Recent in Technology

সমসাময়িক বিশ্বত নিৰাপত্তা(L-7) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][সমসাময়িক বিশ্বত নিৰাপত্তা][Part A][additional Q/A


সমসাময়িক বিশ্বত নিৰাপত্তা(L-7) Important-Additional Q/A





(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):

প্রশ্ন ১ : NATOৰ সম্পূর্ণ নামটো কি?
উত্তৰ : North Atlantic Treaty organisation.

 প্রশ্ন ২ : কোন চনত ভাৰতে প্রথমে এটা আণৱিক বােমা পৰীক্ষণ কৰিছিল ? 
উত্তৰ : ১৯৭৪ চনত।

প্রশ্ন ৩ : কোন চনত গােলকীয় নিৰাপত্তা উৎপত্তি হৈছিল ? 
উত্তৰ : ১৯৯০ চনত।

প্রশ্ন ৪ : অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰ : ১৯৭২ চনৰ বেলিছটিত মিছাইল বিৰােধী চুক্তিৰ জৰিয়তে আমেৰিকা আৰু ছােভিয়েট ৰাছিয়াই পাৰমাণৱিক অস্ত্র প্রতিৰােধৰ চেষ্টা চলাইছিল।

প্রশ্ন ৫ : কেতিয়া পাৰমাণৱিক অস্ত্র-নিসম্প্ৰসাৰণ চুক্তি সম্পাদিত হৈছিল ? 
উত্তৰ : ১৯৬৮ চনত।

প্রশ্ন ৬ : ভাৰতৰ নিৰাপত্তাৰ কৌশলৰ এটা উপাদান উল্লেখ কৰা। 
উত্তৰ : সামৰিক দক্ষতা বৃদ্ধি কৰা।

প্রশ্ন ৭ : প্ৰদুষণ কি?
উত্তৰ : বিশ্বৰ পৰিৱেশ জীৱই জীৱন ধাৰণৰ বাবে অনুপযুক্ত কৰি তােলাকে প্ৰদুষণ বুলিব পাৰি।

প্রশ্ন ৮ : খালী ঠাই পূৰ কৰা। 

(ক) গােলকীয় দৰিদ্ৰতা হল __ ৰ আন এটা উৎস। 
উত্তৰ : সন্ত্রাসবাদৰ। 

(খ) নিৰাপত্তাই ভয়ৰ পৰা __ ক সূচায়।
উত্তৰ : মুক্ত।

(গ) নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাই __ ৰ উপৰিও বুজায়। 
উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ। 

প্রশ্ন ৯ : ৰাসায়নিক অস্ত্র নিষিদ্ধকৰণ চুক্তিত কিমানখন ৰাষ্ট্ৰহ সম্মতি দিছিল? 
উত্তৰ : ১৮১ খন দেশে। 

প্রশ্ন ১০ : সকলাে সমাজতে নিৰাপত্তা সম্পর্কে একে ধাৰণা আছেনে? 
উত্তৰ : একে ধাৰণা নাই।


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : গােলকীয় নিৰাপত্তা কি ?
উত্তৰ : ১৯৯০ চনৰ দশকত গােলকীয় নিৰাপত্তাৰ ধাৰণাটো উদ্ভৱ হৈছিল। কিছুমান গােলকীয় প্রকৃতিৰ ভাবুকি যেনে - গােলকীয় উষ্ণতা, আন্তর্জাতিক সন্ত্রাসবাদ, এইড, বার্ড ফ্লু আদি গােলকীয় নিৰাপত্তাজনীত কাৰকবােৰৰ ফলস্বৰূপে গােলকীয় নিৰাপত্তাৰ ধাৰণাটোৰ জন্ম হৈছিল। এইবোৰ প্ৰত্যাহ্বানে কোনাে এখন নির্দিষ্ট দেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ পৰিৱর্তে সমগ্ৰ বিশ্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

প্রশ্ন ২ : ব্যক্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নতুন উৎসবােৰ উল্লেখ কৰা। 
উত্তৰঃ ব্যক্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নতুন উৎসবােৰ হ’ল - 

  • এইডচ, 
  • পক্ষীজ্বৰ, 
  • সন্ত্রাসবাদ, 
  • পৰিৱেশ প্ৰদুষণ, 
  • বিশ্ব দৰিদ্ৰতা, 
  • গােষ্ঠীগত সংঘর্ষ ইত্যাদি।

প্রশ্ন ৩ : সামৰিক ভাবুকি কি? এখন দেশৰ বাবে ই কেনেদৰে আটাইতকৈ ডাঙৰ বিপদ হ’ব পাৰে?
উত্তৰ : এখন দেশৰ সামৰিক বাহিনীয়ে যেতিয়া আন এখন দেশ আক্রমণ কৰে, বা আক্ৰমণৰ বাবে নিজৰ সামৰিক বাহিনীৰ শক্তি বৃদ্ধি কৰে বা সামৰিক বাহিনীৰ কুছ কাৱাজ কৰে তাকে সামৰিক ভাবুকি বােলে।

সামৰিক ভাবুকিৰ এখন দেশৰ বাবে আটাইতকৈ বিপদজনক কাৰণ ইয়াৰ দ্বাৰা যুদ্ধৰ সৃষ্টি হয় আৰু যুদ্ধই মানৱ জাতিৰ আটাইতকৈ অনিষ্টকাৰী উপাদান বুলি চিনাক্ত হৈছে।

প্রশ্ন ৪ : পৰম্পৰাগত নিৰাপত্তা নীতিৰ দুটা উপাদান উল্লেখ কৰা। 
উত্তৰ : 
  • (ক) সামৰিক বাহিনী গঠন।
  • (খ) যুদ্ধৰ সা-সৰঞ্জাম আৰু কৌশল আহৰণ। 

প্রশ্ন ৫ : ভাবুকিৰ পৰা স্বাধীন হােৱাৰ বিৰুদ্ধে এখন দেশৰ আটাইতকৈ গুৰুত্বপূর্ণ নিৰাপত্তাৰবােৰ কি কি ?
উত্তৰ : এখন দেশৰ নিৰাপত্তাক প্রধান আভ্যন্তৰীণ নিৰাপত্তা আৰু বহিঃ নিৰাপত্তা এই দুটা ভাগত ভগাব পাৰি। এখন দেশে যুদ্ধৰ ভাবুকি প্রতিহত কৰিবৰ বাবে তিনি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে -

(ক) যুদ্ধৰ আত্মসমর্পণ কৰা।
(খ) যুদ্ধৰ ব্যয় অত্যাধিক বৃদ্ধি কৰা আৰু
(গ) যুদ্ধ আৰম্ভ হ'লে আক্রমণকাৰী ৰাষ্ট্ৰক যুদ্ধত পৰাস্ত কৰি। 

প্রশ্ন ৬ : মানৱ অধিকাৰৰ বিভিন্ন শ্রেণীবােৰ কি কি? 
উত্তৰ : মানৱ অধিকাৰৰ বিভিন্ন শ্রেণীবােৰ হ’ল - 

  • (ক) ৰাজনৈতিক অধিকাৰ।
  • (খ) অর্থনৈতিক আৰু সামাজিক অধিকাৰ আৰু
  • (গ) সমাজৰ দুর্বল শ্ৰেণীৰ লােকৰ যেনে মহিলাৰ অধিকাৰ, শিশুৰ অধিকাৰ, শ্ৰণাৰ্থীৰ অধিকাৰ, সংখ্যালঘুৰ অধিকাৰ।

প্রশ্ন ৭ : মানৱ অধিকাৰ বুলিলে কি বুজা?
উত্তৰ : সমগ্র বিশ্বত বসবাস কৰা জাতি, ধর্ম, বর্ণ, ভাষা, সম্প্রদায়, নাগৰিকতা, লিংগ আদি নির্বিশেষে সকলে লােকেই মানুহ হিচাপে জীয়াই থাকিবলৈ প্রয়ােজন হােৱা সুযােগ সুবিধাবােৰক মানৱ অধিকাৰ বােলে।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১: ভাৰতৰ নিৰাপত্তা কৌশলৰ চাৰিটা উপাদান কি কি ? 
উত্তৰ : 
(ক) ভাৰতৰ নিৰাপত্তা কৌশলৰ প্ৰথমটো উপাদান হ’ল - সামৰিক দক্ষতা বৃদ্ধি কৰা। এই উদ্দেশ্যে ভাৰতে সামৰিক ক্ষেত্ৰত আটাইবােৰ বিষয়তে দক্ষতা বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। যেনে - 

  • যুদ্ধৰ বাবে প্রয়ােজনীয় যুদ্ধ জাহাজ, 
  • যুদ্ধ বিমান, 
  • সামৰিক বাহিনীৰ সংখ্যা বৃদ্ধি, 
  • সামৰিক বাহিনীৰ আধুনিকীকৰণ ইত্যাদি।

(খ) ভাৰতৰ নিৰাপত্তা কৌশলৰ দ্বিতীয়টো উপাদানটো হ’ল - আন্তর্জাতিক বিধি আৰু আন্তর্জাতিক অনুষ্ঠানসমূহ শক্তিশালী কৰি ভাৰতৰ নিৰাপত্তা সুনিশ্চিত কৰা। সেয়েহে আৰম্ভণিৰ পৰাই ভাৰতে ৰাষ্ট্ৰসংঘৰ প্রতি আস্থা প্রদর্শন কৰি আহিছে।

(গ) তৃতীয় কৌশলটো হ’ল - দেশৰ ঐক্য সংহতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰােপ আৰু বিচ্ছিন্নতাবাদ, সন্ত্রাসবাদ আদি কঠোৰ হাতেৰে দমন কৰা ।

(ঘ) দেশৰ চতুর্থটো নিৰাপত্তা কৌশল অপৰম্পৰাগত উপাদানৰ সৈতে জড়িত। স্বাধীন হােৱাৰ পিছতে ভাৰতে অর্থনৈতিক বিকাশ সাধনৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। পঞ্চবার্ষিক পৰিকল্পনা গ্রহণ, বিভিন্ন উন্নয়নমূলক আঁচনি যেনে - 
  1. দৰিদ্ৰতা দূৰীকৰণ, 
  2. শিক্ষাৰ সম্প্ৰসাৰণ, 
  3. উদ্যোগৰ সম্প্ৰসাৰণ, 
  4. কৃষিৰ বিকাশ সাধন
ইত্যাদি গ্রহণ কৰিছে।

প্রশ্ন ২ : পৰম্পৰাগত নিৰাপত্তা নীতিৰ চাৰিটা উপাদান লিখা।
উত্তৰ : পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো প্ৰধানকৈ এখন দেশৰ সামৰিক শক্তি প্রয়ােগ বা সামৰিক শক্তি প্রয়ােগৰ ভাবুকিৰ সৈতে জড়িত। এই নিৰাপত্তাৰ প্রধান উপাদান চাৰি হ’ল -

  • (ক) সামৰিক বাহিনী গঠন কৰা ইয়াক শক্তিশালী ৰা যাতে আন দেশৰ আক্ৰমণক বাধা দিব পাৰে।
  • (খ) নিজৰ নিৰাপত্তা সুনিশ্চিত কৰি কাৰণে আন শত্রু দেশক আক্ৰমণৰ ভাবুকি দিয়া অথবা আক্রমণ কৰি নিজৰ অধীনত ৰখা।
  • (গ) ক্ষমতাৰ ভাৰসাম্য নীতিৰ প্রচলন কৰা আৰু সামৰিক মিত্রজোট গঠন কৰা। 
  • (ঘ) নিৰস্ত্রীকৰণ নীতিৰ প্ৰয়ােগ কৰা।

প্রশ্ন ৩ : মানৱ নিৰাপত্তা সুৰক্ষাৰ বাবে থকা বিভিন্ন ধাৰণাবােৰ কি কি ?
উত্তৰ : মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ লগত বিশেষভাৱে জড়িত সুৰক্ষাৰ দিশটোক মানৱ নিৰাপত্তা বােলা হয়। এই দিশটো জনসাধাৰণৰ দৈনন্দিন জীৱনৰ প্ৰতিটো পদক্ষেপতে প্রত্যাহ্বানৰ সন্মুখীন হ'ব লগীয়া হৈছে আৰু ইয়াৰ বাবে নিৰাপত্তাৰ প্রয়ােজন হৈ পৰিছে। মানৱ জাতিৰ নিৰাপত্তাৰ ক্ষেত্ৰত সৃষ্টি হােৱা প্রধান প্রত্যাহ্বানবােৰ হ’ল - বিশ্ব দৰিদ্ৰতা, স্বাস্থ্য, শিক্ষা, অধিকাৰ ইত্যাদি। 

অনুন্নত ৰাষ্ট্ৰবােৰত জনসংখ্যা বৃদ্ধি অতি দ্রুতগতিত বৃদ্ধি হােৱা বাবে বিশ্ব দৰিদ্ৰতা আৰু উত্তৰ আৰু দক্ষিণৰ দেশবােৰৰ মাজত থকা জনমুৰি আয়ৰ ব্যৱধান যথেষ্ট বৃদ্ধি পাইছে। এইড, ডেংগু, পক্ষীজ্বৰ আদি ধৰণৰ মহামাৰীবােৰে নতুনকৈ মানৱ জাতিৰ বাবে নতুন ভাবুকিৰ সৃষ্টি কৰিছে। শিক্ষাই হল মানৱ উন্নয়নৰ মূল, কিন্তু অনুন্নত দেশবােৰত শিক্ষাৰ সম্প্ৰসাৰণ অতি দুখ লগা। 

প্রশ্ন ৪ঃ ভাবুকিৰ নতুন উৎস হিচাপে স্বাস্থ্যৰ বিষয়টো আলােচনা কৰা। 
উত্তৰ : অ-পৰস্পৰাগত নিৰাপত্তাৰ ধাৰণাৰ এটা বিষয়বস্তু হ’ল মহামাৰী। বিগত কেইবছৰমানৰ পৰা পক্ষীজ্বৰ (Bird flue) অথবা শ্বৱাইন ফ্লু (Swain flue) আদিয়ে বিশ্বৰ জনগণৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত তাণ্ডৱৰ সৃষ্টি কৰিছে। এই ৰােগবােৰ এখন ৰাষ্ট্ৰৰ পৰা আন ৰাষ্ট্ৰলৈ সহজে বিয়পি পৰে। 

এনে ৰােগ আৰম্ভ হােৱা ৰাষ্ট্ৰলৈ বহিঃৰাষ্ট্ৰৰ মানুহে সাধাৰণতে ভ্রমণ নকৰে বা সেই ৰাষ্ট্রৰ পৰা আন দেশলৈ অহা লােকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় তাতে তেওঁৰ দেহত কঢ়িয়াই অনা বীজাণুৱে আন মানৱ দেহত প্রৱেশ কৰি মহামাৰীৰ সৃষ্টি নকৰে। পক্ষীজ্বৰ বা শ্বৱাইন ফ্লু আৰম্ভ হ'লে বিশ্বৰ প্রতিখন ৰাষ্ট্ৰই সতর্কতা তথা নিৰাপত্তামূলক ব্যৱস্থা গ্রহণ কৰে।

একেদৰে এইডছ জাতীয় ৰােগাে এবিধ মাৰাত্মক ৰােগ। ই প্ৰব্ৰজনৰ জৰিয়তে এখন ৰাষ্ট্রৰ পৰা আন ৰাষ্ট্ৰলৈ বিয়পি পৰে। ২০০৩ চনত বিশ্ব প্রায় ৪ কোটি লােক এই ৰােগত আক্ৰান্ত হৈছিল আৰু ইয়াৰে এক-তৃতীয়াংশ ৰােগী আফ্রিকাত আছিল। ১৯৯০ চনৰ শেষৰফালে উত্তৰ আমেৰিকা আৰু আন ঔদ্যোগিক ৰাষ্ট্রসমূহে এইড্ৰছৰ প্রতিষেধক নতুন ঐষধ উলিয়াই এই ৰােগৰ জৰিয়তে হােৱা মৃত্যুৰ সংখ্যা হ্রাস কৰিবলৈ সমৰ্থ হৈছে। কিন্তু এই ৰােগৰ চিকিৎসা ইমানেই ব্যয়বহুল যে আফ্রিকাৰ দৰে দৰিদ্র দেশৰ জনসাধাৰণে এই ব্যয় বহন কৰা সম্ভৱ নহয়। আফ্রিকাৰ দৰে দৰিদ্ৰ দেশক এনে ৰােগে যথেষ্ট আর্থিক সংকটত পেলাইছে।

এই ৰােগসমূহ সাধাৰণতে প্ৰব্ৰজন, ভ্রমণ, ব্যৱসায়-বাণিজ্য, সামৰিক অভিযান আদিৰ জৰিয়তে এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ বিয়পি পৰে।

বর্তমান নতুন নতুন সহজতে ধৰিব নােৱাৰা যেনে - এব’লা ভাইৰাছ (Ebola Virus), হান্টা ভাইৰাছ (Hanta Virus) আৰু হেপাটাইটিছ-চি (Hepatitis C) আদি ৰােগ ওলাইছে। ইয়াৰ উপৰি পুৰণি যেনে - টিউবাৰকুলােচিচ (Tuberculosis), মেলেৰিয়া (Malaria), ডেংগু জ্বৰ (Dengue Fever), কলেৰা (Cholera) আদি ৰােগৰ প্ৰতিৰােধ ঔষধ বাহিৰ হৈছে যদিও ইয়াক চিকিৎসা কৰাটো অতি সহজসাধ্য নহয়।

প্রশ্ন ৫ : বিশ্ব দৰিদ্ৰতা কি? গােলকীয় প্রেক্ষাপটত ইয়াৰ জটিল প্রকৃতিৰ বিষয়ে লিখা।
উত্তৰ : মানৱ জীৱনত দৰিদ্ৰতাই আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভুগায়। ৰাষ্ট্র এখনত যেতিয়া কর্মসংস্থাপনৰ অভাৱ বা আয় কৰা সুবিধা নাথাকে, তেতিয়া জনসাধাৰণৰ জীৱনলৈ নামি আহে দৰিদ্ৰতা। ইয়াৰ ফলত ৰাষ্ট্ৰখনৰ জনসাধাৰণে দুবেলা দুমুঠি খাবলৈ নাপায়, ল'ৰা-ছােৱালীক শিক্ষা দিব নােৱাৰে, বেমাৰ হ’লে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। এনেদৰে দৰিদ্ৰতাই মানুহক সকলাে ফালৰ পৰা নিৰাপত্তাহীনতাত ভুগায়।

বর্তমান বিশ্ব জনসংখ্যা হ’ল ৬৫০ কোটি আৰু এনেদৰে জনসংখ্যা বৃদ্ধি হ'লে ২৫ বছৰৰ ভিতৰত এই সংখ্যা বৃদ্ধি হৈ ৭০০ পৰা ৮০০ কোটি হ'ব আৰু ক্রমাগতভাৱে বৃদ্ধি হৈ ১০০০ কোটি হ’ব। বর্তমান বিশ্বৰ মুঠ জনসংখ্যা বৃদ্ধিৰ আধাসংখ্যক বৃদ্ধি হৈছে মাত্র ছখন ৰাষ্ট্ৰত। এই ৰাষ্ট্ৰকেইখন হ'ল - চীন, ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া আৰু ইণ্ডোনেছিয়া। মন কৰিবলগীয়া বিষয়টো হ'ল যে - বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশবােৰত দ্রুতহাৰত জনসংখ্যা বৃদ্ধি পাইছে আৰু এই ৰাষ্ট্ৰবােৰত অহা ৫০ বছৰৰ ভিতৰত জনসংখ্যা তিনিগুণ বৃদ্ধি হােৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত ৰাষ্ট্ৰবােৰত জনমূৰি আয় কমি যাব। আনহাতে ধনী দেশসমূহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্রমাগতভাৱে হ্রাস হলে গড় জনমূৰি আয় আৰু অধিক বৃদ্ধি পাব।

উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত জনমূৰি আয়ৰ বৈষম্য যথেষ্ট বৃদ্ধি পাইছে। দক্ষিণৰ কমসংখ্যক ৰাষ্ট্রহে জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰি জনমুৰি আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কিন্তু আফ্রিকাৰ দেশসমূহ এতিয়া সেই ক্ষেত্ৰত পিছপৰি আছে। এই ৰাষ্ট্ৰসমূহত অত্যধিক জনসংখ্যা বৃদ্ধি আৰু ক্রমবর্ধিত দৰিদ্ৰতাৰ ফলত এই ৰাষ্ট্ৰসমূহত সশস্ত্র সংঘাতৰ সৃষ্টি হৈছে আৰু হিংসাত্মক কার্যকলাপ বৃদ্ধি পাইছে। ইয়াৰ বাবে জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা অনিশ্চয়তা হৈ পৰিছে। সেয়ে জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰি জনমূৰি আয় বৃদ্ধি কৰি জনসাধাৰণৰ জীৱনত নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্রয়ােজনীয়তা আহি পৰিছে। ইয়াৰ বাবে প্রয়ােজনীয় ব্যৱস্থা যেনে - শিক্ষাৰ উন্নয়ন, পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰা প্রয়ােজন।


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code