Recent in Technology

Class 10 Fog | Poetry | chapter 4 Solution E-Book


Class 10 Fog | Poetry | chapter 4 Solution E-Book




।। নতুন পাঠ্যক্রম সম্পর্কে পৰীক্ষাৰ্থীসকললৈ এষাৰ ।।


‘অসম মাধ্যমিক শিক্ষা পৰিষদে’ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছে। ২০১৪ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনিটা মূল বিষয়ত (ইংৰাজী, বিজ্ঞান আৰু গণিত) NCERT-ৰ পাঠ্যক্ৰমক অন্তৰ্ভূক্ত কৰি পাঠ্যক্ৰম প্ৰস্তুত তথা প্ৰকাশ কৰিছে। 

পৰিষদে ইতিমধ্যে প্ৰৱৰ্তন কৰা নতুন পাঠ্যক্ৰমক সামৰি ২০১৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সম্পূৰ্ণ সম্ভাৱ্য প্রশ্নোত্তৰত বহু বছৰ ধৰি পাঠদানৰ সৈতে জড়িত অভিজ্ঞ শিক্ষক তথা পৰীক্ষকৰ দ্বাৰা একাণপতীয়া প্ৰচেষ্টাৰে সকলো প্ৰকাৰৰ সতর্কতা অৱলম্বন কৰি পৰীক্ষাৰ প্ৰস্তুতিৰ সহায়ক হিপে এই ‘MASTER SUGGESTIONS’-খন যুগুত কৰি উলিওৱা হৈছে। 


বাধ্যতামূলক বিষয় কেইটাৰ উপৰি বুৰঞ্জী, হিন্দী আৰু আৰবী — তিনিটা ঐচ্ছিক বিষয় অন্তর্ভুক্ত কৰি SUGGESTIONS - খন যুগুতোৱা হৈছে। সকলো বিষয়তে পাঠ্যপুথিৰ অনুশীলনীৰ প্রশ্নোত্তৰৰ উপৰি সম্ভাৱ্য অতিৰিক্ত প্রশ্নোত্তৰ সন্নিৱিষ্ট কৰা হৈছে। ছাত্র-ছাত্রীসকলে SUGGESTIONS-খনৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব পৰাকৈ প্ৰতিটো বিষয়ৰ আৰম্ভণিত প্ৰতিটো পাঠৰ সাৰকথাখিনি দিয়া হৈছে, যাতে সেই সাৰকথাখিনি পঢ়িলেই পাঠটি বুজিব পাৰে। পৰীক্ষাৰ্থীসকলে ইয়াত অন্তৰ্ভুক্ত প্রশ্নোত্তৰসমূহ হৃদয়ংগম কৰি কৃতকাৰ্যতা লাভ কৰিলেই আমি আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম।

নতুন পাঠ্যক্রম :


NCERT-ৰ পাঠ্যক্ৰমৰ নতুন পাঠ্যক্ৰমৰ ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে আমি এই SUGGESTIONS-খন যুগুত কৰি প্ৰকাশ কৰিছোঁ। আমাৰ দ্বাৰা যুগুতোৱা এই SUGGESTIONS-খনৰ উদ্দেশ্য হ’লপৰীক্ষাৰ্থীসকলৰ মাজত নতুন পাঠ্যক্ৰমৰ বিষয়খিনি সহজবোধ্য কৰি পৰীক্ষাৰ প্রস্তুতিৰ ভাব জগাই তোলা আৰু কৃতকার্যতাৰ পথ সুগম কৰি তোলা। 

এই SUGGESTIONS-খনৰ আটাইকেইটা বিষয় যুগুত কৰোঁতে আমি এটা কথালৈ বিশেষভাৱে লক্ষ্য ৰাখিছোঁ যাতে ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অন্তর্ভুক্ত সকলোপ্ৰকাৰৰ প্ৰশ্নোত্তৰৰ দ্বাৰা সুফল লাভ কৰিব পাৰে।

হাইস্কুল শিক্ষান্ত শ্ৰেণীৰ বাবে যুগুত কৰা MASTER SUGGESTIONS-ৰ এয়া একত্রিংশ প্রকাশ। আমি হাইস্কুল শিক্ষান্ত শ্ৰেণীৰ পাঠ্যক্ৰমক সামৰি যোৱা ৩০ বছৰে MASTER SUGGESTIONS প্ৰকাশ কৰি আহিছোঁ। 

SUGGESTIONS-খনত প্ৰতিটো বিষয় নির্বাচিত কৃতী-অভিজ্ঞ শিক্ষক আৰু পৰীক্ষকৰ সক্রিয় সহযোগিতাত, বাধ্যতামূলক বিষয়কেইটাৰ পাঠ্যক্ৰমৰ বিষয়ে সঠিকভাৱে অৱগত কৰাই, প্ৰতিটো বিষয়ৰ, প্ৰতিটো পাঠৰ ভিন্ন বিষয়ৰ ওপৰত হ'ব পৰা সম্ভাৱনীয় প্ৰশ্নৰ লগতে পৰিষদে ধার্য কৰা প্ৰশ্নৰ প্ৰকাৰসমূহক সামৰি লৈ বিষয় অনুসাৰে সংশ্লিষ্ট অভিজ্ঞ শিক্ষকৰ দ্বাৰা যুগুত কৰি, পুনৰ নিৰীক্ষণ কৰাই চূড়ান্ত ৰূপ দিয়া হৈছে। 

এই SUGGESTIONS খনে যাতে পৰীক্ষাৰ্থীসকলক সম্পূৰ্ণৰূপে সহায় কৰিব পাৰে তাৰ প্রতি বিশেষ সতর্কতা অৱলম্বন কৰা হৈছে। প্ৰশ্নোত্তৰসমূহ যুগুতাওঁতে যে দুই-এটা ভুল ৰৈ যোৱা নাই তাক আমি নকওঁ। সহৃদয় শিক্ষক, শিক্ষয়িত্রী, অভিভাৱক, ছাত্র-ছাত্রীসকললৈ ভুল-ত্রুটি আঙুলিয়াই দিবলৈ সনির্বন্ধ অনুৰোধ জনালোঁ।

  • এই MASTER SUGGESTIONS-খনত সকলো প্ৰকাৰৰ প্ৰশ্নকে সামৰা হৈছে। 
  • প্রশ্নসমূহৰ উত্তৰ সহজ-সৰল ভাষাত দিয়া হৈছে যাতে ছাত্র-ছাত্রীয়ে সহজে হৃদয়ঙ্গম কৰিব পাৰে।
  • ইতিমধ্যে হৈ যোৱা HSLC পৰীক্ষাত MASTER SUGGESTIONS-ৰ পৰা শতকৰা প্ৰায় ৯৭-৯৮ শতাংশ প্রশ্ন COMMON আহিছে। 
  • প্রশ্নসমূহৰ উত্তৰ TO THE POINT দিয়া হৈছে।


পৰীক্ষাত কৃতকাৰ্য হোৱাৰ কৌশল :


  1. ধীৰে-সুস্থিৰে প্ৰশ্নকাকতখন পঢ়ি উত্তৰ কৰিবলৈ আৰম্ভ কৰিবা । আত্মবিশ্বাস জন্মাবৰ বাবে ভালদৰে জনা প্ৰশ্নৰ উত্তৰহে প্ৰথমে কৰিবা।
  2. উত্তৰ লিখোঁতে সদায় ক্রম অনুসৰিহে লিখিবা যাতে তোমাৰ উত্তৰ পৰীক্ষকৰ মনোগ্রাহী হয়। লিখাৰ আগতে কোনটো কথা কোনটোৰ পিছত লিখিবা আগধৰি মনতে জুকিয়াই ল’বা।
  3. উত্তৰ কৰোঁতে প্ৰতিটো প্ৰশ্নৰ বাবে ধার্য কৰা মূল্যাংকলৈ বিশেষভাৱে লক্ষ্য কৰিবা। ‘এক’ নম্বৰ থকা এটা প্ৰশ্নৰ উত্তৰ এটা বাক্যত দিয়াৰ পৰিৱৰ্তে ৪/৫টা বাক্যত দিলে প্রশ্নটোৰ বাবে থকা ‘এক’ নম্বৰ পোৱাও কঠিন হৈ পৰে। সেইদৰে আজিকালি মূল প্ৰশ্নত ৪-ৰ পৰা ৫-ৰ ভিতৰতহে নম্বৰ দিয়ে। গতিকে এটা মূল প্ৰশ্নৰ উত্তৰো ৪/৫ পৃষ্ঠা লিখাৰ কোনো প্রয়োজন নহয়। এনে কৰিলে সময়ৰ অপব্যৱহাৰ হোৱাৰ লগতে, তোমাৰ উত্তৰ-বহী চাই পৰীক্ষকৰ বিৰূপ ধাৰণাহে হ'ব আৰু প্ৰশ্নৰ বাবে ধার্য কৰা নম্বৰ পোৱাও কঠিন হ’ব।
  4. প্ৰশ্নৰ সদায় সঠিক উত্তৰ দিবা। প্রশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে তোমালোকে কৃতকার্য হ’ব নোৱাৰিবা।
  5. তোমালোকে কোনো এটা প্ৰশ্নৰ উত্তৰ ভালদৰে নাজানিব পাৰা, অথচ প্রশ্নটোৰ উত্তৰ নকৰিলেও নহয়; এনে অৱস্থাত যিখিনি কথা জানা তাকেই শুদ্ধ ভাষাত লিখিবা। ভুল আৰু অদৰকাৰী কথা কিছুমান লিখি পৰীক্ষকৰ অপ্রীতিভাজন নহ’বা। 
  6. কেতিয়াবা দেখা যায় পৰীক্ষাৰ্থীয়ে প্রশ্ন ভালদৰে নুবুজাৰ বাবে উত্তৰ কৰাত অসুবিধা পায়। এটা প্ৰশ্নকে পৰীক্ষকে কেইবা প্ৰকাৰেও দিব পাৰে কিন্তু উত্তৰ একেটাই। গতিকে প্রশ্ন ভালদৰে বুজি লৈ উত্তৰ কৰিবলৈ যত্ন কৰিবা।




Post a Comment

0 Comments

People

Ad Code