Recent in Technology

ত্ৰিভূজ - Class 10 Math Solution E-Book | SEBA | NCERT

ত্ৰিভূজ - Class 10 Math Solution E-Book | SEBA | NCERT




অংক বিষয়টো :


অংক বুলিলেই বহুতেই ভয় কৰে। কিন্তু ভয় কৰাৰ কাৰণ একো দেখা নেযায়৷ সৰু কালৰে পৰাই অৰ্থাৎ অলপ বুজিব পৰা হোৱাৰে পৰাই আমি সকলোৱেই অংকৰ লগত জড়িত। আনকি স্কুল দেখা নোপোৱা মানুহৰো অংকৰ জ্ঞান থাকে। প্রাথমিক বিদ্যালয়ত পঢ়োতে আমি পাইছোঁ -

উল্কা চাবা দোভাগ ৰাতি, 
অংক কৰিবা ফলিত পাতি।

গতিকে অংক সদায় কাগজত লিখি অনুশীলন কৰিব লাগে। আন বিষয়ৰ দৰে ইয়াক পঢ়ি শিকিব নোৱাৰি।

মনত ৰাখিবা : অংক মুখস্থবিদ্যা নহয়। অংকত ‘০’ পোৱা যেনেদৰে সহজ, ১০০ নম্বৰ পোৱাও তেনেদৰে সম্ভৱ। লাগে মাথোঁ অভ্যাস। যিমানে অংক কৰিবা সিমানে শিকিবা।

পৰীক্ষাহলত ছাত্ৰ-ছাত্ৰীয়ে কোৱা শুনা যায় যে 'কমন' নপৰিল। গণিতৰ ক্ষেত্ৰত এইটো প্রযোজ্য নহয়। কাৰণ সম্পূর্ণ অংকটো কমন নপৰিলেও নিয়মটো কমন পৰে। যি কোনো এটা অংকৰ নিয়মটো ভালকৈ জানিলে তেনে ধৰণৰ অংক সহজে সমাধান কৰিব পাৰি। গতিকে, অংকৰ যি কোনো এটা অধ্যায়ৰ মূল বিষয়খিনি ভালদৰে আয়ত্ত কৰিলে নিচেই সহজ হৈ পৰে।

অংকৰ এটা অধ্যায়ৰ লগত আনটো অধ্যায়ৰ সম্পৰ্ক আছে। গতিকে আগৰ অধ্যায় ভালদৰে বুজি বা শিকি নল’লে পিছৰ অধ্যায় বুজা কঠিন হৈ পৰে।

পৰীক্ষা হলত মনকৰিবলগীয়া কথা :


১। নিৰীক্ষকে উত্তৰ বহী দিয়াৰ পাছতে তুমি নিজৰ ADMIT CARD খন আগত ৰাখি নিজৰ ROLL আৰু NUMBER-টো উত্তৰ বহীখনৰ নিৰ্ধাৰিত স্থানত ঠিকমতে লিখিবা।

২। পৰীক্ষাৰ প্ৰশ্ন কাকত পোৱাৰ লগে লগে প্রশ্নকাকতখন ভালদৰে পঢ়ি ল’বা। পৰীক্ষাৰ প্রশ্ন টান বা সহজ লৈ কোনো চিন্তা নকৰিবা। কেতিয়াবা তুমি নপঢ়া এটা বা দুটা প্রশ্ন থাকিব পাৰে; সেই বুলি প্ৰশ্নখন টান নহয়; কাৰণ তুমি জনা প্রশ্নোত্তৰ এটাৰ প্ৰশ্নটো আন ধৰণেও কৰিব পাৰে। সেইকাৰণে ভালকৈ প্ৰশ্নখন চাইহে ধাৰণা এটা ল’ব পাৰি। কোনো প্রশ্নকে সম্পূৰ্ণ টান প্ৰশ্নৰে কৰা নহয়। শতকৰা ৫০ ভাগ প্রশ্নকে সাধাৰণ মেধাৰ ছাত্ৰৰ বাবে কৰা হয়, ২৫ ভাগ প্রশ্ন মজলীয়া আৰু আন ২৫ ভাগ প্রশ্ন মেধাৱী ছাত্ৰৰ বাবে কৰা হয়।

৩। উত্তৰ লিখাৰ আগতে প্ৰশ্নৰ নম্বৰটো সঠিক মতে কোন নম্বৰ প্ৰশ্নৰ উত্তৰ স্পষ্ট কৰি লিখিব লাগে। কাৰণ পৰীক্ষকে প্রথম লক্ষ্য কৰে প্ৰশ্নৰ নম্বৰৰ ওপৰতহে।

৪। আটাইতকৈ ভালদৰে মনত থকা, বা প্রস্তুতি থকা, স্পষ্ট পইণ্ট থকা প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰিবা। বস্তুনিষ্ঠ প্রশ্ন প্রথমে, তাৰ পাছত প্ৰত্যক্ষভাৱে কৰা চমু প্রশ্নবোৰ, যিমান পাৰা যায় সোনকালে লিখি শেষ কৰিব লাগে।

৫। ৰচনাধৰ্মী প্রশ্ন লিখোঁতে যিবোৰ প্রশ্নোত্তৰত স্পষ্ট পইণ্ট কিছুমান থাকে সেইবোৰ লিখাটো ভাল, অস্পষ্ট (VAGUE) প্রশ্ন যেনে— কি জানা লিখা, আভাস দিয়া, আদি প্ৰশ্নতকৈ চাৰিটা ফলাফল লিখা, ঘটনাৱলী, কি কি বৈশিষ্ট্য, কাৰ্যাৱলী আলোচনা কৰা আদি প্রশ্ন লিখা ভাল।

৬। পৰীক্ষাৰ বহীখনেই পৰীক্ষাৰ্থীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰিচায়ক। সুন্দৰ আখৰ, পৰিপাটি লিখনি, পৰিষ্কাৰ-পৰিচ্ছন্নতাই পৰীক্ষকৰ মন আকৰ্ষণ কৰে।

৭। পৰীক্ষা হলত সময়ৰ প্ৰতিটো ছেকেণ্ডৰে মূল্য অপৰিসীম। প্ৰতিটো প্ৰশ্নৰ সময় নিৰ্ধাৰণ কৰিহে প্ৰশ্নৰ সংখ্যা সন্নিৱিষ্ট কৰা হয়। সেই সময় অপব্যয় কৰিলে প্রশ্ন ৰৈ যাব পাৰে নাইবা প্রশ্ন তুমি চুটিকৈ লিখিবলগীয়া হ'ব।

৮। প্রশ্নৰ বিচৰা মতেহে উত্তৰ লিখিব লাগে; প্ৰশ্নৰ নম্বৰ অনুযায়ী উত্তৰ দিব লাগে। বেছি কথা জানিলেও লিখাৰ আৱশ্যক নকৰে।

৯। সকলো প্ৰশ্নৰ উত্তৰ কৰাৰ পাছত, উত্তৰ-বহীখন পুনৰ নিৰীক্ষণ কৰিব লাগে। প্ৰতিটো প্ৰশ্নৰ নম্বৰ ঠিকমতে দিয়া হ’ল নে নাই, অতিৰিক্তভাৱে লোৱা পৃষ্ঠাবোৰ ঠিকমতে গঁথা হ’ল নে নাই আদি চাব লাগে।

১০। বহীখন নিৰীক্ষকৰ হাতত নিজে দিব লাগে, বহুতে কৰাৰ দৰে কাষৰ ল’ৰা বা ছোৱালীজনীৰ হাতত দি আহিব নালাগে।

শেষত, প্রতিজন পৰীক্ষাৰ্থীৰে শ্ৰম সার্থক হওক আৰু পৰীক্ষাৰ আশাপ্ৰদ ফলাফলৰ যোগেদি ভৱিষ্যৎ জীৱন সুন্দৰ হোৱাৰ সপোন কঢ়িয়াই আনক— এই আশা ৰাখি প্ৰতিজন পৰীক্ষাৰ্থীলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।






Post a Comment

0 Comments

People

Ad Code