Recent in Technology

ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ(L-4) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ][Part A][additional Q/A


ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ(L-4) Important-Additional Q/A





👉Table Of Content👈





(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : কোন চনত ভাৰতৰ প্ৰধানমন্ত্রী ৰাজীৱ গান্ধীয়ে চীন ভ্রমণ কৰিছিল ? 
উত্তৰঃ ১৯৮৮ চনত। 

প্রশ্ন ২ : একক বজাৰ (Single Market) কোন চনত সৃষ্টি কৰা হৈছিল ? 
উত্তৰঃ ১৯৯৩ চনত। 

প্রশ্ন ৩ : ইউৰােপৰ পৰিষদ কোন চনত স্থাপন কৰা হৈছিল ? 
উত্তৰ : ১৯৪৯ চনত। 

প্রশ্ন ৪: এচিয়ানৰ আঞ্চলিক গােটটো মঞ্চ কেতিয়া গঠন কৰা হৈছিল ? 
উত্তৰ : ১৯৯৪ চনত। 

প্রশ্ন ৫: কেতিয়া চীনে বিশ্ব বাণিজ্য সংস্থাৰ সদস্যভুক্ত হৈছিল ? 
উত্তৰঃ ২০০১ চনত।

প্রশ্ন ৬ : Meastricht চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ? 
উত্তৰ : ১৯৯২ চনত ৭ ফেব্ৰুৱাৰীত

প্রশ্ন ৭ : কোন চনত দক্ষিণ পূর্ব এচিয়া ৰাষ্ট্ৰসমূহৰ সংস্থা (ASENA) গঠিত হৈছিল?
উত্তৰঃ ১৯৬৭ চনত।

প্রশ্ন ৮ : চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটি বাক্য লিখা। 
উত্তৰঃ চীনে নতুন অর্থনৈতিক নীতিয়ে চীনৰ নিবনুৱা লােকৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰিছে। বর্তমানে চীনক প্রায় ১০০ নিযুত নিবনুৱা আছে।

প্রশ্ন ৯ : ১৯৫০ চনৰ তিববতৰ ৰাজনৈতিক আৰু ধর্মীয় নেতাজনৰ নাম কি? উত্তৰঃ দালাই লামা।

প্রশ্ন ১০ : ১৯৭২ চনত চীনে বিশ্বৰ কোনখন প্রধান দেশৰ সৈতে দ্বিপাক্ষিক সম্পর্ক লিপ্ত হৈছিল ?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে । 

প্রশ্ন ১১ :‘চাৰিটা আধুনিকীকৰণ’ (Four Moderonisation) বুলিলে কি বুজা ?
উত্তৰ : ১৯৭৩ চনত চীনে 'আমেৰিকাৰ সৈতে সম্পর্ক উন্নত কৰা অর্থে চীনৰ প্রধানমন্ত্রী টো এন’লাই ‘চাৰিটা আধুনিকীকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই কেইটা হ’ল - কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।



(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : ইউৰােপীয়া সংঘৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। 
উত্তৰ : 
  • (ক) ইংলেণ্ড
  • (খ) ফ্রান্স। 

প্রশ্ন ২ : এচিয়া মহাদেশৰ দুখন শক্তিশালী দেশৰ নাম লিখা। 
উত্তৰ : 
  • (ক) জাপান
  • (খ) চীন।

প্রশ্ন ৩ : চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা আঁসােৱাহ লিখা। 
উত্তৰঃ 
  • (ক) নিবনুৱা সমস্যা বৃদ্ধি আৰু
  • (খ) জনসাধাৰণৰ মাজত তার্থনৈতিক বৈষম্য বৃদ্ধি আৰু দুর্নীতিৰ আগ্রাসন। 

প্রশ্ন ৪ : ১৯৯৫ চনৰ জানুৱাৰীত ইউৰােপীয় সংঘত যােগদান কৰা দেশ দুখনৰ নাম কি ?
উত্তৰঃ 
  • (ক) অষ্টিয়া আৰু 
  • (খ) ফিনলেণ্ড।

প্রশ্ন ৫: ১৯৯২ চনত কোনটো আঞ্চলিক সংগঠন গঠিত হৈছিল ? 
উত্তৰ : ইউৰােপীয় সংঘ। 

প্রশ্ন ৬ : ইউৰােপীয় ইউনিয়নৰ দুটা লক্ষ্য উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি গ্রহণ আৰু 
  • (খ) ন্যায় আৰু আভ্যন্তৰীণ বিষয়ত সহযােগিতা আৰু এবিধ মুদ্ৰাৰ প্ৰচলন। 

প্রশ্ন ৭ : বৰ্তমানৰ চীনৰ অর্থনীতি ইয়াৰ নিয়ন্ত্রীত অর্থনীতিৰ পৰা কি ধৰণে পৃথক?
উত্তৰ : 
  • (ক) চীনৰ নিয়ন্ত্রীত অর্থনীতিতে ব্যাক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱর্তে চৰকাৰী খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, কিন্তু নতুন অর্থনৈতিক নীতিয়ে ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
  • (খ) নিয়ন্ত্রীত অর্থনীতিত বৈদেশিক বিনিয়োগক নিষিদ্ধকৰণৰ বিপৰীতে নতুন অর্থনৈতিক নীতিত বিভিন্ন খণ্ডত বৈদেশিক বিনিয়োগক ভানুমতি প্রদান কৰা হৈছে। 

প্রশ্ন ৮ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত উদ্ভৱ হোৱা প্রধান প্রত্যাহবানবােৰ কি কি?
উত্তৰ : 
  • (ক) দ্বিতীয় বিশ্বযুদ্ধই সমগ্র ইউৰোপৰ অর্থনীতি ৰুগ্ন কৰি পেলাইছিল। 
  • (খ) দ্বিতীয় বিশ্বযুদ্ধই ইউৰােপৰ অন্তৰ্গত দেশবােৰৰ মাজত একতা আৰু সংহতি বিনষ্ট কৰিছিল।

প্রশ্ন ৯ : __পৰিকল্পনাই __ চনত ইউৰােপীয় অর্থনীতিক সহযােগিতাৰ সংগঠন সৃষ্টিত প্ৰভাৱ বিস্তাৰ কৰিছিল। (খালী ঠাই পূৰ কৰা) 
উত্তৰ : মাৰ্ছেল পৰিকল্পনা, ১৯৪৮ চনত


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১: এচিয়ানৰ আঞ্চলিক-মাণ্ডলিক মঞ্চৰ সদস্যসমূহ কোন কোন ?
উত্তৰ : এচিয়ানৰ আঞ্চলিক খণ্ড ১৯৯৪ চনত গঠিত হৈছিল । এটিয়ানৰ সৰ্বমুঠ ২২ খন সদস্য ৰাষ্ট্ৰই সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত নিৰাপত্তা আৰু বৈদেশিক নীতিৰ সমন্বয় সাধনৰ বাবে এই মঞ্চখন গঠণ কৰিছিল। ইয়াৰ অন্তৰ্গত কেইখনমান ৰাষ্ট্ৰ হ’ল - 

  • ইন্দোনেছিয়া
  • মালয়েছিয়া
  • ফিলিপাইচ
  • থাইলেণ্ড
  • ছিংগাপুৰ
  • ব্রুনেই
  • দাৰুচ্ছলাম
  • ভিয়েটনাম
  • কম্বােদিয়া ইত্যাদি।

প্রশ্ন ২ : ইউৰােপীয় অর্থনৈতিক সম্প্রদায় গঠন কৰা ৰােমৰ চুক্তি সমূহত স্বাক্ষৰ কৰা ছয়খন দেশৰ নাম লিখা।
উত্তৰ : 
  • (ক) ফ্রান্স,
  • (খ) জার্মানী,
  • (গ) ইটালী,
  • (ঘ) বেলজিয়াম 
  • (ঙ) নেদাৰলেণ্ড
  • (চ) লাক্সেমবার্গ।

প্রশ্ন ৩ : ১৯৬৭ চনত এছিয়ান প্রতিষ্ঠা কৰা পাঁচখন দেশৰ নাম লিখা। 
উত্তৰ : 
  1. ইন্দোনেছিয়া, 
  2. মালয়েছিয়া, 
  3. ফিলিপাইনচ, 
  4. ছিংগাপুৰ 
  5. থাইলেণ্ড। 


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code