Recent in Technology

পৰিকল্পিত বিকাশৰ ৰাজনীতি(L-12) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][পৰিকল্পিত বিকাশৰ ৰাজনীতি][Part B][additional Q/A


পৰিকল্পিত বিকাশৰ ৰাজনীতি(L-12) Important-Additional Q/A




👉Table Of Content👈





(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : পৰিকল্পিত বিকাশ বুলিলে কি বুজা? 
উত্তৰ : পৰিকল্পিত বিকাশ হ’ল - বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ জৰিয়তে সাধন কৰা বিকাশ। অর্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ'ব ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পিত বিকাশ বােলা হয়।

প্রশ্ন ২ : ক'ৰ পৰা ভাৰতৰ পৰিকল্পনাৰ ধাৰণাটো গ্ৰহণ কৰা হৈছিল ? 
উত্তৰ : ছ'ভিয়েট ৰাছিয়াৰ পৰা। 

প্রশ্ন ৩ : দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ প্রধান উদ্দেশ্যটো উল্লেখ কৰা।
উত্তৰ : উদ্যোগীক বিকাশ।

প্রশ্ন ৪ : বর্তমানলৈ ভাৰতে কিমানখন পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ কৰিছে?
উত্তৰ : ১২ খন।

প্রশ্ন ৫: ভাৰতৰ সেউজ বিপ্লৱৰ বীৰ (পিতৃ) বুলি কাক কোৱা হয় ? 
উত্তৰ : ড° নর্মান ব’ৰলাউগক। 

প্রশ্ন ৬ : ভাৰতবৰ্ষই পৰিকল্পনা কিয় গ্ৰহণ কৰিছিল?
উত্তৰ : দেশৰ সামগ্ৰীক বিকাশ তৃৰান্বিত কৰাৰ উদ্দেশ্যে।

প্রশ্ন ৭ : পৰিকল্পনা আয়ােগৰ গঠনৰ বিষয়ে লিখা।
উত্তৰ : বর্তমানে পৰিকল্পনা আয়ােগ সৰ্বমুঠ ১৩ জন সংদস্যৰে গঠিত। প্রধানমন্ত্রী হ’ল - ইয়াৰ অধ্যক্ষ আৰু এজন উপাধ্যক্ষ আৰু বাকীসকল সদস্য।

প্রশ্ন ৮ : পি চি মহালন 'বিচ কোন আছিল ?
উত্তৰ : পি চি মহালন’বিচ আছিল ভাৰতৰ এজন খ্যাতনামা অর্থনীতিবিদ। তেওঁ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ আৰ্হি প্ৰস্তুত কৰিছিল ।
 
প্রশ্ন ৯ : কেৰেলা মডেল বা কেৰেলা আৰ্হি কি?
উত্তৰ : ভাৰতৰ কেৰেলা চৰকাৰে বিকাশৰ বাবে গ্ৰহণ কৰা এটা আৰ্হি হ’ল - কেৰেলা আৰ্হি। ইয়াৰ ৰাজহুৱা খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

প্রশ্ন ১০ : পৰিকল্পনাৰ জীৰণী বুলিলে কি বুজা? কেইটামান বছৰক কিয় পৰিকল্পনাৰ জীৰণী বছৰ বােলা হয়?
উত্তৰ : ভাৰতত ১৯৫১ চনৰ পৰা প্রতি পাঁচ বছৰৰ মূৰে মূৰে একোটা পঞ্চবার্ষিক পৰিকল্পনা গ্রহণ কৰাৰ ব্যৱস্থা আৰম্ভ হৈছিল যদিও তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ অন্তত পঞ্চবার্ষিক পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰখা হৈছিল। ইয়াকে ‘পৰিকল্পনা বিশ্রাম বােলা হয়।

ভাৰতৰ তীব্র অর্থনৈতিক সংকটৰ বাবে তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ অন্তত তিনি বছৰ পঞ্চবার্ষিক পৰিকল্পনাৰ পৰিৱর্তে বার্ষিক পৰিকল্পনা কৰা হৈছিল।


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ : 
  • (ক) জনগণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। 
  • (খ) জাতীয় আয় বৃদ্ধি আৰু সম্পদৰ উচিত ব্যৱহাৰ। 

প্রশ্ন ২ : পৰিকল্পনাৰ দুটা সুবিধা উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) পৰিকল্পনাৰ জৰিয়তে দেশৰ সম্পদৰ উচিত ব্যৱহাৰ আৰু সম উন্নয়ন ( সম্ভৱ হয়।
  • (খ) পৰিকল্পনাৰ জৰিয়তে সামাজিক ন্যায় প্রদান কৰিব পাৰি। 

প্রশ্ন ৩ : কোন চনত পৰিকল্পনা আয়ােগ স্থাপন কৰা হৈছিল আৰু পৰিকল্পনা আয়ােগৰ প্ৰথম অধ্যক্ষ কোন আছিল ?
উত্তৰ : ১৯৫০ চনত আৰু জৱাহৰলাল নেহৰু আছিল প্রথমজন অধ্যক্ষ। 

প্রশ্ন ৪ : ভাৰতত কেতিয়া নতুন অর্থনৈতিক নীতি গ্রহণ কৰা হৈছিল আৰু মুখ্য স্থাপিত কোন আছিল?
উত্তৰ : ১৯৮০ ৰ দশকত। ইয়াৰ প্ৰধান স্থপিত হ’ল প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধী।

প্রশ্ন ৫ : পৰিকল্পিত অর্থনীতিৰ প্রধান পৰিণাম সমূহ কি আছিল ? 
উত্তৰ : 
  • (ক) দেশৰ জনমূৰি আয় বৃদ্ধি হয়।
  • (খ) কৃষিখণ্ডৰ বিকাশ আৰু খাদ্য শস্যৰ উৎপাদন বৃদ্ধি।
  • (গ) ঔদ্যোগিক খণ্ডত উন্নতি সাধন। 
  • (ঘ) শিক্ষাৰ সম্প্ৰসাৰণ আৰু জনস্বাস্থ্যৰ উন্নতি সাধন। 

প্রশ্ন ৬ : কোন ভাৰতীয় চিন্তাবিদে ভাৰতৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিছিল আৰু কেতিয়া ?
উত্তৰঃ এম বিশ্বেচাৰায়াই তেখেত ১৯৩১ চনত প্রকাশিত Planned Economy of India নামৰ গ্ৰন্থখনত ভাৰতৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিছিল।

প্রশ্ন ৭ : পৰিকল্পনা আয়ােগক কিয় সংবিধান বহির্ভূত সংস্থা বুলি কোৱা হয়? 
উত্তৰ : ১৯৫০ চনত গঠিত পৰিকল্পনা আয়ােগ সম্পর্কে ভাৰতীয় সংবিধানৰ কোনাে ঠাইত কোনাে কথা উল্লেখ নাই বাবে ইয়াক সংবিধান বর্হিভূত সংস্থা বােলা হয়।

প্রশ্ন ৮ : দহ বছৰীয়া পৰিকল্পনা কোনে প্রস্তুত কৰিছিল আৰু কিয় ?
উত্তৰ : ১৯৩১ চনত এম বিশ্বেচাৰায়াই দহ বছৰীয়া পৰিকল্পনা ভাৰতৰ সকলাে পর্যায়ৰ বিকাশৰ প্রতি লক্ষ্য ৰাখি প্রস্তুত কৰিছিল।

প্রশ্ন ৯ : পৰিকল্পিত বাজেট কি ?
উত্তৰ : ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বাজেট প্রধানকৈ দুই ধৰণৰ পৰিকল্পনা বহির্ভূত বাজেট আৰু পৰিকল্পনা অন্তর্ভুক্ত বাজেট। যি বাজেট পৰিকল্পনা আৰু নির্দিষ্ট আঁচনি অনুযায়ী প্রস্তুত কৰা হয় তাকে পৰিকল্পনা বাজেট বােলা হয়।

প্রশ্ন ১০ : বিতৰণমূলক ন্যায়ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : জাতি, বর্ণ, ধর্ম, সম্প্রদায়, শ্রেণী, অঞ্চল আদি নির্বিশেষে সকলােৰে মাজত সম্পদৰ সমবিতৰণ আৰু সকলােকে সমানে ন্যায় প্রদানকে বিতৰণমূলক ন্যায় বােলে।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১: দেশৰ আর্থ সামাজিক বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়ােগৰ ভূমিকা
কি?
উত্তৰঃ ৮৭ নং পৃষ্ঠাৰ ২ নং প্রশ্নোত্তৰ চোৱা।

প্রশ্ন ২: ১৯৫০ চনৰ কেবিনেটৰ প্ৰস্তাৱটোত দেশৰ মিশ্রিত অর্থনীতি লক্ষ্যৰ বিষয়ে কি উল্লেখ কৰিছিল ?
উত্তৰ : ১৯৫০ চনত কেন্দ্রীয় কেবিনেটৰ এটা প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি ভাৰতৰ পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল। এই প্রস্তাৱটো ভাৰতৰ মিশ্র অর্থনীতি বিষয়ে এনেদৰে উল্লেখ আছিল -

ভাৰতৰ সংবিধানে নাগৰিকৰ বাবে কিছুমান মৌলিক অধিকাৰ নিশ্চিত কৰিছে আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বাবে নির্দেশক নীতি কিছুমান উল্লেখ কৰিছে। বিশেষকৈ ৰাষ্ট্ৰই সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়যুক্ত সমাজ ব্যৱস্থাৰ জৰিয়তে নাগৰিকৰ কল্যাণ সুনিশ্চিত আৰু সুৰক্ষিত কৰিব। আন বিষয়ৰ উপৰিও তলত উল্লেখ কৰা উদ্দেশ্যসমূহত উপনীত হ’বলৈ ইয়াৰ নীতিসমূহ পৰিচালিত কৰিব -

  • (ক) পুৰুষ আৰু মহিলা : সকলাে নাগৰিকৰ বাবে উপযুক্ত জীৱন নির্বাহৰ উপায়ৰ অধিকাৰ থাকিব।
  • (খ) সমূহীয়া সম্পদৰ মালিকীস্বত্ব এনেদৰে বিতৰণ কৰা হ’ব যাতে উৎকৃষ্টভাৱে সামূহিক কল্যাণ সাধন হয় আৰু
  • (গ) অর্থনৈতিক ব্যৱস্থা কার্যকৰী কৰােতে যাতে সম্পদ আৰু উৎপাদনৰ আহিলাসমূহ কেন্দ্রীভূত হৈ সামূহিক কল্যাণৰ পৰিপন্থী নহ'ব।

প্রশ্ন ৩ : পৰিকল্পনা প্রস্তুতকৰণ প্ৰক্ৰিয়াৰ ওপৰত এটি চমু আভাষ দিয়া। 
উত্তৰ : অর্থনৈতিক বিকাশৰ বাবে কি ধৰণৰ আৰ্হি গ্ৰহণ কৰিব সেই সম্পর্কে মতভেদ থাকিলেও এটা কথাত সকলােৰে মাজত সহমত আছিল আৰু সেয়া হ'ল বিকাশৰ দায়িত্ব ব্যক্তিগত খণ্ড (Private sector)ত অর্পণ কৰাটো উচিত নহ'ব। ইয়াৰ পৰিৱৰ্তে চৰকাৰে বিকাশৰ অর্থে এটা আহি অথবা পৰিকল্পনা প্রস্তুত কৰিব। উল্লেখযােগ্য যে স্বাধীনতাৰ বহু পূর্বৰ পৰা বিভিন্নজনে পৰিকল্পনাৰ গুৰুত্ব সম্পর্কে মতামত প্রকাশ কৰি আহিছিল। উদাহৰণ স্বৰূপে ১৯৩১ চনত এম বিশ্বেচাৰায়াই তেওঁৰ ‘প্লেনড ইকনমি অৱ ইণ্ডিয়া’ (Planned Economy of India) নামৰ গ্রন্থখনত ভাৰতত দহ বছৰীয়া পৰিকল্পনা প্রয়ােজনীয়তাৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল। ১৯৩৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতি (National planning committee) গঠন কৰা হয়। জৱাহৰলাল নেহৰু এই সমিতিৰ সভাপতি আছিল।

স্বাধীনতাৰ পিচত ভাৰতে বিকাশৰ ছােভিয়েট আৰ্হিটো গ্ৰহণ কৰে। উল্লেখনীয়ভাৱে স্বাধীনতাৰ সময়ত কেইবাগৰাকীও ডাঙৰ উদ্যোগপতি আৰু ব্যৱসায়ীয়ে ভৰতত পৰিকল্পনাৰ ধাৰণাৰ সমর্থন কৰিছিল। ১৯৪৪ চনত কিছুসংখ্যক উদ্যোগপতিয়ে বােম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অর্থনীতি প্রতিষ্ঠা কৰাৰ বাবে এটা যুটিয়া প্রস্তাৱৰ খচৰা প্রস্তত কৰে। এই প্রস্তাৱক ‘বােম্বাই পৰিকল্পনা’ (Bombay plan) নামেৰে জনা যায়। 

বােম্বাই পৰিকল্পনাই ঔদ্যোগিক আৰু অন্যান্য অর্থনৈতিক বিনিয়ােগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই মূল ভূমিকা গ্ৰহণ কৰাটো বিচাৰিছিল। অন্যান্য কিছুসংখ্যক ব্যক্তিয়েও স্বাধীন ভাৰতৰ পৰিকল্পনাৰ আৰ্হি প্ৰস্তুত কৰিছিল। মহত্মাগান্ধীৰ অনুগামী শ্রীমান নাৰায়ণে ‘গান্ধীবাদী পৰিকল্পনাৰ আৰ্হি প্ৰস্তুত কৰাৰ বিপৰীতে মানেবেন্দ্র নাথ ৰয়ে দহ বছৰিয়া পৰিকল্পনাৰ পােষকতা কৰিছিল।

১৯৪৮ চনৰ এপ্রিল মাহত নেহৰুই সংবিধান মহাসভাত ঔদ্যোগিক নীতি প্রস্তাৱ (Industrial policy Resolution) পাঠ কৰে। এই প্রস্তাৱৰ জৰিয়তে ভাৰতত মিশ্র অর্থনীতি (Mixed Economy) পথ মুকলি হয়। ১৯৫০ চনৰ ২৫ জানুৱাৰীত তীব্র, বাদানুবাদৰ অন্তত কংগ্ৰেছ কার্যকাৰী সমিতিয়ে এখন পৰিকল্পনা আয়ােগ (planning Commission) গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ১৯৫০ চনৰ ১৫ মার্চত পৰিকল্পনা আয়ােগ গঠন হয়।

প্রশ্ন ৪ : বিহাৰৰ খাদ্য সংকটৰ বিষয়ে লিখা।
উত্তৰ : ১৯৬৬-৬৭ চনৰ খাদ্য শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে হ্রাস পােৱাৰ ফলত বিহাৰত গুৰুতৰ খাদ্য সংকটৰ সৃষ্টি হৈছিল। ৰাজ্যখনত সেইসময়ছােৱাত খাদ্যৰ উৎপাদন কমি গৈছিল। ১৯৬৫-৬৬ চনত ৬.২ নিযুত টনৰ পৰা ১৯৬৬-৬৭ চনত খাদ্য শস্যৰ উৎপাদন ৪.৩ নিযুত টনলৈ হ্রাস পায়। খাদ্য শস্যৰ নাটনিৰ বাবে ইয়াৰ মূল্যবৃদ্ধি ঘটে। অগণন লােকে অনাহাৰে দিন কটাবলগীয়া হােৱাৰ লগতে অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰে। এই দুর্ভিক্ষ সদৃশ পৰিস্থিতিত চৰকাৰী তথ্য অনুসৰি ২৩৫৩ জন লােকৰ মৃত্যু হয়। অৱশ্যে চৰকাৰে তৎপৰতা প্রদর্শন কৰাৰ বাবে এই সংকট ভয়াবহ ৰূপ ধাৰণ কৰিব নােৱাৰিলে বিহাৰৰ এই খাদ্য সংকটৰ মূল কাৰণ আছিল - খৰা(khorang) বতৰ।

প্রশ্ন ৫ : সেউজ বিপ্লৱৰ দুটা ভাল আৰু দুটা বেয়া পৰিণাম উল্লেখ কৰা। 
উত্তৰ : 
ভাল পৰিণাম : 
  • (ক) সেউজ বিপ্লৱে খাদ্য শস্যৰ উৎপাদন আচার্যজনকভাৱে বৃদ্ধি কৰিছিল।
  • (খ) ই নতুন নিয়ােগ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্রৰ মুঠ 'যৰােৱা উৎপাদন বৃদ্ধিত অৰিহণা যােগায়।

বেয়া পৰিণতি : 
  • (ক) সেউজ বিপ্লৱে ক্ষেত্ৰত ভাৰতক স্থায়ী আৰু সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰিবলৈ সক্ষম হােৱা নাই।
  • (খ) সেউজ বিপ্লৱ কেৱল ভাৰতৰ এটা অঞ্চল বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, পশ্চিমবংগ আদিতে সীমাবদ্ধ আছিল। 

প্রশ্ন ৬ : খালী ঠাই পূৰ কৰা :

(ক)  __ চনৰ মাৰ্চ মাহত পৰিকল্পনা আয়ােগ স্থাপন কৰা হৈছিল। 
উত্তৰ : ১৯৫০ চনৰ। 
(খ) ভাৰতৰ পৰিকল্পনা আয়ােগে বছৰৰ পৰিকল্পনাৰ প্ৰস্তাৱ দিছিল। 
উত্তৰ : পাঁচ বছৰৰ।
(গ) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত __ ৰ ওপৰত প্ৰাধান্যতা আৰােপ কৰা  হৈছিল।
উত্তৰ গুৰু উদ্যোগ।
(ঘ) সপ্তম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল __ চনৰ এপ্রিল মাহত। 
উত্তৰ : ১৯৮২ চনৰ ।
(ঙ) __ চনত একাদশ পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। 
উত্তৰ : ২০০২ চনত। 

প্রশ্ন ৭ : শ্বেত বিপ্লৱৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতত বিশেষকৈ গুজৰাটৰ আৰম্ভ হােৱা বিপ্লৱটোক শ্বেত বিপ্লৱ বুলি জনা যায়। ভার্গিজ কুৰিয়েনক ভাৰতৰ দুগ্ধ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়। এই বিপ্লৱত আটাইতকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰা কোম্পানীটো হ’ল আমূল১৯৭০ চনত ভাৰত চৰকাৰে গ্ৰাম্য বিকাশৰ বাবে Operation Flood নামেৰে এখন আঁচনি আৰম্ভ কৰিছিল। ই দুগ্ধ উৎপাদক সকলৰ সমবায়সমূহক একত্রিত কৰি তথা সংগঠিত কৰি ৰাষ্ট্ৰজোৰা দুগ্ধ জালিৰ সৃষ্টি কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল দুগ্ধ উৎপাদন বৃদ্ধি কৰা, মধ্যভােগী আতৰ কৰি উৎপাদক আৰু গ্ৰাহকৰ মাজত প্রত্যক্ষ সম্পর্ক স্থাপন কৰা আৰু গােটেই বছৰ ধৰি উৎপাদকৰ উপার্জন নিশ্চিত কৰা। Operation Flood - এ দুগ্ধ উৎপাদক এটা পথ হিচাপে, গাঁৱৰ পৰিয়ালবােৰৰ নিয়ােগ আৰু উপার্জন বৃদ্ধিৰ আৰু দৰিদ্ৰতা নিবাৰণৰ উপায় হিচাপে গণ্য কৰিছিল।


(ঘ) অতি দীঘল প্রশ্নোত্তৰ : (প্ৰত্যেকটোত ৭/৮ নম্বৰকৈ)


প্রশ্ন ১ : সেউজ বিপ্লৱৰ অর্থনৈতিক আৰু ৰাজনৈতিক ফলাফলসমূহ আলােচনা কৰা।
উত্তৰ : অর্থনৈতিক ফলাফল -

  • (ক) সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেঁহু আৰু ধান, এই দুই প্রধান শস্যৰ উৎপাদনৰ অভাৱনীয় বৃদ্ধি।
  • (খ) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিকাৰ্যৰ পদ্ধতিৰ তাৎপর্যপূর্ণ পৰিৱর্তন হয়।
  • (গ) সেউজ বিপ্লৱে ভাৰতত স্থানীয় উৎপাদন খণ্ডৰ বৃদ্ধিত বিশেষভাৱে সহায় কৰে। আৰু ই নতুন নিয়ােগ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্ৰখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত বৰঙণি যােগায়।
  • (ঘ) ভাৰত খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠে আৰু সেউজ বিপ্লৱৰ বাবে বিশ্ব বেংকৰ পৰা লােৱা সমুদায় ঋণ পৰিশােধ কৰাৰ স্থিতিত উপনীত হয়।
  • (ঙ) সেউজ বিপ্লৱৰ ফলস্বৰূপে গ্রামাঞ্চলৰ শীর্ষ অর্থাৎ ধনী দহ শতাংশ লােকৰ হাতত সম্পত্তি কেন্দ্রীভূত হৈ পৰে।

ৰাজনৈতিক ফলাফল -

  • (ক) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন ভােকাতুৰ ৰাষ্ট্ৰ (Starving state)ৰ পৰা খাদ্য শস্য ৰপ্তানি কৰাৰ সামর্থ্য থকা ৰাষ্ট্রৰূপে পৰিগণিত হয়। ভাৰতে এই সফলতাৰ বাবে আন্তঃৰাষ্ট্রীয় সম্প্রদায় আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সম্রম আদায় কৰিবলৈ সমর্থ হয়।
  • (খ) সেউজ বিপ্লৱে ইন্দিৰা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰােক্ষভাৱে যথেষ্ট সহায় কৰে।

প্রশ্ন ২ : পৰিকল্পনাৰ সময়ছােৱাত সম্পাদন কৰা ভূমি সংস্কাৰৰ ওপৰত এটি টোকা লিখা।
উত্তৰ : ৮৯নং পৃষ্ঠাৰ ৪নং প্রশ্নোত্তৰ চোৱা।

প্রশ্ন ৩ : বজাৰ অৰ্থনীতিৰ যুগত পৰিকল্পনাৰ প্ৰাসংগিকতাৰ বিষয়ে আলােচনা কৰা। 
উত্তৰ : ভাৰতীয় অর্থনীতি দ্রুত বিকাশৰ অৰ্থে পৰিকল্পনা গ্রহণ কৰা হৈছিল। আৰম্ভণিতে ভাৰতত মিশ্র অর্থনীতিৰ নীতি গ্রহণ কৰা হৈছিল। কিন্তু আশীৰ দশকৰ পৰা ভাৰতত ব্যক্তিগত খণ্ডৰ ওপৰত প্রাধান্যতা আৰােপ কৰিবলৈ আৰম্ভ কৰা হয় আৰু ১৯৯১ চনত পি ভি নৰসিংহৰ ৰাওৰ প্রধানমন্ত্রীত্বৰ কাৰ্যকালত ভাৰতত মুক্ত অর্থনীতি প্রৱৰ্তন কৰা হয়। 

এই সময়ছােৱাত পৰিকল্পনাৰ প্ৰাসংগিকতা আছে নে নাই। তাক লৈ প্ৰশ্নৰ উদ্ভৱ হৈছে। যি উদ্দেশ্যে আগত ৰাখি ভাৰতত পৰিকল্পনা আৰম্ভ কৰা হৈছিল সেইটো বর্তমানেও এশ শতাংশ কৃতকার্য হ’ব পৰা নাই। বর্তমানে ভাৰতবর্ষ সম্পূর্ণরূপে খাদ্য শস্যৰ ক্ষেত্ৰত সম্পূর্ণ আত্মনির্ভশীল হােৱা নাই। সম্পদৰ সম বিতৰণ, নিবনুৱা সমস্যা দূৰীকৰণ শিক্ষাৰ সম্প্ৰসাৰণ, জনস্বাস্থ্যৰ উন্নতি সাধন, গাঁৱৰ অর্থনীতিৰ সবলীকৰণ, লঘু আৰু বৃহৎ উদ্যোগৰ সম্প্ৰসাৰণ ইত্যাদি আদিও ভাৰতৰ বাবে অকৃতকার্য হিচাপে চিহ্নিত হৈ আছে। সেয়েহে এইবােৰ ব্যৱস্থাৰ মজবুতকৰণৰ বাবে পৰিকল্পনাৰ আৱশ্যকতা কোনেও অস্বীকাৰ কৰিব নােৱাৰে।

Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code