ্য কৰিছিল। ইয়াৰ মূল কাৰণ আছিল দুটা -

(ক) ভাৰত বিভাজনৰ পিছত তেওঁ নিজৰ ৰাজ্য স্বাধীনভাৱে শাসন কৰিব বিচাৰিছিল, আৰু
(খ) তেওঁ ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাৰ দ্বাৰা ক্ষমতাচ্যুত হােৱাৰ লগতে পাকিস্তানৰ দায়িত্বতা মনােভাৱত নিৰাপত্তাহীনতাত ভুগিছিল এইবােৰ ৰণতে তেওঁ পাকিস্তান সৈতে স্থিতাবস্থাৰ চুক্তি চহী কৰিছিল। আনহাতে কাশ্মীৰৰ শক্তিশালী ৰাজনৈতিক দল নেচনেল কনফাৰেন্সে কাশ্মীৰ ভাৰতৰ সৈতে চামিলকৰণ হােৱাটো বিচাৰিছিল ।

মহম্মদ আলী জিন্নই বৃটিছ সামৰিক সচিবক তিনিবাৰকৈ হৰি সিঙৰ ওচৰলৈ প্রেৰণ কৰি কাশ্মীক পানিৰ অন্তর্ভুক্ত কৰিবলৈ চেষ্টা কৰিছিল। ঠিক সেই সময়তে ১৯৪৭ চনৰ ২০ অক্টোবৰত পাকিস্তানৰ কেইবাহাজাৰ জনজাতীয় লেকে মেচিনগান, মর্টাৰ আদিৰে সজ্জিত হৈ কাশ্মীৰ আক্ৰমণ কৰে। তেওঁলােকক পাকিস্তানী সেনাই সহায় কৰিছিল। মহাৰাজ হৰি সিং উপায়ন্তৰ হৈ ভাৰতৰ সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল মাউণ্টবেটেক কাশ্মীৰক ভাৰতৰ সৈতে মিলকৰণৰ ইচ্ছা প্রকাশ কৰি পত্ৰ প্ৰেৰণ কৰে তাৰু লগে লগে ভাৰতীয় সেনাক কাশ্মীৰলৈ প্ৰেৰণ কৰি আক্ৰমণকাৰীসকলক খেলি পঠিওৱা হয়।

প্রশ্ন ৬ : চৰ্দাৰ বল্লভভাই পেটেলৰ ওপৰত এটি toka likha.
উত্তৰ : ১৮৭৫ চনত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্রণী নেতা। তেওঁ দেশৰ সংবিধান ৰচনাতাে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। সংবিধান সভাৰ গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰ উপ-সমিতিৰ তেওঁ সভাপতি আছিল আৰু সংখ্যালঘু সম্প্রদায় সমিতিৰ সদস্য আছিল। তেওঁৰ স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী আৰু উপ-প্রধানমন্ত্রী আছিল। দেশীয় ৰাজ্যসমূহক ভাৰতীয় সংঘৰ সৈতে চামিলকৰণৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।


(ঘ) অতি দীঘল প্রশ্নোত্তৰ : (প্ৰত্যেকটোত ৭/৮ নম্বৰকৈ)


প্রশ্ন ১ঃ দেশীয় ৰাজ্যসমূহক ভাৰতৰ সৈতে চামিলকৰণৰ মূল বিবেচনাবােৰ কি আছিল? এই কামত কোনে বলিষ্ঠ ভূমিকা পালন কৰিছিল?
উত্তৰ : দেশে স্বাধীনতা লাভ কৰাৰ লগে লগে আটাইতকৈ গুৰুত্বপূর্ণ কামটো আছিল দেশীয় ৰাজ্যসমূহৰ চামিলকৰণৰ বিষয়টো। কাৰণ স্বাধীনতা আইনত দেশীয় ৰাজ্যসমূহৰ ক্ষেত্ৰত কোনাে ধৰণৰ বাধ্য বাধকতা আৰােপ কৰা নাছিল। আনকি বহুতাে দেশীয় ৰাজ্যই স্বাধীনভাৱে থাকিবলৈ ইচ্ছা প্রকাশ কৰিছিল। এনে পৰিস্থিতিত ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯৪৭ চনৰ ১৫ জুনত গ্ৰহণ কৰা এক বলিষ্ঠ প্রস্তাৱৰ জৰিয়তে ঘােষণা কৰে যে ভাৰতত অন্তর্ভুক্ত কোনাে ৰাজ্যৰ স্বাধীনতা ঘােষণা কৰি বিচ্ছিন্ন হৈ থকাৰ অধিকাৰ নাই। সেই সময়ৰ ভাৰতৰ অন্তৱৰ্তীকালীন চৰকাৰখনে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল যাতে ভাৰতবৰ্ষ পুনৰ বিভাজিত নহয়। এই ক্ষেত্ৰত সেই অঞ্চলসমূহ ভাৰতৰ সৈতে চামিলকৰণৰ মূল বিবেচনাৰ বিষয় আছিল যে অধিকাংশ দেশীয় ৰাজ্যৰ জনসাধাৰণে ভাৰতৰ অংগ হােৱাত ইছ প্রকাশ কৰিছিল। ভাৰত আৰু পাকিস্তান হিচাপে দেশ বিভাজিত হােৱাৰ পৰিণতিত যিবােৰ তিক্ত ঘটনা সৃষ্টি হৈছিল সেইবােৰে বিদ্যান মহলকো দেশন থাকে পুনৰ বিভাজিত নহয় তাৰ প্রতি সচেতন হ'বলৈ বাধ্য কৰাইছিল।

দেশীয় ৰাজ্যসমূহৰ চামিলকৰণ আৰু ভাৰতৰ ৰাজ্যসমূহৰ পুনৰ গঠনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথমজন গৃহমন্ত্রী তথা উপ-প্রধানমন্ত্রী চৰ্দাৰ বল্লভভাই পেটেলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। এই ক্ষেত্ৰত তেওঁক বিশেষভাৱে সহায় কৰিছিল গৱর্ণৰ জেনেৰেল লর্ড মাউন্টবেটনে আৰু ভি পি মেননে।

প্রশ্ন ২ : ৰাজ্যসমূহৰ পুনৰ গঠন কি? ই কেতিয়া সম্পন্ন হৈছিল ?
উত্তৰ : ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ঠিক পিছতে ৰাজ্যসমূহক আঞ্চলিক আৰু ভাষাৰ ভিত্তিত পুনৰ গঠন কৰাকে ৰাজ্যৰ পুনৰ গঠন বােলে। এই কার্য সম্পন্ন কৰিবলৈ ১৯৫৩ চনত এখন ৰাজ্য পুনৰ গঠন আয়ােগ গঠন কৰা হয় আৰু এই আয়ােগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ১৯৫৬ চনত ৰাজ্যৰ পুনৰ গঠন আইন প্রৱর্তন কৰা হয়। এই আইনৰ অধীনত ভাৰতত মুঠ ১৪ খন ৰাজ্য আৰু খন কেন্দ্রীয় শাসিত অঞ্চল সৃষ্টি কৰা হয়।

প্রশ্ন ৩ : ৰাজ্যসমূহৰ একত্ৰীকৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা দৃষ্টিভংগীৰ তিনিটা বিবেচনা আলােচনা কৰা।
উত্তৰ : ভাৰতৰ অন্তৱৰ্তীকালীন চৰকাৰখনে ভাৰতত পুনৰ যাতে বিভাজন নহয়, তাৰ বাবে কঠোৰ স্থিতি গ্রহণ কৰিছিল। এই ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেল, লর্ড মাউণ্টবেটেন আৰু ভি পি মেননে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ৰাজ্যসমূহৰ গঠনৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগী আছিল তিনিটা। অর্থাৎ তিনিটা বিষয়ৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যসমূহ গঠনৰ ব্যৱস্থা কৰিছিল। সেইবােৰ হ’ল -

(ক) অধিকাংশ দেশীয় ৰাজ্যৰ জনসাধাৰণে ভাৰত যুক্তৰাষ্ট্রৰ অংশত পৰিণত হােৱাৰ ইচ্ছা প্রকাশ কৰিছিল।
(খ) কিছু অঞ্চলক স্বতন্ত্র প্রদানৰ ক্ষেত্ৰত নমনীয় হ’বলৈ চৰকাৰ সাজু আছিল।
(গ) বিভাজনৰ ঘটনাৰ বাবে ৰাষ্ট্ৰখনৰ ভূখণ্ড নির্ধাৰণ, একত্রিতকৰণ আৰু সুদৃঢ়কৰণত সর্বাধিক গুৰুত্ব প্রদান কৰা হৈছিল।

ভাৰতৰ সৈতে দেশীয় ৰাজ্যসমূহৰ চামিলকৰণৰ ক্ষেত্ৰত দুটা উপায় গ্রহণ কৰা হৈছিল। প্রথমতে, যুক্তৰাষ্ট্ৰ চৰকাৰ শাসিত অঞ্চল অথবা সমীপৱৰ্তী প্রদেশসমূহৰ সৈতে দেশীয় ৰাজ্যসমূহৰ সংযুক্তকৰণ আৰু দ্বিতীয়তে, একাধিক দেশীয় ৰাজ্যক সংযুক্ত কৰি বৃহৎ ৰাজ্য গঠন কৰা।

প্রশ্ন ৪ : স্বাধীন ভাৰতবৰ্ষই সম্মুখীন হােৱা তিনিটা প্রত্যাহ্বান আলােচনা কৰা। 
উত্তৰ : প্ৰথমতে: এখন ৰাষ্ট্র গঠন কৰা, যিখন ৰাষ্ট্ৰত বৈচিত্রৰ মাজত ঐক্য ৰক্ষা কৰা হ'ব। ভাৰতবর্ষ এখন এনেকুৱা ৰাষ্ট্ৰ য'ত বিভিন্ন ভাষা, লােক, ধৰ্ম আৰু সংস্কৃতি আছে। এনে এক অৱস্থাত ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ হিচাপে বেছি সময় চলিব নােৱাৰে বুলি বহুতে মন্তব্য প্রকাশ কৰিছিল। দেশ বিভাজনে সকলােৰে মনত সন্দেহৰ সৃষ্টি কৰিছিল।

দ্বিতীয়তে: এখন গণতন্ত্রৰ ধাৰণাই সৃষ্টি কৰিছিল এক প্রত্যাহ্বান। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ আৰু প্রত্যেক নাগৰিকৰ ভােটদানৰ অধিকাৰ আছে। ভাৰতবৰ্ষত প্রতিনিধিত্বমূলক গণতন্ত্র আছে। যাৰ ভিত্তি হ’ল - সংসদীয় চৰকাৰ ব্যৱস্থা। একমাত্র এনেকুৱা গণতান্ত্রিক সংবিধান এখনে প্রকৃত গণতন্ত্র সৃষ্টি কৰিব নােৱাৰে। সংবিধান অনুযায়ী প্রকৃত গণতন্ত্র বিকাশ কৰাটো আছিল আন এটা প্রত্যাহ্বান।

তৃতীয়তে: প্রত্যাহ্বান হ’ল - সমাজৰ সকলাে লােকৰ বিকাশ আৰু হিত চিন্তা কৰা। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰে সমতা আৰু পিছপৰা লােকসকলৰ বাবে বিশেষ গুৰুত্ব প্রদানৰ কথা উল্লেখ কৰিছে। সামাজিক আৰু ধর্মীয় সম্প্রদায়ৰ লােকৰ ক্ষেত্ৰতাে বিশেষ গুৰুত্ব দিছে। সংবিধানত থকা নির্দেশাত্মক নীতিৰ দ্বাৰা কল্যাণকামী লক্ষ্যত উপনীত হােৱাৰ কথাও উল্লেখ কৰিছে। এই ক্ষেত্ৰতাে প্রকৃত প্রত্যাহ্বান হ’ল আর্থিক পৰিৱৰ্তনৰ দ্বাৰা দৰিদ্রতা দূৰ কৰাৰ বাবে প্রয়ােজনীয় নীতিৰ ব্যৱস্থা কৰা।

প্রশ্ন ৫ : ৰাজ্যৰ পুনৰ গঠনৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ৰাষ্ট্র গঠন প্রক্রিয়াত কেৱল দেশীয় ৰাজ্যসমূহৰ অখণ্ডতা আৰু বিভাজনেই সমস্যাৰ সমাধান কৰা নাছিল। ভাৰতবৰ্ষৰ বৈচিত্র্যময়ী ভাষা আৰু সংস্কৃতিয়ে দেশখনৰ একতাক আঘাত কৰিছিল। দেশখনৰ আভ্যন্তৰীণ দিশত এই কাৰণেই এক সমস্যাৰ সৃষ্টি হৈছিল। নেতাসকলেও এই সমস্যাৰ সমাধান বিচাৰি পােৱা নাছিল। ফলস্বৰূপে, বিভিন্ন ৰাজ্যত আন্দোলন হােৱা দেখা যায়। ১৯৫২ চনত অন্ধ্রপ্রদেশক এখন ৰাজ্য হিচাপে প্রধানমন্ত্রীয়ে স্বীকৃতি দিয়ে। ইয়াৰ পিছতে ১৯৫৩ চনত ৰাজ্য পুনৰ গঠন আয়ােগ নিযুক্ত কৰা হয়। আয়ােগে ৰিপ'ৰ্টত উল্লেখ কৰে যে ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ সীমা নির্ধাৰণ কৰা উচিত। আয়ােগৰ ৰিপ'ৰ্টৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠন আইন। ১৯৬৫ চনত প্রণয়ন কৰা হয়। ফলত ১৪ খন ৰাজ্য আৰু খন কেন্দ্রীয় শাসিত অঞ্চলৰ সৃষ্টি হয়।



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code