Recent in Technology

পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ(L-8) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ][Part A][additional Q/A


পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ(L-8) Important-Additional Q/A





 

(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : সেউজ গৃহ গেছ নিৰ্গাসন মানে কি বুজা? 
উত্তৰ : বিশ্বৰ বিভিন্ন দেশে স্থাপন কৰা বৃহৎ উদ্যোগসমূহৰ পৰা নিৰ্গাসন হােৱা গেছবােৰে যেনে - কার্বন-ডাই-অক্সাইড, মিথেন, হাইড্র-ফ্ল’ৰ কার্বন আদিয়ে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে। এইবােৰ গেছকে সেউজ গৃহ নির্গাসন গেছ বােলে। 

প্রশ্ন ২ : খিলঞ্জীয়া লােকৰ বিশ্ব পৰিষদ কোন চনত গঠন কৰা হৈছিল ?
উত্তৰ : ১৯৭৫ চনত।

প্রশ্ন ৩ : কোন তাৰিখে বিশ্ব পৰিৱেশ সজাগতা দিৱস উদ্যাপন কৰা হয় ?
উত্তৰ : ৫ জুন।

প্রশ্ন ৪ : ২১ দফীয়া কাৰ্যসূচী কি?
উৰ্ত্তৰ : ১৯৯২ চনত ৰিঅ'দি-জেনেৰিউ চহৰত অনুষ্ঠিত ধৰিত্ৰী সন্মিলনত জলবায়ু পৰিৱর্তন, জৈৱ-বৈচিত্রতা, বননিকৰণ আদি সম্পর্কে মুঠ ২১টা প্রস্তাৱ গ্ৰহণ কৰা হৈছিল। ইয়াকে ২১ দফীয়া কাৰ্যসূচী বােলে।

প্রশ্ন ৫ : পাৰিপাৰ্শ্বিক আইনবােৰ কাৰ্যকৰী কৰাটো কিয় আৱশ্যক?
উত্তৰ : পৃথিৱীত জীৱ জীয়াই থকাৰ একমাত্ৰ কাৰণটো হ'ল - ইয়াৰ উপযুক্ত পৰিৱেশ। এই পৰিৱেশ বিনষ্ট হ'লে বিশ্ব ব্রহ্মাণ্ডৰ পৰা চিৰদিনলৈ মানুহৰ লগতে আন আন জীৱসমূহ নিঃশেষ হৈ যাব। সেয়েহে এই পৰিৱেশ সংৰক্ষণৰ দায়িত্ব বিশ্ব মানৱ সম্প্ৰদায়ৰ আৰু ইয়াৰ কাৰণে এই আইন সমূহ কার্যকৰী কৰাটো অতিকৈ আৱশ্যক। 

প্রশ্ন ৬ : ১৯৯২ চনৰ ধৰিত্ৰী বা বসুন্ধৰা সন্মিলনত কিমানখন দেশে অংশগ্রহণ কৰিছিল ?
উত্তৰ : ১৭০ খন ৰাষ্ট্রই।

প্রশ্ন ৭ : কোন চনত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সংক্রান্তিয় কাঠাম চুক্তি পত্র (UNECCC) খন অনুষ্ঠিত হৈছিল ?
উত্তৰ : ১৯৯৭ চনত।

(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : ভূ-ৰাজনীতি সম্পদ বুলিলে কি বুজা?
উত্তৰ : ভূ-ৰাজনীতি সম্পদ হ’ল মূলতঃ সম্পদ কেন্দ্রিক ভূ-ৰাজনীতি। ই হ’ল - প্রধানকৈ কোনে কি পায়, কেতিয়া পায়, ক'ত পায় আৰু কেনেদৰে পায় আদি বিষয়ক লৈ জড়িত সম্পদে ইউৰােপক সমগ্র বিশ্বতে নিজৰ ক্ষমতা প্রতিষ্ঠা কৰাৰ একমাত্র উপায় আৰু উদ্দেশ্য সন্ধান দিছিল। সম্পদক কেন্দ্ৰ কৰিয়েই ৰাষ্ট্ৰসমূহৰ মাজত প্রতিযােগিতা আৰু বিৰােধৰ সৃষ্টি হয়। সম্পদ সম্পর্কে পশ্চিমীয়া ভূ-ৰাজনৈতিক ধ্যান-ধাৰণা সমূহ ব্যৱসায়িক সম্পর্ক, যুদ্ধ আৰু ক্ষমতা দ্বাৰা প্ৰভাৱিত হৈছিল।

প্রশ্ন ২ : পানী প্ৰদুষণৰ দুটা কাৰণ উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) বিভিন্নঞ্চলৰ কাৰখানা আদিৰ আবর্জনা আৰু 
  • (খ) মহাসাগত পাৰমাণৱিক বােমাৰ পৰীক্ষণ। 

প্রশ্ন ৩ : পৰিৱেশৰ অৱক্ষয়ৰ লগত জড়িত দুটা বিষয় উল্লেখ কৰা। 
উত্তৰঃ 
  • (ক) নির্বর্ননীকৰণ আৰু
  • (খ) বৃহৎ কল-কাৰখানা, উদ্যোগ আদি স্থাপন।

প্রশ্ন ৪ : খিলঞ্জীয়া লােকসকলৰ প্রধান বিষয়টো কি ?
উত্তৰ : খিলঞ্জীয়া লােকসকলক বিশ্ব সম্প্রদায়ৰ মাজত সংস্থান দিবলৈ দাবী উত্থাপিত হােৱাটোৱে হ’ল - খিলঞ্জীয়া লােকসকলৰ প্রধান বিষয়। বিশ্বত বসবাস কৰা প্রায় ৩০ কোটি খিলঞ্জীয়া লােকক তেওঁলােকৰ মাটি, পানী, বায়ু, অধিকাৰ আদিৰ ওপৰত অখিলঞ্জীয়া লােকৰ পৰা মুক্ত কৰাই হ’ল তেওঁলােকৰ প্ৰধান দাবী।

প্রশ্ন ৫: বসুন্ধৰ সন্মিলনৰ (Earst summit) তাৎপর্য দিয়া।
উত্তৰ : বিশ্ব পৰিৱেশ ৰক্ষণাৱেক্ষণ দিয়া আৰু এই ক্ষেত্ৰত সমগ্র বিশ্বতে জাগৰণ সৃষ্টি কৰা তথা বিশ্ব পৰিৱেশ সংৰক্ষণত বিভিন্ন দেশসমূহৰ দায়বদ্ধতা প্রদান কৰাৰ ক্ষেত্ৰত ১৯৯২ চনত ৰিঅ' ডি-জেনেৰিঅ'ত অনুষ্ঠিত বসুন্ধৰা সন্মিলনে বিশেষ তাৎপর্য বহন কৰিছে। এই সন্মিলনত বিশ্বৰ ১৭০ খন দেশৰ প্রায় ৪০ হাজাৰ লােকে অংশগ্রহণ কৰিছিল। এই সন্মিলনে বিশ্ব ৰাজনীতিত পৰিৱেশ সংক্রান্তীয় বিষয় সমূহক গুৰুত্ব সহকাৰে প্রতিষ্ঠিত কৰাত যথেষ্ট বৰঙণি আগবঢ়াইছে।

প্রশ্ন ৬ : সাগৰমহাসাগৰ উপকূলীয় অঞ্চলবােৰ কিদৰে প্ৰদুষিত হৈছে? 
উত্তৰ : সমগ্র বিশ্বৰে সাগৰীয়া আৰু মহাসাগৰীয়া উপকূল অঞ্চলবােৰৰ প্ৰদুষণৰ মাত্রা বৃদ্ধি পাইছে। উপকূলীয় অঞ্চলত গঢ়ি উঠা জনবসতিয়ে এই অঞ্চলবােৰ প্ৰদুষিত কৰিছে। এই ঘন জনবসতিৰ ফল গঢ়ি উঠা উদ্যোগীকৰণ, ভূখণ্ডৰ পৰা তেল সংগ্রহ, তেল শােধন কৰা, পেলনীয়া আবর্জনা নিষ্কাষণ, পাৰমাণৱিক বােমাৰ পৰীক্ষণ আদিয়ে উপকূলীয়া পৰিৱেশ নষ্ট কৰিছে।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : সেউজ গৃহ গেছবােৰ কি? সেইবােৰৰ প্ৰভাৱ কি? 
উত্তৰ : বায়ুমণ্ডলত যিবােৰ গেছৰ অৱস্থিতিয়ে এখন ডাঠ আৱৰণৰ সৃষ্টি কৰি পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা বৃদ্ধি ঘটাই সেইবােৰ গেছকে সেউজ গৃহ গেছ বােলা হয়। এই গেছবােৰৰ ভিতৰত কার্বন ডাই অক্সাইড, মিথেন, হাইড্র-ফ্ল’ কার্বন আদিয়ে প্রধান। এই গছবােৰ উদ্যোগ আৰু কল-কাৰখানাৰ পৰা ওলােৱা ধোঁৱা, ছাই আদিৰ পৰা অধিক পৰিমাণে নির্গাসন হয়।

সেউজ গৃহ গেছৰ প্রত্যক্ষ প্রভাৱ হৈছে জলবায়ুৰ উষ্ণতা বৃদ্ধি। এই গেছ সমূহে পৃথিৱীৰ পৰা উভতি যােৱা তাপবােৰ ধৰি ৰখাত ভূমণ্ডলৰ তাপ উচ্চ হাৰত বৃদ্ধি পাই বায়ুমণ্ডল দুষিত কৰে। ইয়াৰ ফলস্বৰূপে পৃথিৱীৰ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে। বিশ্বৰ বিভিন্ন স্থানত এচিড বৰষুণৰ সৃষ্টি হৈছে আৰু পৃথিৱীৰ দুটা মেৰুত থকা বৰফৰ পাহাৰবােৰ গলি সাগৰীয়া জলপৃষ্ঠ বৃদ্ধি কৰি মানৱ জাতিৰ বাবে সংশয় মাতি আনিছে।

প্রশ্ন ২ : গােলকীয় উষ্ণতা বৃদ্ধি অথবা প্ৰদূষণ নির্গাসনৰ বিৰুদ্ধে গােলকীয় প্রচেষ্টাত ভাৰত চৰকাৰে অংশগ্ৰহণ কৰা কিছুমান কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ : সাম্প্রতিক সময়ত ভাৰতে বিভিন্ন আইনৰ লগতে অন্যান্য বিভিন্ন ধৰণৰ পৰিৱেশ ৰক্ষণাৱেক্ষণ সংক্রান্তীয় উদ্যোগ গ্রহণ কৰিছে। উদাহৰণ ৰূপে প্ৰদূষণৰ মাত্র হ্রাস কৰাৰ বাবে গ্রহণ কৰা ৰাষ্ট্ৰীয় যানবাহন ইন্ধন নীতি (National Auto-Fuel Policy)য়ে যানবাহনসমূহত বিশুদ্ধ ইন্ধন ব্যৱহাৰৰ নির্দেশ দিছে। ২০০৩ চনৰ বিদ্যুৎ আইনে (Electricity) নৱীকৃত শক্তি ব্যৱহাৰত উৎসাহিত কৰিছে। বর্তমান সময়ত ভাৰতবৰ্ষই প্রাকৃতিক গেছ আমদানি কৰাৰ লগতে নিকা কয়লা প্রযুক্তিবিদ্যা ব্যৱহাৰ কৰি আছে। 

শেহতীয়াকৈ ভাৰতবৰ্ষই জৈৱ ইন্ধনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্রদান কৰিছে। এই উদ্দেশ্যে ভােট এৰা গছৰ খেতি বৃহৎ হাৰত কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা উৎসাহিত কৰা হৈছে। উল্লেখযােগ্য যে নৱীকৃত (Renewel) ইন্ধন কার্যসূচী ব্যৱহাৰ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতবৰ্ষ সর্ববৃহৎ

প্রশ্ন ৩ : পৰিৱেশ সংক্রান্তীয় বিষয়বােৰৰ ওপৰত উত্তৰৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ ভিন ভিন দৃষ্টিভংগীবােৰ কি কি আছিল ?
উত্তৰ : পৰিৱেশিক ৰক্ষণাৱেক্ষণৰ ক্ষেত্ৰত উত্তৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগীত পার্থক্য আছে আৰু এই পার্থক্যবােৰ বাবে এই দুই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত পৰিৱেশ ৰক্ষণাৱেক্ষণৰ পদ্ধতিক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হৈ আহিছে। উত্তৰৰ ধনী, ৰাষ্ট্রসমূহে পৰিৱেশিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সকলাে ৰাষ্ট্ৰৰ সমদায়বদ্ধতাৰ ওপৰত গুৰুত্ব প্রদান কৰে। ইয়াৰ বিপৰীতে দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহে ধাৰণা কৰে যে পৰিৱেশিক অৱক্ষয়ৰ মূল কাৰণ হ’ল - উন্নত ৰাষ্ট্ৰসমূহৰ ঔদ্যোগিক বিকাশ। উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মতে যিহেতু উন্নত ৰাষ্ট্রসমূহে ঔদ্যোগিক বিকাশৰ জৰিয়তে পৰিৱেশ অধিক ক্ষতিসাধন কৰিছে, সেয়ে পৰিৱেশিক সংৰক্ষণৰ বাবে উন্নত ৰাষ্ট্রসমূহে অধিক দায়বদ্ধতা প্রদর্শন কৰিব লাগে। উন্ননশীল ৰাষ্ট্রসমূহে দাবী জনাই আহিছে যে তেওঁলােকৰ ঔদ্যোগিক বিকাশৰ প্রক্রিয়া যিহেতু চলি আছে সেয়ে তেওঁলােকৰ ওপৰত অধিক কঠোৰ প্রতিবন্ধকতা আৰােপ কৰিব নালাগে। অর্থাৎ উন্নয়নশীল বিশ্বৰ ৰাষ্ট্রসমূহে ধাৰণা কৰে যে পৰিৱেশিক আইনৰ চৰ্তসমূহ প্রয়ােগৰ ক্ষেত্ৰত উন্নত ৰাষ্ট্ৰসমূহৰ তুলনাত তেওঁলােকৰ বাবে শিথিল হােৱা প্রয়ােজন। উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ এই দাবী বসুন্ধৰা সন্মিলনত মানি লােৱা হৈছিল। 'ৰায়’ ঘােষণা পত্ৰত কোৱা হৈছে যে - বিশ্বৰ পর্যাবৰণ (Ecosystem)ৰ স্বাস্থ্য আৰু অখণ্ডতাৰ সংৰক্ষণ, ৰক্ষণাৱেক্ষণ আৰু পুনৰ সংস্থাপন কৰাৰ অৰ্থে ৰাষ্ট্রসমূহে বিশ্বজনীন অংশীদাৰিত্ব মনােভাৱেৰে সহযােগ কৰিব লাগিব। বিশ্বজনীন পৰিৱেশক অৱক্ষয়ত সুকীয়াভাৱে প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে ৰাষ্ট্রসমূহে সমূহীয়া অথচ পৃথকীকৃত দায়বদ্ধতা প্রদর্শন কৰা দৰকাৰ।

প্রশ্ন ৪ : ক’য়েটো চুক্তি পত্র কি? ব্যাখ্যা কৰা।
উত্তৰ : পৰিৱেশৰ ৰক্ষণাৱেক্ষণৰ ক্ষেত্ৰত কায়ট’ চুক্তি বিশেষভাৱে গুৰুত্বপূর্ণ। কায়ট’ চুক্তিয়ে উত্তৰ-দক্ষিণৰ মাজৰ সংঘাত পুনৰ বহল কৰি তােলে। জাপানৰ কায়ট’ চহৰত ১৯৯৭ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনখনত ১৫০ খন ৰাষ্ট্রই অংশগ্রহণ কৰিছিল। কায়ট’ প্রটকল অথবা কায়ট’ চুক্তি নামেৰে জনাজাত।

বৈশিষ্ট্য:-

(ক) "পৰিশিষ্ট এক" অন্তর্ভুক্ত ৰাষ্ট্রসমূহে ১৯৯০ চনত থকা সেউজ গৃহৰ নির্গমন তুলনামূলকভাৱে গড়ে ৫.২ শতাংশ হ্রাস কৰিব লাগিব। অর্থনৈতিক সহযােগিতা আৰু বিকাশমূলক সংগঠন (OECD) ৰ ২৪ খন ৰাষ্ট্র, ইউৰােপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্রসমূহ আৰু এঘাৰখন পূর্ব ইউৰােপীয় ৰাষ্ট্র ‘পৰিশিষ্ট এক শ্ৰেণীৰ ভিতৰত পৰে। সামগ্রিকভাৱে ২০১২ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰই সাত শতাংশ, ইউৰােপীয় ইউনিয়নে আঠ শতাংশ, কানাড়াই ছয় শতাংশ আৰু জাপানে ছয় শতাংশ হ্রাস কৰিব। ৰাছিয়াই নির্গতকৰণৰ মাত্ৰা ১৯৯০ চনৰ পৰ্যায়তে ৰাখিব।

(খ) উন্নয়নশীল বিশ্বৰ ৰাষ্ট্রসমূহক লক্ষ্যসিদ্ধ নির্গমন হ্রাসকৰণৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে তেওঁলােকে নির্গমন নিয়ন্ত্রণ কৰিবলৈ কার্যব্যৱস্থা আৰম্ভ কৰিব লাগিব। 

(গ) চুক্তিত উল্লেখিত সেউজ গৃহ গেছ ছয়টাৰ আটাইকেইটাৰ ক্ষেত্ৰত হ্রাসকৰণ প্রযােজ্য হ'ব।

(ঘ) এই হ্রাসকৰণ ২০০৮ চনৰ পৰা ২০১২ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব । কায়ট’ চুক্তিত উন্নয়নশীল বিশ্বৰ দুখন অগ্রণী ৰাষ্ট্র চীন আৰু ভাৰতক জনমূৰি নির্গমনৰ হাৰ বহু কম হােৱা বাবে সেউজ গৃহক গেছ হ্রাসকৰণৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। ইয়াতে অসন্তুষ্টি প্রকাশ কৰে।



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code