Recent in Technology

H.S. 2nd year Political Science Question Paper & it's Ans [2015]

Class-XII(12)/Political Science-[Q/A][Notes][Solutions][Free Learning Online][in Assamese][2015 Question paper & it's Ansers][Part A][Part-B] included

H.S. 2nd year Political Science Question Paper & it's Ans [2015]



-
H.S. 2nd Year Political Science. Question Paper & its Ans 2015 (Theory)



Group A' (ক শাখা)

(সমসাময়িক বিশ্ব ৰাজনীতি)




1. তলত দিয়বোৰৰ উত্তৰ লিখা : 1x6=6

(a) ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল। 
উত্তৰ : ৫১ খন ৰাষ্ট্র।

(b) কোনটো বৰ্ষত পাৰমাণবিক নিঃপ্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল ? 
উত্তৰ: ১৯6৮।

(c) শীতল যুদ্ধৰ যুগত দুই বৃহৎ গােষ্ঠীৰ বাহিৰেও উদ্ভব হােৱা তৃতীয় গােষ্ঠীটো কি আছিল ?
উত্তৰ  গােষ্ঠী নিৰপেক্ষ গােট।

(d) ভাৰত আছিয়ান (ASEAN)ৰ এখন সদস্য ৰাষ্ট্র। (হয় অথবা নহয়) 
উত্তৰ : নহয়।

(e) ছার্ক (SAARC)ৰ প্ৰথমখন শীর্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ? 
উত্তৰ : ঢাকা।

(f) বার্লিন দেৱাল __ চনত ভংগ হৈছিল।
উত্তৰ : ১৯৮৯।

2. সমগ্র বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা ।
উত্তৰ : 
  1. Amnesty International 
  2. Human Rights Watch. 

3. সেউজগৃহ গেছ বুলিলে তুমি কি বুজা?
উত্তৰঃ কার্বন ডাই অক্সাইড, কার্বন মনােক্সাইড, মিথেন আদি 

4. মিখাইল গর্বাচেভে ছােভিয়েট ইউনিয়ন আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা।
উত্তৰ : পেৰেস্ত্রৈকা, গ্লাছনস্থ।

5. প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পার্থক্য লিখা ।
উত্তৰ : 

(i) প্ৰব্ৰজনকাৰীসকলে সাধাৰণতে স্বইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ যায়। আনহাতে শৰণাৰ্থীসকলে যুদ্ধৰ ভয়ত, প্রাকৃতিক দুর্যোগৰ কৱলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য দেশলৈ পলাই যাবলৈ বাধ্য হয়।

(ii) পৃথিৱীৰ অন্য কোনাে দেশ এনে প্ৰব্ৰজনকাৰীসকলক গ্ৰহণ কৰিবলৈ আন্তর্জাতিক নীতি অনুসাৰে বাধ্য নহয়। কিন্তু মানৱীয়তাৰ প্ৰশ্নত শৰণাৰ্থীসকল অন্য দেশে ৰাজনৈতিক আশ্রয় প্রদান কৰে।

6. বিশ্বায়ন প্রক্রিয়াৰ লগত জড়িত দুটা সংগঠনৰ নাম উল্লেখ কৰা। 
উত্তৰ : 
  • (i) আন্তর্জাতিক মুদ্রা নিধি। 
  • (ii) বিশ্ববেংক।

7. শ্রীলংকাত সংঘাতত লিপ্ত থকা সম্প্রদায় দুটাৰ নাম লিখা। 
উত্তৰ : সিংহলী আৰু তামিল সম্প্রদায়। 

৪. কঠোৰ ক্ষমতা হিচাপে আধিপত্য'ৰ বিষয়ে চমুকৈ আলােচনা কৰা।
উত্তৰ : গর্বাচেভক সংস্কাৰ সাধন কৰিবলৈ বাধ্য কৰােৱা পৰিস্থিতিসমূহ এনেধৰণৰ আছিল -
  1. পাশ্চাত্যৰ দেশসমূহত তথ্য প্রযুক্তিৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সংগঠিত হৈছিল কিন্তু ছােভিয়েট ৰাছিয়া এই ক্ষেত্ৰত যথেষ্ট পিছপৰি আছিল। প্রশাসনীয় আৰু ৰাজনৈতিক দিশত ৰাষ্ট্ৰখনে পৰিৱৰ্তনৰ পৰিৱর্তে স্থিতাৱস্থা বজাই ৰাখিছিল।
  2. ছােভিয়েট ৰাছিয়াই নিজৰ বছৰেকীয়া বাজেটৰ বেছি অংশ পৰমাণু শক্তি বৃদ্ধি আৰু সামৰিক অস্ত্র-শস্ত্ৰৰ বাবে ব্যৱহাৰ কৰিছিল। এনে কাৰ্যই ছােভিয়েট অর্থ ব্যৱস্থাৰ ওপৰত যথেষ্ট বােজাৰ সৃষ্টি কৰিছিল।
  3. ১৯৭৯ চনত ছােভিয়েট ৰাছিয়াৰ দ্বাৰা আফগানিস্থান আক্রমণ কৰাৰ ফলত ছােভিয়েট ব্যৱস্থা আৰু অধিক দুর্বল হৈ পৰিছিল। উৎপাদনৰ পৰিমাণ আৰু কাৰিকৰী দিশত ছেভিয়েট ৰাছিয়া যথেষ্ট পিছপৰি গৈছিল। ইয়াৰ ফলস্বৰূপে ভােগ্যজাত সামগ্রী যথেষ্ট নাটনি হৈছিল। প্রতি বছৰে খাদ্যবস্তুৰ আমদানিৰ পৰিমাণ বৃদ্ধি পাইছিল। ছােভিয়েট অর্থনীতিৰ কোনাে ধৰণৰ অগ্রগতি হােৱা নাছিল।

9. বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : সাধাৰণ মানুহৰ দৈনন্দিন নিৰাপত্তাক আটাইতকৈ বেছি বিঘ্নিত কৰিছে দৰিদ্ৰতাই। দৰিদ্রতা হ’ল এনে এক অৱস্থা যত মানুহৰ জীৱিকাৰ বা আয়ৰ পর্যাপ্ত সুবিধা নাই। প্রয়ােজনীয় আয় নথকাৰ বাবে তেওঁলােকে দুবেলা দুমুঠি খাবলৈ নাপায়, উপযুক্ত স্বাস্থ্য, শিক্ষা আদিৰ পৰা বঞ্চিত হয়। বিশেষকৈ তৃতীয় বিশ্বৰ কেতবােৰ দেশত বর্ধিত জনসংখ্যাই আৰু ধনী আৰু দুখীয়া লােকৰ মাজত থকা বৈষম্যই দৰিদ্ৰতাৰ সমস্যা ভয়াৱহ কৰি তুলিছে। পৃথিৱীৰ দুখীয়া দেশবােৰত জনবিস্ফোৰণ ঘটিছে। অহা পঞ্চাছ বছৰত পৃথিৱীৰ আটাইতকৈ দুখী দেশসমূহৰ জনসংখ্যা তিনি গুণলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

10. পূর্ব পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্রহণ কৰিব লগীয়া হােৱাৰ কাৰণসমূহ আঙুলিয়াই দিয়া।
উত্তৰ : ইউৰােপীয় সংঘই নিজৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সুসম্পর্ক বজাই ৰখাৰ বাবে সদস্যৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক, আর্থিকআৰু সামাজিক সাংস্কৃতিক সম্পর্ক দিশত উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল।

11. গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নির্মাতাৰ নাম লিখা।
উত্তৰ :
  1. Jawaharlal Nehru, 
  2. Kwame Nkrumah, 
  3. Josip Brog Tito, 
  4. Gamal Abdel Nasser, 
  5. Sukarno. 

12. বিশ্বায়নৰ স্বপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি প্রদর্শন কৰা।
উত্তৰঃ যিকোনাে ধৰণৰ ভাবুকিৰ পৰা মুক্তি পােৱাকে নিৰাপত্তা বােলা হয়। ভাবুকি সামৰিক বা অসামৰিক হ'ব পাৰে।

13[a]. সম্পদৰ ভূ-ৰাজনীতিৰ বিষয়ে সমালােচনামূলক আলােচনা কৰা। 
উত্তৰ : ভাৰতৰ নাগৰিক হিচাপে মই ভাৰতৰ এই দাবীক পূর্ণ সমর্থন জনাওঁ। কাৰণ -
(ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। 
(খ) ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্র আৰু গণতান্ত্রিক মূল্যবােধক স্বীকৃতি দিয়ে।
(গ) ৰাষ্ট্ৰসংঘৰ সকলাে ধৰণৰ কার্যত ভাৰতে সক্রিয়ভাৱে অংশ গ্রহণ কৰে। 
(ঘ) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৱদান যােগায়।
(ঙ) ভাৰতবৰ্ষই মানবাধিকাৰক সন্মান জনায় আৰু সকলাে ধৰণৰ মানৱাধিকাৰক ৰক্ষাৰ কাৰণে সচেষ্ট থাকে।
(চ) ভাৰতবৰ্ষই অর্থনৈতিক ক্ষেত্ৰতাে যথেষ্ট উন্নতি সাধন কৰিছে। এছিয়াৰ ভিতৰত অর্থনৈতিক দিশত ভাৰত দ্বিতীয় স্থানত আছে।

ওপৰত উল্লেখ কৰা চৰ্তসমুহৰ দ্বাৰা স্পষ্টভাৱে দেখুৱা হৈছে যে ভাৰতৰ এই দাবী যুক্তিযুক্ত।

অথবা

13[b]. ছােভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল? তিনিটা কাৰণ আলােচনা কৰা।
উত্তৰ : পুর্ব ইউৰােপৰ সমাজবাদী ৰাষ্ট্রসমূহ আৰু যিসকল ৰাষ্ট্র Warsaw চুক্তি স্বাক্ষৰকাৰী আছিল, তেওঁলােকক সন্মিলিতভাৱে সমাজবাদী গােট বা দ্বিতীয় বিশ্ব ষােলে। এই দেশবােৰৰ ৰাজনৈতিক আৰু অর্থনৈতিক গাঁথনি ছােভিয়েট ৰাষ্ট্ৰৰ দৰে। এই ৰাষ্ট্রসমূহে ফেীবাদী শাসকসকলৰ পৰা মুক্তি লাভ কৰি শেষত সমাজবাদী গােটত যােগদান কৰে।

14[a]. অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থানৰ বিষয়ে আলোচনা কৰা । 
উত্তৰ :

  • 1/ভাৰতৰ ছােভিয়েট ৰাছিয়াৰ লগত সুসম্পর্ক : শীতল যুদ্ধৰ কালছােৱাত ভাৰতৰ ছােভিয়েট ৰাছিয়াৰ লগত সুসম্পর্ক আমেৰিকাই ভাল চকুৰে চোৱা'নাছিল।
  • 2/ ভাৰতৰ গােষ্ঠীনিৰপেক্ষ নীতিঃ আমেৰিকাইভাৰতৰ গােষ্ঠীনিৰপেক্ষনীতিক ভাল পােৱা নাছিল।
  • 3/ আমেৰিকাৰ পাকিস্তানৰ প্রতি বন্ধুত্বপূর্ণ ব্যৱহাৰ : আমেৰিকাৰ পাকিস্তানৰ প্ৰতি থকা বন্ধুত্বপূর্ণ ব্যৱহাৰক সদায় ভাৰতে সন্দেহৰ চকুৰে চাইছে। লগতে ভাৰতপাকিস্তান যুদ্ধৰ সময়ত আমেৰিকাৰ পাকিস্তানক সর্বতােপ্ৰকাৰে সহায় কৰাত ভাৰত অসন্তুষ্ট হৈছিল।
  • 4/ সহযােগিতাৰ বিষয়সমূহ : বর্তমান ভাৰত আৰু আমেৰিকাৰ মাজত বিশেষকৈ প্রযুক্তিকৰণৰ ক্ষেত্ৰত আৰু আমেৰিকাত বসবাস কৰা অনাবাসীয় ভাৰতীয়সকলৰ আমেৰিকাৰ বিভিন্ন খণ্ডত অংশ গ্রহণৰ জৰিয়তে উভয়ৰ মাজত সু-সম্পর্ক বৃদ্ধি পাইছে।

Software ৰ ক্ষেত্ৰত ভাৰতৰ ৰপ্তানিৰ 67% আমেৰিকালৈ যায়। তিনি লাখ ভাৰতীয় “ছিলিকন ভেলি’ত কাম কৰে। আমেৰিকাৰ উচ্চ প্রযুক্তিকৰণৰ 15% ভাৰতীয় বংশােদ্ভূত আমেৰিকানসকলে আৰম্ভ কৰিছে। উভয় দেশৰ আমদানিৰপ্তানি ক্ষেতাে সম্পর্ক যথেষ্ট শক্তিশালী হৈছে।


অথবা 

14[b]. শীতল যুদ্ধৰ যুগত গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলােচনা কৰা। শীতল যুদ্ধোত্তৰ যুগত গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা থকা বুলি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্ত প্রদর্শন কৰা।
উত্তৰ : গােষ্ঠীনিৰপেক্ষ নীতি আৰু নিষ্ক্রিয়তাৰ মাজত যথেষ্ট পার্থক্য আছে। যেনে -

নিষ্ক্রিয়তা : 
  1. নিষ্ক্রিয়তা হৈছে এনে এক পৰিস্থিতি য'তৰাষ্ট্রসমূহে যুদ্ধৰ সময়ত কোনাে পক্ষত অংশ গ্রহণ নকৰে।
  2. নিষ্ক্রিয়তাৰ ধাৰণা আক্রমণাত্মক ধৰণাৰ সম্পূর্ণ বিপৰীত। 
  3. নিষ্ক্রিয়তাৰ ধাৰণা আন্তর্জাতিক আইনৰ লগত জড়িত।
  4. যুদ্ধকালীন সময়ত কেৱলমাত্র এইনীতি কার্যকৰী হয়। এই নীতি ১৮ আৰু ১৯ শতিকাত উদ্ভাৱন হৈছিল।

গােষ্ঠীনিৰপেক্ষতা :
  1. গােষ্ঠীনিৰপেক্ষতা হৈছে এনে এক ধাৰণা যাৰ লক্ষ্য হৈছে স্বাধীন বৈদেশিক নীতি গ্রহণ কৰা আৰু শান্তিপূর্ণ সহাৱস্থান।
  2. গােষ্ঠীনিৰপেক্ষবাদ যুদ্ধ আৰু শান্তি উভয় পৰিস্থিতিতে কার্যকৰী। 
  3. গােষ্ঠীনিৰপেক্ষতা আন্তর্জাতিক সম্পর্কৰ লগত জড়িত। 
  4. এই নীতিয়ে মহাশক্তিধৰ দুটা গােটৰ লগত সমান দূৰত্ব বজাই ৰাখে।
  5. কুৰি শতিকাৰ মাজভাগৰ পৰা এই নীতি কার্যকৰী হৈছে।




Group-B (খ-শাখা)

স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি




15. তলত দিয়াৰােৰৰ উত্তৰ লিখা : 1x6=6 

(a) ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল ?
উত্তৰ : সুকুমাৰ সেন ।

(b) 1972 চনত ইন্দিৰা গান্ধী আৰ জুলফিকৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হােৱা চুক্তিখনৰ নাম লিখ।
উত্তৰ : চিমলা চুক্তি।

(c) আবাক-বিবােধী আন্দোলনটোক নাৰী আন্দোলন হিচাপে গণ্য কৰা হয়। (শুদ্ধ নে অশুদ্ধ লিখা)
উত্তৰ : শুদ্ধ।

(d) স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম লিখা। 
উত্তৰ : চৰ্দাৰ বল্লভভাই পেটেল। 

(e) তেলেংগানা ভাৰতৰ __ তম ৰাজ্য। (খালী ঠাই পূৰণ কৰা)
উত্তৰ : ২৯ তম। 

(f) মণ্ডল আয়ােগৰ যি কোনাে এটা পৰামর্শ লিখা।
উত্তৰ : চৰকাৰী চাকৰিসমূহত পিছপৰা শ্ৰেণীৰ লােকৰ বাবে ২৭ শতাংশ আসন সংৰক্ষণ কৰা।

16. পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূর্ণ দিশ উল্লেখ কৰা।
উত্তৰ : (ক) কাশ্মীৰ সমস্যা (খ) সন্ত্রাসবাদ সমস্যা।

17. ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। 
উত্তৰ : উদাৰীকৰণ, অর্থনীতিৰ গােলকীকৰণ তাদি । 

18. 1975 চনৰ জৰুৰীকালীন অবস্থাৰ দুটা পৰিণতি লিখা।
উত্তৰ : 
  • (1) মৌলিক অধিকাৰৰ অৱলুপ্তি, 
  • (2) বিৰােধী নেতাসকলক কাৰাৰুdho কৰা।

19. ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ : 
  • (1) আঞ্চলিক অভাৱ অভিযোগ পূৰণৰ আশা আকাংক্ষaa। 
  • (2) একদলীয় শাসন ব্যৱস্থাৰ অৱসান।

20. ভাৰতৰ পৰিকল্পনাৰ যি কোনো দুটা উদ্দেশ্য লিkha
উত্তৰ : 
  1. মানুহৰ জীৱনৰ মানদণ্ডৰ উন্নতিৰণ। 
  2. সামাজিক ন্যায় প্রতিষ্ঠা কৰা।

21. ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্র প্রদান কৰিছে। 
উত্তৰ : ৩৭৩ আৰু ৩৭১ অনুচ্ছেদ।

22. 1967 চনৰ চতুর্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল, আলােচনা কৰা।
উত্তৰ : ব্যক্তিগত খণ্ড হ'ল বিকাশৰ এটা পুঁজিবাদী আহি। যিবােৰ খণ্ডত চৰকাৰী নিয়ন্ত্রণ নাথাকে অর্থাৎ ব্যক্তিগতভাৱে পুঁজি নিয়ােগ কৰিব পাৰে তেনেবোৰ খণ্ডকে ব্যক্তিগত খণ্ড বােলা হয়।

ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ মাজত প্ৰভেদ আছে। প্রথমতে, ব্যক্তিগত খণ্ড হ’ল পুঁজিবাদী আৰ্হি অনুসৰণ কৰা ব্যৱস্থা; আনহাতে, ৰাজা খণ্ড হ’ল সমাজবাদী আহি অনুসৰণ কৰা এটা ব্যৱস্থা। দ্বিতীয়তে, ব্যক্তিগত খণ্ড ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কিন্তু ৰাজহুৱা খণ্ড ৰাষ্ট্ৰৰ নীতি-নিয়মৰ নিয়ন্ত্রণাধীন।

23. স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হােৱা দুটা প্রত্যাহ্বানৰ বিষয়ে চমুকৈ আলােচনা কৰা।
উত্তৰঃ (ক) অষ্টিয়া আৰু (খ) ফিনলেণ্ড।

24. ইন্দিৰা গান্ধীৰ প্রধানমন্ত্রিত্বৰ কালছােৱাত ভাৰতত সংঘটিত হােৱা কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ সংঘাতৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ১৯৫৪ চনত তিব্বত সম্পর্কে ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু প্রধানমন্ত্রী চৌ-এন-লাইৰ মাজত হােৱা চুক্তি মর্মে যি পঞ্চশীল নীতি গ্রহণ কৰা হৈছিল তাকে পিছলৈ ভাৰত-চীন সম্পর্কৰ কেন্দ্রবিন্দু বুলি বিবেচনা কৰা হয়। সেই পঞ্চশীল নীতিবােৰ হ’ল -
  • (ক) প্রত্যেক দেশৰ ভৌগােলিক অখণ্ডতা আৰু সার্বভৌমত্বৰ প্রতি শ্রদ্ধা প্রদর্শন কৰা। 
  • (খ) অনা-আক্রমণাত্মক নীতি। 
  • (গ) আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ নীতি। 
  • (ঘ) সমতা আৰু পাৰস্পৰিক সুবিধা। 
  • (ঙ) শান্তিপূর্ণ সহ-অৱস্থান।

25. ভাৰতৰ যি কোনাে চাৰিটা আঞ্চলিক দলৰ নাম উল্লেখ কৰা। 
উত্তৰ : 
  1. অসম গণ পৰিষদ
  2. AIADMK
  3. MNF
  4. DMK.

26. ভাৰতত সামাজিক আন্দোলনৰ গুৰুত্ব আছে বুলি তুমি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রদর্শন কৰা।
উত্তৰ : ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সময়ত ইন্দিরা গান্ধী আয় ছিণ্ডিকেট মজব শত্রুতা মুকলিকৈ প্রকাশ পায়। কংগ্ৰেছ সংসদীয় বউৰ সভাত ইন্দিৰা গাইয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে জগজীৱন ৰামৰ নামটো প্রস্তাব কৰাৰ বিপৰীতে ছিণ্ডিকেট নেতাসকলে নীলম সঞ্জীৱা ৰেডিঙৰ নামটো প্রস্তাৱ কৰে আৰু শেষত তেওঁলোর প্রস্তাৱটো গৃহীত হয়। 

ইন্দিৰা গান্ধীয়ে অসন্তুষ্ট হৈ সেইসময়ত ই ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰা ভি ভি গিৰিক নির্দলীয় প্রার্থীৰূপে প্ৰক্ষেপ কৰি সমর্থন আগবঢ়ায়। কৌশলগতভাৱে তেওঁ ১৪টা আগশাৰীৰ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে প্রিভি পাৰ্ছ কর্তন কৰি এলানি জনকল্যাণমুখী নীতি প্রণয়ন কৰে। 

গতিকে দুয়াে পক্ষৰ মাজত সংঘাত তীব্র হয়। কংগ্ৰেছ সভাপতিয়ে দলীয় প্রার্থী ৰেডিক ভােটদান কৰিবলৈ হুইল্প জাৰি কৰে আৰু ইন্দিৰা গান্ধীয়ে ‘বিবেক ভােট’ আহ্বান কৰে। এই ৰ্বিাচনত ৰেড়িৰ পৰাজয় আৰু ভি ভি গিৰিৰ বিজয়ে কংগ্ৰেছ দলৰ বিভাজন প্রক্রিয়া সম্পূর্ণ কৰে। ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰা গােটটোক কংগ্রেছ (R) আৰু চিণ্ডিকেটে নেতৃত্ব দিয়া গােটটোক কংগ্ৰেছ (O) বুলি জনা যায়।

27[a]. 1977 চনৰ লােকসভা নির্বাচনৰ যি কোনাে তিনিটা প্রধান ফলাফল ব্যাখ্যা কৰা।
উত্তৰ :
  • (i) তিব্বতৰ সমস্যা লৈ দুয়ােখন ৰাষ্ট্রৰ মাজত বিৰােধৰ পৰিৱেশ সৃষ্টি হৈছিল।
  • (ii) তিব্বতৰ ধর্মগুৰু দলাইলামাক ভাৰতে ৰাজনৈতিক আশ্রয় প্রদান কৰি চীনৰ সৈতে শত্রুতা বৃদ্ধি কৰিছিল।
  • (iii) ভাৰত-চীন সীমা সংক্রান্ত মেমােহন লাইনক ভাৰতে সন্মান জনালেও চীনে এই লাইন নমনা হৈছিল। চীনে ভাৰত ভূ-খণ্ডত ৫০,০০০ বর্গ মাইল দাবী কৰি তেওঁলােকৰ সৈন্যবাহিনী নেফা (বর্তমান অৰুণাচল) লৈকে প্রেৰণ কৰিছিল।
  • (iv) ভাৰতৰ পাৰ্মাণৱিক পৰীক্ষণেও চীনৰ লগত ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাইছিল।
অথবা 

27[b]. প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য ব্যাখ্যা কৰা। 
উত্তৰ : ছােভিয়েট ৰাছিয়াৰ ভাঙোনৰ পিছত এই ৰাষ্ট্ৰসমূহ পুঁজিবাদী ব্যৱস্থা গ্রহণ কৰাৰ ফলত যি ত্ৰাসৰ সৃষ্টি হৈছিল তাৰ পৰা উপশম পাবলৈ বিশ্ব বেংক আৰু আন্তর্জাতিক মুদ্রা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াকে আতংক প্রতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াকে আতংক প্রতিকাৰ ব্যৱস্থা বােলে।

28[a]. আৰম্ভণিৰ সময়ছােৱাত ভাৰতত পৰিকল্পনাৰ সৈতে জড়িত বিতর্ক দুটা আলােচনা কৰা । 3+3=6
উত্তৰ : বিশ্বায়নে উন্নয়নশীল ৰাষ্ট্ৰৰ অর্থনৈতিক নীতিৰ ওপৰতাে প্ৰভাৱ বিস্তাৰ কৰিছে। নিজৰ অর্থনৈতিক নীতি প্রস্তুত কৰাৰ বাবে এই ৰাষ্ট্ৰসমূহৰ বিশ্ব বেংক, বিশ্ব বাণিজ্য সংস্থা, আন্তর্জাতিক মুদ্রা নিধি আৰু আন আন দেশৰ অর্থনৈতিক নীতিৰ দ্বাৰা বাধ্যতামূলকভাৱে প্ৰভাৱান্বিত হ'ব লাগে। বিশ্বায়নৰ প্ৰভাৱ চৰকাৰ উদাৰীকৰণনীতি, চৰকাৰী অনুদান হ্রাস আৰু কৃষি নীতিৰ ওপৰত স্পষ্টকৈ দেখিবলৈ পােৱা যায়। সেয়েহে, আমি ক’ব পাৰাে যে বিশ্বায়নে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ কাৰ্যৰ পৰিধি ক'ৰবাত বৃদ্ধি কৰিছে আৰু ক'ৰবাত হ্রাস কৰিছে।

অথবা

28[b]. পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পর্ক বিষয়ে আলােচনা কৰা। উত্তৰ : অ-পৰস্পৰাগত নিৰাপত্তাৰ ধাৰণাৰ এটা বিষয়বস্তু হ’ল মহামাৰী। বিগত কেইবছৰমানৰ পৰা পক্ষীজ্বৰ (Bird flue) অথবা খুৱাইন ফ্লু (Swain flue) আদিয়ে বিশ্বৰ জনগণৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত তাণ্ডৱৰ সৃষ্টি কৰিছে। এই ৰােগবােৰ এখন ৰাষ্ট্ৰৰ পৰা আন ৰাষ্ট্ৰলৈ সহজে বিয়পি পৰে। 

এনে ৰােগ আৰম্ভ হােৱা ৰাষ্ট্ৰলৈ বহিঃৰাষ্ট্ৰৰ মানুহে সাধাৰণতে ভ্রমণ নকৰে বা সেই ৰাষ্ট্রৰ পৰা আন দেশলৈ অহা লােকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় তাতে তেওঁৰ দেহত কঢ়িয়াই অনা বীজাণুৱে আন মানৱ দেহত প্রৱেশ কৰি মহামাৰীৰ সৃষ্টি নকৰে। পক্ষীজ্বৰ বা swwuৱাইন ফ্লু আৰম্ভ হ'লে বিশ্বৰ প্রতিখন ৰাষ্ট্ৰই সতর্কতা তথা নিৰাপত্তামূলক ব্যৱস্থা গ্রহণ কৰে।

একেদৰে এইডছ জাতীয় ৰােগাে এবিধ মাৰাত্মক ৰােগ। ই প্ৰব্ৰজনৰ জৰিয়তে এখন ৰাষ্ট্রৰ পৰা আন ৰাষ্ট্ৰলৈ বিয়পি পৰে। ২০০৩ চনত বিশ্ব প্রায় ৪ কোটি লােক এই ৰােগত আক্ৰান্ত হৈছিল আৰু ইয়াৰে এক-তৃতীয়াংশ ৰােগী আফ্রিকাত আছিল। ১৯৯০ চনৰ শেষৰফালে উত্তৰ আমেৰিকা আৰু আন ঔদ্যোগিক ৰাষ্ট্রসমূহে এইড্ৰছৰ প্রতিষেধক নতুন ঐষধ উলিয়াই এই ৰােগৰ জৰিয়তে হােৱা মৃত্যুৰ সংখ্যা হ্রাস কৰিবলৈ সমৰ্থ হৈছে। কিন্তু এই ৰােগৰ চিকিৎসা ইমানেই ব্যয়বহুল যে আফ্রিকাৰ দৰে দৰিদ্র দেশৰ জনসাধাৰণে এই ব্যয় বহন কৰা সম্ভৱ নহয়। আফ্রিকাৰ দৰে দৰিদ্ৰ দেশক এনে ৰােগে যথেষ্ট আর্থিক সংকটত পেলাইছে।

এই ৰােগসমূহ সাধাৰণতে প্ৰব্ৰজন, ভ্রমণ, ব্যৱসায়-বাণিজ্য, সামৰিক অভিযান আদিৰ জৰিয়তে এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ বিয়পি পৰে।

বর্তমান নতুন নতুন সহজতে ধৰিব নােৱাৰা যেনে - এব’লা ভাইৰাছ (Ebola Virus), হান্টা ভাইৰাছ (Hanta Virus) আৰু হেপাটাইটিছ-চি (Hepatitis C) আদি ৰােগ ওলাইছে। ইয়াৰ উপৰি পুৰণি যেনে - টিউবাৰকুলােচিচ (Tuberculosis), মেলেৰিয়া (Malaria), ডেংগু জ্বৰ (Dengue Fever), কলেৰা (Cholera) আদি ৰােগৰ প্ৰতিৰােধ ঔষধ বাহিৰ হৈছে যদিও ইয়াক চিকিৎসা কৰাটো অতি সহজসাধ্য নহয়।

Post a Comment

0 Comments

People

Ad Code