Recent in Technology

শীতল যুদ্ধৰ যুগ(L-1) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][শীতল যুদ্ধৰ যুগ][Part A][additional Q/A


শীতল যুদ্ধৰ যুগ(L-1) Important-Additional Q/A



👉Table Of Contet👈


(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : ওৱাৰছ’ চুক্তিৰ প্রধান কার্য কি আছিল ? 
উত্তৰ : ইউৰােপত উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ শক্তিক প্রতিহত কৰা।

প্রশ্ন ২ : NIEO ৰ সম্পূর্ণ নামটো লিখা।
উত্তৰ : New International Economic Order.

প্রশ্ন ৩ : CENTO মানে কি বুজা?
উত্তৰ : চেণ্টো হ’ল এছিয়াৰ এটা চুক্তি সংগঠন। ইয়াৰ সম্পূর্ণ নাম হ’ল - Central Treaty Organisation.

প্রশ্ন ৪ : NAM ৰ সম্পূর্ণ নাম লিখা।
উত্তৰ : Non-Aligned Movement. 

প্রশ্ন ৫: কিউবা সংকট কি আছিল? 
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰই ছােভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপণাস্ত্র কঢ়িয়াই নিয়াত বাধা দিয়াৰ ফলস্বৰূপে যি মতানৈক্য সৃষ্টি হৈছিল তাকে কিউবা সংকট বােলে।

প্রশ্ন ৬ : কোন চনত আমেৰিকাই জাপানৰ নাগাছাকি আৰু হিৰােছিমাত আণৱিক বােমা পেলাইছিল?
উত্তৰ : ১৯৪৫ চনত।

প্রশ্ন ৭ : LDC কি? 
উত্তৰ : LDC ৰ সম্পূৰ্ণ ৰূপ হ’ল - Least Developed Countries

প্রশ্ন ৮ : শীতল যুদ্ধৰ সময়ত সৃষ্টি হােৱা মহাশক্তি দুটাৰ নাম কি ? 
উত্তৰ : 
  • (ক) আমেৰিকা যুক্তৰাষ্ট্রৰ নেতৃত্বত গঠিত বৃহৎ আৰু উন্নত পুঁজিবাদী দেশসমূহৰ শিবিৰ।
  • (খ) ছােভিয়েট ৰাছিয়াৰ নেতৃত্বত গঠিত সাম্যবাদী দেশসমূহৰ শিবিৰ।


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : শীতল যুদ্ধৰ আৰম্ভণিৰ মূল কাৰণটো লিখা।
উৰ্ত্তৰ : শীতল যুদ্ধৰ আৰম্ভ হােৱাৰ মূল কাৰণ হ’ল - বিশ্বত আমেৰিকাৰ নেতৃত্বত পুঁজিবাদী অর্থ ব্যৱস্থা আৰু ছােভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী ব্যৱস্থা সম্প্রসাৰণৰ মাজত চলা প্রতিদ্বন্দ্বিতা। দুয়ােখন দেশৰ মাজত এই মনােভাবৰ আৰম্ভণি আমেৰিকাৰ দ্বাৰা জাপানৰ নিক্ষেপ কৰা এটম বােমাৰ পৰা আৰম্ভ হৈছিল।

প্রশ্ন ২ : সাম্যবাদী শিবিৰৰ অন্তৰ্গত তিনিখন দেশৰ নাম লিখা। 
উত্তৰ : 
  1. ছােভিয়েট ইউনিয়ন।
  2. আলবিনিয়া।
  3. বুলগেৰিয়া।

প্রশ্ন ৩ : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উপনিবেশীক শাসনৰ পৰা মুক্ত হােৱা চাৰিখন দেশৰ নাম লিখা।
উত্তৰঃ 
  1. ভাৰতবর্ষ।
  2. পাকিস্তান। 
  3. শ্রীলংকা। 
  4. যুগােশ্লভিয়া।



(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ঃ শীতল যুদ্ধৰ সৃষ্টিৰ কাৰণবােৰ ব্যাখ্যা কৰা। 
উত্তৰঃ শীতল যুদ্ধৰ কাৰণসমূহ -

(ক) আমেৰিকাত কমিউনিষ্টৰ কার্যকলাপ বৃদ্ধি : দ্বিতীয় মহাযুদ্ধৰ পৰৱর্তী কালছােৱাত আমেৰিকাত কমিউনিষ্টসকলৰ কার্যকলাপ যথেষ্ট বৃদ্ধি পাইছিল। ছােভিয়েট ৰাছিয়াই কমিউনিষ্টসকলক বিভিন্ন ধৰণে সহায়-সহযােগিতা আগবঢ়াইছিল আৰু লগতে আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থা সংক্রান্ত বিভিন্ন তথ্যপাতি সংগ্রহ কৰিবলৈ সক্ষম হৈছিল। এনে পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ উদ্দেশ্য আমেৰিকা আৰু ছােভিয়েট ৰাছিয়াৰ মাজত পৰােক্ষ বিবাদ বা সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু ইয়াকে 'শীতল যুদ্ধ’ বুলি নামাকৰণ কৰা হৈছিল।

(খ) শান্তি চুক্তি সংক্রান্ত মত পার্থক্য : দ্বিতীয় মহাযুদ্ধৰ পিছত বিশ্ব শান্তি স্থাপনৰ উদ্দেশ্য যি চুক্তিবােৰ সম্পাদন কৰাৰ দিহা কৰা হৈছে। সেই ক্ষেত্ৰত পশ্চিমীয়া শক্তিগগাষ্ঠীৰ সৈতে ছােভিয়েট ৰাছিয়াৰ মতপার্থক্য আছিল। এনে মতবিৰােধেও শীতল যুদ্ধৰ পথ প্রশস্ত কৰিছিল।

(গ) ছােভিয়েট ৰাছিয়াৰ সীমিত সাহায্য প্রদান : দ্বিতীয় মহাযুদ্ধৰ সময়ছােৱাত পশ্চিমীয়া শক্তিগােষ্ঠীয়ে ছােভিয়েট যুক্তৰাষ্ট্ৰক আশ্বাস দিয়া অনুসৰি আর্থিক সাহায্য প্রদান কৰা নাছিল। তেওঁলােকৰ এনে কার্যই ছােভিয়েট ৰাছিয়াক পশ্চিমীয়া গােষ্ঠীৰ প্রতি অসন্তুষ্টি কৰিছিল। তেওঁলােকে ইচ্ছাকৃতভাৱে ছােভিয়েট ৰাছিয়াক কম ধন দিয়া বুলি ৰাছিয়াই অভিযােগ উত্থাপন কৰিছিল। পশ্চিমীয়া গােষ্ঠীৰ এনে কাৰ্যইও শীতল যুদ্ধৰ পাতনি মেলাত সহায় কৰিছিল।

(ঘ) আণৱিক বােমা প্রস্তুতৰ ক্ষেত্ৰত গােপনীয়তা : শীতল যুদ্ধৰ আন এটা কাৰণ আছিল আমেৰিকাৰ গােপনভাৱে আণৱিক বােমা প্রস্তুতকৰণ কাৰ্য। দ্বিতীয় মহাযুদ্ধৰ সময়ত ছােভিয়েট ইউনিয়ন আমেৰিকাৰ মিত্রপক্ষ আছিল যদিও আমেৰিকাই আণৱিক বােমা আৱিষ্কাৰৰ বিষয়ে ৰাছিয়াক অৱগত কৰােৱা নাছিল। সেই সময়ৰ ছােভিয়েট ৰাষ্ট্রৰ ৰাষ্ট্রনায়ক ষ্টেলিনে এনে ঘটনাক তেওঁলােকৰ প্রতি এক মাৰাত্মক বিশ্বাসঘাতকতা বুলি বিবেচনা কৰিছিল।

(ঙ) জার্মানীৰ বিৰুদ্ধে দ্বিতীয় ফ্রণ্ট মুকলি কৰাত হােৱা পলম : শীতল যুদ্ধৰ আন এটা কাৰণ আছিল পশ্চিমীয়া শক্তিগােষ্ঠীয়ে জার্মানীৰ বিৰুদ্ধে যুদ্ধৰ দ্বিতীয় ফ্রণ্ট মুকলি কৰাত অযথা পলম কৰা কাৰ্য ছােভিয়েট ইউনিয়নে এইক্ষেত্ৰত আগতীয়াকৈ সিদ্ধান্ত লােৱাৰ উপৰি গুৰুত্ব দিয়া সত্ত্বেও এই কার্যত পলম হােৱাৰ বাবে ৰাছিয়া যথেষ্ট ক্ষুব্ধ হৈছিল।



Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)


Post a Comment

0 Comments

People

Ad Code