Recent in Technology

সমসাময়িক দক্ষিণ এছিয়া(L-5) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][সমসাময়িক দক্ষিণ এছিয়া][Part A][additional Q/A


সমসাময়িক দক্ষিণ এছিয়া(L-5) Important-Additional Q/A



👉 Table of content



 

(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : ভাৰতবর্ষ আৰু পাকিস্তান কেতিয়া স্বাধীন ৰাষ্ট হৈছিল ? 
উত্তৰ : ১৯৪৭ চনৰ আগষ্ট মাহত। 

প্রশ্ন ২ : ১২তম বা দ্বাদশ ছার্ক সন্মিলন ক’ত অনুষ্ঠিত হৈছিল ? 
উত্তৰ : পাকিস্তান ত। 

প্রশ্ন ৩ : কোন চনত ভাৰতে শ্রীলংকালৈ শান্তিৰক্ষী বাহিনী প্ৰেৰণ কৰিছিল? 
উত্তৰঃ ১৯৮৭ চনত।

প্রশ্ন ৪ : কোন চনত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক বােমা পৰীক্ষণ কৰিছিল?
উত্তৰ : ১৯৯৮ চনত।

প্রশ্ন ৫ : শ্রীলংকাই কেতিয়া স্বাধীনতা লাভ কৰিছিল ? 
উত্তৰ : ১৯৪৮ চনত

প্রশ্ন ৬ : প্রথম ছার্ক সন্মিলন ক’ত অনুষ্ঠিত হৈছিল ? 
উত্তৰ : বাংলাদেশ ঢাকাত। 

প্রশ্ন ৭ : ছার্ক কেতিয়া স্থাপন কৰা হৈছিল ? 
উত্তৰ : ১৯৮৫ চনত। 

প্রশ্ন ৮ : মালদ্বীপত কেতিয়া বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় ?
উত্তৰঃ ১৯৮৮ চনত।

প্রশ্ন ৯ : কোনজন ভাৰতীয় প্রধানমন্ত্রীয়ে লাহােৰলৈ বাছ যাত্ৰা আৰম্ভ কৰিছিল ? উত্তৰ : অটল বিহাৰী বাজপেয়ীয়ে। 

প্রশ্ন ১০ : চতুর্দশ ছার্ক সন্মিলন ক’ত অনুষ্ঠিত হৈছিল? 
উত্তৰ : নতুন দিল্লীত। ।



(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : SAFTA মানে কি?
উত্তৰ : দক্ষিণ এছিয়া মুক্ত বাণিজ্য ক্ষেত্র (South Asia Free Trade Area)। ছাৰ্কৰ সদস্য ৰাষ্টসমূহে ২০০৪ চনত ইছলামাবাদত অনুষ্ঠিত দ্বাদশ সন্মিলনত এই চুক্তি চুক্তিখনত স্বাক্ষৰ দান কৰিছিল।

প্রশ্ন ২ : LTTE ৰ অর্থ লিখা।
উত্তৰ : LTTE হ'ল - শ্রীলংকাৰ এটা সন্ত্রাসবাদী সংগঠন। ইয়াৰ সম্পূর্ণ নামটো হ'ল - Liberation of Tamil Tigers’ Eloum.

প্রশ্ন ৩ : ৰাজতন্ত্রৰ পৰিৱর্তে কিদৰে নেপালেত গণতন্ত্র প্রতিষ্ঠা কৰা হৈছে? 
উত্তৰ : ১৯৯০ চনৰ পৰা নেপালত ঘটা বহুতাে আভ্যন্তৰীণ বিবাদৰ মাজত ৰজাই বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছিল। ২০০৬ চনৰ গণতন্ত্রবাদীসকলৰ প্রবল আন্দোলন ফলত প্রতিনিধিত্বমূলক সদনৰ ব্যৱস্থা বাহাল ৰাখিছিল। ২০০৭ চনৰ ২৩ ডিচেম্বৰত হােৱা চুক্তি অনুসৰি নেপালত সম্পূৰ্ণৰূপে ৰাজতন্ত্র অবসান ঘটাই যুক্তৰাষ্ট্ৰীয় প্রজাতন্ত্ৰৰ প্রতিষ্ঠা কৰা হয়।

প্রশ্ন ৪ : ভাৰত আৰু পাকিস্তানৰ মাজত উদ্ভৱ হােৱা যিকোনাে দুটা মতানৈক্য ক্ষেত্র উল্লেখ কৰা ?
উত্তৰ : 
  • (ক) সীমা বিবাদ (বিশেষকৈ জম্মু আৰু কাশ্মীৰক লৈ) 
  • (খ) পাকিস্তানে সন্ত্রাবাদক দিয়া প্রশ্রয় আৰু উচটনি ।


(গ) দীঘল প্রশ্নোত্তৰ : (প্রত্যেকটোত ৪ নম্বৰকৈ):


প্রশ্ন ১ : ছার্ক গঠনৰ মৌলিক যুক্তিবােৰ কি কি আছিল ? 
উত্তৰ : ছার্ক ১৯৮৫ চনত গঠন কৰা হৈছিল। এই সংগঠনটো গঠনৰ প্রধান কাৰণবােৰ আছিল এনে ধৰণৰ - 

  • (ক) দক্ষিণ এছিয়াৰ লােকসকলৰ কল্যাণ সাধন কৰা। 
  • (খ) জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰা। 
  • (গ) অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰা। 
  • (ঘ) সামূহিক আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি কৰা। 
  • (ঙ) পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ সৃষ্টি কৰা। 
  • (চ) অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী আৰু বিজ্ঞানৰ ক্ষেত্ৰত সহযােগিতাৰ পথ প্রশস্ত কৰা। 
  • (ছ) আন আন দেশৰ সৈতে সহযােগিতা স্থাপন কৰা;
  • (জ) বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্রীয় সংগঠনৰ সৈতে সহযোগিতা স্থাপন কৰা।

Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)




Post a Comment

0 Comments

People

Ad Code