Recent in Technology

H.S. 2nd year Political Science Question Paper & it's Ans (2014)

Class-XII(12)/Political Science-[Q/A][Notes][Solutions][Free Learning Online][in Assamese][2014 Question paper & it's Ansers][Part A][Part-B] included


H.S. 2nd year Political Science Question Paper & it's Ans (2014)





H.S. 2nd Year Political Science. Question Paper & its Ans 2014 (Theory)



Group A' (ক শাখা)

(সমসাময়িক ৰাজনীতি)




1. তলত দিয়বোৰৰ উত্তৰ লিখা : 1x6=6

(a) গােষ্ঠী নিৰেপেক্ষ আন্দোলন (NAM)ৰ প্ৰথম শীর্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ : বেলগ্রেড। 

(b) বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। 
উত্তৰ : আন্তর্জাতিক সন্ত্রাসবাদ। 

(c) ASEAW ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ : Association of South-East Asian Nations. 

(d) বার্লিন প্রাচীৰ কোন চনত ভাঙোন হৈছিল ? 
উত্তৰ : ১৯৮৯।

(e) ৰাষ্ট্ৰসংঘৰ বর্তমান সচিব প্রধানগৰাকীৰ নাম কি?
উত্তৰ : বান-কি-মুন।

(f) ৰায় সন্মিলন 'কাৰ্যসূচী ২১' নামেৰে বিকাশমূলক কার্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছিল (শুদ্ধ অথবা অশুদ্ধ) লিখা।
উত্তৰ : শুদ্ধ।

2. আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল? 
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য ১৯৯১ চনত আৰম্ভ হৈছিল। ছােভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে বিশ্বত একচ্ছত্র নেতৃত্ব প্রতিষ্ঠা ধাৰাৰ বাবে এনে আধিপত্য আৰম্ভ কৰিছিল।

3. পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পার্থক্য কি? 
উত্তৰ : পাৰম্পৰিক নিৰাপত্তাইৰাষ্ট্র এখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ কথা বুজায়। ইয়াত প্রধানকৈ নিৰাপত্তাৰ সামৰিক দিশটো অন্তর্ভুক্ত কৰা হয়। 

আনহাতে অপাৰম্পৰিক নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকিৰ দিশটো অতিক্ৰম কৰি এক বিস্তৃত পৰিসৰৰ ভয়াবহতা আৰু ভাবুকিক অন্তর্ভুক্ত কৰিছে।

4. দ্বিতীয় বিশ্ব’ মানে কি বুজা?
উত্তৰ : পুর্ব ইউৰােপৰ সমাজবাদী ৰাষ্ট্রসমূহ আৰু যিসকল ৰাষ্ট্র Warsaw চুক্তি স্বাক্ষৰকাৰী আছিল, তেওঁলােকক সন্মিলিতভাৱে সমাজবাদী গােট বা দ্বিতীয় বিশ্ব ষােলে। এই দেশবােৰৰ ৰাজনৈতিক আৰু অর্থনৈতিক গাঁথনি ছােভিয়েট ৰাষ্ট্ৰৰ দৰে। এই ৰাষ্ট্রসমূহে ফেীবাদী শাসকসকলৰ পৰা মুক্তি লাভ কৰি শেষত সমাজবাদী গােটত যােগদান কৰে।

5. দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা?
উত্তৰ :  

মিত্র শক্তি: 
  1. আমেৰিকা
  2. ইংলেণ্ড
  3. ফ্রান্স
  4. ছােভিয়েট ৰাছিয়া 
অক্ষীয় শক্তি: 
  1. জার্মানী
  2. ইটালী আৰু 
  3. জাপান। 

6. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত__ khon স্থায়ী আৰু __ খন অস্থায়ী সদস্য ৰাষ্ট্র আছে।
উত্তৰ : ৫, ১০।

7. ভাৰত আৰু বাংলাদেশৰ মাজত সহযােগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা।
উত্তৰ : 
  1. সহযােগিতা : উভয় দেশৰ মাজত বেহা-বেপাৰ বৃদ্ধিৰ বাবে ভালেমান ব্যৱস্থা হাতত লােৱা হৈছে।
  2. সংঘাত: বিদেশী প্ৰৱজনৰ প্ৰশ্নত উভয় দেশৰ মাজতে মত পার্থক্য আছে। 

8. বিশ্বজনীন উমৈহতীয়া মানে কি? ‘বিশ্বজনীন উমৈহতীয়া’ৰ ৰক্ষণাবেক্ষণ বাবে তিনিটা ব্যৱস্থাৰ পৰামর্শ দিয়া। 1+3=4
উত্তৰ : সামুহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সমুহ সম্পদক বুজোৱা হয় - যিবােৰ কোনাে ব্যক্তিৰ বাবে নহয় বৰং এটা সম্প্রদায়ে ভােগ কৰে। এখন নদী, এখন উদ্যান, এটা সামূহিক কেন্দ্ৰ আদি সামুহিক বা ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুতাে অঞ্চল আছে যিবােৰ কোনাে সার্বভৌম ৰাষ্ট্রৰ চাৰিসীমাৰ ভিতৰত নপৰে এনে অঞ্চল বা সম্পদবােৰক বিশ্বৰ সামূহিক সম্পদ বােলা হয়। যেনে - পৃথিৱীৰ জলবায়ুএন্টার্কটিকা মহাদেশবৰফাবৃত অঞ্চল আৰু মহাকাশ অন্যতম। 

পৰামর্শ  
  • (ক) সামূহিক সম্পদসমূহৰক্ষা কৰিব লগা হ'লে উত্তৰ গােলার্ধ আৰু দক্ষিণ গােলার্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত এই ক্ষেত্ৰত ঐক্যমত থাকিব লাগিব।
  • (খ) উপকূলীয় অঞ্চলত জনবসতি হ্রাস কৰাৰ বাবে চেষ্টা কৰিব লাগিব। 

9. ছােভিয়েত ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হােৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে চমু টোকা লিখা।
উত্তৰঃ ছােভিয়েট ইউনিয়ন পতন হােৱা বাবে বহুতাে নতুন ৰাষ্ট্রৰ জন্ম হয়। এই ৰাষ্ট্ৰসমূহৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে। ইয়াৰে কিছুমান দেশে বিশেষকৈ Baltic আৰু পূর্ব ইউৰােপৰ দেশসমূহে Europian Union ৰ লগত থাকিবলৈ ইচ্ছা প্রকাশ কৰে আৰু NATO ৰ সদস্যভুক্ত হয়। কেন্দ্রীয় এছিয়াৰ দেশসমুহে নিজ ভৌগােলিক অবস্থানৰ সুবিধা গ্রহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰিও পশ্চিমীয়া দেশ, চীন আৰু আমেৰিকাৰ লগত সুসম্পর্ক ৰক্ষা কৰাৰ পক্ষপাতী। এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা বজাই ৰাখি বহুতাে নতুন খেলুৱৈৰ জন্ম হৈছে যাৰ নিজস্বৰাজনৈতিক ব্যৱস্থা আছে। 

10. নতুন আন্তঃৰাষ্ট্রীয় অর্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলােচনা কৰা ৷ 
উত্তৰ : তৃতীয় বিশ্বৰ ৰাষ্ট্রসমূহে বিশ্ব অর্থনৈতিক বাণিজ্যিক পদ্ধতিৰ সংস্কাৰৰ উদ্দেশ্যে নতুন অর্থনৈতিক শৃংখলা গঢ়ি তােলাৰ ওপৰত গুৰুত্ব দিছিল। ৰাষ্ট্ৰসংঘই ১৯৭৪ চনত এই নতুন অর্থনৈতিক শৃংখলাৰ বিষয়ে ঘােষণা কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল – 

  1. সকলাে ৰাষ্ট্রই সমতাৰ ভিত্তিত বিশ্ব অর্থনৈতিক সমস্যাৰ সমাধানত অংশ গ্রহণ কৰিব পাৰিব।
  2. প্রতিখন ৰাষ্ট্ৰই নিজৰ উন্নয়নৰ সুবিধার্থে নিজৰ পছন্দ অনুসৰি অর্থনৈতিক আৰু সামাজিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।
  3. নিজৰ প্ৰাকৃতিক সম্পদ আৰু অর্থনৈতিক কার্যাৱলীৰ ওপৰত প্ৰতিখন ৰাষ্ট্ৰৰ সার্বভৌম অধিকাৰ থাকিব আদি।


11. ইউৰােপীয় সংঘৰ প্ৰভাৱৰ দুটা প্রধান ক্ষেত্ৰৰ বিষয়ে লিখা। 2+2=4 
উত্তৰ : ইউৰােপীয় সংঘই নিজৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সুসম্পর্ক বজাই ৰখাৰ বাবে সদস্যৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক, আর্থিকআৰু সামাজিক সাংস্কৃতিক সম্পর্ক দিশত উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল।

12. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তর্ভুক্তিৰ যুক্তিযুক্ততা প্রদর্শন কৰা।
উত্তৰ : ভাৰতৰ নাগৰিক হিচাপে মই ভাৰতৰ এই দাবীক পূর্ণ সমর্থন জনাওঁ। কাৰণ -
(ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। 
(খ) ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্র আৰু গণতান্ত্রিক মূল্যবােধক স্বীকৃতি দিয়ে।
(গ) ৰাষ্ট্ৰসংঘৰ সকলাে ধৰণৰ কার্যত ভাৰতে সক্রিয়ভাৱে অংশ গ্রহণ কৰে। 
(ঘ) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৱদান যােগায়।
(ঙ) ভাৰতবৰ্ষই মানবাধিকাৰক সন্মান জনায় আৰু সকলাে ধৰণৰ মানৱাধিকাৰক ৰক্ষাৰ কাৰণে সচেষ্ট থাকে।
(চ) ভাৰতবৰ্ষই অর্থনৈতিক ক্ষেত্ৰতাে যথেষ্ট উন্নতি সাধন কৰিছে। এছিয়াৰ ভিতৰত অর্থনৈতিক দিশত ভাৰত দ্বিতীয় স্থানত আছে।

ওপৰত উল্লেখ কৰা চৰ্তসমুহৰ দ্বাৰা স্পষ্টভাৱে দেখুৱা হৈছে যে ভাৰতৰ এই দাবী যুক্তিযুক্ত।

13[a]. আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি? প্রত্যেকৰ উদাহৰণ দিয়া। 4+2=6 
উত্তৰ : 1/ কঠিন শক্তি হিচাপে আধিপত্য : প্রথমে আধিপত্য শব্দটোৱে দেশৰ মাজত সম্বন্ধ, ধাৰণা আৰু সামৰিক শক্তিৰ ভাৰসাম্য বুজাইছিল। এই ক্ষেত্ৰত বর্তমান বিশ্ব ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ স্থান আৰু ভূমিকালৈ লক্ষ্য কৰি আধিপত্য শব্দটোৱে সামৰিক শ্রেষ্ঠতা বুজাবলৈ বিশেষ যুক্তিযুক্ততা আছে। আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয়। সম্পূর্ণতাৰ ক্ষেত্ৰত আজি যুক্তৰাষ্টই পৃথিৱীৰ যিকোনাে বিন্দুত সঠিক সময়ত নিখুঁতভাৱে আঘাত কৰি শত্রুপক্ষক অসমর্থ কৰিব পাৰে। আমেৰিকাৰ ইৰাক আক্রমণে ইয়াৰ যুদ্ধ জয় কৰাৰ শক্তি যে অলংঘনীয় এয়া প্রমাণ কৰে আৰু এই ক্ষেত্ৰত অধিক ভয়াবহ কথাটো হ'ল যে বর্তমান তেওঁলােকৰ ওচৰ চাপিব পৰা এনে কোনাে শক্তি পৃথিৱীত নাই।

2/ গাঁথনিগত ক্ষমতা : আধিপত্যৰ দ্বিতীয় ভাৱধাৰাটো প্ৰথমটোতকৈ সম্পূর্ণ। বেলেগ। বিশ্ব অর্থনীতিৰ এক বিশেষ অৱস্থা বুজাবলৈ ইয়াৰ উৎপত্তি হৈছে। ইয়াৰ মূল ভাবটো হৈছে যে বিশ্ব অর্থনীতি জন্ম দিবলৈ আৰু বাহাল ৰাখিবলৈ আধিপত্যিক শক্তিৰ আৱশ্যক। আধিপত্যিক শক্তিটোৰ সামর্থ্য আৰু শৃঙ্খলাবদ্ধতাৰ বাবে নির্দিষ্ট বিধি তৈয়াৰ কৰাৰ ইচ্ছা থাকিব লাগিব আৰু ই বিশ্ব গাঁথ নিৰ গ্রহণযােগ্য হ'ব লাগিব। আধিপত্যিক শক্তিটোৱে সাধাৰণতে নিজৰ সুবিধাৰ বাবে এইটো কৰে। যুক্তৰাষ্ট্রই যােগাৰ দিয়া বিশ্বৰ জনসাধাৰণৰ সামগ্ৰীত আধিপত্যিক শক্তিৰ দ্বিতীয় ভাবধাৰাটো প্রকাশ পায়। জনসাধাৰণৰ সামগ্ৰী বুলিলে বিশুদ্ধ বায়ু আৰু সাগৰীয় পথসমূহ বা বিশ্বব্যাপী সংযােগ (Internet) ব্যৱস্থাক বুজায়। এক কথাত ক'বলৈ গ'লে বিশ্বৰ মুক্ত অর্থনৈতিক ব্যৱস্থাক নিজৰ ইচ্ছা অনুসৰি পৰিচালনা কৰাৰ আমেৰিকা ইচ্ছা এনে দেশৰ বাবে জৰুৰী হৈছে যে এই দেশৰ হাতত ব্যৱস্থাখিনি কার্যকৰী কৰাৰ বাবে নিয়ম-নীতি কার্যকৰী কৰাৰ ক্ষমতা আৰু ইচ্ছা থাকিব লাগিব আৰু বিশ্ব মুক্ত অর্থনীতিক বজাই ৰাখিব লাগিব।

3/ নৰম শক্তি হিচাপে আধিপত্য : আধিপত্যৰ সৈতে জড়িত তৃতীয় অর্থ হৈছে সন্মতি গঠন কৰাৰ ক্ষমতাৰ লগত। ইয়াৰ অৰ্থ হৈছে বিশ্বত কোনাে এখন ৰাষ্ট্রৰ সামাজিক, ৰাজনৈতিক আৰু বিশেষকৈ বিচাৰধাৰা বা আদৰ্শৰ ক্ষেত্ৰত অন্যান্য ৰাষ্ট্রৰ ওপৰত নিজৰ প্ৰভাৱ খটোৱাৰ ক্ষমতা। আমেৰিকান সংস্কৃতি বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী সংস্কৃতি। আমেৰিকাৰ এই ‘গুণ বা উপাদানক ‘Soft Power বােলে। ইয়াৰ অৰ্থ হৈছে শক্তি প্রয়ােগৰ পৰিৱর্তে মানুহক প্ৰভাৱান্বিত কৰা। ভাল জীৱন-যাপন কৰা বা ব্যক্তিগত সাফল্য আদর্শ বা বিশ্বজুৰি ব্যক্তিসকলক সপােন কার্যকৰী কৰাৰ ইচ্ছা বাস্তৱত আমেৰিকাত সফল হােৱা দেখা গৈছে। আৰু ভাল জীৱন যাপনৰ আদৰ্শৰ দ্বাৰা বিশ্বৰ মানুহ প্ৰভাৱান্বিত হৈছে। শীতল যুদ্ধৰ কালছােৱাত আমেৰিকাৰ প্রতিদ্বন্দ্বী দেশ ছােভিয়েট ৰাছিয়াত এয়ােৰ ‘Blue Jeans' বিদেশী অতিথিসকলৰ পৰা ক্ৰয় কৰাৰ বাবে নিজৰ গােটেই বছৰৰ দৰ্মহা খৰচ কৰিবলৈ কুণ্ঠাবােধ কৰা নাছিল। শীতলযুদ্ধৰ কালছােৱাত আমেৰিকাই সামৰিক দিশত ছােভিয়েট ৰাছিয়াক ৰাস্ত কৰিব নােৱাৰিলেও ‘Soft Power' বা সাংস্কৃতিক আৰু মানুহৰ জীৱনৰ মানদণ্ড ৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াক পৰাস্ত কৰিব পাৰিছিল।

অথবা 

13[b]. ছাফটা (SAFTA) কি উদ্দেশ্যৰে গঠিত হৈছে? ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা। 2+4=6
উত্তৰ : SAFTAৰ সম্পূর্ণ নাম হৈছে- 'South Asian Free Trade Agreement’ ছাৰ ১২তম সন্মিলনত ২০০৪ চনত এই চুক্তি সম্পাদিত হয়। 

এই চুক্তিৰ উদ্দেশ্য হৈছে সমগ্র দক্ষিণ এছিয়াৰ বাবে এক মুকলি বাণিজ্য স্থল স্থাপনৰ বাবে প্রতিশ্রুতিবদ্ধ হােৱা। যদিহে অঞ্চলটোৰ আটাইবােৰ দেশে চাৰিসীমা অতিক্রম কৰি মুকলি বাণিজ্য কৰিবলৈ অনুমতি দিয়ে তেতিয়া শান্তি আৰু সহযােগিতাৰ এক নতুন অধ্যায় স্থাপিত হ’ব। 

২০০৪ চনত এই চুক্তি স্বাক্ষৰিত হয় আৰু ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা ই কার্যকৰী হয়। SAFTA এ ২০০৭ চনলৈ বাণিজ্য নিৰিখ ২০ শতাংশ হ্রাস কৰাৰ উদ্দেশ্য আছিল।

14[a]. বর্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটি অত্যাৱশ্যকীয় সংগঠন বুলি তুমি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রদর্শন কৰা। 
উত্তৰ : ভাৰতৰ নাগৰিক হিচাপে মই ভাৰতৰ এই দাবীক পূর্ণ সমর্থন জনাওঁ। কাৰণ -
(ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। 
(খ) ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্র আৰু গণতান্ত্রিক মূল্যবােধক স্বীকৃতি দিয়ে।
(গ) ৰাষ্ট্ৰসংঘৰ সকলাে ধৰণৰ কার্যত ভাৰতে সক্রিয়ভাৱে অংশ গ্রহণ কৰে। 
(ঘ) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৱদান যােগায়।
(ঙ) ভাৰতবৰ্ষই মানবাধিকাৰক সন্মান জনায় আৰু সকলাে ধৰণৰ মানৱাধিকাৰক ৰক্ষাৰ কাৰণে সচেষ্ট থাকে।
(চ) ভাৰতবৰ্ষই অর্থনৈতিক ক্ষেত্ৰতাে যথেষ্ট উন্নতি সাধন কৰিছে। এছিয়াৰ ভিতৰত অর্থনৈতিক দিশত ভাৰত দ্বিতীয় স্থানত আছে।

ওপৰত উল্লেখ কৰা চৰ্তসমুহৰ দ্বাৰা স্পষ্টভাৱে দেখুৱা হৈছে যে ভাৰতৰ এই দাবী যুক্তিযুক্ত।

অথবা

14[b]. বিশ্বায়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱসমূহ কি কি? আলােচনা কৰা। 2+2+2=6
উত্তৰ : 
  • (ক) বিশ্বায়নে ৰাজনৈতিক ক্ষেত্ৰত উল্লেখযােগ্য প্ৰভাৱ বিস্তাৰ কৰিছে। এই ধাৰণাই পাৰম্পৰিক সার্বভৌমত্বৰ অৰ্থক পৰিৱৰ্তন কৰিছে। 
  • (খ) বিশ্বায়নৰ প্ৰসাৰৰ বাবে বহুজাতিক সংস্থাৰ প্ৰৱেশ আৰু ইয়াৰ গুৰুত্ব সকলাে দেশত বৃদ্ধি পােৱাৰ বাবে চৰকাৰৰ ক্ষমতা ক্রমান্বয়ে হ্রাস পাইছে। 
  • (গ) বিশ্ব অর্থনৈতিক দিশত বিশ্বায়নৰ যথেষ্ট প্রতিক্রিয়া দেখিবলৈ পােৱা যায়। অর্থনৈতিক বিশ্বায়নে পৃথিৱীৰ ৰাজনৈতিক চেহেৰাৰ পৰিৱৰ্তন সাধন কৰিছে। অর্থনৈতিক বিশ্বায়নৰ বিভিন্ন আন্তর্জাতিক বিত্তীয় সংগঠনৰ যেনে আন্তর্জাতিক বিত্তীয় সংগঠনৰ যেনে আন্তর্জাতিক মুদ্রানিধি, বিশ্ব বেংক আদিৰ লগত ঘনিষ্ঠ সম্পর্ক আছে। 
  • (ঘ) বিশ্বায়নে মানুহৰ জীৱনশৈলী, বিচাৰধাৰা, খাদ্যাভাস আদি ক্ষেত্ৰতাে পৰিৱর্তন আনিছে।




Group-B (খ-শাখা)

স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি



15. তলত দিয়াৰােৰৰ উত্তৰ লিখা : 1x6=6 

(a) NEFAৰ সম্পূৰ্ণ ৰূপটো লিখা। 
উত্তৰ : North Eastern Frontier Agency. 

(b) কোনখন জিলাত আৰাক বিৰােধী আৰম্ভ হৈছিল ? 
উত্তৰ : সল্লোৰ জিলা। 

(c) ভাৰত চৰকাৰে মণ্ডল আয়ােগ __ চনত নিযুক্তি দিছিল। 
উত্তৰ : ১৯৭৯ চনত।

(d) দলত্যাগৰ অর্থ কি?
উত্তৰ : এটা ৰাজনৈতিক দলৰ পৰা আনটো ৰাজনৈতিক দলত যােগদান কৰা কার্যক দলত্যাগ বােলে।

(e) পৰিকল্পনা আয়ােগ কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰ : ১৫ মার্চ, ১৯৫০।

(f) শুদ্ধ শব্দটো বাছি উলিওৱা:

১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পার্টি চৰকাৰৰ প্ৰধানমন্ত্রী হয় (মােৰাজী দেশাই /চৰণ সিং)।
উত্তৰ : মােৰাজী দেশাই।

16. স্বাধীনতাৰ পূর্বে মুছলিম লীগে ‘দ্বি-জাতি তত্ত্ব'ৰ পােষকতা কৰিছিল। এই তত্ত্বত অন্তর্ভুক্ত কৰা ৰাষ্ট্ৰ দুখনৰ নাম লিখা।
উত্তৰ : ভাৰত, পাকিস্তান।

17 : ভাৰতৰ বৈদেশিক নীতিৰ দুটা অতি গুৰুত্বপূৰ্ণ মূল নীতি লিখা। 
উত্তৰ : 
  • (ক) দেশৰ একতা আৰু সার্বভৌমত্ব ৰক্ষা কৰা । 
  • (খ) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। 

18. ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা।  
উত্তৰ : 
  • (ক) এনে ধৰণৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত আঞ্চলিক দলসমূহেও গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
  • (খ) সন্মিলিত চৰকাৰ একদলীয় চৰকাৰৰ তুলনাত অস্থায়ী।

19. ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ ক্রমবর্ধমান গুৰুত্বৰ দুটা কাৰক লিখা।
উত্তৰ : 
(ক) বিভিন্ন জাতিগােষ্ঠী সমূহৰ মাজত চলি থকা নিজৰ স্বকীয়তা ৰক্ষাৰ আন্দোলনে আঞ্চলিক দলৰ গুৰুত্ব বৃদ্ধি কৰিছে।
(খ) কেন্দ্ৰত সন্মিলিত চৰকাৰ গঠন প্রক্রিয়ায়েও আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব বৃদ্ধি কৰিছে।

20. সামাজিক আন্দোলন মানে কি বুজা? সামাজিক আন্দোলনৰ এটি উদাহৰণ দিয়া।
উত্তৰ : সামাজিক আন্দোলন বিশেষ সমস্যা সমাধানৰ উদ্দেশ্যে ইয়াৰ লগত জড়িত সমাজৰ বিভিন্ন শ্রেণীৰ মানুহে স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰে। উদাহৰণ - চিপকো আন্দোলন। 

21. ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰ : ১৯৫১ চনত।  সভাপতি শ্যামাপ্রসাদ মুখার্জী। 

22. গুজৰাটৰ নৱ নিৰ্মাণ আন্দোলনৰ ওপৰত এটা টোকা লিখা। 
উত্তৰ : গুজৰাটত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সংঘটিত ছাত্র প্রতিবাদে ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয় পর্যায়তাে ব্যাপক বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল। ১৯৭৪ চনৰ জানুৱাৰী মাহত গুজৰাটত খাদ্যৰ নাটনি, খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু উচ্চ পর্যায় প্রশাসনত দুর্নীতিৰ বিৰুদ্ধে ছাত্ৰসকলে আন্দোলন আৰম্ভ কৰে। নৱনির্মাণ আন্দোলনৰূপে জনপ্রিয়তা অর্জন কৰা এই আন্দোলন আৰম্ভ হৈছিল এল ডি কলেজ অব ইঞ্জিনীয়াৰিং নামৰ অভিযান্ত্রিক শিক্ষানুষ্ঠানৰ হােষ্টেলৰ মাচুল ২০ শতাংশ বৃদ্ধি প্রতিবাদেৰে। ছাত্ৰসকলে আৰম্ভ কৰা নৱনির্মাণ আন্দোলনটোক সমর্থন কৰি চিমনভাই পেটেল নেতৃত্বাধীন গুজৰাটৰ কংগ্ৰেছ চৰকাৰখনৰ পদত্যাগ দাবী কৰে। ছাত্র আন্দোলনৰ ফলস্বৰূপে ৰাজ্যখনত ৰাষ্ট্রপতি শাসন প্ৰৱৰ্তন কৰা হয়। বিৰােধী দলসমূহে ৰাজ্য বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে। বিৰােধী ৰাজনৈতিক দলসমূহৰ এই দাবীৰ প্রতি সমর্থন আগবঢ়ায় সেই সময়ৰ কংগ্ৰেছ (0) দলৰ নেতা মােৰাৰজী দেশায়ে। অৱশেষত ছাত্র সমাজ আৰু বিৰােধী ৰাজনৈতিক দলসমূহৰ ক্রমাগত হেঁচাত নতি স্বীকাৰ কৰি গুজৰাটত বিধানসভাৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ কংগ্ৰেছ বাধ্য হয়। ১৯৭৫ চনৰ জুনত অনুষ্ঠিত এই নির্বাচনত কংগ্ৰেছ দলে শােচনীয়ভাৱে পৰাজয় বৰণ কৰে।

23. ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ স্বতন্ত্রতাৰ দাবীৰ বিষয়ে আলােচনা কৰা।
উত্তৰ : ভাৰতৰ উত্তৰ-পূব অঞ্চল আঞ্চলিক অনুভুতিক কেন্দ্রস্থল বুলি ক'ব পৰা যায়। প্রায় প্রতিখন ৰাজ্যৰ মাজত আঞ্চলিকতাবাদৰ নামত আন্দোলন সংগঠিত হােৱা চকুত পৰে। এনে ধৰণৰ আন্দোলনে কেতিয়াবা বিচ্ছিন্নতাবাদী আন্দোলনৰ ৰূপ লােৱা পৰিলক্ষিত হয়।

স্বাধীনতাৰ কালছােৱাত একমাত্র মণিপুৰ আৰু ত্ৰিপুৰাক বাদ দি আন ৰাজ্যবােৰ বৰ অসমৰ অংশ আছিল। অসম ৰাজ্যিক ভাষা আইন পাছ হােৱাৰ পিছত ১৯৭২ চনত গাৰাে, খাচী আৰু জয়ন্তীয়া জনগােষ্ঠীসকলৰ সন্মিলিতভাৱে আন্দোলনৰ প্ৰচেষ্টাৰ ফলত মেঘালয় ৰাজ্য লাভ কৰে। এটা সময়ত মণিপুৰ আৰু ত্ৰিপুৰায়াে ৰাজ্যৰ মর্যাদা লাভ কৰে। মেঘালয়, মণিপুৰ, ত্ৰিপুৰা আৰু অৰুণাচল প্রদেশে প্রায় শান্তিপূর্ণ উপায়েৰে ৰাজ্যৰ মর্যাদা লাভ কৰিছিল। কিন্তু নাগালেণ্ড আৰু মিজোৰামৰ ৰাজ্য হিচাপে মর্যাদা লাভ কৰা প্রক্রিয়া যথেষ্ট অশান্তিপূর্ণ আছিল।

বর্তমান অসমত বড়াে, কাৰ্বি, আৰু ডিমাছাসকলে নিজৰ নিজৰ পৃথক ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি আছে।

24. ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ প্রকৃতি সম্পর্কে আলােচনা কৰা।
উত্তৰ : এটা ৰাজনৈতিক দলৰ আধিপত্য কেৱল ভাৰতবৰ্ষতে থকা দেখা নাযায়। বিশ্বৰ বিভিন্ন দেশত এটা দলৰ প্রাধান্যতাৰ উদাহৰণ দেখা যায়। কিন্তু ভাৰতীয় অভিজ্ঞতা আৰু সেইবােৰৰ মাজত পার্থক্য আছে। কিছুমান দেশত যেনে - কিউবা, চীন, চিৰিয়া আদিত সংবিধানে কেৱল এটা দলীয় ব্যৱস্থাৰ শাসনহে স্বীকৃতি দিছে। আনহাতে আন কিছুমান দেশত যেনে - ম্যানমাৰ, বেলাৰুছ, ইজিপ্ত আদিত বৈধ আৰু সামৰিক ( , নীতিৰ দ্বাৰা একদলীয় শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছে। কিন্তু ভাৰতৰ ক্ষেত্ৰত সম্পূর্ণ গণতান্ত্রিক শাসন ব্যবস্থা প্রতিষ্ঠা কৰা হৈছে আৰু মুক্ত নির্বাচনত কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভৰ জৰিয়তে এক দলীয় প্রাধান্যতা প্রতিষ্ঠা কৰিছে। ভাৰতত বিৰােধী দলক সম্পূৰ্ণৰূপে অসাংবিধানিক বা বে-আইনী বলি ঘােষণা কৰা নাই। এই দলবােৰেও নির্বাচনত সমানে প্রতিদ্বন্দিতা আগবঢ়াইছে। কেৱল বিভিন্ন কাৰণত বিৰােধী দলবােৰে নিজৰ স্থিতি মজবুত কৰিব নােৱাৰা বাবে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলৰ একনায়কত্ববাদী শাসন ব্যৱস্থা প্রতিষ্ঠিত হৈছে।

25. ভাৰতে কিয় গােষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰিছিল? আলােচনা কৰা।
উত্তৰ : ভাৰতে নিম্নলিখিত কাৰণবােৰৰ বাবে গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণ কৰিছিল—
  • (ক) ভাৰতৰ দৰে বিশাল ৰাষ্ট্র এখনে কোনাে শক্তিগগাষ্ঠীৰ লগ নলগাকৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্রহণ কৰি বিশ্বৰ ৰাজনীতিত:সম্মানসূচক আসন গ্রহণ কৰিব পাৰিব বুলি নেতাসকলৰ দৃঢ় বিশ্বাস আছিল।
  • (খ) অর্থনৈতিক উন্নয়নৰ বাবে শান্তিপূর্ণ পৰিৱেশৰ প্রয়ােজন। সেয়েহে ভাৰতে কোনাে বিশেষ মিত্রগােষ্ঠীৰ সৈতে মিত্রতা গঢ়াৰ পৰিৱর্তে সকলাে ৰাষ্টৰ সৈতে বন্ধুত্বপূর্ণ পৰিৱেশ ৰক্ষাৰ ওপৰত গুৰুত্ব দিছিল।
  • (গ) ভাৰতৰ দ্ৰুত অর্থনৈতিক উন্নয়নৰ বাবে সুয়ােটা বৃহৎ শক্তিগােষ্ঠীৰ পৰা সাহায্য লাভ কৰিবলৈ হ'লে গােষ্ঠীনিৰপেক্ষতাই আছিল উত্তম আহিলা।
  • (ঘ) স্বাধীনতা লাভৰ সময়ত ভাৰতবৰ্ষ সামৰিক দিশত শক্তিশালী নাছিল। গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণৰ জৰিয়তে যুদ্ধৰ 'ভয়াবহতাৰ পৰা ৰক্ষা পােৱাটো সহজ হৈছিল।
  • (ঙ) গােষ্ঠীনিৰপেক্ষ নীতিয়ে ভাৰতৰ আভ্যন্তৰীণ দিশতাে যথেষ্ট জনপ্রিয়তা লাভ কৰিছে। ভাৰতৰ প্রায় আটাইবােৰ ৰাজনৈতিক দলেই এই নীতিৰ প্রতি সমর্থন আগবঢ়াইছে।

26. সেউজ বিপ্লৱ কি? চমুকৈ আলােচনা কৰা।
উত্তৰ : ভাৰতৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে ১৯৬০ৰ দশকৰ মাজভাগৰ পৰা যি প্রচেষ্টা হাতত লৈছিল তাক সেউজ বিপ্লৱ বােলা হয়। 

১৯৬০ৰ দশকত ভাৰতৰ খাদ্য সংকটৰ ফলস্বৰূপে ভাৰতে খাদ্য দ্রব্যৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। ইয়াৰ সুবিধা গ্রহণ কৰি আমেৰিকাই ভাৰতৰ বিভিন্ন নীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। 

এনে এক পৰিস্থিতিত ভাৰতে খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ সিদ্ধান্ত গ্রহণ কৰে আৰু কৃষিখণ্ডত বৈজ্ঞানিক কৌশল প্রৱর্তনৰ দিশে অগ্ৰসৰ হয়, যেনে- উন্নত জাতৰ বীজ, খেতি পথাৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰ, পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱর্তে নতুন আৰু বৈজ্ঞানিক পদ্ধতি প্রয়ােগ আদিৰ ব্যৱহাৰ আৰম্ভ কৰে।

27[a]. জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা৷  উত্তৰ : ভাৰতবাসীয়ে জৰুৰী অৱস্থাৰ পৰা কেইটামান শিক্ষা লাভ কৰিছিল। যেনে -

  • (ক) জৰুৰী অৱস্থাই মানুহক নিজৰ অধিকাৰ সম্পর্কে অধিক সচেতন কৰিছিল। 
  • (খ) জৰুৰী অৱস্থাই প্রমাণ কৰিছিল যে - ভাৰতবৰ্ষৰ পৰা অতি সহজে গণতান্ত্রিক ব্যৱস্থাক নাইকিয়া কৰা সম্ভৱ নহয়।
  • (গ) চৰকাৰে দেশৰ সংবিধান অনুসৰি দেশৰ প্ৰশাসনীয় ব্যৱস্থাক পৰিচালনা কৰা উচিত।
  • (ঘ) বিচাৰালয়ে সংবিধানৰ সর্বোচ্চতাক ৰক্ষণাবেক্ষণ দিয়া উচিত।
  • (ঙ) বর্তমানে ৰাজ্যিক জৰুৰী অৱস্থা কেৱলমাত্র ‘সশস্ত্র সংগ্রাম’ৰ পৰিপ্ৰেক্ষিতত জাৰি কৰিব পৰা যায় আৰু ইয়াৰ বাবে ৰাষ্ট্রপতিক মন্ত্রীপৰিষদে লিখিতভাৱে অনুৰােধ কৰিব লাগে।

অথবা

27[b]. চিপকো আন্দোলনৰ বিষয়ে লিখা। এই আন্দোলনৰ প্ৰভাৱ কি আছিল ? উত্তৰ : চিপকো আন্দোলন আৰম্ভ হৈছিল পূর্বৰ উত্তৰ প্ৰদেশৰ গাঁৱৰ সৈতে সংলগ্ন বননি এখনত ঠিকাদাৰ এজনক গছ কাটিবলৈ অনুমতি প্রদান কৰাক কেন্দ্র কৰি। গাঁৱৰ লােকসকলে কৃষিকাৰ্যৰ বাবে প্রয়ােজনীয় আহিলা তৈয়াৰ কৰিবলৈ বননিৰ গছ ব্যৱহাৰৰ বাবে অনুমতি বিচাৰি বন বিভাগক আবেদন জনাইছিল। কিন্তু বন বিভাগে এই আবেদন অগ্রাহ্য কৰে। ইয়াৰ বিপৰীতে বিভাগটোৱে ক্রীড়া সামগ্রী প্রস্তুতকৰণ ব্যৱসায়ৰ সৈতে জড়িত ঠিকাদাৰ এজনক ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে ভূমি আবণ্টন দিয়ে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসন্তুষ্ট হৈ গাঁওবাসীয়ে এই আন্দোলন আৰম্ভ কৰে।

চিপকো আন্দোলনৰ ফলস্বৰূপে হিমালয় অঞ্চলত পর্যাপ্ত পৰিমাণে গছ-গছনি নােহােৱালৈকে ১৫ বছৰৰ বাবে গছ কটাত নিষেধাজ্ঞা আৰােপ কৰে। এই আন্দোলনৰ এক অন্যতম অৱদান হ’ল যে ই ভাৰতৰ বিভিন্ন স্থানত সামাজিক বিষয় আৰু সমস্যা সমাধানৰ উদ্দেশ্যে সামাজিক আন্দোলন আৰু গণ প্রতিবাদ সাব্যস্ত কৰিবলৈ উদগনি যােগাইছে।

28[a]. ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা।
উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্ট আৰু ১৫ আগষ্ট তাৰিখে ব্রিটিছ চৰকাৰে দ্বিজাতি তত্ত্বৰ ওপৰত ভিত্তি কৰি পাকিস্তান আৰু ভাৰতবর্ষ হিচাপে বিভক্ত কৰি স্বাধীনতা প্রদান কৰে। 

এই দেশ বিভাজনৰ ফলস্বৰূপে বিভিন্ন সংকটৰ সন্মুখীন হ'ব লগীয়া হৈছিল। ইয়াৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী! এইবোৰৰ বিষয়ে অলপ চমুকৈ উল্লেখ কৰা হ'ল -
  • (ক) হিন্দু আৰু মুছলমানৰ মাজত সা . যাৰ ফলত তাগণন নিৰীহ লােক প্রাণহানি হয়।
  • (খ) শৰণাৰ্থীৰ সমস্যাই দুয়ােখন দেশতে প্রকটৰূপ ধাৰণ কৰিছিল। দুয়ােখন দেশৰ বহুতাে লােকে ওচৰ-চুবুৰীয়া দেশবােৰত শণার্থী হিচাপে থাকিব লগীয়া হৈছিল।
  • (গ) দেশীয় ৰাজ্যবােৰৰ স্থিতিও অতিকৈ গুৰুত্বপূর্ণ সমস্যাৰ সৃষ্টি কৰিছিল। বিশেষকৈ জুনাগড়, কাশ্মীৰ, হায়দৰাবাদ আৰু মণিপুৰক লৈ দুয়ােখন দেশত প্ৰভাৱ পৰিছিল। 
  • (ঘ) দেশ বিভাজনৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ হ'ল ৰাজ্যসমূহৰ পুনৰ গঠন। এই সম্পর্কে ভাৰতত ৰাজ্য পুনৰ গঠন আইন গ্রহণ আৰু এটা ৰাজ্য পুনৰ গঠন আয়ােগ গঠন কৰা হৈছিল, যাৰ ফলত ভাৰতৰ ৰাজ্যসমূহক ভাষাৰ ওপৰত ভিত্তি কৰি পুনৰ গঠন কৰা হৈছিল।
  • (ঙ) দেশ বিভাজনে সম্পদ বিভাজনৰ ক্ষেত্ৰতাে প্ৰভাৱ পেলাইছিল। স্বাধীনতা লাভৰ কেইদিনমানৰ ভিতৰতে প্ৰশাসনীয় ব্যৱস্থাৰ উপৰিও ইয়াৰ অন্তর্গত সকলােবােৰ সম্পদৰ দুয়ােখন দেশে ভগাই লােৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল।
  • (চ) ধৰ্মৰ ওপৰত ভিত্তি কৰি দেশ বিভাজিত হােৱা বিষয়টো ভাৰতীয় জাতীয় কংগ্ৰেছৰ কিছুমান লােকে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। ইয়াৰ ফলত ভাৰতত হিন্দু সাম্প্রদায়িক শক্তিৰ উত্থান ঘটিছিল আৰু এই আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈয়ে নাথুৰাম গডচে জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰিছিল।

অথবা

28[b]. ভাৰতৰ পাৰমাণৱিক নীতিৰ পথপ্রদর্শক হিচাপে কোন ব্যক্তিক আখ্যা দিব পাৰি? ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে আলােচনা কৰা। 1+5=6 
উত্তৰ : ১৯৪০ৰ দশকৰ শেষৰ ফালে ভাবাৰ নেতৃত্বত ভাৰতত পাবমাণৱিক কাৰ্যসূচী আৰম্ভ হয়। নেহৰু পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ বিৰােধী আছিল আৰু সেয়েহে তেওঁ এইবােৰৰ সুসংহত নিৰীকৰণৰ বাবে আবেদন জনাইছিল। 

কিন্তু ভাৰতে পাৰমাণৱিক অ-প্ৰসাৰণ চুক্তিৰ বিৰােধিতা কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ আহ্বান সত্ত্বেও ভাৰতে এই চক্তিত এতিয়ালৈকে স্বাক্ষৰ কৰা নাই। 

ইয়াৰ মূল কাৰণ হৈছে যে ই এখন বৈষম্যমূলক চুক্তি। কিন্তু ভাৰতে ১৯৬৩ চনৰ আংশিক পৰীক্ষানিষিদ্ধকৰণ চুক্তি স্বাক্ষৰ কৰিছে। 

অৱশ্যে ভাৰতে ১৯৭৪ আৰু ১৯৯৮ চনত দুবাৰকৈ পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছে। ১৯৯৯ চনত ভাৰতে বিশ্বাসযােগ্য ননতম প্ৰতিৰােধৰ ওপৰত আধাৰিত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰে। ভাৰতে ঘােষণা কৰে যে ৰাষ্ট্ৰখনে প্রথমে কেতিয়াও পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ নকৰিব।

Post a Comment

0 Comments

People

Ad Code